জ্যোতিৰ্ময়ী ছিকদাৰ (Jyotirmoyee Sikdar; জন্ম: ১১ ডিচেম্বৰ ১৯৬৯) এগৰাকী ভাৰতীয় ৰাজনীতিবিদ আৰু প্ৰাক্তন ক্ৰীড়াবিদ। চতুৰ্দশ লোকসভাত কৃষ্ণনগৰ সমষ্টিৰ পৰা ভাৰতীয় কমিউনিষ্ট পাৰ্টি (মাৰ্ক্সবাদী)ৰ সাংসদ সদস্য হিচাপে তেখেতে কাৰ্যনিৰ্বাহ কৰিছিল৷ ২০০৯ চনৰ ভাৰতীয় সাধাৰণ নিৰ্বাচনত তৃণমূল কংগ্ৰেছৰ ৰাজনীতিবিদ (প্ৰাক্তন অভিনেতা) তাপস পলৰ হাতত তেখেত পৰাস্ত হয়৷ পৰাজয়ৰ পিছত শিকদাৰ ৰাজনীতিত নিষ্ক্ৰিয় হৈ পৰিব বুলি শ্ৰুতিগোচৰ গৈছিল৷ পিছে ২০১৯ চনত তেওঁ স্বত:স্ফূৰ্তভাৱে সৰ্বভাৰতীয় তৃণমূল কংগ্ৰেছক সমৰ্থন কৰাৰ প্ৰতিশ্ৰুতি দিয়ে আৰু তাৰ পৰৱৰ্তী বছৰত ভাৰতীয় জনতা দলত যোগদান কৰে।১
মধ্য দূৰত্বৰ দৌৰবিদ হিচাপে ১৯৯৫ চনত এছিয়ান এথলেটিকছ চেম্পিয়নশ্বিপত তেখেত ৮০০ মিটাৰ দৌৰত জয়ী হৈছিল। ১৯৯৮ চনত এছিয়ান এথলেটিকছ চেম্পিয়নশ্বিপত ৮০০ মিটাৰ আৰু ১৫০০ মিটাৰ শাখাত ব্ৰঞ্জৰ পদক আৰু ১৯৯৮ চনত বেংককত অনুষ্ঠিত এছিয়ান গেমছৰ দুয়োটা শাখাতে তেখেতে সোণৰ পদক লাভ কৰে।২৩ ১৯৯৫ চনত জ্যোতিৰ্ময়ী শিকদাৰে অৰ্জুন বঁটা আৰু ১৯৯৮–১৯৯৯ বৰ্ষৰ মেজৰ ধ্যানচান্দ খেলৰত্ন বঁটা লাভ কৰে। ২০০৩ চনত তেওঁক পদ্মশ্ৰী প্ৰদান কৰা হয়।৪
ব্যক্তিগত জীৱন
১৯৬৯ চনৰ ১১ ডিচেম্বৰত পশ্চিমবংগৰ নদিয়া জিলাৰ দেবগ্ৰামত গুৰুদাস শিকদাৰ আৰু নিহাৰ শিকদাৰৰ ঘৰত জ্যোতিৰ্ময়ী শিকদাৰৰ জন্ম হয়৷ তেখেতে উচ্চতৰ মাধ্যমিক পৰ্যন্ত পঢ়িছিল৷ ১৯৯৪ চনৰ ৯ ফেব্ৰুৱাৰীত শিকদাৰে অৱতাৰ সিঙৰ সৈতে বিবাহপাশত আবদ্ধ হয় আৰু পাছত তেওঁলোকৰ এটি পুত্ৰ সন্তান জন্ম হয়।৫
সাফল্য
| প্ৰতিনিধিত্ব | ||||
|---|---|---|---|---|
| ১৯৯৮ | এছিয়ান চেম্পিয়নশ্বিপ ১৯৯৮ | ফুকুৱাকা, জাপান | তৃতীয় | ৮০০ মিটাৰ |
| তৃতীয় | ১৫০০ মিটাৰ | |||
| এছিয়ান গেমছ, ১৯৯৮ | বেঙ্কক, থাইলেণ্ড | প্ৰথম | ৮০০ মিটাৰ | |
| প্ৰথম | ১৫০০ মিটাৰ | |||
| ১৯৯৫ | এছিয়ান চেম্পিয়নশ্বিপ,১৯৯৫ | জাকাৰ্টা, ইণ্ডোনেছিয়া | প্ৰথম | ৮০০ মিটাৰ |
তথ্যসূত্ৰ
- ↑ (9 June 2020). West Bengal: Ex-CPM MP Jyotirmoyee Sikdar joins BJP. The Week
- ↑ Asian Games. GBR Athletics. Retrieved on 2011-08-20
- ↑ Asian Championships. GBR Athletics. Retrieved on 2011-08-20
- ↑ (2015). Padma Awards. Ministry of Home Affairs, Government of India
- ↑ (22 June 2006). Current Lok Sabha Members Biographical Sketch
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “জ্যোতিৰ্ময়ী শিকদাৰ” প্ৰবন্ধৰ সংশোধন ৫৯৫২৭৬ (২৭ মাৰ্চ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।