অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

অংকিতা ভকত

অংকিতা ভকত (জন্ম ১৭ জুন ১৯৯৮) এগৰাকী ভাৰতীয় ৰিকাৰ্ভ আৰ্চাৰ। ২০২৪ চনৰ পেৰিছ অলিম্পিকত অংশগ্ৰহণ কৰিছিল ভকতে, য'ত তেওঁ ব্ৰঞ্জৰ পদক মেচত পৰাস্ত হোৱাৰ পিছত ৰিকাৰ্ভ মিক্সড টিম ইভেণ্টত চতুৰ্থ স্থান দখল কৰিছিল।

হালনাগাদ: ২৯ ছেপ্তেম্বৰ ২০২৬ ৫১৫ শব্দ · ৩ মিনিট সংগৃহীত ৭৮
সংশোধনৰ পৰামৰ্শ

অংকিতা ভকত (জন্ম ১৭ জুন ১৯৯৮) এগৰাকী ভাৰতীয় ৰিকাৰ্ভ আৰ্চাৰ। ২০২৪ চনৰ পেৰিছ অলিম্পিকত অংশগ্ৰহণ কৰিছিল ভকতে, য'ত তেওঁ ব্ৰঞ্জৰ পদক মেচত পৰাস্ত হোৱাৰ পিছত ৰিকাৰ্ভ মিক্সড টিম ইভেণ্টত চতুৰ্থ স্থান দখল কৰিছিল।১

প্ৰাৰম্ভিক জীৱন

অংকিতা ভকতৰ জন্ম ১৭ জুন ১৯৯৮ তাৰিখে কলিকতা, পশ্চিমবংগত হৈছিল। তেওঁৰ পিতৃ শান্তনু ভকত এজন গাখীৰ বিক্ৰেতা আৰু মাতৃ শীলা ভকত।২৩

তেওঁ দহ বছৰ বয়সত ধনুৰ্বিদ্যা অৱলম্বন আৰম্ভ কৰে আৰু আৰম্ভণিৰ প্ৰশিক্ষণৰ বাবে কলকাতা আৰ্চাৰী ক্লাবত যোগদান কৰি প্ৰশিক্ষণ গ্ৰহণ কৰিবলৈ আৰম্ভ কৰে।৩৪

২০১৪ চনত তেওঁ জামছেদপুৰস্থিত টাটা আৰ্চাৰী একাডেমীত যোগদান কৰে, য’ত ধৰ্মেন্দ্ৰ তিৱাৰী, পূৰ্ণিমা মাহাতো আৰু ৰাম অৱদেশৰ অধীনত নিয়মিত প্ৰশিক্ষণ লাভ কৰে।৩৪

কেৰিয়াৰ

ভাৰতীয় আৰ্চাৰী এছ’চিয়েশ্যনে (এএআই) পৰিচালনা কৰা পৰীক্ষাৰ সময়ত তেওঁৰ প্ৰদৰ্শনৰ ভিত্তিত ভকতক ভাৰতীয় জাতীয় দলৰ অংশ হিচাপে ২০১৫ চনত আমেৰিকাৰ দক্ষিণ ডাকোটাৰ য়েংকটনত অনুষ্ঠিত হোৱা বিশ্ব আৰ্চাৰী যুৱ চেম্পিয়নশ্বিপত অংশগ্ৰহণ কৰিবলৈ নিৰ্বাচিত কৰা হয়।৫ কিন্তু এই অনুষ্ঠানৰ এসপ্তাহ আগতে ভাৰতে তেওঁলোকৰ প্ৰতিনিধি দলৰ পৰা ১৮ জন লোকে আমেৰিকালৈ ভিছা লাভ নকৰাৰ বাবে আঁতৰি যায়।৬

৩ ছেপ্টেম্বৰৰ পৰা ৯ ছেপ্টেম্বৰলৈ ছিউলত অনুষ্ঠিত হোৱা ২০১৫ চনৰ ছিউল আন্তঃৰাষ্ট্ৰীয় যুৱ আৰ্চাৰী ফেষ্টাত ভকত দুটা পদক লাভ কৰা দলটোৰ অংশ আছিল—ছোৱালীৰ ব্যক্তিগত ৰিকাৰ্ভ প্ৰতিযোগিতাত ব্ৰঞ্জ আৰু ছোৱালীৰ ৰিকাৰ্ভ দলীয় ইভেণ্টত ৰূপৰ পদক।৭

২০১৬ চনৰ ১০ ডিচেম্বৰৰ পৰা ১১ ডিচেম্বৰৰলৈ বেংককত অনুষ্ঠিত হোৱা ইনড'ৰ আৰ্চাৰী বিশ্বকাপ (ষ্টেজ ২)ত ভকতে মহিলাৰ ব্যক্তিগত ৰিকাৰ্ভ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিল য'ত তেওঁ সৰ্বভাৰতীয় প্ৰথম ৰাউণ্ডৰ মেচত প্ৰচি সিঙক ৬–২ গ'লত পৰাস্ত কৰিছিল, কিন্তু প্ৰি-কোৱাৰ্টাৰ ফাইনেলত জিঅ'ন হুনয়ঙৰ হাতত ০–৬ গ'লত পৰাস্ত হৈছিল।৮

বেংককত অনুষ্ঠিত ২০১৭ এছিয়া কাপ (ষ্টেজ ২)ত মহিলা ব্যক্তিগত আৰু মহিলা ৰিকাৰ্ভ দলীয় ইভেণ্টত অংশগ্ৰহণ কৰিছিল ভকতে। প্ৰথমটোত তেওঁ দেশবাসী দীপিকা কুমাৰীৰ হাতত ২–৬ গ'লত পৰাস্ত হৈ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰে,৯ আনহাতে দ্বিতীয়টোত তেওঁ সতীৰ্থ প্ৰমিলা দৈমাৰী আৰু সাক্ষী ৰাজেন্দ্ৰ শিটোলেৰ সৈতে ৰূপৰ পদক লাভ কৰে, ফাইনেলত চীনা টাইপেইৰ হাতত ০–৬ গ'লত পৰাস্ত হয়।৩১০

সেই মাহতে ফৰিদাবাদত অনুষ্ঠিত ভাৰতীয় ছিনিয়ৰ ৰাষ্ট্ৰীয় চেম্পিয়নশ্বিপৰ ৩৭ সংখ্যক সংস্কৰণত মহিলাৰ ৰিকাৰ্ভ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰে। দীপিকা কুমাৰীৰ হাতত ৬–২ গ’লত পৰাস্ত হৈ ফাইনেলত প্ৰৱেশ কৰে।৩১১

২০১৭ চনৰ এছিয়া কাপ (ষ্টেজ ৩) বিশ্ব ৰেংকিং প্ৰতিযোগিতাতো, ৪–৯ জুলাই চীনা টাইপেইত অনুষ্ঠিত হৈছিল, তিনিটা ইভেণ্টত—মহিলা ব্যক্তিগত, মহিলা দল আৰু মিশ্ৰিত দল। সংগী মুকেশ বড়োৰ সৈতে মিক্সড টিম ইভেণ্টত ব্ৰঞ্জৰ পদক লাভ কৰে।২১২

সেই বছৰৰ শেষৰ ফালে হাৰিয়ানাৰ শোনিপাটত প্ৰশিক্ষণ সম্পূৰ্ণ কৰাৰ পিছত ২০১৭ চনত আৰ্জেণ্টিনাৰ ৰ'জাৰিয়াত অনুষ্ঠিত হোৱা বিশ্ব আৰ্চাৰী যুৱ চেম্পিয়নশ্বিপত ভাৰতীয় ২৪ সদস্যৰ দলে তেওঁৰ নাম অন্তৰ্ভুক্ত কৰে।১৩

ৱৰ্ল্ড ইউথ আৰ্চাৰী চেম্পিয়নশ্বিপত ভকতে জেমছন সিং নিংথৌজামৰ সৈতে ৰিকাৰ্ভ জুনিয়ৰ মিক্সড টিমত অংশ লৈ দুয়ো মিলি নৱম স্থান লাভ কৰে।১৪১৫ ফাইনেলত ৰাছিয়াক ৬–২ গ’লত পৰাস্ত কৰি সোণৰ পদক লাভ কৰে।১৬

২০১৮ চনৰ এপ্ৰিল মাহত ভকতে চাংহাইত অনুষ্ঠিত আৰ্চাৰী বিশ্বকাপত মহিলা ব্যক্তিগত, মহিলা দল আৰু মিক্সড টিম ইভেণ্টত অংশগ্ৰহণ কৰে।১৭ অৰ্হতা ৰাউণ্ডত ৭২০ পইণ্টৰ ভিতৰত ৬৬৫ পইণ্ট লাভ কৰি অষ্টম স্থানত থাকে।১৭ মহিলা দল আৰু মিক্সড টিম ইভেণ্টত কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰে যদিও চীন আৰু আমেৰিকাৰ বিপক্ষে ক্ৰমে ১–৫ আৰু ৪–৫ গ’লত পৰাজিত হয়।১৮১৯

২০১৮ চনৰ মে' মাহত আন্টালিয়াত অনুষ্ঠিত বিশ্বকাপ ষ্টেজ–২ত ভাকতে মহিলা ব্যক্তিগত আৰু দলীয় ৰিকাৰ্ভ ইভেণ্টত অংশ লয়।২০ দলীয় ইভেণ্টত তেওঁ প্ৰমিলা দৈমাৰী আৰু দীপিকা কুমাৰীৰ সৈতে ফ্ৰান্স আৰু ৰাছিয়াক পৰাস্ত কৰি ছেমি ফাইনেলত প্ৰৱেশ কৰে।২১ কিন্তু ছেমি ফাইনেল আৰু ব্ৰঞ্জৰ পদকৰ মেচত তেওঁলোক চীনা টাইপেইৰ বিপক্ষে ২–৬ গ’লত পৰাস্ত হয়।২২

২০২৪ চনৰ গ্ৰীষ্মকালীন অলিম্পিক

২০২৪ চনত পেৰিছত অনুষ্ঠিত হোৱা গ্ৰীষ্মকালীন অলিম্পিকত ভকতৰ প্ৰথম অৱতৰণ। মহিলাৰ ব্যক্তিগত ১/৩২ এলিমিনেচন ৰাউণ্ডত পোলেণ্ডৰ উইওলেটা মিছ’ৰৰ বিপক্ষে ৪–৬ গ’লত পৰাস্ত হয়।২৩ ভজন কৌৰ আৰু দীপিকা কুমাৰীৰ সৈতে মহিলা দলৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰে যদিও নেদাৰলেণ্ডৰ বিপক্ষে ০–৬ গ’লত পৰাজিত হয়।২৪ ধীৰাজ বোম্মাদেৱাৰ সৈতে মিক্সড টিম ব্ৰঞ্জৰ পদকৰ মেচত ভাৰতৰ প্ৰথম অলিম্পিক পদকৰ প্ৰচেষ্টাত অংশগ্ৰহণ কৰে, কিন্তু ইউনাইটেড ষ্টেটছৰ বিপক্ষে ২–৬ গ’লত পৰাজিত হয়।২৫২৬

তথ্যসূত্ৰ

  1. ↑ Roy, Anjishnu. (2 August 2024). Paris 2024 Olympics archery: Dhiraj Bommadevara-Ankita Bhakat miss mixed team bronze medal by a whisker. Olympics
  2. ↑ Ankita Bhakat. দ্য টাইম্‌ছ অৱ ইণ্ডিয়া
  3. ↑ Sengupta, Abhishek. Olympic dreams, but no bow for archer Ankita Bhakat. The Times of India
  4. ↑ कभी उधार के तीर-धनुष से लेती थी ट्रेनिंग. Dainik Jagran
  5. ↑ (2015-07-01). Budding Kolhan archers sweat it out in recurve category. Avenue Mail
  6. ↑ Indian archers denied US visa. Hindustan Times
  7. ↑ Indian Archers Shine at Seoul Youth Archery Festival. Archery Association of India
  8. ↑ Ankita Bhakat at 2016 Indoor World Cup. Sportskeeda
  9. ↑ India at Asia Cup Stage II. The Times of India
  10. ↑ Asia Cup Archery 2017 Results. World Archery
  11. ↑ National Archery Championships 2017. Indian Express
  12. ↑ Asia Cup 2017 Stage 3 Results. World Archery
  13. ↑ India announces squad for 2017 World Youth Championships. Archery Association of India
  14. ↑ Indian pair win gold in Archery. Indian Express
  15. ↑ India win mixed team gold. World Archery
  16. ↑ India beat Russia to win gold. The Times of India
  17. ↑ Ankita Bhakat at 2018 Archery World Cup. World Archery
  18. ↑ India crash out in quarters. The Hindu
  19. ↑ India lose in mixed team. Scroll
  20. ↑ 2018 Hyundai Archery World Cup – Stage 2. World Archery
  21. ↑ Indian women’s team enter semifinals. The Times of India
  22. ↑ Indian archers lose bronze match. Hindustan Times
  23. ↑ Ankita Bhakat – Olympic results. Olympics.com
  24. ↑ India women’s archery team bow out. ESPN India
  25. ↑ India lose mixed team bronze match. The Hindu
  26. ↑ Paris 2024 Archery Results. World Archery

সম্পৰ্কিত শ্ৰেণী

ভাৰতৰ ক্ৰীড়াবিদভাৰতীয় অলিম্পিক প্ৰতিযোগীমহিলা খেলুৱৈ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “অংকিতা ভকত” প্ৰবন্ধৰ সংশোধন ৬৩৯৪১৮ (২৯ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।