জয় ভগৱান (Jai Bhagwan; জন্ম: ১১ মে' ১৯৮৫), দুবাৰকৈ এছিয়ান চেম্পিয়নশ্বিপ পদক বিজয়ী আৰু ২০১০ চনৰ কমনৱেলথ গেমছত ব্ৰঞ্জ পদক বিজয়ী। তেওঁ ২০১২ চনৰ লণ্ডন অলিম্পিকত বক্সিংত লাইটৱেট (৬০ কিলোগ্ৰাম) শাখাতো ভাৰতক প্ৰতিনিধিত্ব কৰিছিল।১২ ২০১১ চনত বাকুত অনুষ্ঠিত বিশ্ব অপেশাদাৰী বক্সিং চেম্পিয়নশ্বিপৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰি ভগৱানে লণ্ডন গেমছৰ বাবে যোগ্যতা অৰ্জন কৰে।৩ তেওঁৰ প্ৰশিক্ষক আছিল ভাৰতীয় বক্সিং প্ৰশিক্ষক গুৰবক্ষ সিং সান্ধু। ২০১১ চনত শ্বাহৰুখ খানে আয়োজন কৰা জোৰ কা ঝাটকা: টোটেল ৱাইপআউট নামৰ ৰিয়েলিটি গেম শ্ব’ত অভিনয় কৰিছিল আৰু চূড়ান্ত প্ৰতিযোগীসকলৰ ভিতৰত অন্যতম আছিল। ২০১২ চনৰ গ্ৰীষ্মকালীন অলিম্পিকত তেওঁ আধিপত্য বিস্তাৰ কৰি ২০১২ চনৰ ২৯ জুলাইত প্ৰথম ৰাউণ্ডত ছিচেলছৰ এণ্ড্ৰিক এলিছপক ১৮—৮ গ'লত পৰাস্ত কৰে।৪ ২০১২ চনৰ ২ আগষ্টত লণ্ডন অলিম্পিকত জয় ভগৱানে কাজাখস্তানৰ যুঁজাৰু গনি ঝাইলাউভৰ হাতত শেষ ১৬ত পৰাস্ত হয়।৫
তথ্যসূত্ৰ
- ↑ Archived copy
- ↑ (9 July 2012). Third time lucky for boxer Jai Bhagwan. ইণ্ডিয়া টুডে
- ↑ (26 July 2012). Profile: Jai Bhagwan. NDTV
- ↑ (30 July 2012). Jai Bhagwan storms into second round of 60kg event
- ↑ Indian pugilist Jai Bhagwan boxed out
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “জয় ভগৱান (বক্সাৰ)” প্ৰবন্ধৰ সংশোধন ৬৩৯৭৪৫ (২৯ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।