ভাৰতৰ ক্ৰীড়াবিদ
৬৭ প্ৰবন্ধ
-
জাৰ্লিন অনিকা
জাৰ্লিন অনিকা জয়ৰত্নগন (ইংৰাজী: Jerlin Anika Jayaratchagan; জন্ম: ২০০৪), চমুকৈ জে. জাৰ্লিন অনিকা বা জাৰ্লিন অনিকা এগৰাকী ভাৰতীয় বধিৰ বেডমিণ্টন খেলুৱৈ।
-
তাৰা দেওধৰ
তাৰা দেওধৰ(Tara Deodhar জন্ম ১৯২৪) এগৰাকী ভাৰতীয় মহিলা বেডমিণ্টন আৰু টেনিছ খেলুৱৈ। তেওঁ ভাৰতৰ ক্ৰিকেট কিংবদন্তী ডি.বি দেওধৰৰ কন্যা।
-
দেৱীকা বৈদ্য
দেৱীকা বৈদ্য (জন্ম: ১৩ আগষ্ট ১৯৯৭) এগৰাকী ভাৰতীয় ক্ৰিকেটাৰ৷ তেওঁ মহাৰাষ্ট্ৰৰ হৈ ঘৰুৱা খেল আৰু ভাৰতৰ মহিলা জাতীয় দলৰ হৈ খেলে। বৈদ্যই শৈশৱত মহাৰাষ্ট্ৰ মণ্ডলত অধ্যয়ন কৰিছিল।
-
ধনলক্ষ্মী পূজাৰী
ধনলক্ষ্মী পূজাৰী (জন্ম: ২০০৪) এগৰাকী ভাৰতীয় কাবাডী খেলুৱৈ। তেওঁ ভাৰতীয় মহিলা ৰাষ্ট্ৰীয় কাবাডী দলৰ হৈ আৰু ঘৰুৱা প্ৰতিযোগিতাত কৰ্ণাটকৰ হৈ খেলে। তেওঁ এগৰাকী অলৰাউণ্ডাৰ। কাবাডীত তেওঁ ৰেইড আৰু ডিফেন্স দুয়োটা ক্ষেত্ৰতে দক্ষতা দেখুৱাইছে আৰু ৰাজ্যিক আৰু ৰাষ্ট্ৰীয় পৰ্যায়ত নিজৰ পাৰদৰ্শিতা প্ৰমাণ কৰিছে।
-
নীতু চন্দ্ৰা
নীতু চন্দ্ৰা (জন্ম: ২০ জুন ১৯৮৪) এগৰাকী ভাৰতীয় অভিনেত্ৰী, মডেল, চলচ্চিত্ৰ প্ৰযোজক আৰু নাট্যশিল্পী। তেওঁ হিন্দী, তামিল আৰু তেলুগু ছবিত অভিনয় কৰিছে। তেওঁ এগৰাকী শাস্ত্ৰীয় নৃত্যশিল্পী আৰু খেলুৱৈও। এনবিএ-ৰ সৈতে ঘনিষ্ঠ সম্পৰ্কৰ জৰিয়তে দেশত বাস্কেটবলৰ প্ৰসাৰৰ সৈতে তেওঁ জড়িত।
-
নেহা আহুজা
নেহা আহুজা (ইংৰাজী: Neha Ahuja; জন্ম: ২৭ ছেপ্টেম্বৰ ১৯৮১) এগৰাকী ভাৰতীয় প্ৰাক্তন আলপাইন স্কী খেলুৱৈ। তেওঁ ইটালীৰ টুৰিনত অনুষ্ঠিত ২০০৬ চনৰ শীতকালীন অলিম্পিকত ভাৰতক প্ৰতিনিধিত্ব কৰিছিল। আহুজা অলিম্পিকৰ উদ্বোধনী আৰু সামৰণি অনুষ্ঠানৰ পতাকা বাহকো আছিল।
-
পান সিং তোমৰ
চুবেদাৰ পান সিং তোমৰ ( Subedar Paan Singh Tomar; ১ জানুৱাৰী ১৯৩২ – ১ অক্টোবৰ ১৯৮১) এজন ভাৰতীয় সৈনিক, খেলুৱৈ আৰু বিদ্ৰোহী (বাগী) আছিল। তেওঁ ভাৰতীয় সেনাবাহিনীত সেৱা আগবঢ়াইছিল। সেনাবাহিনীত থাকোঁতেই তেওঁৰ তীব্ৰ গতিত দৌৰিব পৰা প্ৰতিভাৰ আৱিষ্কাৰ হৈছিল।
-
পূজা ঘাটকাৰ
পূজা ঘাটকাৰ (ইংৰাজী: Pooja Ghatkar; জন্ম: ১৯৮৯) এগৰাকী ভাৰতীয় পেছাদাৰী শ্বুটাৰ। তেওঁ মহিলাৰ ১০ মিটাৰ এয়াৰ ৰাইফল ইভেণ্টত অংশগ্ৰহণ কৰে।
-
পূৰ্ণিমা হেমব্ৰাম
পূৰ্ণিমা হেমব্ৰাম ( Purnima Hembram ) এগৰাকী ভাৰতীয় ট্ৰেক এণ্ড ফিল্ড এথলীট। ২০১৫ আৰু ২০১৭ এছিয়ান চেম্পিয়নশ্বিপত হেপ্টাথলনত ব্ৰঞ্জৰ পদক লাভ কৰে আৰু ২০১৮ এছিয়ান গেমছত চতুৰ্থ স্থান লাভ কৰে।
-
পৌলমী ঘটক
পৌলমী ঘটক (ইংৰাজী: Poulomi Ghatak; জন্ম: ৩ জানুৱাৰী ১৯৮৩) ভাৰতৰ পশ্চিম বংগৰ এগৰাকী টেবুল টেনিছ খেলুৱৈ। তেওঁ তিনিবাৰ জুনিয়ৰ ৰাষ্ট্ৰীয় চেম্পিয়নশ্বিপ (১৯৯৬, ১৯৯৮ আৰু ১৯৯৯) জয় কৰাৰ লগতে ১৯৯৮ চনৰপৰা ২০১৬ চনৰ ভিতৰত সাতবাৰকৈ চিনিয়ৰ ৰাষ্ট্ৰীয় চেম্পিয়নশ্বিপত বিজয়ী হৈছিল।
-
প্ৰিয়ংকা ইংলে
প্ৰিয়ংকা হনুমন্ত ইংলে (ইংৰাজী: Priyanka Hanumant Ingle; জন্ম: ৩ অক্টোবৰ ২০০০) মহাৰাষ্ট্ৰৰ এগৰাকী ভাৰতীয় খো খো খেলুৱৈ। তেওঁ ভাৰতীয় মহিলাৰ ৰাষ্ট্ৰীয় খো খো দলৰ এগৰাকী অলৰাউণ্ডাৰ হিচাপে খেলে।
-
প্ৰিয়ংকা শ্বাহ
প্ৰিয়ংকা শ্বাহ (ইংৰাজী: Priyanka Shah) এগৰাকী ভাৰতীয় প্ৰাক্তন নেটবল খেলুৱৈ, অভিনেত্ৰী আৰু সৌন্দৰ্য্য প্ৰতিযোগিতাৰ খিতাপধাৰী। ২০০৭ চনৰ মিছ টুৰিজিম ইণ্ডিয়াৰ বিজয়ী আৰু ২০০৭ চনৰ ফেমিনা মিছ ইণ্ডিয়াৰ চূড়ান্ত প্ৰতিযোগী। তেওঁ ২০০৫ চনৰ গেট গৰ্জিয়াছৰো বিজয়ী।
-
ববী এলয়চিয়াছ
ববী এলয়চিয়াছ (জন্ম: ২২ জুন ১৯৭৪) কেৰালাৰ এগৰাকী ভাৰতীয় এথলীট, যিয়ে ওখ জাঁপ (high jump) প্ৰতিযোগিতাত অংশগ্ৰহণ কৰে। বৰ্তমান তেওঁ কেৰালাৰ তিৰুৱনন্তপুৰমত বাস কৰে। ১৯৯৫ চনৰ পৰা ২০১২ চনলৈকে তেওঁ ১.৯১ মিটাৰ উচ্চ জম্পৰ সৈতে ভাৰতীয় আৰু দক্ষিণ এছিয়াৰ অভিলেখ গঢ়িছিল।
-
বাণী যাদৱ
ড° বাণী যাদৱ (Dr. Bani Yadav; জন্ম: ৭ ছেপ্টেম্বৰ ১৯৭১) এগৰাকী ভাৰতীয় ৰেলী চালক, মটৰস্পৰ্টছ প্ৰমোটাৰ আৰু সামাজিক অধিকাৰ সমৰ্থক। ৰাষ্ট্ৰীয় মহিলা শাখাত সৰ্বাধিক বৃহৎ ক্ৰছ কাণ্ট্ৰী ৰেলী খিতাপ দখল কৰা ভাৰতৰ একমাত্ৰ মহিলা হিচাপে যাদৱ পৰিগণিত হৈছিল।
-
বৰ্ষা বৰ্মন
বৰ্ষা বৰ্মন (ইংৰাজী: Varsha Varman; জন্ম: ১ জুন ১৯৯৪) এগৰাকী পেছাদাৰী ভাৰতীয় ক্ৰীড়া শ্বুটাৰ। তেওঁ মধ্য প্ৰদেশৰ ভূপালত জন্মগ্ৰহণ কৰে। তেওঁ মূলতঃ শ্বটগান ট্ৰেপ আৰু ডাবল ট্ৰেপ শাখাত প্ৰতিযোগিতা কৰে।
-
ভাৱনা শৰ্মা
ভাৱনা শৰ্মা (ইংৰাজী: Bhawana Sharma; জন্ম: ২০০৩) হিমাচল প্ৰদেশৰ এগৰাকী হেণ্ডবল খেলুৱৈ। তেওঁ ভাৰতীয় মহিলা ৰাষ্ট্ৰীয় হেণ্ডবল দলৰ হৈ চেণ্টাৰ বেক হিচাপে খেলে।
-
ভেল্লুভা কোৰোথ বিষ্ময়া
ভেল্লুভা কোৰোথ বিষ্ময়া (ইংৰাজী: Velluva Koroth Vismaya; জন্ম: ১৪ মে' ১৯৯৭) কেৰালাৰ এগৰাকী ভাৰতীয় খেলুৱৈ৷ তেওঁ ৪০০ মিটাৰ দৌৰত প্ৰতিযোগিতাত অংশগ্ৰহণ কৰে। তেওঁ ২০১৮ চনৰ এছিয়ান গেমছত সোণৰ বিজয়ী ভাৰতীয় দলৰ খেলুৱৈ আছিল।
-
মঞ্জুছা কোঁৱৰ
মঞ্জুছা কোঁৱৰ (ইংৰাজী: Manjusha Kanwar, জন্ম: ২০ মাৰ্চ ১৯৭১) এগৰাকী ভাৰতীয় প্ৰাক্তন বেডমিণ্টন খেলুৱৈ। ভাৰতৰ মহাৰাষ্ট্ৰৰ পুনেত তেওঁ জন্মগ্ৰহণ কৰিছিল। বৰ্তমান তেওঁ ভাৰতীয় তেল নিগমৰ ক্ৰীড়া বিভাগৰ নতুন দিল্লীত উপ-সাধাৰণ প্ৰবন্ধক হিচাপে কাম কৰে।
-
মমতা পূজাৰী
মমতা পূজাৰী (ইংৰাজী: Mamatha Poojary; জন্ম: ১৯৮৬) এগৰাকী ভাৰতীয় পেছাদাৰী আন্তঃৰাষ্ট্ৰীয় কাবাডী খেলুৱৈ। তেওঁ ভাৰতীয় মহিলা কাবাডী দলৰ প্ৰাক্তন অধিনায়ক আৰু কৰ্ণাটক চৰকাৰৰ দ্বিতীয় সৰ্বোচ্চ সন্মান ৰাজ্যউৎসৱ প্ৰশস্তিৰে সন্মানিত।
-
মিনাক্ষী হুদা
মিনাক্ষী হুদা (ইংৰাজী: Minakshi Hooda; জন্ম: ২ আগষ্ট ২০০১) এগৰাকী ভাৰতীয় বক্সাৰ। তেওঁ ২০২৫ চনৰ বিশ্ব বক্সিং চেম্পিয়নশ্বিপত স্বৰ্ণ পদক আৰু ২০২২ চনৰ এছিয়ান এমেচাৰ বক্সিং চেম্পিয়নশ্বিপত ৰূপৰ পদক জয় কৰিছিল।
-
মেহুলী ঘোষ
মেহুলী ঘোষ (ইংৰাজী: Mehuli Ghosh; জন্ম: ২০ নৱেম্বৰ ২০০০) এগৰাকী ভাৰতীয় ক্ৰীড়া শ্বুটাৰ। তেওঁ বিশ্বজুৰি অনুষ্ঠিত হোৱা আন্তৰ্জাতিক জুনিয়ৰ শ্বুটিং চেম্পিয়নশ্বিপত ভাৰতক প্ৰতিনিধিত্ব কৰে।
-
মৌচুমী মুৰ্মু
মৌচুমী মুৰ্মু (ইংৰাজী: Mousumi Murmu; জন্ম: ২৬ ডিচেম্বৰ ২০০৪) পশ্চিম বংগৰ এগৰাকী ভাৰতীয় পেছাদাৰী মহিলা ফুটবলাৰ। তেওঁ বৰ্তমান ইণ্ডিয়ান উইমেনছ লীগৰ ক্লাব শ্ৰীভূমি এফ চি আৰু ভাৰতীয় মহিলা ৰাষ্ট্ৰীয় ফুটবল দলৰ হৈ খেলি আহিছে।
-
লক্ষ্য সেন
লক্ষ্য সেন (Lakshya Sen; জন্ম: ১৬ আগষ্ট ২০০১) এগৰাকী ভাৰতীয় বেডমিণ্টন খেলুৱৈ। সেন এজন প্ৰাক্তন বিশ্ব জুনিয়ৰ ১ নং খেলুৱৈ। তেওঁ ২০১৮ চনৰ এছিয়ান জুনিয়ৰ চেম্পিয়নশ্বিপত ল’ৰাৰ একক আৰু গ্ৰীষ্মকালীন যুৱ অলিম্পিকত মিক্সড টিম ইভেণ্টত সোণৰ পদক লাভ কৰিছে।
-
লজ্জা গোস্বামী
লজ্জা গোস্বামী (ইংৰাজী: Lajja Goswami; জন্ম: ২৮ ছেপ্টেম্বৰ ১৯৮৮) এগৰাকী ভাৰতীয় লক্ষ্যভেদী (শ্বুটাৰ) আৰু আৰক্ষী বিষয়া। তেওঁ ৰাষ্ট্ৰীয় কেডেট কোৰ্পছৰ (এনচিচি) এজন প্ৰাক্তন কেডেট। ২০০৯ চনত তেওঁক ৰক্ষা মন্ত্ৰী পদক প্ৰদান কৰা হৈছিল।
-
শিৱানী দেৱী নংমেইকাপাম
শিৱানী দেৱী নংমেইকাপাম (ইংৰাজী: Sibani Devi Nongmeikapam; জন্ম: ১৩ জানুৱাৰী ২০০৭) মণিপুৰৰ এগৰাকী ভাৰতীয় পেছাদাৰী ফুটবলাৰ। তেওঁ ইণ্ডিয়ান উইমেনছ লীগ ক্লাব শ্ৰীভূমি এফ চি আৰু ভাৰতীয় মহিলা ৰাষ্ট্ৰীয় ফুটবল দলৰ হৈ ফৰৱাৰ্ড হিচাপে খেলে।
-
শ্বীনা ভাৰ্কী
শ্বীনা নেলিকেল ভাৰ্কী (ইংৰাজী: Sheena Nellickal Varkey; জন্ম: ২২ নৱেম্বৰ ১৯৯২), কেৰালাৰ এগৰাকী ভাৰতীয় খেলুৱৈ। তেওঁ ট্ৰিপল জাম্প ইভেণ্টত অংশগ্ৰহণ কৰে। ২০২২ চনত চীনৰ হাংঝৌত অনুষ্ঠিত হোৱা এছিয়ান গেমছৰ মহিলাৰ ট্ৰিপল জাম্প ইভেণ্টত ভাৰতীয় এথলেটিকছ দলৰ হৈ নাম অংশগ্ৰহণ কৰিছিল।
-
শ্বেৰমি উলাহান্নান
শ্বেৰমি উলাহান্নান (ইংৰাজী: Shermi Ulahannan) কাবাডী খেলত ভাৰতৰ প্ৰতিনিধিত্ব কৰা এগৰাকী খেলুৱৈ। ২০১০ চনত গুৱাংঝোত অনুষ্ঠিত এছিয়ান গেমছত সোণৰ পদক লাভ কৰা দলটোৰ সদস্য আছিল শ্বেৰমি উলাহান্নান।
-
শ্ৰেয়া হুদা
শ্ৰেয়া হুদা (ইংৰাজী: Shreya Hooda; জন্ম: ২৫ মে' ১৯৯৯) হাৰিয়ানাৰ এগৰাকী ভাৰতীয় পেছাদাৰী ফুটবলাৰ। তেওঁ ইণ্ডিয়ান উইমেনছ লীগ ক্লাব গোকুলম কেৰালা আৰু ভাৰতীয় মহিলা ৰাষ্ট্ৰীয় ফুটবল দলৰ হৈ গ’লৰক্ষক হিচাপে খেলে। তেওঁ ২০২২ চনৰ এছিয়ান গেমছত ভাৰতীয় দলৰ অংশ আছিল।
-
সাক্ষী শৰ্মা
সাক্ষী শৰ্মা (জন্ম: ২০০৪) এগৰাকী ভাৰতীয় কাবাডী খেলুৱৈ। তেওঁ হিমাচল প্ৰদেশৰ বাসিন্দা আৰু ভাৰতীয় মহিলা ৰাষ্ট্ৰীয় কাবাডী দলৰ হৈ খেলে। ঘৰুৱা প্ৰতিযোগিতাত তেওঁ হিমাচল প্ৰদেশক প্ৰতিনিধিত্ব কৰে। তেওঁ এগৰাকী ডিফেণ্ডাৰ হিচাপে খেলে।
-
সুনীতা ৰাণী
সুনীতা ৰাণী (ইংৰাজী: Sunita Rani; জন্ম: ৪ ডিচেম্বৰ ১৯৭৯) পঞ্জাবৰ এগৰাকী ভাৰতীয় এথলীট। তেওঁ ২০০২ চনৰ এছিয়ান গেমছত ১৫০০ মিটাৰ দৌৰত সোণৰ পদক আৰু ৫০০০ মিটাৰ দৌৰত ব্ৰঞ্জৰ পদক জয় কৰিছিল। ১৫০০ মিটাৰ দৌৰত তেওঁৰ ৪:০৬.০৩ ছেকেণ্ডৰ সময় এতিয়াও ভাৰতীয় ৰাষ্ট্ৰীয় অভিলেখ হৈ আছে।