অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

কিল্লী কৃপা ৰাণী

ড° কিল্লী কৃপা ৰাণী (Dr. Killi Krupa Rani; জন্ম: ১৯ নৱেম্বৰ ১৯৬৫) অন্ধ্ৰপ্ৰদেশৰ এগৰাকী ভাৰতীয় ৰাজনীতিবিদ। ভাৰতীয় সংসদৰ প্ৰাক্তন সদস্য আৰু ইয়াৰ পূৰ্বে ২০০৯ চনৰ পৰা ২০১৪ চনলৈকে শ্ৰীকুলমক প্ৰতিনিধিত্ব কৰিছিল। তেওঁ কলিংগ জাতিৰ।

হালনাগাদ: ২৯ ছেপ্তেম্বৰ ২০২৬ ২০১ শব্দ · ১ মিনিট সংগৃহীত ৭৯
সংশোধনৰ পৰামৰ্শ

ড° কিল্লী কৃপা ৰাণী (Dr. Killi Krupa Rani; জন্ম: ১৯ নৱেম্বৰ ১৯৬৫) অন্ধ্ৰপ্ৰদেশৰ এগৰাকী ভাৰতীয় ৰাজনীতিবিদ। ভাৰতীয় সংসদৰ প্ৰাক্তন সদস্য আৰু ইয়াৰ পূৰ্বে ২০০৯ চনৰ পৰা ২০১৪ চনলৈকে শ্ৰীকুলমক প্ৰতিনিধিত্ব কৰিছিল।১ তেওঁ কলিংগ জাতিৰ।২৩ ২০২৪ চনৰ এপ্ৰিল মাহত ৱাই এছ আৰ চি পিৰ পৰা পদত্যাগ কৰি ভাৰতীয় জাতীয় কংগ্ৰেছত তেওঁ যোগদান কৰে।৪৫

ব্যক্তিগত জীৱন

কৃপা ৰাণীয়ে অন্ধ্ৰপ্ৰদেশৰ শ্ৰীকাকুলাম জিলাৰ টেককালিত জন্ম লাভ কৰে। তেওঁৰ পিতৃ-মাতৃ কাময়া আৰু কৌওছালিয়া। ১৯৮৫ চনত ৰামমোহন ৰাওৰ সৈতে তেওঁ বিবাহপাশত আবদ্ধ হয়৷ তেওঁলোকৰ দুটা সন্তান আছে।৬ বিশাখাপট্টনমৰ অন্ধ্ৰ মেডিকেল কলেজৰ পৰা তেওঁ চিকিৎসা বিজ্ঞানত এম বি বি এছ লাভ কৰিছিল। তেওঁ গ্ৰামোহন ৰাও ন্যাসৰ আহ্বায়ক, যি গ্ৰাম্য অঞ্চলত বিনামূলীয়া খোৱাপানী, বিনামূলীয়া চিকিৎসা শিবিৰ, বিনামূলীয়া প্ৰসৱ আৰু অন্ধসকলক বিনামূলীয়া কেটাৰেক্ট অপাৰেছন প্ৰদানৰ দিশত কাম কৰে।৬

কেৰিয়াৰ

তেওঁ ৰাজনীতিত প্ৰৱেশ কৰি ভাৰতীয় জাতীয় কংগ্ৰেছ দলত যোগদান কৰে৷ ইয়াৰ পূৰ্বে তেওঁ ৱাই এছ ৰাজশেখৰ ৰেড্ডীৰ পঢ়াযাত্ৰা সম্পূৰ্ণ কৰে। ২০০৪ চনৰ সাধাৰণ নিৰ্বাচনত তেওঁ পৰাস্ত হৈছিল যদিও ২০০৯ চনত চাৰিবাৰৰ সাংসদ কিঞ্জাৰাপু য়েৰান নাইডুক পৰাস্ত কৰি জয়ী হৈছিল।৭ ২০১২ চনৰ অক্টোবৰ মাহত তেওঁক ১৫ নং লোকসভা আৰু মনমোহন সিংৰ কেবিনেটত ৰাজ্যিক, যোগাযোগ আৰু তথ্য প্ৰযুক্তি মন্ত্ৰী হিচাপে অন্তৰ্ভুক্ত কৰা হয়।৮৯ তেওঁ আছিল স্বাস্থ্য আৰু পৰিয়াল কল্যাণ সমিতিৰ সদস্য; বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ পৰামৰ্শদাতা সমিতিৰ সদস্য আৰু কেন্দ্ৰীয় সমাজ কল্যাণ ব’ৰ্ডৰ সদস্য।

২০১৪ চনত তেওঁ ৰাম মোহন নাইডু কিঞ্জৰাপুৰ হাতত পৰাস্ত হৈছিল।১০ তেওঁ ভাৰতীয় জাতীয় কংগ্ৰেছ পদত্যাগ কৰে আৰু পিছত ২০১৯ চনৰ ২৮ ফেব্ৰুৱাৰীত ৱাইএছআৰচিপিত যোগদান কৰে।১১ ২০২৪ চনত নেতৃত্বৰ প্ৰতি থকা অসন্তুষ্টিৰ কাৰণে ৱাইএছআৰচিপি এৰি কংগ্ৰেছ ৰাজ্যিক ইউনিটৰ সভাপতিৰ উপস্থিতিত কংগ্ৰেছত যোগদান কৰে৷১২১৩১৪

তথ্যসূত্ৰ

  1. ↑ Profile of Members. Government of India
  2. ↑ (2019-02-20). Killi entry irks YSRCP leaders. The Hans India
  3. ↑ (6 November 2012). Cabinet reshuffle compounds problems for the ruling Congress in Andhra Pradesh. India Today
  4. ↑ Rao, Chowdari Lakshmana. (2024-04-04). Srikakulam: Former Union minister Killi Kruparani resigns from YSRCP. www.thehansindia.com
  5. ↑ Killi Kruparani: అవమానాలు ఎదుర్కోలేకే. వైకాపాకు రాజీనామా: కిల్లి కృపారాణి. EENADU
  6. ↑ DoT Page. DoT
  7. ↑ বাবে-ৰাজ্যৰ পৰা/article4035835.ece হিন্দু: ৰাজ্য / অন্ধ্ৰ প্ৰদেশ: ৰাজ্যৰ পৰা ৪ জন কংগ্ৰেছ নেতাৰ বাবে কেবিনেট বাৰ্থৰ সম্ভাৱনা
  8. ↑ Killi Krupa Rani · } PRSIndia. PRS বিধান গৱেষণা
  9. ↑ নতুন মন্ত্ৰীসকলে শপত গ্ৰহণ কৰে. দ্য ইকনমিক টাইমছ
  10. ↑ (১৬ মে' ২০১৪). নিৰ্বাচন ফলাফল ২০১৪: টিডিপি-বিজেপিৰ সংমিশ্ৰণে সীমান্ধৰা অঞ্চলৰ ১৫খন লোকসভাৰ আসন লাভ কৰে. The Economic Times
  11. ↑ (19 February 2019). মন্ত্ৰী-কিল্লী-ক্ৰুপাৰানীয়ে-YS-Jagan-ৰ সাক্ষাৎ/498050 প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী কিল্লী ক্ৰুপাৰানীয়ে ৱাই এছ জগনক সাক্ষাৎ. The.. হান্স ইণ্ডিয়া
  12. ↑ Rao, চৌদাৰী লক্ষ্মণ. (2024-04-04). পৰা পদত্যাগ-870075 শ্ৰীকাকুলাম: প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী কিল্লী ক্ৰুপাৰানীয়ে ৱাইএছআৰচিপিৰ পৰা পদত্যাগ. www.thehansindia.com
  13. ↑ Arikatla, Venkat. (2024-04-05). কংগ্ৰেছলৈ ঘূৰি আহিল প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী ক্ৰুপাৰাণী. greatandhra.com
  14. ↑ তেলেংগানা টুডে. (৫ এপ্ৰিল ২০২৪). প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী কিলি ক্ৰুপাৰাণী পুনৰ কংগ্ৰেছলৈ

সম্পৰ্কিত শ্ৰেণী

চিকিৎসাবিদভাৰতৰ মহিলা সাংসদলোকসভাৰ সাংসদঅন্ধ্ৰপ্ৰদেশৰ ব্যক্তিভাৰতৰ নাৰীৰাজনৈতিক ক্ষেত্ৰত নাৰী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কিল্লী কৃপা ৰাণী” প্ৰবন্ধৰ সংশোধন ৬৩৯৫৩৮ (২৯ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।