অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

অশ্বিনী পোনাপ্পা

অশ্বিনী পোনাপ্পা মাছিমাণ্ডা (জন্ম: ১৮ ছেপ্টেম্বৰ ১৯৮৯) এগৰাকী ভাৰতীয় বেডমিণ্টন খেলুৱৈ। তেওঁ আন্তঃৰাষ্ট্ৰীয় বেডমিণ্টন চাৰ্কিটত মহিলা ডাবলছ আৰু মিক্স ডাবলছ উভয় শাখাতে দেশক প্ৰতিনিধিত্ব কৰে।

হালনাগাদ: ২৩ ছেপ্তেম্বৰ ২০২৬ ৮৯১ শব্দ · ৫ মিনিট সংগৃহীত ৮১
সংশোধনৰ পৰামৰ্শ

অশ্বিনী পোনাপ্পা মাছিমাণ্ডা (জন্ম: ১৮ ছেপ্টেম্বৰ ১৯৮৯) এগৰাকী ভাৰতীয় বেডমিণ্টন খেলুৱৈ। তেওঁ আন্তঃৰাষ্ট্ৰীয় বেডমিণ্টন চাৰ্কিটত মহিলা ডাবলছ আৰু মিক্স ডাবলছ উভয় শাখাতে দেশক প্ৰতিনিধিত্ব কৰে। জ্বলা গুট্টাৰ সৈতে তেওঁৰ এক সফল অংশীদাৰিত্ব আছিল আৰু এই যুটিটোৱে কমনৱেলথ গেমছত স্বৰ্ণ পদক, উবেৰ কাপ আৰু এছিয়ান বেডমিণ্টন চেম্পিয়নশ্বিপত ব্ৰঞ্জৰ পদককে ধৰি আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাত বহু পদক লাভ কৰিছে। তেওঁলোক ধাৰাবাহিকভাৱে বি.ডব্লিউ.এফ. (BWF) বিশ্ব ৰেংকিংত শীৰ্ষ ২০টা স্থানৰ ভিতৰত আছিল আৰু সৰ্বোচ্চ ১০ নং স্থান লাভ কৰিছিল। পোনাপ্পা আৰু গুট্টাই ২০১১ চনত বিশ্ব বেডমিণ্টন চেম্পিয়নশ্বিপত ব্ৰঞ্জৰ পদক লাভ কৰিছিল। বিশ্ব চেম্পিয়নশ্বিপত পদক জয় কৰা এয়া প্ৰথম ভাৰতীয় মহিলা ডাবলছ যুটি আছিল।

প্ৰাৰম্ভিক জীৱন

১৯৮৯ চনৰ ১৮ ছেপ্টেম্বৰত বেংগালুৰুত অশ্বিনী পোনাপ্পাৰ জন্ম হৈছিল। তেওঁ বেংগালুৰুৰ ছেইণ্ট ফ্ৰাংক চিছ জেভিয়াৰ গাৰ্লছ হাইস্কুল আৰু হায়দৰাবাদৰ ছেইণ্ট মেৰীজ কলেজত শিক্ষা গ্ৰহণ কৰিছিল। তেওঁৰ পিতৃয়ে ভাৰতৰ হৈ হকী খেলিছিল।১ অৱশ্যে অশ্বিনীয়ে হকীতকৈ বেডমিণ্টনক অগ্ৰাধিকাৰ দিছিল আৰু ইয়াৰ প্ৰশিক্ষণ ল'বলৈ আৰম্ভ কৰিছিল।

কেৰিয়াৰ

২০০৪ চনত অশ্বিনী পোনাপ্পাই চাব-জুনিয়ৰ ছোৱালীৰ ডাবলছ শাখাত প্ৰথমটো ৰাষ্ট্ৰীয় খিতাপ জয় কৰে। তেওঁ ২০০৫ চনত চাব-জুনিয়ৰ ছোৱালীৰ ডাবলছত আৰু ২০০৬ আৰু ২০০৭ চনত জুনিয়ৰ ছোৱালীৰ ডাবলছত ৰাষ্ট্ৰীয় খিতাপ দখল কৰে। তেওঁ ২০১০ চনত অনুষ্ঠিত দক্ষিণ এছীয় গেমছত মিক্স ডাবলছ আৰু দলগত ইভেণ্টত স্বৰ্ণ পদক লাভ কৰিছিল। ২০১০ চনৰ কমনৱেলথ গেমছত তেওঁ জ্বলা গুট্টাৰ সৈতে যুটি বান্ধি মহিলা ডাবলছত স্বৰ্ণ পদক লাভ কৰি ইতিহাস ৰচনা কৰে। ঘৰুৱা দৰ্শকৰ সন্মুখত এই পদক জয় কৰাৰ পিছত গুট্টা আৰু পোনাপ্পাৰ নাম ঘৰে ঘৰে পৰিচিত হৈ পৰিছিল।২

পৰৱৰ্তী সময়ত ২০১১ চনত তেওঁলোকে অন্যতম শ্ৰেষ্ঠ প্ৰদৰ্শন আগবঢ়ায়। বিশ্ব বেডমিণ্টন চেম্পিয়নশ্বিপত পদক নিশ্চিত কৰা তেওঁলোক প্ৰথম ভাৰতীয় যুটি হিচাপে পৰিগণিত হয়। এই যুটিটোৱে ইণ্ডোনেছিয়াৰ দ্বাদশ বাছনিৰ ভিটা মাৰিছা আৰু নাদিয়া মেলাটিক ১৭–২১, ২১–১০, ২১–১৭ ব্যৱধানত পৰাস্ত কৰি মহিলা ডাবলছৰ ছেমি ফাইনেলত প্ৰৱেশ কৰে। অৱশ্যে লণ্ডনত অনুষ্ঠিত ছেমিত তেওঁলোক চীনৰ পঞ্চম বাছনিৰ খেলুৱৈৰ হাতত পৰাস্ত হয় আৰু ব্ৰঞ্জৰ পদক লাভ কৰে।

তেওঁ ২০১২ চনৰ লণ্ডন অলিম্পিকৰ মহিলা ডাবলছত অংশগ্ৰহণ কৰিছিল। পোনাপ্পা আৰু গুট্টাই তেওঁলোকৰ প্ৰথমখন মহিলা ডাবলছ খেলত জাপানী যুটী মিজুকি ফুজী আৰু ৰেইকা কাকিইৱাৰ হাতত পৰাস্ত হয়। ইয়াৰ পিছত তেওঁলোকে চীনা টাইপেইৰ উচ্চ ৰেংকিঙৰ চেং ৱেন-ছিং আৰু চিয়েন ইউ-চিনক ২৫–২৩, ১৬–২১, ২১–১৮ ব্যৱধানত পৰাস্ত কৰি গ্ৰুপ পৰ্যায়ত প্ৰথমটো জয় পঞ্জীয়ন কৰে। গ্ৰুপ বি-ৰ অন্তিমখন খেলত ছিন্তা মূলিয়া ছাৰি আৰু ইয়াও লেইক ২১-১৬, ২১-১৫ ব্যৱধানত পৰাস্ত কৰা সত্ত্বেও আৰু জাপান তথা টাইপেইৰ সৈতে সমান সংখ্যক জয় লাভ কৰা পাছতো জ্বলা আৰু অশ্বিনীয়ে মাত্ৰ এক পইণ্টৰ পাৰ্থক্যৰ বাবে কোৱাৰ্টাৰ ফাইনেলত স্থান লাভৰ পৰা বঞ্চিত হয়। মঙলবাৰে নিশা ভাৰতৰ অন্তিমখন গ্ৰুপ মেচৰ পূৰ্বে বিশ্বৰ পাঁচ নম্বৰ জাপানী যুটী মিজুকি ফুজী আৰু ৰেইকা কাকিইৱাই আচৰিত ধৰণে ১০ম স্থানৰ চীনা টাইপেইৰ চেং ৱেন-ছিং আৰু চিয়েন ইউ-চিনৰ হাতত ১৯-২১, ১১-২১ ব্যৱধানত পৰাস্ত হৈছিল। পদকৰ আশা থকা জ্বলা গুট্টা আৰু অশ্বিনী পোনাপ্পা প্ৰতিযোগিতাৰ পৰা বাহিৰ হোৱাৰ পিছত জাপান আৰু চীনা টাইপেইৰ মাজৰ মহিলা ডাবলছ বেডমিণ্টন খেলখন সঠিক ক্ৰীড়া মনোভাৱেৰে খেলা হৈছিল নে নাই তাৰ তদন্তৰ বাবে ভাৰতে গেমছ আয়োজকৰ ওচৰত আনুষ্ঠানিক প্ৰতিবাদ দাখিল কৰিছিল, কিন্তু কোনো ব্যৱস্থা গ্ৰহণ কৰা নহ'ল। অলিম্পিক গেমছৰ পিছত জ্বলাই খেলৰ পৰা সাময়িক বিৰতি লয়। পোনাপ্পাই তাৰ পিছত ২০১৩ চনত এক চমু সময়ৰ বাবে প্ৰজ্ঞা গাদৰেৰ সৈতে যুটী বান্ধে আৰু বছৰটোৰ শেষৰ ফালে পুনৰ জ্বলা গুট্টাৰ সৈতে একত্ৰিত হয়। ২০১৪ চনৰ কমনৱেলথ গেমছত পোনাপ্পা আৰু গুট্টাই মহিলা ডাবলছত ৰূপৰ পদক লাভ কৰে। ফাইনেলত তেওঁলোক মালেছিয়াৰ এটা যুটীৰ হাতত পৰাস্ত হৈছিল।৩ ২০১৫ চনৰ ২৯ জুনত জ্বলাৰ সৈতে খেলি তেওঁলোকে শীৰ্ষ বাছনিৰ ডাচ্চ যুটী ইফে মুছকেনছ আৰু চেলেনা পিয়েকক পৰাস্ত কৰি কানাডা অপেন মহিলা ডাবলছ খিতাপ জয় কৰে।৪ তেওঁ ২০১৬ চনৰ অলিম্পিকত গুট্টাৰ সৈতে প্ৰতিদ্বন্দ্বিতা কৰিছিল, কিন্তু তেওঁলোকে গ্ৰুপ পৰ্যায়ৰ তিনিওখন খেলতে পৰাস্ত হয় আৰু ফলস্বৰূপে আগবাঢ়িব নোৱাৰিলে।৫ ২০১৮ চনৰ কমনৱেলথ গেমছত পোনাপ্পা মিক্স দলগত ইভেণ্টত স্বৰ্ণ জয় কৰা ভাৰতীয় দলটোৰ অংশ আছিল আৰু এন. ছিক্কী ৰেড্ডীৰ সৈতে মহিলা ডাবলছত ব্ৰঞ্জৰ পদক লাভ কৰিছিল।১

ব্যক্তিগত জীৱন

২০১৭ চনৰ ২৪ ডিচেম্বৰত তেওঁ ব্যৱসায়ী তথা মডেল কৰণ মেদাপ্পাৰ সৈতে বিবাহপাশত আবদ্ধ হয়।৬৭

সফলতা

২০১০ চনৰ বি.ডব্লিউ.এফ. বিশ্ব চেম্পিয়নশ্বিপত পোনাপ্পা আৰু জ্বলা গুট্টা
২০১০ চনৰ বি.ডব্লিউ.এফ. বিশ্ব চেম্পিয়নশ্বিপত পোনাপ্পা আৰু জ্বলা গুট্টাছবি: Nardisoero · CC BY-SA 4.0

বি.ডব্লিউ.এফ. বিশ্ব চেম্পিয়নশ্বিপ

মহিলা ডাবলছ

বৰ্ষস্থানসংগীপ্ৰতিপক্ষস্ক’ৰফলাফল
২০১১ওৱেম্বলি এৰিনা, লণ্ডন, ইংলেণ্ডজ্বলা গুট্টাতিয়ান কিং ঝাও ইউনলেই১৪–২১, ১৬–২১Bronzeব্ৰঞ্জ

কমনৱেলথ গেমছ

মহিলা ডাবলছ

বৰ্ষস্থানসংগীপ্ৰতিপক্ষস্ক’ৰফলাফল
২০১০ছিৰি ফৰ্ট স্পৰ্টছ কমপ্লেক্স, নতুন দিল্লী, ভাৰতজ্বলা গুট্টাশ্বিন্তা মূলিয়া ছাৰি ইয়াও লেই২১–১৬, ২১–১৯Goldস্বৰ্ণ
২০১৪এমিৰেটছ এৰিনা, গ্লাছগো, স্কটলেণ্ডজ্বলা গুট্টাভিভিয়ান হু ওন খে ৱেই১৭–২১, ২১–২৩Silverৰূপ
২০১৮কাৰাৰা স্পৰ্টছ এণ্ড লেজাৰ চেণ্টাৰ, গোল্ড কোষ্ট, অষ্ট্ৰেলিয়াএন. ছিক্কী ৰেড্ডীছেট্যনা মাপাচা গ্ৰনিয়া সমৰভিল২১–১৯, ২১–১৯Bronzeব্ৰঞ্জ

এছিয়ান চেম্পিয়নশ্বিপ

মহিলা ডাবলছ

বৰ্ষস্থানসংগীপ্ৰতিপক্ষস্ক’ৰফলাফল
২০১৪গিমচন ইনড’ৰ ষ্টেডিয়াম, গিমচন, দক্ষিণ কোৰিয়াজ্বলা গুট্টালুও ইং লুও ইউ১২–২১, ৭–২১Bronzeব্ৰঞ্জ

দক্ষিণ এছীয় গেমছ

মহিলা ডাবলছ

বৰ্ষস্থানসংগীপ্ৰতিপক্ষস্ক’ৰফলাফল
২০১০উডেন-ফ্ল’ৰ জিমনেছিয়াম, ঢাকা, বাংলাদেশপি. চি. তুলসীঅপৰ্ণা বালন শ্ৰুতি কুৰিয়ান১৯–২১, ২০–২২Silverৰূপ
২০১৬মাল্টিপাৰ্পাছ হল SAI-SAG চেণ্টাৰ, শ্বিলং, ভাৰতজ্বলা গুট্টাএন. ছিক্কী ৰেড্ডী কে. মনীষা২১–৯, ২১–১৭Goldস্বৰ্ণ

মিক্স ডাবলছ

বৰ্ষস্থানসংগীপ্ৰতিপক্ষস্ক’ৰফলাফল
২০১০উডেন-ফ্ল’ৰ জিমনেছিয়াম, ঢাকা, বাংলাদেশভালিয়াভিটিল দিজুচানাবে থমাছ অপৰ্ণা বালন২১–১১, ২১–১৫স্বৰ্ণ
২০১৬মাল্টিপাৰ্পাছ হল SAI-SAG চেণ্টাৰ, শ্বিলং, ভাৰতমনু অত্ৰীপ্ৰণৱ চোপ্ৰা এন. ছিক্কী ৰেড্ডী২৯–৩০, ১৭–২১ৰূপ

বি.ডব্লিউ.এফ. ৱৰ্ল্ড ট্যুৰ (৩টা খিতাপ, ৪বাৰ ৰানাৰ্ছ-আপ)

বি.ডব্লিউ.এফ. (BWF) ৱৰ্ল্ড ট্যুৰ, যিটো ২০১৭ চনৰ ১৯ মাৰ্চত ঘোষণা কৰা হৈছিল আৰু ২০১৮ চনৰ পৰা কাৰ্যকৰী কৰা হৈছিল,৮ হৈছে বিশ্ব বেডমিণ্টন ফেডাৰেচন (BWF) দ্বাৰা অনুমোদিত এলিম বেডমিণ্টন প্ৰতিযোগিতাৰ এটা শৃংখলা। এই ৱৰ্ল্ড ট্যুৰসমূহ ৱৰ্ল্ড ট্যুৰ ফাইনেল, ছুপাৰ ১০০০, ছুপাৰ ৭৫০, ছুপাৰ ৫০০, ছুপাৰ ৩০০ আৰু বি.ডব্লিউ.এফ. ট্যুৰ ছুপাৰ ১০০—এই স্তৰত বিভক্ত।৯

মহিলা ডাবলছ

বৰ্ষপ্ৰতিযোগিতাস্তৰসংগীপ্ৰতিপক্ষস্ক’ৰফলাফল
২০১৮ছৈয়দ মোদী ইণ্টাৰনেশ্যনেল বেডমিণ্টন চেম্পিয়নশ্বিপছুপাৰ ৩০০এন. ছিক্কী ৰেড্ডীচাউ মেই কুৱান লী মেং ইয়ান১৫–২১, ১৩–২১ৰানাৰ্ছ-আপ
২০১৯হায়দৰাবাদ অপেনছুপাৰ ১০০এন. ছিক্কী ৰেড্ডীবেক হা-না জং ক্যুং-ইউন১৭–২১, ১৭–২১ৰানাৰ্ছ-আপ
২০২৩আবু ধাবি মাষ্টাৰ্ছছুপাৰ ১০০তানিষা ক্ৰাষ্ট’জুলি ফিন-ইপছেন মাই ছুৰো২১–১৬, ১৬–২১, ২১–৮বিজেতা
২০২৩ছৈয়দ মোদী ইণ্টাৰনেশ্যনেলছুপাৰ ৩০০তানিষা ক্ৰাষ্ট’ৰিন ইৱানাগা কি নাকানিছি১৪–২১, ২১–১৭, ১৫–২১ৰানাৰ্ছ-আপ
২০২৩গুৱাহাটী মাষ্টাৰ্ছছুপাৰ ১০০তানিষা ক্ৰাষ্ট’চাং চু-ইউন ইউ চিয়েন-হুই২১–১৩, ২১–১৯বিজেতা
২০২৩ওড়িশা মাষ্টাৰ্ছছুপাৰ ১০০তানিষা ক্ৰাষ্ট’মেইলিজা ত্ৰিয়াছ পুস্পিতা ছাৰি ৰাচেল এ্লেচিয়া ৰ’জ১৪–২১, ১৭–২১ৰানাৰ্ছ-আপ
২০২৪গুৱাহাটী মাষ্টাৰ্ছছুপাৰ ১০০তানিষা ক্ৰাষ্ট’লী হুৱাঝৌ ৱাং জিমেন২১–১৮, ২১–১২বিজেতা

বি.ডব্লিউ.এফ. গ্ৰেণ্ড প্ৰি (১টা খিতাপ, ৩বাৰ ৰানাৰ্ছ-আপ)

বি.ডব্লিউ.এফ. গ্ৰেণ্ড প্ৰিৰ দুটা স্তৰ আছিল—গ্ৰেণ্ড প্ৰি আৰু গ্ৰেণ্ড প্ৰি গোল্ড। ই আছিল বিশ্ব বেডমিণ্টন ফেডাৰেচন (BWF) দ্বাৰা অনুমোদিত বেডমিণ্টন প্ৰতিযোগিতাৰ এটা শৃংখলা, যিটো ২০০৭ চনৰ পৰা ২০১৭ চনৰ ভিতৰত অনুষ্ঠিত হৈছিল।

মহিলা ডাবলছ

বৰ্ষপ্ৰতিযোগিতাসংগীপ্ৰতিপক্ষস্ক’ৰফলাফল
২০১০ইণ্ডিয়া অপেনজ্বলা গুট্টাশ্বিন্তা মূলিয়া ছাৰি ইয়াও লেই১১–২১, ২১–৯, ১৫–২১ৰানাৰ্ছ-আপ
২০১৫কানাডা অপেনজ্বলা গুট্টাইফে মুছকেনছ চেলেনা পিয়েক২১–১৯, ২১–১৬বিজেতা
২০১৭ছৈয়দ মোদী ইণ্টাৰনেশ্যনেলএন. ছিক্কী ৰেড্ডীক্ৰীষ্টিনা পেডাৰছেন কামিলা ৰিটাৰ জুল১৬–২১, ১৮–২১ৰানাৰ্ছ-আপ

মিক্স ডাবলছ

বৰ্ষপ্ৰতিযোগিতাসংগীপ্ৰতিপক্ষস্ক’ৰফলাফল
২০১৭ছৈয়দ মোদী ইণ্টাৰনেশ্যনেলবি. সুমিত ৰেড্ডীপ্ৰণৱ চোপ্ৰা এন. ছিক্কী ৰেড্ডী২০–২২, ১০–২১ৰানাৰ্ছ-আপ

বি.ডব্লিউ.এফ. গ্ৰেণ্ড প্ৰি গোল্ড প্ৰতিযোগিতা বি.ডব্লিউ.এফ. গ্ৰেণ্ড প্ৰি প্ৰতিযোগিতা

বি.ডব্লিউ.এফ. ইণ্টাৰনেশ্যনেল চেলেঞ্জ/চিৰিজ (২টা খিতাপ, ৬বাৰ ৰানাৰ্ছ-আপ)

মহিলা একক

বৰ্ষপ্ৰতিযোগিতাপ্ৰতিপক্ষস্ক’ৰফলাফল
২০০৮বাহৰেইন ইণ্টাৰনেশ্যনেলতৃপ্তি মুৰগুণ্ডে১৬–২১, ১৩–২১ৰানাৰ্ছ-আপ

মহিলা ডাবলছ

বৰ্ষপ্ৰতিযোগিতাসংগীপ্ৰতিপক্ষস্ক’ৰফলাফল
২০১৩টাটা অপেন ইণ্ডিয়া ইণ্টাৰনেশ্যনেল চেলেঞ্জজ্বলা গুট্টাপ্ৰজ্ঞা গাদৰে এন. ছিক্কী ৰেড্ডী১৯–২১, ১৯–২১ৰানাৰ্ছ-আপ
২০১৬ৱেলছ ইণ্টাৰনেশ্যনেলএন. ছিক্কী ৰেড্ডীআনাস্স্থাচিয়া চাৰ্ভিয়াকোভা ওলগা মৰোজোভা১৬–২১, ১১–২১ৰানাৰ্ছ-আপ
২০১৯মালদ্বীপ ইণ্টাৰনেশ্যনেলএন. ছিক্কী ৰেড্ডীছায়াকা হোবাৰা নাৎচুকী ছোন১০–২১, ২১–১৭, ১২–২১ৰানাৰ্ছ-আপ
২০২১ডেনমাৰ্ক ইণ্টাৰনেশ্যনেল (ডেনমাৰ্ক মাষ্টাৰ্ছ)এন. ছিক্কী ৰেড্ডীআমালি মেগেলুন্দ ফ্ৰেজা ৰাভন২১–১৫, ১৯–২১, ১৪–২১ৰানাৰ্ছ-আপ
২০২৩নাণ্ট ইণ্টাৰনেশ্যনেলতানিষা ক্ৰাষ্ট’হাং এন-জু লিন ইউ-পেই২১–১৫, ২১–১৪বিজেতা

মিক্স ডাবলছ

বৰ্ষপ্ৰতিযোগিতাসংগীপ্ৰতিপক্ষস্ক’ৰফলাফল
২০১৩টাটা অপেন ইণ্ডিয়া ইণ্টাৰনেশ্যনেল চেলেঞ্জতৰুণ কোনাঅক্ষয় দেৱালকাৰ প্ৰজ্ঞা গাদৰে১৭–২১, ২১–১৮, ১৮–২১ৰানাৰ্ছ-আপ
২০২২ (III)ইণ্ডিয়া ইণ্টাৰনেশ্যনেল চেলেঞ্জছাই প্ৰতীক কে.ৰোহন কাপুৰ এন. ছিক্কী ৰেড্ডী২১–১৬, ১১–২১, ২১–১৮বিজেতা

বি.ডব্লিউ.এফ. ইণ্টাৰনেশ্যনেল চেলেঞ্জ প্ৰতিযোগিতা বি.ডব্লিউ.এফ. ইণ্টাৰনেশ্যনেল চিৰিজ প্ৰতিযোগিতা বি.ডব্লিউ.এফ. ফিউচাৰ চিৰিজ প্ৰতিযোগিতা

নিৰ্বাচিত প্ৰতিপক্ষৰ বিৰুদ্ধে অভিলেখ

ছুপাৰ চিৰিজৰ ফাইনেলিষ্ট, বিশ্ব চেম্পিয়নশ্বিপৰ ছেমি ফাইনেলিষ্ট আৰু অলিম্পিকৰ কোৱাৰ্টাৰ ফাইনেলিষ্টসকলৰ বিৰুদ্ধে জ্বলা গুট্টাৰ সৈতে মহিলা ডাবলছৰ ফলাফল।১০

  • লিয়ান চু আৰু ৰেনুগা বীৰন ১–০
  • ডু জিং আৰু ইউ ইয়াং ০–১
  • টাং জিনহুৱা আৰু ছিয়া হুয়ান ০–১
  • মা জিন আৰু ৱাং ছিয়াওলী ০–২
  • তিয়ান কিং আৰু ঝাও ইউনলেই ০–৯
  • ৱাং ছিয়াওলী আৰু ইউ ইয়াং ০–৪
  • ইয়াং ৱেই আৰু ঝাং জিয়েৱেন ০–১
  • লুও ইং আৰু লুও ইউ ০–৪
  • মা জিন আৰু টাং ইউৱানটিং ০–১
  • চেং ৱেন-ছিং আৰু চিয়েন ইউ-চিন ২–২
  • ক্ৰীষ্টিনা পেডাৰছেন আৰু কামিলা ৰিটাৰ জুল ০–২
  • পুন লোক ইয়ান আৰু চে ইয়িং ছুৱেত ১–১
  • ভিটা মাৰিছা আৰু নাদিয়া মেলাটি ২–১
  • মিজুকি ফুজী আৰু ৰেইকা কাকিইৱা ১–৩
  • মিযুকি মায়েদা আৰু সাতোকো ছুৱেতছুনা ১–৪
  • শিজুকা মাৎছুও আৰু মামি নাইতো ০–৩
  • মিছাকী মাৎছুতোমো আৰু আয়াকা তাকাহাছি ০–২
  • হা জাং-ইউন আৰু কিম মিন-জুং ০–৩
  • লী হ্যু-জুং আৰু কিম মিন-জুং ০–১
  • জং ক্যুং-ইউন আৰু কিম হা-না ১–২
  • চিন ই হুই আৰু ৱং পেই টি ০–৫
  • ইফে মুছকেনছ আৰু চেলেনা পিয়েক ২–২
  • শ্বিন্তা মূলিয়া ছাৰি আৰু ইয়াও লেই ২–৪
  • ডাউঙানং অৰুণকেছৰ্ণ আৰু কুঞ্চলা ৱৰাভিচিতচাইকুল ২–০
  • পুত্তিটা ছুপাজিৰাকুল আৰু ছাপছিৰী টাএৰাট্টানচাই ২–০

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ Badminton · Athlete Profile: Ashwini PONNAPPA - Gold Coast 2018 Commonwealth Games. results.gc2018.com
  2. ↑ Rao, Rakesh. (14 October 2010). Saina wins singles gold. দ্য হিন্দু
  3. ↑ Glasgow 2014 - Ashwini Ponnappa Profile. g2014results.thecgf.com
  4. ↑ Jwala Gutta-Ashwini Ponnappa Win Canada Open. Press Trust of India
  5. ↑ Ashwini Ponnappa Bio, Stats, and Results. Olympics at Sports-Reference.com
  6. ↑ Varma, Devarchit. (25 December 2017). Ashwini Ponnappa ties the knot with long-time boyfriend Karan Medappa. হিন্দুস্তান টাইমছ
  7. ↑ (26 December 2017). Ashwini Ponnappa ties the knot with businessman-model Karan Medappa, see pics. দ্য ইণ্ডিয়ান এক্মপ্ৰেছ
  8. ↑ Alleyne, Gayle. (19 March 2017). BWF Launches New Events Structure. Badminton World Federation
  9. ↑ Sukumar, Dev. (10 January 2018). Action-Packed Season Ahead!. Badminton World Federation
  10. ↑ Head to Head: Ashwini Ponnappa. www.tournamentsoftware.com

সম্পৰ্কিত শ্ৰেণী

ভাৰতৰ ক্ৰীড়াবিদঅৰ্জুন বঁটা বিজয়ীকৰ্ণাটকৰ ব্যক্তিমহিলা খেলুৱৈ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “অশ্বিনী পোনাপ্পা” প্ৰবন্ধৰ সংশোধন ৬৩৬৭৮০ (২৩ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।