অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

ৰঞ্জন সোধী

ৰঞ্জন সোধী (Ranjan Sodhi, জন্ম ১৯৭৯ চনৰ ২৩ অক্টোবৰ, পঞ্জাৱৰ ফিৰোজপুৰত) এজন ভাৰতীয় ডাবল ট্ৰেপ শ্বুটাৰ। ২০১০ চনৰ কমনৱেলথ গেমছত তেওঁ দুটা ৰূপৰ পদক আৰু ২০১০ চনৰ এছিয়ান গেমছত এটা স্বৰ্ণ পদক লাভ কৰিছিল। ২০১১ চনত তেওঁ সফলতাৰে বিশ্বকাপ খিতাপ ৰক্ষা কৰা প্ৰথমগৰাকী ভাৰতীয় হিচাপে পৰিগণিত হৈছিল।

হালনাগাদ: ২ অক্টোবৰ ২০২৪ ৩৭৩ শব্দ · ২ মিনিট সংগৃহীত ৮৫
সংশোধনৰ পৰামৰ্শ

ৰঞ্জন সোধী (Ranjan Sodhi, জন্ম ১৯৭৯ চনৰ ২৩ অক্টোবৰ, পঞ্জাৱৰ ফিৰোজপুৰত) এজন ভাৰতীয় ডাবল ট্ৰেপ শ্বুটাৰ। ২০১০ চনৰ কমনৱেলথ গেমছত তেওঁ দুটা ৰূপৰ পদক আৰু ২০১০ চনৰ এছিয়ান গেমছত এটা স্বৰ্ণ পদক লাভ কৰিছিল। ২০১১ চনত তেওঁ সফলতাৰে বিশ্বকাপ খিতাপ ৰক্ষা কৰা প্ৰথমগৰাকী ভাৰতীয় হিচাপে পৰিগণিত হৈছিল। তেওঁ অৰ্জুন বঁটা আৰু ৰাজীৱ গান্ধী খেল ৰত্ন বঁটাৰে (২০১৩) সন্মানিত হৈছে।।১

পৃষ্ঠভূমি

ৰঞ্জন সোধী পঞ্জাৱৰ ফিৰোজপুৰৰ সোধী নগৰৰ এটা শিখ পৰিয়ালৰ সন্তান।

ক্ৰীড়া জীৱন

২০১০ চনৰ লোনাতো আই.এছ.এছ.এফ বিশ্বকাপ

২০১০ চনৰ ইটালীৰ লোনাটোত অনুষ্ঠিত আই.এছ.এছ.এফ বিশ্বকাপৰ ফাইনেলত ৰঞ্জন সোধীয়ে ডাবল ট্ৰেপ ইভেণ্টত ৫০টা লক্ষ্যবস্তুৰ ৫০টাতে নিখুঁতভাবে লক্ষ্যভেদ কৰি ১৯৫ পইণ্টেৰে নতুন বিশ্ব অভিলেখ গঢ়ি বহু আকাংক্ষিত স্বৰ্ণ পদক জয় কৰে।২

২০১০ চনৰ কমনৱেলথ গেমছ

২০১০ চনৰ কমনৱেলথ গেমছত সোধীয়ে পুৰুষৰ ডাবল ট্ৰেপ চিংগলছত প্লেটিনাম পদক লাভ কৰে। তেওঁ আশ্বাৰ নোৰিয়াৰ সৈতে যুটী বান্ধি পুৰুষৰ ডাবল ট্ৰেপ পেয়াৰছতো ৰূপৰ পদক লাভ কৰে। চূড়ান্ত খেলত চেম্পিয়ন ষ্টেভান ৱালটন আৰু ষ্টিভেন স্কটৰ হাতত এক পইণ্টৰ ব্যৱধানত পৰাস্ত হয়।

২০১০ চনৰ এছিয়ান গেমছ

সোধীয়ে মুঠ ১৮৬ পইণ্ট অৰ্জন কৰি ২০১০ চনৰ এছিয়ান গেমছত পুৰুষৰ ডাবল ট্ৰেপ ইভেণ্টত সোণৰ পদক লাভ কৰিবলৈ সক্ষম হয়।

২০১১ চনৰ বেইজিং আই.এছ.এছ.এফ বিশ্বকাপ

২০১১ চনত চীনৰ বেইজিঙত অনুষ্ঠিত আই এছ এছ এফ বিশ্বকাপত সোধীয়ে মুঠ ১৮৩টা লক্ষ্যভেদ কৰি ৰূপৰ পদক জয় কৰে আৰু ভাৰতৰ হৈ অলিম্পিকত অংশগ্ৰহণৰ যোগ্যতা অৰ্জন কৰে।৩

২০১১ চনৰ মেৰীবৰ আই.এছ.এছ.এফ বিশ্বকাপ

২০১১ চনৰ মেৰীবৰ আই.এছ.এছ.এফ. বিশ্বকাপত সোধীয়ে ব্ৰঞ্জৰ পদক লাভ কৰে।৪

আই.এছ.এছ.এফৰ বিশ্ব ৰেংকিং

সোধী হৈছে আই.এছ.এছ.এফৰ বিশ্ব ৰেংকিঙত শীৰ্ষ স্থান দখল কৰা একমাত্ৰ ভাৰতীয় লক্ষ্যভেদী। ইয়াৰ পূৰ্বে আমেৰিকান জোছুৱা ৰিচমণ্ডতকৈ তিনি পইণ্ট পিছ পৰি দ্বিতীয় স্থানত থকা ৰঞ্জনে জুলাই মাহত স্লোভেনিয়াৰ মেৰীবত অনুষ্ঠিত বিশ্বকাপত ব্ৰঞ্জৰ পদক জয় কৰাৰ সুবাদত কৃতিত্বৰ এই শিখৰত উপনীত হয়।৫

২০১১ চনৰ এল আইন আই.এছ.এছ.এফ বিশ্বকাপ

২০১১ চনৰ ৪ অক্টোবৰত সংযুক্ত আৰব আমিৰশ্বাহীৰ এল আইনত অনুষ্ঠিত হোৱা ২০১১ চনৰ আই এছ এছ এফ বিশ্বকাপত সোধীয়ে সোণৰ পদক লাভ কৰে।৬

২০১২ চনৰ লণ্ডন অলিম্পিক

২০১১ চনত বেইজিঙত অনুষ্ঠিত আই এছ এফ এফ বিশ্বকাপত পুৰুষৰ ডাবল ট্ৰেপ ইভেণ্টত ৰূপৰ পদক লাভ কৰি সোধীয়ে ২০১২ চনৰ লণ্ডন অলিম্পিকত খেলাৰ যোগ্যতা অৰ্জন কৰিছিল। অলিম্পিকত আশাব্যঞ্জক আৰম্ভণি সত্ত্বেও এইগৰাকী ভাৰতীয় শ্বুটাৰে ডাবল ট্ৰেপৰ ফাইনেলত প্ৰৱেশ কৰিব নোৱাৰিলে। অৰ্হতা নিৰূপণ পৰ্যায়ত মুঠ ১৩৪ সংগ্ৰহ কৰি সোধীয়ে একাদশ স্থান দখল কৰে। তেওঁ আৰম্ভণি ভালকৈয়ে কৰিছিল আৰু অৰ্হতা পৰ্যায়ৰ প্ৰথম ৰাউণ্ডত মুঠ ৪৮ ৰে আন তিনিজন শ্বুটাৰৰ সৈতে তেওঁ তালিকাৰ শীৰ্ষস্থানত আছিল। দ্বিতীয় ৰাউণ্ডৰ অন্তত তেওঁ মুঠ ১০০ৰ ভিতৰত ৯২ পাই ৬ষ্ঠ স্থানত আছিল। ফাইনেলত প্ৰৱেশ কৰাৰ সুযোগ তেতিয়াও আছিল। তৃতীয় তথা অন্তিম ৰাউণ্ডত তেওঁ ভাল আৰম্ভণি কৰিছিল যদিও শেষৰ ৬টাত ২ পইণ্ট লাভ কৰি মুঠ ৪২ পইণ্টহে অৰ্জন কৰিবলৈ সক্ষম হ'ল।৭

তথ্যসূত্ৰ

  1. ↑ (22 August 2013). 2013 Rajiv Gandhi Khel Ratna and Arjuna Awards. Press Information Bureau, Ministry of Youth Affairs & Sports
  2. ↑ Ronjan Sodhi shoots new world record for gold. দ্য টাইম্‌ছ অৱ ইণ্ডিয়া
  3. ↑ Chetcuti wins Malta's first Olympic Quota at Double Trap Final
  4. ↑ GBR's Wilson secures Double Trap Gold at ISSF World Cup in Maribor
  5. ↑ Hindustan Times
  6. ↑ India's Sodhi won his second Double Trap Cup back to back
  7. ↑ PTI. (2 August 2012). Sodhi fails to makedouble trap final. Rediff sports

সম্পৰ্কিত শ্ৰেণী

ভাৰতৰ ক্ৰীড়াবিদঅৰ্জুন বঁটা বিজয়ীমেজৰ ধ্যান চান্দ খেলৰত্ন বঁটা বিজয়ী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ৰঞ্জন সোধী” প্ৰবন্ধৰ সংশোধন ৪৩৪৮৯৯ (২ অক্টোবৰ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।