ভাৰতৰ ক্ৰীড়াবিদ
৬৭ প্ৰবন্ধ
-
কে. এম. বীণামোল
কালাইয়াথুমকুঝী মেথিউছ বীণামোল, যাক জনপ্ৰিয়ভাৱে কে. এম. বীণামোল (জন্ম ১৫ আগষ্ট ১৯৭৫) বুলি জনা যায়, এগৰাকী ভাৰতীয় আন্তঃৰাষ্ট্ৰীয় এথলীট। তেওঁ কেৰালাৰ ইডুক্কি জিলাৰ কম্বিডিঞ্জালৰ নিবাসী। তেওঁ অলিম্পিকৰ ছেমি ফাইনেলত প্ৰৱেশ কৰা তৃতীয়গৰাকী ভাৰতীয় মহিলা।
-
প্ৰবীণ কুমাৰ সোবটি
প্ৰবীণ কুমাৰ সোবটি (Praveen Kumar Sobti) (৬ ডিচেম্বৰ ১৯৪৭– ৭ ফেব্ৰুৱাৰী ২০২২) ভাৰতৰ এগৰাকী এথলেটিকছ খেলুৱৈ, অভিনেতা আৰু সীমান্ত সুৰক্ষা বলৰ এজন সৈনিক আছিল। তেওঁ ডিচকাছ থ্ৰ' আৰু হেমাৰ থ্ৰ'ৰ বাবে জনাজাত আছিল।
-
আশীষ কুমাৰ (বক্সাৰ)
আশীষ কুমাৰ (Ashish Kumar; জন্ম: ১৮ জুলাই ১৯৯৪) এজন ভাৰতীয় অপেশাদাৰী বক্সাৰ যিয়ে মিডলৱেট শাখাত প্ৰতিদ্বন্দ্বিতা কৰে। ২০১৯ চনৰ এছিয়ান চেম্পিয়নশ্বিপত ৰূপৰ পদক লাভ কৰাৰ লগতে বেংককত অনুষ্ঠিত ২০১৯ বৰ্ষৰ থাইলেণ্ড অ’পেন ইণ্টাৰনেশ্যনেল বক্সিং টুৰ্ণামেণ্টত সোণৰ পদক লাভ কৰে।
-
এলডোজ পল
এলডোজ পল (Eldhose Paul; জন্ম: ৭ নৱেম্বৰ ১৯৯৬) এগৰাকী ভাৰতীয় খেলুৱৈ। তেওঁ এথলেটিকছ বিভাগৰ ট্ৰিপল জাম্পত প্ৰতিদ্বন্দ্বিতা কৰে। ২০২২ চনত তেওঁ বিশ্ব এথলেটিকছ চেম্পিয়নশ্বিপৰ ট্ৰিপল জাম্পৰ ফাইনেললৈ যোগ্যতা অৰ্জন কৰা প্ৰথমজন ভাৰতীয় হিচাপে পৰিগণিত হয়।
-
কবিন্দৰ সিং বিষ্ট
কবিন্দৰ সিং বিষ্ট (Kavinder Singh Bisht; জন্ম: ১ ফেব্ৰুৱাৰী ১৯৯৫) এজন ভাৰতীয় বক্সাৰ। তেওঁ ফেদাৰৱেট শাখাত প্ৰতিদ্বন্দ্বিতা কৰে। ২০১৯ চনৰ এছিয়ান এমেচাৰ বক্সিং চেম্পিয়নশ্বিপত বিষ্টে পুৰুষৰ বেণ্টামৱেইট শাখাত ৰূপৰ পদক লাভ কৰিছিল, কোৱাৰ্টাৰ ফাইনেলত তেওঁ বৰ্তমানৰ বিশ্ব চেম্পিয়ন কাইৰাট য়েৰালিয়েভক…
-
জয় ভগৱান (বক্সাৰ)
জয় ভগৱান (Jai Bhagwan; জন্ম: ১১ মে' ১৯৮৫), দুবাৰকৈ এছিয়ান চেম্পিয়নশ্বিপ পদক বিজয়ী আৰু ২০১০ চনৰ কমনৱেলথ গেমছত ব্ৰঞ্জ পদক বিজয়ী। তেওঁ ২০১২ চনৰ লণ্ডন অলিম্পিকত বক্সিংত লাইটৱেট (৬০ কিলোগ্ৰাম) শাখাতো ভাৰতক প্ৰতিনিধিত্ব কৰিছিল।
-
জ্যোতিৰ্ময়ী শিকদাৰ
জ্যোতিৰ্ময়ী ছিকদাৰ (Jyotirmoyee Sikdar; জন্ম: ১১ ডিচেম্বৰ ১৯৬৯) এগৰাকী ভাৰতীয় ৰাজনীতিবিদ আৰু প্ৰাক্তন ক্ৰীড়াবিদ। চতুৰ্দশ লোকসভাত কৃষ্ণনগৰ সমষ্টিৰ পৰা ভাৰতীয় কমিউনিষ্ট পাৰ্টি (মাৰ্ক্সবাদী)ৰ সাংসদ সদস্য হিচাপে তেখেতে কাৰ্যনিৰ্বাহ কৰিছিল৷ ২০০৯ চনৰ ভাৰতীয় সাধাৰণ নিৰ্বাচনত তৃণমূল কংগ্ৰেছৰ…
-
প্ৰিয়ংকা গোস্বামী
প্ৰিয়ংকা গোস্বামী (Priyanka Goswami; জন্ম: ১০ মাৰ্চ ১৯৯৬) এগৰাকী ভাৰতীয় খেলুৱৈ। তেওঁ ২০ কিলোমিটাৰ ৰেচ ৱাকত অংশগ্ৰহণ কৰে। টকিঅ' অলিম্পিকত ভাৰতক প্ৰতিনিধিত্ব কৰি তেওঁ ১৭ নম্বৰ স্থান দখল কৰিছিল। ২০২২ চনৰ কমনৱেলথ গেমছত তেওঁ ১০০০০ মিটাৰ খোজকাঢ়ি ৰূপৰ পদক লাভ কৰিছিল।
-
বিন্দ্যাৰাণী দেৱী
বিন্দ্যাৰাণী দেৱী সোৰোখাইবাম (Bindyarani Devi Sorokhaibam; জন্ম:২৭ জানুৱাৰী ১৯৯৯) ভাৰতৰ এগৰাকী ভাৰোত্তোলক। তেওঁ ৫৫ কিলোগ্ৰাম শাখাত প্ৰতিদ্বন্দ্বীতা কৰে। তেওঁ ২০১৯ চনৰ কমনৱেলথ ভাৰোত্তোলন চেম্পিয়নশ্বীপত স্বৰ্ণপদক আৰু ২০২১ চনৰ কমনৱেলথ ভাৰোত্তোলন চেম্পিয়নশ্বীপত ৰূপৰ পদক অৰ্জন কৰে।
-
লাভলী চৌবে
লাভলী চৌবে (Lovely Choubey; জন্ম: ৩ আগষ্ট ১৯৮০) এগৰাকী মহিলা ভাৰতীয় আন্তঃৰাষ্ট্ৰীয় ল'ন বলাৰ। কমনৱেলথ গেমছত চৌবেয়ে ভাৰতক প্ৰতিনিধিত্ব কৰি ২০২২ চনলৈ মুঠ তিনিবাৰ অংশগ্ৰহণ কৰিছে।
-
ষ্টেফি ডিচুজা
ষ্টেফানি "ষ্টেফি" ডিচুজা, নী চেকুয়েৰা (২৬ ডিচেম্বৰ ১৯৩৬ – ১১ ছেপ্টেম্বৰ ১৯৯৮) এথলেটিকছ আৰু মহিলা হকীত ভাৰতক প্ৰতিনিধিত্ব কৰা এগৰাকী খেলুৱৈ আছিল। ১৯৬৩ চনত তেওঁ অৰ্জুন বঁটা লাভ কৰা প্ৰথম মহিলা খেলুৱৈ হিচাপে পৰিগণিত হয়৷
-
সীমা পুনিয়া
সীমা পুনিয়া (বিবাহপূৰ্ব উপাধি: আণ্টিল) (জন্ম: ২৭ জুলাই ১৯৮৩) এগৰাকী ভাৰতীয় ডিস্কাছ থ্ৰ’ খেলুৱৈ।
-
ৰঞ্জন সোধী
ৰঞ্জন সোধী (Ranjan Sodhi, জন্ম ১৯৭৯ চনৰ ২৩ অক্টোবৰ, পঞ্জাৱৰ ফিৰোজপুৰত) এজন ভাৰতীয় ডাবল ট্ৰেপ শ্বুটাৰ। ২০১০ চনৰ কমনৱেলথ গেমছত তেওঁ দুটা ৰূপৰ পদক আৰু ২০১০ চনৰ এছিয়ান গেমছত এটা স্বৰ্ণ পদক লাভ কৰিছিল। ২০১১ চনত তেওঁ সফলতাৰে বিশ্বকাপ খিতাপ ৰক্ষা কৰা প্ৰথমগৰাকী ভাৰতীয় হিচাপে পৰিগণিত হৈছিল।
-
অংকিতা দাস
অংকিতা দাস (ইংৰাজী: Ankita Das; জন্ম: ১৭ জুলাই ১৯৯৩) পশ্চিম বংগৰ শিলিগুড়িৰ এগৰাকী ভাৰতীয় টেবুল টেনিছ খেলুৱৈ। তেওঁ বিশ্ব চেম্পিয়নশ্বিপত অংশগ্ৰহণ কৰি কোৱাৰ্টাৰ ফাইনেলত উপনীত হৈছিল। তেওঁ ২০১২ চনৰ লণ্ডন গ্ৰীষ্মকালীন অলিম্পিকৰ মহিলাৰ একক ইভেণ্টত ভাৰতক প্ৰতিনিধিত্ব কৰিছিল।
-
অংকিতা ভকত
অংকিতা ভকত (জন্ম ১৭ জুন ১৯৯৮) এগৰাকী ভাৰতীয় ৰিকাৰ্ভ আৰ্চাৰ। ২০২৪ চনৰ পেৰিছ অলিম্পিকত অংশগ্ৰহণ কৰিছিল ভকতে, য'ত তেওঁ ব্ৰঞ্জৰ পদক মেচত পৰাস্ত হোৱাৰ পিছত ৰিকাৰ্ভ মিক্সড টিম ইভেণ্টত চতুৰ্থ স্থান দখল কৰিছিল।
-
অনিছা ছৈয়দ
অনিছা ছৈয়দ (ইংৰাজী: Anisa Sayyed; জন্ম: ২২ ছেপ্টেম্বৰ ১৯৮০) এগৰাকী ভাৰতীয় মহিলা পিষ্টল শ্বুটাৰ। তেওঁ ২০১০ চনৰ কমনৱেলথ গেমছত দুটাকৈ স্বৰ্ণ পদক জয় কৰিছিল। ইয়াৰ উপৰি তেওঁ ২০০৬ চনৰ দক্ষিণ এছীয় গেমছত স্বৰ্ণ পদক লাভ কৰিছিল। ২০১৪ চনৰ কমনৱেলথ গেমছত তেওঁ ২৫ মিটাৰ ইভেণ্টত ৰূপৰ পদক জিকিবলৈ সক্ষম হয়।
-
অপূৰ্বী চান্দেলা
অপূৰ্বী সিং চান্দেলা (জন্ম: ৪ জানুৱাৰী ১৯৯৩) এগৰাকী ভাৰতীয় শ্বুটিং খেলুৱৈ যিয়ে ১০ মিটাৰ এয়াৰ ৰাইফল প্ৰতিযোগিতাত অংশগ্ৰহণ কৰে। তেওঁ নতুন দিল্লীত অনুষ্ঠিত ২০১৯ চনৰ আই.এচ.এচ.এফ. (ISSF) বিশ্বকাপত সোণৰ পদক লাভ কৰিছিল। তেওঁ অৰ্জুন বঁটা প্ৰাপক।
-
অবিনাশ ছাব্লে
অবিনাশ মুকুন্দ ছাব্লে (Avinash Mukund Sable; জন্ম: ১৩ ছেপ্টেম্বৰ ১৯৯৪) এগৰাকী ভাৰতীয় ট্ৰেক এণ্ড ফিল্ড এথলীট। ক্ৰীড়াৰ এই বিভাগত তেওঁ ৩০০০ মিটাৰ ষ্টীপলচেজত অংশগ্ৰহণ কৰে। ২০২২ চনৰ কমনৱেলথ গেমছত ৰূপৰ পদক লাভ কৰা অবিনাশে ৮:১১.২০ ছেকেণ্ডৰ ৰাষ্ট্ৰীয় অভিলেখ গঢ়িছিল।
-
অশ্বিনী আক্কুঞ্জী
অশ্বিনী চিদানন্দ শেট্টী আক্কুঞ্জী (ইংৰাজী: Ashwini Chidananda Shetty Akkunji; জন্ম: ৭ অক্টোবৰ ১৯৮৭) এগৰাকী ভাৰতীয় স্প্ৰিণ্ট এথলিট। কৰ্ণাটকৰ উডুপি জিলাৰ সিদ্ধাপুৰৰ নিবাসী অশ্বিনীয়ে ৪০০ মিটাৰ দৌৰত বিশেষ পাৰদৰ্শিতা দেখুৱাইছে।
-
অশ্বিনী পোনাপ্পা
অশ্বিনী পোনাপ্পা মাছিমাণ্ডা (জন্ম: ১৮ ছেপ্টেম্বৰ ১৯৮৯) এগৰাকী ভাৰতীয় বেডমিণ্টন খেলুৱৈ। তেওঁ আন্তঃৰাষ্ট্ৰীয় বেডমিণ্টন চাৰ্কিটত মহিলা ডাবলছ আৰু মিক্স ডাবলছ উভয় শাখাতে দেশক প্ৰতিনিধিত্ব কৰে।
-
অহিল্যা হৰজানী
অহিল্যা হৰজানী (ইংৰাজী: Ahillya Harjani; জন্ম: ৬ মাৰ্চ ১৯৯৭, মুম্বাই, মহাৰাষ্ট্ৰ) এগৰাকী ভাৰতীয় বেডমিণ্টন খেলুৱৈ।
-
আৰিফা ছৈয়দ জাহিৰ
আৰিফা ছৈয়দ জাহিৰ (ইংৰাজী: Arifa Sayed Zaheer; জন্ম: ১৭ ফেব্ৰুৱাৰী ১৯৯৮) মহাৰাষ্ট্ৰৰ এগৰাকী ভাৰতীয় পেছাদাৰী ফুটবলাৰ৷ তেওঁ ইণ্ডিয়ান মহিলা লীগত ক্লাব ওড়িশাৰ ডিফেণ্ডাৰ হিচাপে খেলে। ২০২২ চনত তেওঁক ভাৰত মহিলা ৰাষ্ট্ৰীয় ফুটবল দলৰ শিবিৰলৈ মাতি অনা হয়।
-
ঈশা সিং
ঈশা সিং (জন্ম: ১ জানুৱাৰী ২০০৫) এগৰাকী ভাৰতীয় ক্ৰীড়া শ্বুটাৰ। ২০১৮ চনত মাত্ৰ ১৩ বছৰ বয়সতে তেওঁ ১০ মিটাৰ এয়াৰ পিষ্টল শাখাৰ কনিষ্ঠতম ৰাষ্ট্ৰীয় চেম্পিয়ন হিচাপে পৰিগণিত হয়। তেওঁ ২০২৪ চনৰ পেৰিছ অলিম্পিকত ভাৰতক প্ৰতিনিধিত্ব কৰিছিল।
-
এছ অপূৰ্বা
ছাইকুমাৰ অপূৰ্বা (জন্ম ১৯৮১), যি চমুকৈ এছ অপূৰ্বা নামেৰেও অধিক পৰিচিত, এগৰাকী ভাৰতীয় কেৰম খেলুৱৈ আৰু মহিলাৰ একক শাখাৰ বৰ্তমানৰ কেৰম বিশ্ব চেম্পিয়ন। তেওঁ বৰ্তমান ভাৰতীয় জীৱন বীমা নিগমৰ এগৰাকী জ্যেষ্ঠ প্ৰশাসনিক বিষয়া হিচাপে কৰ্মৰত।
-
এম. দি. বালছাম্মা
মানাতুৰ দেৱাশিয়া বালছাম্মা (ইংৰাজী: Manathoor Devasia Valsamma; জন্ম: ২১ অক্টোবৰ ১৯৬০) এগৰাকী অৱসৰপ্ৰাপ্ত ভাৰতীয় খেলুৱৈ। তেওঁ এছিয়ান গেমছত ব্যক্তিগত স্বৰ্ণ পদক লাভ কৰা দ্বিতীয়গৰাকী ভাৰতীয় মহিলা আৰু ভাৰতীয় ভূমিত এই পদক লাভ কৰা প্ৰথমগৰাকী ভাৰতীয় মহিলা।
-
কল্পনা চৌধুৰী
কল্পনা চৌধুৰী (ইংৰাজী: Kalpana Choudhury) এগৰাকী প্ৰাক্তন ভাৰতীয় ফ্লাইৱেইট আৰু লাইট ফ্লাইৱেইট শ্ৰেণীৰ বক্সাৰ তথা বৰ্তমান প্ৰশিক্ষক। তেওঁ অসমৰ তিনিচুকীয়া জিলাৰ লিডুৰ পৰা প্ৰায় দুই কিলোমিটাৰ আঁতৰৰ চিপেগাঁৱত জন্ম হৈছিল। তেওঁৰ পিতৃ স্বৰ্গীয় ৰামদয়াল চৌধুৰী আৰু মাতৃ স্বৰ্গীয়া মীৰা চৌধুৰী।
-
চেক্ৰোভোলু স্বুৰো
চেক্ৰোভোলু স্বুৰো (ইংৰাজী: Chekrovolü Swüro; জন্ম: ২১ নৱেম্বৰ ১৯৮২) নাগালেণ্ডৰ এগৰাকী ভাৰতীয় ধনুৰ্ধৰ। তেওঁ ক্ৰমে দক্ষিণ কোৰিয়াৰ বুছান আৰু কাটাৰৰ দোহাত অনুষ্ঠিত ২০০২ চনৰ এছিয়ান গেমছ আৰু ২০০৬ চনৰ এছিয়ান গেমছত ভাৰতক প্ৰতিনিধিত্ব কৰিছিল।
-
চৈত্ৰা বি
চৈত্ৰা বি (ইংৰাজী: Chaithra B.; জন্ম: ৮ জানুৱাৰী ২০০২) কৰ্ণাটকৰ এগৰাকী ভাৰতীয় খো খো খেলুৱৈ। তেওঁ ভাৰতীয় মহিলা ৰাষ্ট্ৰীয় খো খো দলৰ এগৰাকী ৰক্ষক (defender) হিচাপে খেলে। ২০২৫ চনৰ জানুৱাৰী মাহত নতুন দিল্লীত অনুষ্ঠিত হোৱা প্ৰথমখন খো খো বিশ্বকাপ জয় কৰা ভাৰতীয় মহিলা দলৰ তেওঁ অন্যতম সদস্য আছিল।
-
ছন্দা গায়েন
ছন্দা গায়েন (৯ জুলাই ১৯৭৯ – ২০ মে' ২০১৪) এগৰাকী ভাৰতীয় পৰ্বতাৰোহী আৰু সমৰ কলা শিল্পী আছিল। ২০১৩ চনৰ ১৮ মে'ত একেলগে দুটাকৈ ৮০০০ মিটাৰৰ অধিক উচ্চতাৰ শৃংগ, মাউণ্ট এভাৰেষ্ট আৰু লোটচে আৰোহণ কৰা তেওঁ প্ৰথমগৰাকী আৰু দ্ৰুততম ভাৰতীয় হিচাপে পৰিচিত।
-
জাহ্নু হান্সদা
জাহ্নু হান্সদা (ইংৰাজী: Jhano Hansdah; জন্ম: ২৪ অক্টোবৰ ১৯৭৫) এগৰাকী ভাৰতীয় মহিলা কম্পাউণ্ড আৰ্চাৰ (ধনুৰ্বিদ)। তেওঁ ভাৰতৰ জাতীয় দলৰ হৈ খেলে। ২০১৩ চনৰ বিশ্ব আৰ্চাৰী চেম্পিয়নশ্বিপত তেওঁ অংশগ্ৰহণ কৰিছিল।