কল্পনা চৌধুৰী (ইংৰাজী: Kalpana Choudhury) এগৰাকী প্ৰাক্তন ভাৰতীয় ফ্লাইৱেইট আৰু লাইট ফ্লাইৱেইট শ্ৰেণীৰ বক্সাৰ তথা বৰ্তমান প্ৰশিক্ষক। তেওঁ অসমৰ তিনিচুকীয়া জিলাৰ লিডুৰ পৰা প্ৰায় দুই কিলোমিটাৰ আঁতৰৰ চিপেগাঁৱত জন্ম হৈছিল। তেওঁৰ পিতৃ স্বৰ্গীয় ৰামদয়াল চৌধুৰী আৰু মাতৃ স্বৰ্গীয়া মীৰা চৌধুৰী। ২০০৫ চনত ৰাছিয়াৰ পডস্কত অনুষ্ঠিত হোৱা বিশ্ব বক্সিং চেম্পিয়নশ্বিপত ব্ৰঞ্জৰ পদক জয়েৰে চৌধুৰীয়ে বিশ্ব চেম্পিয়নশ্বিপত পদক অৰ্জন কৰা প্ৰথমগৰাকী অসমীয়া মহিলা বক্সাৰ হোৱাৰ কৃতিত্ব অৰ্জন কৰিছিল। ২০০৮ চনত অসমৰ গুৱাহাটীত অনুষ্ঠিত হোৱা এছিয়ান চেম্পিয়নশ্বিপত সোণৰ পদক দখলেৰে উক্ত প্ৰতিযোগিতাতো তেওঁ সেই সফলতা লাভ কৰা ৰাজ্যখনৰ প্ৰথমগৰাকী মহিলা বক্সাৰ হোৱাৰ গৌৰৱ অৰ্জন কৰিছিল।১
প্ৰাৰম্ভিক জীৱন
কল্পনা চৌধুৰীয়ে ১৬ বছৰ বয়সৰ পৰাই বক্সিং খেলিবলৈ আৰম্ভ কৰে। ১৯৯৯ চনত মহিলা বক্সিং অন্তৰ্ভুক্ত হোৱাৰ পাছত তেওঁ সম্বন্ধীয় ভিনিহিয়েক তথা সেই সময়ৰ বক্সিং খেলুৱৈ বাবলু গড়ৰ পৰা খেলবিধ খেলিবলৈ অনুপ্ৰাণিত হয়। প্ৰাৰম্ভিক পৰ্যায়ত তেওঁ আৰ্থিক দুৰৱস্থাৰ বাবে ভিনিহিয়েকৰ খেলৰ সামগ্ৰীসমূহকে ব্যৱহাৰ কৰিবলগীয়া হৈছিল। তেনেকৈয়ে বক্সিঙৰ অ আ ক খ শিকাৰ পাছত তেওঁ মাৰ্ঘেৰিটা মহকুমাৰ শ্যাম ডেনিয়েল (প্ৰাক্তন বক্সাৰ জেনিফাৰ ডেনিয়েলৰ পিতৃ)ৰ ওচৰত প্ৰশিক্ষণ গ্ৰহণ কৰি বিভিন্ন প্ৰতিযোগিতাত ভাগ লয়। পৰৱৰ্তী সময়ত তেওঁ ভাৰতীয় ক্ৰীড়া প্ৰাধিকৰণত অন্তৰ্ভুক্ত হৈ অমৰ ডেকা, ভাস্কৰ ভাট আদিৰ পৰা প্ৰশিক্ষণ গ্ৰহণ কৰে।
বক্সিং কেৰিয়াৰ
ৰাষ্ট্ৰীয় পৰ্যায়ত
২০০০ চনত অনুষ্ঠিত উত্তৰ-পূব ক্ৰীড়াত অসমক প্ৰতিনিধিত্ব কৰি কল্পনা চৌধুৰীয়ে প্ৰথমটো সোণৰ পদক লাভ কৰে। তাৰ পিছত তেওঁ ২০০১ চনত পঞ্জাৱৰ পাটিৱালাত অনুষ্ঠিত ৩১ সংখ্যক ৰাষ্ট্ৰীয় ক্ৰীড়াত ৪৫ কিলো শাখাত সোণৰ পদক জয় কৰিবলৈ সক্ষম হয়। ৰাষ্ট্ৰীয় ক্ৰীড়াৰ মহিলা বক্সিঙত সেইটোৱে অসমৰ প্ৰথমটো সোণৰ পদক। ইয়াৰ পাছতেই কল্পনা চৌধুৰীয়ে ২০০২ চনত অন্ধ্ৰপ্ৰদেশৰ বিশাখাপট্টনমত অনুষ্ঠিত ৩২ সংখ্যক ৰাষ্ট্ৰীয় ক্ৰীড়াত ব্ৰঞ্জৰ আৰু অসমৰ গুৱাহাটীত অনুষ্ঠিত ৩৩ সংখ্যক ৰাষ্ট্ৰীয় ক্ৰীড়াত সোণৰ পদক জয় কৰে। ৰাষ্ট্ৰীয় ক্ৰীড়াৰ দৰে ২০০১ চনত তামিলনাডুৰ চেন্নাইত অনুষ্ঠিত প্ৰথম মহিলাৰ ৰাষ্ট্ৰীয় চেম্পিয়নশ্বিপতো কল্পনা চৌধুৰীয়ে সোণৰ পদক জয় কৰিবলৈ সক্ষম হয়। মহিলাৰ ৰাষ্ট্ৰীয় বক্সিং চেম্পিয়নশ্বিপতো সেইটোৱে অসমৰ প্ৰথমটো সোণৰ পদক। ইয়াৰ পাছত তেওঁ ২০০৩ চনত মিজোৰামৰ আইজল, ২০০৪ চনত অসমৰ কুকুৰাঝাৰ আৰু একেটা বৰ্ষতে তিতা কেৰেলাৰ কুল্লাম আৰু ২০০৫ চনত ঝাৰখণ্ডৰ জামছেদপুৰত অনুষ্ঠিত ক্ৰমে তৃতীয়, চতুৰ্থ, পঞ্চম আৰু ষষ্ঠ ৰাষ্ট্ৰীয় চেম্পিয়নশ্বিপত তিনিটা ৰূপৰ আৰু এটা ব্ৰঞ্জৰ পদক জয় কৰে। ২০০৬ চনত অন্ধ্ৰপ্ৰদেশৰ বিশাখাপট্টনম, ২০০৭ চনত উত্তৰাখণ্ডৰ ৰুদ্ৰপুৰ আৰু ২০০৮ চনত উত্তৰ প্ৰদেশৰ আগ্ৰাত অনুষ্ঠিত সপ্তম, অষ্টম আৰু নৱম ৰাষ্ট্ৰীয় চেম্পিয়নশ্বিপত কল্পনা চৌধুৰীয়ে ক্ৰমাগতভাৱে তিনিটা সোণৰ পদক জয় কৰে। ৰাষ্ট্ৰীয় ক্ৰীড়া আৰু ৰাষ্ট্ৰীয় চেম্পিয়নশ্বিপ দুয়োখন প্ৰতিযোগিতাত কল্পনা চৌধুৰীয়ে ছটা সোণৰ, তিনিটা ৰূপৰ আৰু দুটা ব্ৰঞ্জৰসহ সৰ্বমুঠ এঘাৰটা পদক জয় কৰিবলৈ সক্ষম হয়। এই দুখন ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰতিযোগিতাৰ উপৰিও ফেডাৰেছন কাপ ৰাষ্ট্ৰীয় চেম্পিয়নশ্বিপতো তেওঁ দুটা ৰূপৰ পদক জয় কৰিছিল।
আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত
কল্পনা চৌধুৰীয়ে ২০০৫ চনত ৰাছিয়াৰ পডস্কত অনুষ্ঠিত তৃতীয় মহিলা বিশ্ব বক্সিং চেম্পিয়নশ্বিপত ভাৰতক প্ৰতিনিধিত্ব কৰি ফ্লাইৱেইট ৫০ কিলো শাখাত এটা ব্ৰঞ্জৰ পদক জয় কৰে। বিশ্ব বক্সিং চেম্পিয়নশ্বিপত কল্পনা চৌধুৰীৰ ব্ৰঞ্জৰ পদকটোৱেই অসমৰো প্ৰথম পদক। ইয়াৰ পাছতেই তেওঁ অসমৰ গুৱাহাটীত অনুষ্ঠিত চতুৰ্থ মহিলাৰ এছিয়ান বক্সিং চেম্পিয়নশ্বিপত লাইট ফ্লাইৱেইট ৪৮ কিলো শাখাত ভাৰতক প্ৰতিনিধিত্ব কৰি সোণৰ পদকৰ লগতে শ্ৰেষ্ঠ বক্সাৰৰ সন্মান লাভ কৰে। উল্লেখ্য যে এছিয়ান বক্সিং চেম্পিয়নশ্বিপতো সোণৰ পদক লাভ কৰা কল্পনা চৌধুৰী প্ৰথম অসমীয়া মহিলা বক্সাৰ। এই দুটা উল্লেখযোগ্য আন্তঃৰাষ্ট্ৰীয় সফলতাৰ উপৰিও চৌধুৰীয়ে কেৰিয়াৰত বহুকেইখন আমন্ত্ৰণমূলক প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি পদক অৰ্জন কৰিবলৈ সক্ষম হৈছিল।
প্ৰশিক্ষক জীৱন
খেলুৱৈ জীৱন সামৰাৰ পাছত কল্পনা চৌধুৰীয়ে পঞ্জাৱৰ পাটিৱালাত অৱস্থিত নেতাজী সুভাষ চন্দ্ৰ বসু ৰাষ্ট্ৰীয় ক্ৰীড়া প্ৰতিষ্ঠানত প্ৰশিক্ষকৰ বাবে প্ৰয়োজনীয় প্ৰশিক্ষণ গ্ৰহণ কৰে। বৰ্তমান তেওঁ গুৱাহাটীৰ মালিগাঁওস্থিত উত্তৰ-পূব সীমান্ত ৰেলৱে’ৰ বক্সিং একাডেমিৰ মুখ্য প্ৰশিক্ষকৰ দায়িত্বত আছে। তেওঁৰ অধীনত বহু ল’ৰা-ছোৱালীয়ে বক্সিঙৰ প্ৰশিক্ষণ লৈ আছে।
ব্যক্তিগত জীৱন
২০১৬ চনত মঙলদৈৰ সেই সময়ৰ এগৰাকী কাবাডী আৰু লন বল খেলুৱৈ ধ্ৰুৱজ্যোতি চহৰীয়াৰ সৈতে কল্পনা চৌধুৰী বিবাহপাশত আবদ্ধ হয়। বৰ্তমান তেওঁলোকৰ বিভান আৰু প্ৰিয়াংক নামেৰে দুটি পুত্ৰ সন্তান আছে।
তথ্যসূত্ৰ
- ↑ (Sep 29, 2008). Local Girl shines at 4th AWBSC. Kalpana clinches Gold
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কল্পনা চৌধুৰী” প্ৰবন্ধৰ সংশোধন ৫৯৫২৬৭ (২৭ মাৰ্চ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।