অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

অনিছা ছৈয়দ

অনিছা ছৈয়দ (ইংৰাজী: Anisa Sayyed; জন্ম: ২২ ছেপ্টেম্বৰ ১৯৮০) এগৰাকী ভাৰতীয় মহিলা পিষ্টল শ্বুটাৰ। তেওঁ ২০১০ চনৰ কমনৱেলথ গেমছত দুটাকৈ স্বৰ্ণ পদক জয় কৰিছিল। ইয়াৰ উপৰি তেওঁ ২০০৬ চনৰ দক্ষিণ এছীয় গেমছত স্বৰ্ণ পদক লাভ কৰিছিল। ২০১৪ চনৰ কমনৱেলথ গেমছত তেওঁ ২৫ মিটাৰ ইভেণ্টত ৰূপৰ পদক জিকিবলৈ সক্ষম হয়।

হালনাগাদ: ৩০ জুলাই ২০২৬ ৩১৭ শব্দ · ২ মিনিট সংগৃহীত ৮২
সংশোধনৰ পৰামৰ্শ

অনিছা ছৈয়দ (ইংৰাজী ভাষা: Anisa Sayyed; জন্ম: ২২ ছেপ্টেম্বৰ ১৯৮০) এগৰাকী ভাৰতীয় মহিলা পিষ্টল শ্বুটাৰ। তেওঁ ২০১০ চনৰ কমনৱেলথ গেমছত দুটাকৈ স্বৰ্ণ পদক জয় কৰিছিল।১ ইয়াৰ উপৰি তেওঁ ২০০৬ চনৰ দক্ষিণ এছীয় গেমছত স্বৰ্ণ পদক লাভ কৰিছিল। ২০১৪ চনৰ কমনৱেলথ গেমছত তেওঁ ২৫ মিটাৰ ইভেণ্টত ৰূপৰ পদক জিকিবলৈ সক্ষম হয়।২ তদুপৰি তেওঁ ২০১৪ চনৰ ইনচিয়ন এছিয়ান গেমছত ব্ৰঞ্জ আৰু একে বছৰৰে গ্লাছগো কমনৱেলথ গেমছত ৰূপৰ পদক লাভ কৰিছিল।৩ ২০১৭ চনৰ ৰাষ্ট্ৰীয় শ্বুটিং চেম্পিয়নশ্বিপত মহিলাৰ ২৫ মিটাৰ এয়াৰ পিষ্টলত স্বৰ্ণ পদক জয় কৰি তেওঁ এক নতুন ৰাষ্ট্ৰীয় অভিলেখ গঢ়িছিল।৪৫

প্ৰাৰম্ভিক জীৱন

মূলতঃ পুনেৰ সাতাৰা জিলাৰ খাড়কীৰ বাসিন্দা অনিছা আব্দুল হামিদ ছৈয়দৰ কন্যা আৰু চাৰিজন ভাই-ভনীৰ ভিতৰত আটাইতকৈ সৰু।৬ তেওঁৰ পিতৃ এজন প্ৰাক্তন ক্লাব পৰ্যায়ৰ ফুটবল খেলুৱৈ আছিল আৰু টাটা মটৰ্ছত কেৰাণী হিচাপে কাম কৰিছিল।৭ মহাবিদ্যালয়ত পঢ়ি থকা সময়ত নেচনেল কেডেট ক’ৰ্পছৰ (NCC) প্ৰশিক্ষণ লৈ থকা অৱস্থাত অনিছাই শ্বুটিংৰ প্ৰতি আগ্ৰহী হৈছিল।৬ স্কুলীয়া জীৱনত তেওঁ শ্ৰেষ্ঠ এনচিচি শ্বুটাৰৰ উপাধি লাভ কৰিছিল।৮

কৰ্মজীৱন

অনিছাই লেডী হাৱাভাই স্কুলত প্ৰাথমিক শিক্ষয়িত্ৰী হিচাপে কাম কৰিছিল।৭ পৰৱৰ্তী সময়ত তেওঁ ভাৰতীয় ৰেলৱেৰ টিকট পৰীক্ষক হিচাপে মহাৰাষ্ট্ৰৰ মুম্বাই-পুনে ৰেল পথৰ অতি ব্যস্ত ভিলে পাৰ্লে ৰেল ষ্টেচনত কাম কৰিবলৈ আৰম্ভ কৰে।৯ নিজৰ গৃহ চহৰ পুনেত বদলিৰ বাবে বাৰে বাৰে আবেদন কৰাৰ পাছতো অনুমতি লাভ নকৰাত তেওঁ চাকৰিৰপৰা পদত্যাগ কৰে।৯

অনিছাৰ শ্বুটিং কেৰাৰ আৰম্ভ হৈছিল ২০০২ চনত গনি শ্বেখ আৰু পি.ভি. ইনামদাৰৰ নিৰ্দেশনাত।১০ ৰাহী ছাৰ্নোবেটৰ সৈতে যুটি বান্ধি তেওঁ ২৫ মিটাৰ পিষ্টল ইভেণ্টত প্ৰথমটো স্বৰ্ণ পদক লাভ কৰিছিল।১১ ২০১৪ চনৰ ২৬ জুনত গ্লাছগোৰ ওচৰৰ বেৰী বাডন শ্বুটিং কেন্দ্ৰত অনুষ্ঠিত কমনৱেলথ গেমছৰ মহিলাৰ ২৫ মিটাৰ পিষ্টল ইভেণ্টত তেওঁ ৰূপৰ পদকো লাভ কৰিছিল।১২ ২০১০ চনৰ কমনৱেলথ গেমছৰ পূৰ্বে ৰাষ্ট্ৰীয় প্ৰশিক্ষক ছানি থমাছে তেওঁক কিছুমান বিশেষ কৌশল শিকাইছিল।৮

অনিছাই কমনৱেলথ গেমছত ৭৭৬.৫ স্ক’ৰ কৰি ব্যক্তিগত স্বৰ্ণ পদক লাভ কৰিছিল। ২০০৬ চনৰ দক্ষিণ এছীয় গেমছতো তেওঁ স্বৰ্ণ পদক লাভ কৰিছিল।১৩ ২০১৪ চনত গ্লাছগোত অনুষ্ঠিত কমনৱেলথ গেমছত ২৫ মিটাৰ পিষ্টল শ্বুটিঙত তেওঁ ৰূপৰ পদক লাভ কৰে। অনিছাক 'এংলিয়ান মেডেল হাণ্ট কোম্পানী'য়ে সহায় কৰে।১৪ ২০১৭ চনত ৰাষ্ট্ৰীয় শ্বুটিং চেম্পিয়নশ্বিপত ২৫ মিটাৰ পিষ্টল শ্বুটিং শাখাত তেওঁ এক নতুন ৰাষ্ট্ৰীয় অভিলেখ গঢ়িবলৈ সক্ষম হয়।৪

বিতৰ্ক

ভাৰত আৰু বিদেশৰ বিভিন্ন শ্বুটিং চেম্পিয়নশ্বিপত ধাৰাবাহিক সফলতাৰ পিছত তেওঁক চৰকাৰী চাকৰিৰ প্ৰতিশ্ৰুতি দিয়া হৈছিল যদিও তেওঁ কোনো চাকৰি লাভ নকৰিলে। ৰাজ্য চৰকাৰে ইয়াৰ পৰিৱৰ্তে তেওঁক খেললৈ উভতি যাবলৈহে নিৰ্দেশ দিয়ে।১৫

২০১৭ চনৰ নৱেম্বৰ মাহত তেওঁ কৰ্মৰত ৰাজ্যিক ক্ৰীড়া বিভাগৰ জ্যেষ্ঠ বিষয়াৰ বিৰুদ্ধে নিৰ্যাতনৰ অভিযোগ দাখিল কৰে। তেওঁ অভিযোগ কৰে যে যোৱা দুবছৰ ধৰি তেওঁৰ দৰমহা দিয়া হোৱা নাই আৰু পৰৱৰ্তী খেলসমূহৰ বাবে তেওঁৰ ছুটীও কৰ্তৃপক্ষই যথাযথভাৱে মঞ্জুৰ কৰা নাছিল।৩ হাৰিয়ানাৰ ক্ৰীড়া আৰু যুৱ পৰিক্ৰমা সঞ্চালকালয়লৈ লিখা এখন পত্ৰত তেওঁ অসন্তুষ্টি প্ৰকাশ কৰি কয় যে চৰকাৰে তেওঁক চাকৰিৰ লগতে খেল চলাই নিবলৈ প্ৰয়োজনীয় সুবিধাসমূহ প্ৰদান কৰাৰ প্ৰতিশ্ৰুতি দিছিল।১৬

ব্যক্তিগত জীৱন

অনিছাৰ বিবাহ মুবাৰক খানৰ সৈতে হৈছে আৰু ২০১৭ চনত তেওঁলোকৰ এজনী কন্যা সন্তান জন্ম হয়। দম্পতীহাল বৰ্তমান হাৰিয়ানাৰ ফৰিদাবাদ জিলাত বাস কৰে।৯

তথ্যসূত্ৰ

  1. ↑ Sayyed, Anisa. (7 October 2010). Double delight for Pune shooter Anisa Sayyed. Times of India
  2. ↑ (26 July 2014). Pistol shooter Rahi Sarnobat wins gold, Anisa Sayyed silver. news.biharprabha.com
  3. ↑ (23 November 2017). Haryana sports department takes aim at India shooter Anisa Sayyed. hindustantimes.com/
  4. ↑ (27 December 2017). Anisa Sayyed wins women's 25m pistol gold with new national record. The Indian Express
  5. ↑ Vinod, A. (26 December 2017). Anisa sets new mark. The Hindu
  6. ↑ (7 October 2010). teachers class act. The Indian Express
  7. ↑ Anisa climbs her way up to glory from a very humble beginning. sunday-guardian.com
  8. ↑ It's all the more sweet after overcoming hardships: Anisa. NDTV.com
  9. ↑ TwoCircles.net. (6 October 2010). Anisa Sayyed: From ticket-checker to shooting champion · TwoCircles.net. twocircles.net
  10. ↑ Double delight for Pune shooter Anisa Sayyed - Times of India. The Times of India
  11. ↑ (26 July 2014). jsessionid=B6AD76F63AB1446C9ADF6A7D71A720F9 CWG 2014: Pistol shooter Rahi Sarnobat wins gold, Anisa Sayyed silver. hindustantimes.com/
  12. ↑ (26 July 2014). Commonwealth Games 2014: Pistol Shooting - Rahi Sarnobat wins gold, Anisa Sayyed silver
  13. ↑ NDTVSports.com. I am Still Waiting for That Promised Job: Commonwealth Games Silver Medallist Anisa Sayyed – NDTV Sports. NDTVSports.com
  14. ↑ Marar, Nandakumar. Hat-trick for Anisa Sayyed. The Hindu
  15. ↑ (5 August 2014). CWG gold medal winner Anisa Sayyed still waiting for promised job. mid-day
  16. ↑ Rajput, Pushpendra Singh. (25 November 2017). Commonwealth Games Star Anisa Sayyed alleged harassment by senior officials - Haryana ABTAK. Haryana ABTAK

সম্পৰ্কিত শ্ৰেণী

ভাৰতৰ ক্ৰীড়াবিদমহিলা খেলুৱৈ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “অনিছা ছৈয়দ” প্ৰবন্ধৰ সংশোধন ৬২১৬৯৬ (৩০ জুলাই ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।