ঈশা সিং (জন্ম: ১ জানুৱাৰী ২০০৫) এগৰাকী ভাৰতীয় ক্ৰীড়া শ্বুটাৰ। ২০১৮ চনত মাত্ৰ ১৩ বছৰ বয়সতে তেওঁ ১০ মিটাৰ এয়াৰ পিষ্টল শাখাৰ কনিষ্ঠতম ৰাষ্ট্ৰীয় চেম্পিয়ন হিচাপে পৰিগণিত হয়। তেওঁ ২০২৪ চনৰ পেৰিছ অলিম্পিকত ভাৰতক প্ৰতিনিধিত্ব কৰিছিল।
প্ৰাৰম্ভিক জীৱন
২০০৫ চনৰ ১ জানুৱাৰীত হায়দৰাবাদত শচীন সিং আৰু শ্ৰীলতাৰ কোলাত ঈশাৰ জন্ম হৈছিল। তেওঁৰ পিতৃ এজন ৰেলী ড্ৰাইভাৰ আছিল। শ্বুটিং আৰম্ভ কৰাৰ আগতে সিঙে গো-কাৰ্টিং, বেডমিণ্টন, টেনিছ আৰু স্কেটিং চেষ্টা কৰিছিল। হায়দৰাবাদৰ গাচীবোলী এথলেটিক ষ্টেডিয়ামৰ শ্বুটিং ৰেঞ্জ ভ্ৰমণে তেওঁক এয়াৰ পিষ্টল বাছি ল’বলৈ অনুপ্ৰাণিত কৰিছিল। তেওঁ ষ্টেডিয়ামৰ লগতে সমান্তৰালভাৱে দেউতাকে নিৰ্মাণ কৰি দিয়া ঘৰৰ প্ৰেক্টিচ ৰেঞ্জতো প্ৰশিক্ষণ লৈছিল। পৰৱৰ্তী সময়ত তেওঁ মহাৰাষ্ট্ৰৰ পুনেত থকা প্ৰাক্তন অলিম্পিক পদক বিজয়ী গগন নাৰঙৰ ‘গান ফৰ গ্ল’ৰী’ একাডেমীত যোগদান কৰে।১
কেৰিয়াৰ
ঘৰুৱা
সিঙে ২০১৪ চনৰ পৰা শ্বুটিং আৰম্ভ কৰিছিল আৰু ২০১৫ চনত তেওঁ ১০ মিটাৰ এয়াৰ পিষ্টল শাখাত তেলেংগানা ৰাজ্যিক চেম্পিয়ন হৈছিল। ইয়াৰ পিছত কেৰেলাৰ তিৰুৱনন্তপুৰমত অনুষ্ঠিত ৬২ সংখ্যক ৰাষ্ট্ৰীয় শ্বুটিং চেম্পিয়নশ্বিপত তেওঁ কমনৱেলথ গেমছ আৰু যুৱ অলিম্পিকৰ স্বৰ্ণ পদক বিজয়ী মনু ভাকৰ আৰু বহুতো পদক বিজয়ী হীনা সিদ্ধুক ১০ মিটাৰ এয়াৰ পিষ্টল প্ৰতিযোগিতাত পৰাস্ত কৰি সোণৰ পদক লাভ কৰে। ইয়াৰ লগে লগে ১৩ বছৰীয়া কিশোৰী হিচাপে তেওঁ জ্যেষ্ঠ শাখাত কনিষ্ঠতম চেম্পিয়ন হিচাপে পৰিগণিত হয়। তেওঁ যুৱ আৰু জুনিয়ৰ শাখাতো সোণৰ পদক লাভ কৰিছিল।১২৩ ২০১৯ চনৰ জানুৱাৰী মাহত অনুষ্ঠিত ‘খেলো ইণ্ডিয়া যুৱ ক্ৰীড়া’ৰ দ্বিতীয়টো সংস্কৰণত সিঙে ১৭ বছৰ অনুৰ্ধ শাখাত ১০ মিটাৰ এয়াৰ পিষ্টল প্ৰতিযোগিতাত সোণৰ পদক লাভ কৰে।
আন্তঃৰাষ্ট্ৰীয়
২০১৯ চনত জাৰ্মানীৰ চুলত অনুষ্ঠিত আই.এচ.এচ.এফ. (ISSF) জুনিয়ৰ বিশ্বকাপত তেওঁ ৰূপৰ পদক লাভ কৰে আৰু এছিয়ান জুনিয়ৰ চেম্পিয়নশ্বিপত ১০ মিটাৰ এয়াৰ পিষ্টল মহিলা (AP60W) আৰু ১০ মিটাৰ এয়াৰ পিষ্টল মিশ্ৰিত দলীয় (APMIX) শাখাত দুটাকৈ সোণৰ পদক জয় কৰে।৪
২০১৯ চনৰ মাৰ্চ-এপ্ৰিল মাহত টাইৱানৰ তায়ুয়ানত অনুষ্ঠিত এছিয়ান এয়াৰগান চেম্পিয়নশ্বিপৰ জুনিয়ৰ শাখাত ১০ মিটাৰ এয়াৰ পিষ্টল প্ৰতিযোগিতাত সিঙে সোণৰ পদক লাভ কৰে।৫ ২০১৯ চনৰ নৱেম্বৰ মাহত দোহাত অনুষ্ঠিত এছিয়ান শ্বুটিং চেম্পিয়নশ্বিপৰ ১০ মিটাৰ এয়াৰ পিষ্টল (জুনিয়ৰ) প্ৰতিযোগিতাত তেওঁ ব্যক্তিগত আৰু মিশ্ৰিত দলীয় শাখাত সোণৰ পদক লাভ কৰিছিল।৬
২০২০ চনৰ গ্ৰীষ্মকালীন অলিম্পিকৰ বাবেও সিঙক ভাৰতৰ মূল প্ৰশিক্ষণ দলত নিৰ্বাচিত কৰা হৈছিল,৭ কিন্তু ২০২০ চনৰ ফেব্ৰুৱাৰীত অনুষ্ঠিত অৰ্হতা নিৰ্ণায়ক প্ৰতিযোগিতাত শীৰ্ষ দুই স্থানত থাকিবলৈ সক্ষম নোহোৱাত তেওঁ অলিম্পিকৰ বাবে যোগ্যতা অৰ্জন কৰিব নোৱাৰিলে।৭
১৮ বছৰ বয়সত তেওঁ ২০২২ চনৰ এছিয়ান গেমছত চাৰিটা পদক জয় কৰে, যাৰ ভিতৰত ভাৰতৰ হৈ ২৫ মিটাৰ পিষ্টল দলীয় শাখাত সোণৰ পদক আৰু ২৫ মিটাৰ পিষ্টল ব্যক্তিগত শাখাত ৰূপৰ পদক অন্যতম।৮ তেওঁ কাইৰোত অনুষ্ঠিত ২০২২ চনৰ আই.এচ.এচ.এফ. বিশ্ব শ্বুটিং চেম্পিয়নশ্বিপত ২৫ মিটাৰ জুনিয়ৰ বিশ্ব চেম্পিয়ন হৈছিল।
২০২৪ চনৰ ৮ জানুৱাৰীত জাকাৰ্টাত অনুষ্ঠিত এছিয়ান কোৱালিফায়াৰত তেওঁ ২০২৪ চনৰ গ্ৰীষ্মকালীন অলিম্পিকৰ বাবে ১০ মিটাৰ এয়াৰ পিষ্টল শাখাত অলিম্পিক কোটাৰ বাবে স্থান সুনিশ্চিত কৰে।৯ ২০২৪ চনৰ পেৰিছ অলিম্পিকত তেওঁ মহিলাৰ ২৫ মিটাৰ পিষ্টল প্ৰতিযোগিতাত ভাৰতক প্ৰতিনিধিত্ব কৰিছিল আৰু কোৱালিফিকেচন ৰাউণ্ডত ১৮ তম স্থান দখল কৰিছিল।
২০২৬ চনৰ ৪ ফেব্ৰুৱাৰীত ড° কৰ্ণি সিং শ্বুটিং ৰেঞ্জত অনুষ্ঠিত এছিয়ান শ্বুটিং চেম্পিয়নশ্বিপৰ ১০ মিটাৰ এয়াৰ পিষ্টল প্ৰতিযোগিতাত ঈশাই সোণৰ পদক লাভ কৰে। তেওঁ ২৩৯.৮ পইণ্টৰ সৈতে এই খিতাপ অৰ্জন কৰে। ইয়াৰ উপৰিও তেওঁ সতীৰ্থ মনু ভাকৰ আৰু সুৰুচি সিঙৰ সৈতে ১০ মিটাৰ এয়াৰ পিষ্টল দলীয় প্ৰতিযোগিতাতো ভাৰতীয় দলটোক সোণৰ পদক জয়ত নেতৃত্ব দিছিল।১০
তথ্যসূত্ৰ
- ↑ (2018-11-30). In a battle of teens, 13-year-old Esha Singh upstages Manu Bhaker at Shooting Nationals. The Indian Express
- ↑ (2019-04-06). 14 साल की उम्र में रोजाना 4 घंटे शूटिंग की प्रैक्टिस और 1 घंटा योग. Dainik Bhaskar
- ↑ Scroll Staff. (29 November 2018). Shooting Nationals: Teenager Esha Singh pips Manu Bhaker to clinch triple crown. Scroll.in
- ↑ (30 March 2019). Asian Airgun Championships: Sarabjot Singh, Esha Singh win gold in junior air pistol. Scroll.in
- ↑ PTI. (3 January 2020). Shooter Esha Singh reveals her father's sacrifice to support her career. Sportstar
- ↑ Esha Singh - ISSF. International Shooting Sport Federation
- ↑ B. Krishna Prasad. (27 June 2020). Esha Singh makes NRAI core training group · More sports News - Times of India. The Times of India
- ↑ Singh, Philem Dipak. (2023-09-27). Asian Games: Indian trio bags gold in women's 25m pistol event. ThePrint
- ↑ (2024-01-09). Varun Tomar, Esha Singh win 10m air pistol quota for Paris Olympics. The Times of India
- ↑ (5 February 2026). Esha Singh Wins Gold in 10m Air Pistol at Asian Shooting Championships 2026. KhelWire
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ঈশা সিং” প্ৰবন্ধৰ সংশোধন ৫৯৫২৬৪ (২৭ মাৰ্চ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।