অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

লাভলী চৌবে

লাভলী চৌবে (Lovely Choubey; জন্ম: ৩ আগষ্ট ১৯৮০) এগৰাকী মহিলা ভাৰতীয় আন্তঃৰাষ্ট্ৰীয় ল'ন বলাৰ। কমনৱেলথ গেমছত চৌবেয়ে ভাৰতক প্ৰতিনিধিত্ব কৰি ২০২২ চনলৈ মুঠ তিনিবাৰ অংশগ্ৰহণ কৰিছে।

হালনাগাদ: ২৭ মাৰ্চ ২০২৬ ৩২৯ শব্দ · ২ মিনিট সংগৃহীত ৮১
সংশোধনৰ পৰামৰ্শ

লাভলী চৌবে (Lovely Choubey; জন্ম: ৩ আগষ্ট ১৯৮০) এগৰাকী মহিলা ভাৰতীয় আন্তঃৰাষ্ট্ৰীয় ল'ন বলাৰ।১ কমনৱেলথ গেমছত চৌবেয়ে ভাৰতক প্ৰতিনিধিত্ব কৰি ২০২২ চনলৈ মুঠ তিনিবাৰ অংশগ্ৰহণ কৰিছে। এইসমূহৰ ভিতৰত ২০১৪ চনৰ কমনৱেলথ গেমছত তিনি আৰু চাৰিজনীয়া,২ ২০১৮ চনৰ কমনৱেলথ গেমছত চাৰিজনীয়া১ আৰু ২০২২ চনৰ কমনৱেলথ গেমছত চাৰিজনীয়া প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিল।৩ ২০২২ চনৰ প্ৰতিযোগিতাত তেওঁ ভাৰতীয় মহিলা চাৰিজনীয়া দলৰ (পিংকি সিং, নয়নমণি শইকীয়া আৰু ৰূপা ৰাণী তিৰ্কী) অংশ আছিল। এই প্ৰতিযোগিতাৰ চূড়ান্ত খেলখনত ফাইনেলত দক্ষিণ আফ্ৰিকাক ১৭-১০ গ'লত পৰাস্ত কৰি তেওঁলোকে সোণৰ পদক লাভ কৰিছিল।

প্ৰাথমিক জীৱন

লাভলী চৌবেৰ জন্ম হৈছিল ১৯৮০ চনৰ ৩ আগষ্টত ঝাৰখণ্ডৰ ৰাঁচীত। দেউতাক ৰাঁচীৰ এটা মাইনিং কোম্পানীত চতুৰ্থ বৰ্গৰ কৰ্মচাৰী হিচাপে কৰ্মৰত আছিল। তেওঁ অৰবিন্দ সিঙৰ সৈতে বিবাহপাশত আবদ্ধ হয়।

গেম কেৰিয়াৰ

ল'ন বল ক্ৰীড়া জগতলৈ স্থানান্তৰিত হোৱাৰ পূৰ্বে লাভলী চৌবে এগৰাকী ১০০ মিটাৰ লং জাম্প এথলীট আছিল। লং জাম্পিংত নিতম্বত আঘাত পোৱাৰ বাবে তেওঁ ল'ন বল খেললৈ স্থানান্তৰিত হয়। পৰিয়ালক আৰ্থিকভাৱে সহায় কৰিব বিচৰাৰ বাবে প্ৰতিযোগিতাসমূহত জয়ী হ’বলৈ তেওঁ কঠোৰভাৱে লং জাম্প প্ৰশিক্ষণৰ অনুশীলন কৰিছিল। এই প্ৰশিক্ষণৰ অৱস্থাত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈ তেওঁ দীঘল জাম্প ত্যাগ কৰে। ইয়াৰ পিছতে বিহাৰৰ তেতিয়াৰ ক্ৰিকেট আম্পায়াৰ মধুকান্ত পাঠকে তেওঁক ল'ন বলত চেষ্টা কৰি চাবলৈ আমন্ত্ৰণ জনায়।

২০০৮ চনত লাভলী চৌবেয়ে নেচনেল লন বাউলছ চেম্পিয়নশ্বিপত অংশগ্ৰহণ কৰি সোণৰ পদক লাভ কৰে। এই জয়ৰ পিছত তেওঁলৈ আগবঢ়োৱা আৰ্থিক বঁটা সমূহে তেওঁক অধিক নিষ্ঠাৰে খেলখন আগবঢ়াই নিবলৈ উৎসাহিত কৰিছিল। তাৰ পিছত তেওঁ এছিয়া পেচিফিক লন বাউল প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিল আৰু ২০১৩ চনত মিশ্ৰিত যোৰত সোণৰ পদক লাভ কৰিছিল। ২০১৪ চনত তেওঁ মহিলাৰ তিনিজনীয়া আৰু মহিলাৰ চাৰিজনীয়া ইভেণ্টত অংশগ্ৰহণ কৰিছিল। গ্লাছগোত আয়োজন কৰা কমনৱেলথ গেমছত তেওঁ নিজ নিজ ইভেণ্টত ৩য় পুল আৰু ৪ৰ্থ পুলত স্থান লাভ কৰে। ইয়াৰ পিছতে দশম এছিয়ান লন বাউলছ চেম্পিয়নশ্বিপত অংশগ্ৰহণ কৰি মহিলা যোৰা আৰু একক ইভেণ্টত দুটা ৰূপৰ পদক লাভ কৰে।

কমনৱেলথ গেমছ

চৌবেয়ে ভাৰতক প্ৰতিনিধিত্ব কৰি ২০২২ চনলৈকে তিনিখন কমনৱেলথ গেমছত অংশগ্ৰহণ কৰিছে। ২০২২ চনৰ প্ৰতিযোগিতাত তেওঁ ভাৰতীয় মহিলা চাৰিজনীয়া দলৰ (পিংকি সিং, নয়নমণি শইকীয়া আৰু ৰূপা ৰাণী তিৰ্কী) অংশ আছিল। এই প্ৰতিযোগিতাৰ চূড়ান্ত খেলখনত ফাইনেলত দক্ষিণ আফ্ৰিকাক ১৭-১০ গ'লত পৰাস্ত কৰি তেওঁলোকে সোণৰ পদক লাভ কৰিছিল।৪৫

এছিয়ান চেম্পিয়নশ্বিপ

চৌবেই ২০১৪ চনৰ এছিয়ান ল'ন বাউলছ চেম্পিয়নশ্বিপত একক শাখাৰ লগতেযোৰ ইভেণ্টত ৰূপৰ পদক লাভ কৰিছে।৬

তথ্যসূত্ৰ

  1. ↑ Lawn Bowls · Athlete Profile: Lovely CHOUBEY - Gold Coast 2018 Commonwealth Games. results.gc2018.com
  2. ↑ Lovely Choubey - Player Profile. thecgf.com
  3. ↑ Lovely Choubey - Birmingham 2022 Results. results.birmingham2022.com
  4. ↑ Result: Women's Fours - Gold Medal Match. results.birmingham2022.com. Commonwealth Games Federation
  5. ↑ CWG 2022: India bag historic gold in women's fours lawn bowls event. The Times of India
  6. ↑ Results - Bowling Federation of India. Bowling Federation of India

সম্পৰ্কিত শ্ৰেণী

ভাৰতৰ ক্ৰীড়াবিদমহিলা খেলুৱৈ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “লাভলী চৌবে” প্ৰবন্ধৰ সংশোধন ৫৯৫৩১২ (২৭ মাৰ্চ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।