অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

অহিল্যা হৰজানী

অহিল্যা হৰজানী (ইংৰাজী: Ahillya Harjani; জন্ম: ৬ মাৰ্চ ১৯৯৭, মুম্বাই, মহাৰাষ্ট্ৰ) এগৰাকী ভাৰতীয় বেডমিণ্টন খেলুৱৈ।

হালনাগাদ: ২৩ ছেপ্তেম্বৰ ২০২৬ ১৫৪ শব্দ · ১ মিনিট সংগৃহীত ৭৫
সংশোধনৰ পৰামৰ্শ

অহিল্যা হৰজানী (ইংৰাজী: Ahillya Harjani; জন্ম: ৬ মাৰ্চ ১৯৯৭, মুম্বাই, মহাৰাষ্ট্ৰ) এগৰাকী ভাৰতীয় বেডমিণ্টন খেলুৱৈ।১

কেৰিয়াৰ

ডাচ অ’পেন, জাৰ্মান অ’পেন আৰু বি ডব্লিউ এফ জুনিয়ৰ ৱৰ্ল্ড চেম্পিয়নশ্বিপত জুনিয়ৰ ইভেণ্টত ভাৰতক প্ৰতিনিধিত্ব কৰিছে হৰজানীয়ে। ২০১৩ চনত তেওঁ হায়দৰাবাদৰ গোপিচান্দ বেডমিণ্টন একাডেমীত অন্তৰ্ভুক্ত হয়। তেতিয়ালৈকে তেওঁ আছিল জিলা আৰু ৰাজ্যিক পৰ্যায়ৰ খেলুৱৈ। ৰাজ্যিক মিক্সড ডাবলছত বিজয়ী হৈ তেওঁ ২০১৩ চনৰ নৱেম্বৰ মাহত চণ্ডীগড়ত অনুষ্ঠিত হোৱা ৩৭ সংখ্যক জুনিয়ৰ নেচনেলছত নিজৰ ৰাজ্যক প্ৰতিনিধিত্ব কৰাৰ সুযোগ পায় য'ত তেওঁ মিক্সড ডাবলছত ব্ৰঞ্জৰ পদক লাভ কৰে।২ ২০১৪ চনত সৰ্বভাৰতীয় পৰ্যায়ত খেলিবলৈ আৰম্ভ কৰিছিল আৰু অল ইণ্ডিয়া ৰেংকিং টুৰ্ণামেণ্টত মিক্সড ডাবলছত ৰূপৰ পদক লাভ কৰিছিল। আটাইতকৈ ধাৰাবাহিক খেলুৱৈ হোৱাৰ বাবে মিক্সড ডাবলছত ভাৰতৰ জুনিয়ৰ ১ নং হিচাপে বছৰটোৰ অন্ত পেলায়। ২০১৫ চনত মিক্সড ডাবলছত অল ইণ্ডিয়া ৰেংকিং টুৰ্ণামেণ্টৰ সকলো খেলতে সোণৰ পদক লাভ কৰে। ভাৰতৰ জয়পুৰত অনুষ্ঠিত ৪০ সংখ্যক জুনিয়ৰ নেশ্যনেলত মিক্সড ডাবলছত স্বৰ্ণ পদক লাভ কৰে। ভাৰতত মিক্সড ডাবলছত ১ নং জুনিয়ৰ হিচাপে স্থান লাভ কৰি ২০১৫ চনৰ অন্ত পেলায়।৩৪

তথ্যসূত্ৰ

  1. ↑ (2009-09-10). Ahilya makes all the right moves. Mumbai Mirror
  2. ↑ Rasika partners Ahilya: Real Time News and Latest Updates on Rasika partners Ahilya at The Times of India. Timesofindia.indiatimes.com
  3. ↑ 40th Junior National Badminton Championships 2015 at Jaipur. Badminton Association of India
  4. ↑ Ahillya HARJANI - TOURNAMENT RESULTS - Profile

সম্পৰ্কিত শ্ৰেণী

ভাৰতৰ ক্ৰীড়াবিদমহিলা খেলুৱৈ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “অহিল্যা হৰজানী” প্ৰবন্ধৰ সংশোধন ৬৩৬৭৮৭ (২৩ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।