চিন্তা অনুৰাধা (Chinta Anuradha) হৈছে অন্ধ্ৰ প্ৰদেশৰ এগৰাকী ভাৰতীয় ৰাজনীতিবিদ। ২০১৯ চনৰ পৰা ২০২৪ চনলৈকে ৱাইএছআৰ কংগ্ৰেছৰ ফালৰ পৰা অমলাপুৰম লোকসভা সমষ্টিক প্ৰতিনিধিত্ব কৰিছিল।১২
প্ৰাথমিক জীৱন আৰু শিক্ষা
অনুৰাধাৰ জন্ম হয় অন্ধ্ৰ প্ৰদেশৰ পশ্চিম গোদাবৰী জিলাৰ মাৰুতেৰু গাঁৱত৷ তেওঁ চিন্তা কৃষ্ণমূৰ্তি আৰু বিজয়া ভাৰতীৰ ঘৰত জন্মগ্ৰহণ কৰিছিল।২৩ ১৯৯১ চনত তল্লা সত্যনাৰায়ণক তেওঁ বিয়া কৰাইছিল। তেওঁলোকৰ দুগৰাকী কন্যা আৰু এজন পুত্ৰ আছে।তেওঁ স্কুলীয়া শিক্ষা ছেইণ্ট এন হাইস্কুলত গ্ৰহণ কৰিছিল।
কৰ্মজীৱন
অনুৰাধা ২০১৯ চনৰ ভাৰতীয় সাধাৰণ নিৰ্বাচনত অন্ধ্ৰপ্ৰদেশত অনুষ্ঠিত হোৱা ভাৰতীয় সাধাৰণ নিৰ্বাচনত ৱাই এছ আৰ কংগ্ৰেছ পাৰ্টিক প্ৰতিনিধিত্ব কৰি ১৭ নং লোকসভা৪৫৬ৰ সদস্য হয় আৰু তেওঁৰ নিকটতম প্ৰতিদ্বন্দ্বী তেলেগু দেশম পাৰ্টিৰ গন্তি হৰিশ মধুৰক ৩৯,৯৬৬ ভোটত পৰাস্ত কৰে। ইয়াৰ পূৰ্বে তেওঁ প্ৰচাৰ আৰম্ভ কৰিছিল যদিও আনুষ্ঠানিকভাৱে ২০১৯ চনৰ ১৬ মাৰ্চতহে তেওঁৰ দলৰ মনোনয়ন লাভ কৰিছিল।৭
২০১৯ চনৰ এপ্ৰিল মাহত তেওঁ ৰাজনীতিৰ ক্ষেত্ৰ এৰি দিয়াৰ উৰাবাতৰি বিয়পি পৰে।৮তেওঁ সেইবোৰ বাতৰি অস্বীকাৰ কৰে আৰু কয় যে জনসেনা আৰু তেলেগু দেশম পাৰ্টিৰ সদস্যসকলে তেওঁৰ বিৰুদ্ধে ভুল তথ্য বিয়পাইছে৷৮৯
তথ্যসূত্ৰ
- ↑ (12 February 2019). చంద్రబాబుని ప్రజలు నమ్మే పరిస్థితి లేదు..కోఆర్ఢినేటర్ చింతా అనురాధ. EEROJU NEWS
- ↑ Chinta Anuradha About Page. chintaanuradha.com
- ↑ (4 April 2019). కోనసీమ కింగ్ ఎవరో ?. NewsOrbit
- ↑ Penumala, Nagaraju. (21 February 2019). వైసిపిలో పండుల రవీంద్రబాబుకు సీటు చిక్కులు. Asianet News Network Pvt Ltd
- ↑ అమలాపురం వైసీపీ చింతా అనురాధ ఓడిపోనున్నారా ? జనసేన గెలువనుందా ?. APHerald [Andhra Pradesh Herald]
- ↑ (17 March 2019). అమలాపురం లోక్సభ అభ్యర్థిగా చింతా అనురాధ. Sakshi
- ↑ (17 March 2019). అమలాపురం లోక్సభ అభ్యర్థిగా చింతా అనురాధ. Sakshi
- ↑ Chinta Anuradha Miffed at Withdrawal Rumours. Sakshipost
- ↑ (9 April 2019). YSRC nominee threatens to withdraw. Deccan Chronicle
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “চিন্তা অনুৰাধা” প্ৰবন্ধৰ সংশোধন ৬৩৪৮৯১ (১১ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।