অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

অপূৰ্বী চান্দেলা

অপূৰ্বী সিং চান্দেলা (জন্ম: ৪ জানুৱাৰী ১৯৯৩) এগৰাকী ভাৰতীয় শ্বুটিং খেলুৱৈ যিয়ে ১০ মিটাৰ এয়াৰ ৰাইফল প্ৰতিযোগিতাত অংশগ্ৰহণ কৰে। তেওঁ নতুন দিল্লীত অনুষ্ঠিত ২০১৯ চনৰ আই.এচ.এচ.এফ. (ISSF) বিশ্বকাপত সোণৰ পদক লাভ কৰিছিল। তেওঁ অৰ্জুন বঁটা প্ৰাপক।

হালনাগাদ: ৩০ মাৰ্চ ২০২৬ ৩৬৩ শব্দ · ২ মিনিট সংগৃহীত ৭৭
সংশোধনৰ পৰামৰ্শ

অপূৰ্বী সিং চান্দেলা (জন্ম: ৪ জানুৱাৰী ১৯৯৩) এগৰাকী ভাৰতীয় শ্বুটিং খেলুৱৈ যিয়ে ১০ মিটাৰ এয়াৰ ৰাইফল প্ৰতিযোগিতাত অংশগ্ৰহণ কৰে। তেওঁ নতুন দিল্লীত অনুষ্ঠিত ২০১৯ চনৰ আই.এচ.এচ.এফ. (ISSF) বিশ্বকাপত সোণৰ পদক লাভ কৰিছিল।১ তেওঁ অৰ্জুন বঁটা প্ৰাপক।

প্ৰাৰম্ভিক জীৱন আৰু পটভূমি

চান্দেলাৰ জন্ম ১৯৯৩ চনৰ ৪ জানুৱাৰীত ৰাজস্থানৰ জয়পুৰত হৈছিল। তেওঁৰ পিতৃ কুলদীপ সিং চান্দেলা এজন হোটেল ব্যৱসায়ী আৰু ক্ৰীড়াপ্ৰেমী। তেওঁৰ মাতৃ বিন্দু ৰাথোড় এগৰাকী ব্যৱসায়ী আৰু পূৰ্বতে এগৰাকী বাস্কেটবল খেলুৱৈ আছিল।২ তেওঁ আজমেৰৰ মেয়ো কলেজ গাৰ্লছ স্কুল আৰু জয়পুৰৰ মহাৰাণী গায়ত্ৰী দেৱী গাৰ্লছ স্কুলত স্কুলীয়া শিক্ষা গ্ৰহণ কৰিছিল। পৰৱৰ্তী সময়ত তেওঁ দিল্লী বিশ্ববিদ্যালয়ৰ জিজাছ এণ্ড মেৰী কলেজৰ পৰা সমাজবিজ্ঞানত সন্মানসহ স্নাতক ডিগ্ৰী লাভ কৰে।

প্ৰাৰম্ভিক সময়ত চান্দেলাই এগৰাকী ক্ৰীড়া সাংবাদিক হোৱাৰ সপোন দেখিছিল, কিন্তু ২০০৮ চনৰ বেইজিং অলিম্পিকত অভিনৱ বিন্দ্ৰাৰ সোণৰ পদক বিজয়ী প্ৰদৰ্শনত অনুপ্ৰাণিত হৈ তেওঁ শ্বুটিংক ক্ৰীড়া হিচাপে গ্ৰহণ কৰে। আৰম্ভণিতে জয়পুৰৰ এখন শ্বুটিং ৰেঞ্জত উপস্থিত হ’বলৈ তেওঁ ৪৫ মিনিট ভ্ৰমণ কৰিবলগীয়া হৈছিল। পিছলৈ তেওঁৰ পিতৃ-মাতৃয়ে ঘৰতে তেওঁৰ বাবে ১০ মিটাৰ এয়াৰ ৰাইফল অনুশীলনৰ বাবে এখন শ্বুটিং ৰেঞ্জ স্থাপন কৰি দিয়ে।২

২০০৯ চনত চান্দেলাই সৰ্বভাৰতীয় বিদ্যালয় শ্বুটিং প্ৰতিযোগিতাত জয়লাভ কৰে আৰু ২০১২ চনত জ্যেষ্ঠ ৰাষ্ট্ৰীয় শ্বুটিং চেম্পিয়নশ্বিপত জয়ী হয়। ২০১২-২০১৯ চনৰ ভিতৰত তেওঁ ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰতিযোগিতাত অন্ততঃ ছয়বাৰ পদক অৰ্জন কৰিছিল।৩

চান্দেলাই আজৰি সময়ত কিতাপ পঢ়ি ভাল পায় আৰু খেলৰ বাবে মনোযোগ বৃদ্ধি কৰিবলৈ ধ্যান অনুশীলন কৰে।৩

কেৰিয়াৰ

২০১২ চনত চান্দেলাই নতুন দিল্লীত অনুষ্ঠিত ৰাষ্ট্ৰীয় শ্বুটিং চেম্পিয়নশ্বিপত ১০ মিটাৰ এয়াৰ ৰাইফল প্ৰতিযোগিতাত সোণৰ পদক লাভ কৰে। জ্যেষ্ঠ পৰ্যায়ত এইটো আছিল তেওঁৰ প্ৰথম বৰ্ষ।৪৫ ২০১৪ চনত তেওঁ দ্য হেগত অনুষ্ঠিত ইণ্টাৰশ্বুট চেম্পিয়নশ্বিপত চাৰিটা পদক জয় কৰে, য'ত দুটা ব্যক্তিগত আৰু দুটা দলীয় পদক অন্তৰ্ভুক্ত আছিল।৬ সেই একে বছৰতে তেওঁ গ্লাছগোত অনুষ্ঠিত কমনৱেলথ গেমছত ২০৬.৭ পইণ্ট সংগ্ৰহ কৰি সোণৰ পদক লাভ কৰে আৰু এক নতুন গেমছ ৰেকৰ্ড গঢ়িবলৈ সক্ষম হয়।৭ এবছৰৰ পিছত তেওঁ চাংৱনত অনুষ্ঠিত আই.এচ.এচ.এফ. বিশ্বকাপত অভিষেক ঘটায় আৰু তাত তেওঁ ব্ৰঞ্জৰ পদক লাভ কৰে।

চান্দেলাই ২০১৬ চনৰ ৰিঅ’ অলিম্পিকৰ মহিলাৰ ১০ মিটাৰ এয়াৰ ৰাইফল প্ৰতিযোগিতাৰ বাবে যোগ্যতা অৰ্জন কৰিছিল, য’ত তেওঁ ৫১ গৰাকী প্ৰতিযোগীৰ ভিতৰত অৰ্হতা নিৰ্ণায়ক ৰাউণ্ডত ৩৪ তম স্থান দখল কৰে।৮৯ চান্দেলাই ২০১৬ চনত ভাৰতৰ ৰাষ্ট্ৰপতিৰ পৰা অৰ্জুন বঁটা লাভ কৰে।১

২০১৮ চনৰ এছিয়ান গেমছত তেওঁ ৰবি কুমাৰৰ সৈতে ১০ মিটাৰ এয়াৰ ৰাইফল মিশ্ৰিত দলীয় প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি ব্ৰঞ্জৰ পদক লাভ কৰে।১০ তেওঁক প্ৰাক্তন ৰাষ্ট্ৰীয় চেম্পিয়ন ৰাকেশ মনপটে প্ৰশিক্ষণ প্ৰদান কৰিছে।১১ ২০১৮ চনৰ কমনৱেলথ গেমছত চান্দেলাই ভাৰতৰ হৈ ব্ৰঞ্জৰ পদক লাভ কৰিছিল। তেওঁ নতুন দিল্লীত অনুষ্ঠিত ২০১৯ চনৰ আই.এচ.এচ.এফ. বিশ্বকাপত সোণৰ পদক লাভ কৰাৰ লগতে ১০ মিটাৰ এয়াৰ ৰাইফল প্ৰতিযোগিতাত ২৫২.৯ স্ক’ৰ কৰি বিশ্ব অভিলেখ গঢ়ে।১২ তেওঁ ২০১৯ চনৰ আই.এচ.এচ.এফ. বিশ্বকাপত মহিলাৰ ১০ মিটাৰ এয়াৰ ৰাইফল শাখাত আন এটা সোণৰ পদক অৰ্জন কৰিছে।১৩১৪

নতুন দিল্লীত অনুষ্ঠিত ২০১৯ চনৰ আই.এচ.এচ.এফ. বিশ্বকাপত চান্দেলাই মহিলাৰ ১০ মিটাৰ এয়াৰ ৰাইফল প্ৰতিযোগিতাত অভিলেখ স্ক’ৰ কৰি সোণৰ পদক লাভ কৰি ভাৰতৰ হৈ প্ৰথমটো পদক জয় কৰিছিল।১৫

তথ্যসূত্ৰ

  1. ↑ (26 July 2014). Women's 10 metre air rifle Finals. glasgow2014.com
  2. ↑ अपूर्वी चंदेला: ओलंपिक में जीत के लिए तैयार. BBC News हिंदी
  3. ↑ (23 February 2019). Indian Shooter Apurvi Chandela on Winning Gold at ISSF World Cup · The Quint - YouTube. www.youtube.com
  4. ↑ (25 December 2012). Apurvi Chandela takes air rifle gold. The Hindu
  5. ↑ Apurvi Chandela profile. Olympic Gold Quest
  6. ↑ (10 February 2014). Rajasthan shooter Apurvi Chandela. bags 4 medals at Hague meet. thehindubusinessline.com
  7. ↑ CWG gold winner shooter Apoorvi Chandela is aiming for Olympic games. Patrika Group
  8. ↑ (7 August 2016). Rio Olympics 2016: Jitu Rai finishes 8th in 10m Air Pistol; Apurvi Chandela, Ayonika Paul out in qualifiers. First Post
  9. ↑ Apurvi Chandela Biography, Records and Age. Olympic Channel
  10. ↑ Sharma, Nitin; Judge, Shahid. (20 August 2018). Asian Games 2018: Shooters Apurvi Chandela, Ravi Kumar open India's medal tally, clinch mixed air rifle bronze. The Indian Express
  11. ↑ (2018-05-09). Personal coaches must be given credit for Indian shooters' 2018 Commonwealth Games showing. Hindustan Times
  12. ↑ Gold medallist Apurvi Chandela speaks exclusively to DD News
  13. ↑ Desk, Sports Flashes. (2019-05-27). Apurvi Chandela wins another gold in the ISSF World Cup. Sports Flashes
  14. ↑ (May 26, 2019). ISSF Shooting World Cup: Apurvi Chandela bags 10m air rifle gold in Munich. India Today
  15. ↑ (February 23, 2019). ISSF Shooting World Cup: Apurvi Chandela shatters world record to win India's first gold. India Today

সম্পৰ্কিত শ্ৰেণী

ভাৰতৰ ক্ৰীড়াবিদমহিলা খেলুৱৈ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “অপূৰ্বী চান্দেলা” প্ৰবন্ধৰ সংশোধন ৫৯৭৪৭৬ (৩০ মাৰ্চ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।