প্ৰবীণ কুমাৰ সোবটি (Praveen Kumar Sobti) (৬ ডিচেম্বৰ ১৯৪৭– ৭ ফেব্ৰুৱাৰী ২০২২)১ ভাৰতৰ এগৰাকী এথলেটিকছ খেলুৱৈ, অভিনেতা আৰু সীমান্ত সুৰক্ষা বলৰ এজন সৈনিক আছিল। তেওঁ ডিচকাছ থ্ৰ' আৰু হেমাৰ থ্ৰ'ৰ বাবে জনাজাত আছিল। তেওঁ ২০ বছৰ বয়সতে সেই সময়ত নতুনকৈ গঠন হোৱা সীমান্ত সুৰক্ষা বল বা চমুকৈ বিএছএফত যোগদান কৰিছিল। তাতেই তেওঁৰ এথলেটিক দক্ষতা বিষয়াসকলৰ চকুত পৰে আৰু তেওঁ ভাৰতৰ হৈ বিভিন্ন এথলেটিক প্ৰতিযোগিতাত ডিচকাছ থ্ৰ' বিভাগত খেলিবলৈ লয়। এথলীট হিচাপে তেওঁ এছিয়ান গেমছত দুটা স্বৰ্ণকে ধৰি চাৰিটাকৈ পদক অৰ্জন কৰে আৰু কমনৱেলথ গেমছত এটা ৰূপৰ পদক অৰ্জন কৰে। তেওঁ ভাৰতৰ হৈ দুখনকৈ অলিম্পিকতো ভাগ লয়। অভিনেতা হিচাপে তেওঁ ৫০ খনৰো অধিক হিন্দী চলচ্চিত্ৰৰ লগতে বি.আৰ. চোপ্ৰাৰ মহাভাৰতত ভীমৰ চৰিত্ৰ ৰূপায়ণ কৰিছিল। ২০১৩ চনত তেওঁ আম আদমি পাৰ্টীৰ পৰা দিল্লীৰ বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰে যদিও পৰাজিত হয়। পৰৱৰ্তী সময়ত তেওঁ ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰে।
ক্ৰীড়া

১৯৬০ আৰু ১৯৭০-ৰ দশকত কুমাৰ ভাৰতীয় এথলেটিকছৰ তাৰকা আছিল।২ তেওঁ ভাৰতীয় হেমাৰ আৰু ডিচকাছ থ্ৰ'ৰ ক্ষেত্ৰখনত বহুকেইবছৰ জুৰি আধিপত্য চলাইছিল। তেওঁ ১৯৬৬ আৰু ১৯৭০ চনৰ এছিয়াম গেমছত ডিচকাছ থ্ৰ' শিতানত স্বৰ্ণপদক অৰ্জন কৰাৰ লগতে এছিয়ান গেমছত ৫৬.৭৬ মিটাৰ দূৰত্বৰ অভিলেখ স্থাপন কৰিছিল। ১৯৬৬ চনৰ কিনষ্টোন কমনৱেলথ গেমছ আৰু১৯৭৪ চনৰ তেহৰান এছিয়ান গেমছত তেওঁ ৰূপৰ পদক অৰ্জন কৰে। তেওঁ ১৯৬৮ আৰু ১৯৭২ চনৰ গ্ৰীষ্ম অলিম্পিকত অংশগ্ৰহণ কৰিছিল।৩
তথ্যসূত্ৰ
- ↑ (2022-02-08). Praveen Kumar Sobti, aka Bheem in BR Chopra's Mahabharat, Passes Away at 74. News18
- ↑ The Tribune, Chandigarh, India – Sports Tribune. Tribuneindia.com (24 May 2003). Retrieved on 30 June 2017
- ↑ Praveen Kumar. sports-reference
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “প্ৰবীণ কুমাৰ সোবটি” প্ৰবন্ধৰ সংশোধন ৬৩৭৩৮১ (২৩ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।