চন্দ্ৰপ্ৰভা উৰ্ছ (২৫ মে' ১৯৪৬ – ৩ মে' ২০১৬) আছিল কৰ্ণাটকৰ এগৰাকী ৰাজনীতিবিদ। তেওঁ দশম লোকসভা আৰু কৰ্ণাটক বিধানসভাৰ সদস্য আছিল। বিভিন্ন সময়ত তেওঁ জনতা পাৰ্টি আৰু কংগ্ৰেছৰ সৈতে আছিল।১
প্ৰাথমিক জীৱন
১৯৪৬ চনৰ ২৫ মে'ত মহীশূৰ জিলাৰ হুন্সুৰত চন্দ্ৰপ্ৰভাৰ জন্ম হৈছিল।[২তেওঁৰ পিতৃ ডি দেৱৰাজ উৰ্ছ ভাৰতীয় জাতীয় কংগ্ৰেছৰ সদস্য আছিল আৰু কৰ্ণাটকৰ মুখ্যমন্ত্ৰী হৈছিল।৩তেওঁ ভিএইচডি চেণ্ট্ৰেল ইনষ্টিটিউট অৱ হোম চাইন্সেৰ পৰা লাইব্ৰেৰী বিজ্ঞানত ডিগ্ৰী লাভ কৰিছে।২
কেৰিয়াৰ
তেওঁ জনতা পাৰ্টিৰ সদস্য হিচাপে ১৯৮৩ চনৰ কৰ্ণাটক বিধানসভাৰ নিৰ্বাচনত হুন্সুৰৰ পৰা জয়লাভ কৰে আৰু ৰামকৃষ্ণ হেগড়েৰ মন্ত্ৰীসভাত সমাজ কল্যাণ, নিৰাপত্তা আৰু আবকাৰী বিভাগৰ মন্ত্ৰী হিচাপে নিযুক্তি লাভ কৰে।৪ পিছলৈ তেওঁ কংগ্ৰেছৰ যোগদান কৰে আৰু ১৯৮৯ চনৰ পৰা ১৯৯১ চনলৈকে ৰাজ্যিক বিধানসভাত দ্বিতীয়টো কাৰ্যকাল কাৰ্যনিৰ্বাহ কৰে।৫১৯৯১ চনৰ ভাৰতীয় সাধাৰণ নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টিৰ মহীশূৰৰ উপাধি মহাৰাজা শ্ৰীকান্তদত্ত নৰসিংহৰাজা ৱাডিয়াৰৰ বিৰুদ্ধে আইএনচিয়ে তেওঁক মহীশূৰৰ পৰা আনুষ্ঠানিক প্ৰাৰ্থী হিচাপে লৈছিল। তেওঁৰ ২,০৮,৯৯৯ টা ভোটৰ বিপৰীতে চন্দ্ৰপ্ৰভাই ২,২৫, ৮৮১ টা ভোট লাভ কৰে; আৰু ১৬,৮৮২ টা ভোটৰ ব্যৱধানত তেওঁক পৰাস্ত কৰে।৬
ব্যক্তিগত জীৱন
তেওঁৰ বিয়া হৈছিল এম.চি. মোহন ৰাজ উৰ্ছৰ সৈতে।২২০১৬ চনৰ ৩ মে'ত মহীশূৰৰ এখন চিকিৎসালয়ত হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হৈ উৰ্ছৰ মৃত্যু হয়।৩
তথ্যসূত্ৰ
- ↑ Resignations of two senior ministers raise possibility of Hegde govt premature demise. India Today
- ↑ Members Bioprofile: Urs, Smt. Chandraprabha. লোকসভা
- ↑ (3 May 2016). Chandraprabha Urs passes away. দ্য হিন্দু
- ↑ (5 May 2016). Chandraprabha Urs cremated with State honours. দ্য হিন্দু
- ↑ Statistical Report on the General Elections, 1989 to the Legislative Assembly of Karnataka. ভাৰতৰ নিৰ্বাচন আয়োগ. পৃ. 142
- ↑ Statistical Report on General Elections, 1991 to the Tenth Lok Sabha. ভাৰতৰ নিৰ্বাচন আয়োগ. পৃ. 196
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “চন্দ্ৰপ্ৰভা উৰ্ছ” প্ৰবন্ধৰ সংশোধন ৪৭৯৬৩৭ (১৯ ফেব্ৰুৱাৰী ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।