অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

আশীষ কুমাৰ (বক্সাৰ)

আশীষ কুমাৰ (Ashish Kumar; জন্ম: ১৮ জুলাই ১৯৯৪) এজন ভাৰতীয় অপেশাদাৰী বক্সাৰ যিয়ে মিডলৱেট শাখাত প্ৰতিদ্বন্দ্বিতা কৰে। ২০১৯ চনৰ এছিয়ান চেম্পিয়নশ্বিপত ৰূপৰ পদক লাভ কৰাৰ লগতে বেংককত অনুষ্ঠিত ২০১৯ বৰ্ষৰ থাইলেণ্ড অ’পেন ইণ্টাৰনেশ্যনেল বক্সিং টুৰ্ণামেণ্টত সোণৰ পদক লাভ কৰে।

হালনাগাদ: ২০ জুন ২০২৬ ২১৩ শব্দ · ১ মিনিট সংগৃহীত ৮০
সংশোধনৰ পৰামৰ্শ

আশীষ কুমাৰ (Ashish Kumar; জন্ম: ১৮ জুলাই ১৯৯৪) এজন ভাৰতীয় অপেশাদাৰী বক্সাৰ যিয়ে মিডলৱেট শাখাত প্ৰতিদ্বন্দ্বিতা কৰে। ২০১৯ চনৰ এছিয়ান চেম্পিয়নশ্বিপত ৰূপৰ পদক লাভ কৰাৰ লগতে বেংককত অনুষ্ঠিত ২০১৯ বৰ্ষৰ থাইলেণ্ড অ’পেন ইণ্টাৰনেশ্যনেল বক্সিং টুৰ্ণামেণ্টত সোণৰ পদক লাভ কৰে। তদুপৰি ২০২০ বৰ্ষৰ এছিয়া/অ’চেনিয়া অলিম্পিক কোৱালিফায়াৰত ব্ৰঞ্জৰ পদক লাভ কৰাৰ লগতে জাপানৰ টকিঅ’ত অনুষ্ঠিত ২০২০ বৰ্ষৰ অলিম্পিকত মিডলৱেট শাখাত ভাৰতক প্ৰতিনিধিত্ব কৰিছিল।

প্ৰাৰম্ভিক আৰু ব্যক্তিগত জীৱন

১৯৯৪ চনৰ ১৮ জুলাইত হিমাচল প্ৰদেশৰ মন্দি জিলাৰ ধনোতুত ভগত ৰাম ডোগ্ৰা আৰু দুৰ্গা দেৱীৰ ঘৰত আশীষ কুমাৰৰ জন্ম হৈছিল। দেউতাক এজন কৃষক আছিল আৰু ৰাষ্ট্ৰীয় পৰ্যায়ত কাবাডী খেলিছিল। কুমাৰক বক্সিং খেলিবলৈ অনুপ্ৰাণিত কৰিছিল বক্সিং, ৰেছলিং আৰু ৱুছুত ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা তেওঁৰ নিজ ভাতৃ আৰু পৰিয়ালৰ ভাতৃ-ভগ্নী সকলে।১২

জৰ্ডানৰ আম্মানত ২০২০ বৰ্ষৰ অলিম্পিক কোৱালিফিকেশ্যন প্ৰতিযোগিতাত অংশগ্ৰহণ কৰাৰ এমাহ পূৰ্বে কুমাৰৰ পিতৃৰ মৃত্যু হয়। তেওঁ এই প্ৰতিযোগিতাৰ ছেমিফাইনেলত প্ৰৱেশ কৰি ব্ৰঞ্জৰ পদক লাভ কৰে আৰু সেয়েহে ২০২০ চনৰ টকিঅ'ত অনুষ্ঠিত অলিম্পিক গেমছৰ বাবে যোগ্যতা অৰ্জন কৰে।১

কেৰিয়াৰ

কুমাৰে ২০১৫ চনত কেৰালাত প্ৰথমটো নেচনেল গেমছ সোণৰ পদক লাভ কৰিছিল। ২০১৯ চনত বেংককত অনুষ্ঠিত এছিয়ান এমেচাৰ বক্সিং চেম্পিয়নশ্বিপত মিডলৱেট শাখাত ৰূপৰ পদক বিজয়ী হিচাপে তেওঁ প্ৰথমবাৰৰ বাবে আন্তঃৰাষ্ট্ৰীয় পদক লাভ কৰে।৩ বেংককত অনুষ্ঠিত থাইলেণ্ড অ’পেন ইণ্টাৰনেশ্যনেল বক্সিং টুৰ্ণামেণ্টত ২০১৯ চনত তেওঁ সোণৰ পদক লাভ কৰিছিল। ২০১৯ চনত অনুষ্ঠিত হোৱা মেডেন বিগ বাউট ইণ্ডিয়ান বক্সিং লীগত গুজৰাট জায়েণ্টছৰ হৈ মিডলৱেট শাখাত খেলিছিল। ২০২০ চনৰ মাৰ্চ মাহত জৰ্ডানৰ আম্মানত অনুষ্ঠিত ২০২০ চনৰ এছিয়া এণ্ড ওচেনিয়া বক্সিং অলিম্পিক কোৱালিফিকেশ্যন প্ৰতিযোগিতাৰ ছেমিফাইনেলত প্ৰৱেশ কৰি ২০২০ চনৰ গ্ৰীষ্মকালীন অলিম্পিকলৈ যোগ্যতা অৰ্জন কৰে কুমাৰে।৪৫ তেওঁ হিমাচল প্ৰদেশৰ পৰা অলিম্পিকলৈ যোগ্যতা অৰ্জন কৰা প্ৰথমজন বক্সাৰ।

বঁটা আৰু স্বীকৃতি

পৰশুৰাম বঁটা (২০১৯): হিমাচল প্ৰদেশ চৰকাৰে দিয়া ক্ৰীড়া ক্ষেত্ৰত সৰ্বোচ্চ বঁটা হৈছে পৰশুৰাম বঁটা। ৪৯ সংখ্যক ৰাজ্যিক দিৱস উপলক্ষে হিমাচল প্ৰদেশৰ মুখ্যমন্ত্ৰীয়ে আশীষ কুমাৰক এই বঁটা প্ৰদান কৰে।

তথ্যসূত্ৰ

  1. ↑ R, Vishal. (20 March 2020). Boxing: Overcoming father’s death before Olympic qualifiers, rejuvenated Ashish Kumar packs a punch. Scroll.in
  2. ↑ Gurung, Anmol. (29 July 2019). Boxer Ashish Kumar geared up for big, bad world. The New Indian Express
  3. ↑ Bhatt, Gaurav. (31 July 2019). Ashish Kumar: A gold & new-found confidence. The Indian Express
  4. ↑ Pitts, Andre. (9 March 2020). Lovlina, Ashish and Satish win quarters clashes to qualify for 2020 Olympics. Olympic Channel
  5. ↑ Sarangi, Y. B. (3 April 2020). Ashish Kumar learning from Vijender’s game. The Hindu

সম্পৰ্কিত শ্ৰেণী

ভাৰতৰ ক্ৰীড়াবিদ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “আশীষ কুমাৰ (বক্সাৰ)” প্ৰবন্ধৰ সংশোধন ৬১৩২৯৩ (২০ জুন ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।