ভাৰতৰ ক্ৰীড়াবিদ
৬৭ প্ৰবন্ধ
-
সুমিত্ৰা নায়ক
সুমিত্ৰা নায়ক (জন্ম: ৮ মাৰ্চ ২০০০) ওড়িশাৰ যাজপুৰৰ এগৰাকী মহিলা ৰাগবী খেলুৱৈ। তেওঁ ভাৰতৰ হৈ কেইবাটাও পদক জয় কৰিছে আৰু ২০১৯ চনৰ এছিয়ান উইমেন চেম্পিয়নশ্বিপত ছিংগাপুৰৰ বিৰুদ্ধে এখন তীব্ৰ প্ৰতিদ্বন্দ্বিতামূলক খেলত পেনাল্টি কিক মাৰি দেশক ব্ৰঞ্জৰ পদক বিজয়ত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল।
-
সোনম মালিক
সোনম মালিক (জন্ম: ১৫ এপ্ৰিল ২০০২) হাৰিয়ানাৰ সোণিপতৰ এগৰাকী ভাৰতীয় মহিলা মল্লযুঁজাৰু। তেওঁ ৰাষ্ট্ৰীয় ক্ৰীড়াত এটা সোণৰ পদক আৰু বিশ্ব কেডেট কুস্তি চেম্পিয়নশ্বিপত দুটাকৈ সোণৰ পদক জয় কৰিছে। তেওঁ ২০২২ চনৰ এছিয়ান গেমছত ৬২ কেজি শাখাৰ ফ্ৰীষ্টাইল কুস্তিত ব্ৰঞ্জৰ পদক জয় কৰিছিল।
-
হিনা বানো
হিনা বানো (ইংৰাজী: Hina Bano; জন্ম: ১০ মাৰ্চ ২০০৪) হাৰিয়ানাৰ এগৰাকী ভাৰতীয় জুনিয়ৰ ফিল্ড হকী খেলুৱৈ। ২০২৩ চনত তেওঁ জুনিয়ৰ ভাৰতীয় দলৰ বাবে নিৰ্বাচিত হৈছিল।
-
হীনা সিদ্ধু
হীনা সিদ্ধু (জন্ম: ২৯ আগষ্ট ১৯৮৯) এগৰাকী ভাৰতীয় শ্বুটাৰ। ২০১৪ চনৰ ৭ এপ্ৰিলত সিদ্ধু আন্তৰ্জাতিক শ্বুটিং স্পৰ্ট ফেডাৰেচনৰ (ISSF) বিশ্ব ৰেংকিঙত প্ৰথম স্থান দখল কৰা প্ৰথমগৰাকী ভাৰতীয় পিষ্টল শ্বুটাৰ হিচাপে পৰিগণিত হয়। ২০১৩ চনত সিদ্ধুৱে ১০ মিটাৰ এয়াৰ পিষ্টল ইভেণ্টত স্বৰ্ণ পদক জয় কৰি আই.এছ.এছ.এফ.
-
হৰ্ষদা গৰুড়
হৰ্ষদা গৰুড় (ইংৰাজী: Harshada Garud) মহাৰাষ্ট্ৰৰ এগৰাকী ভাৰতীয় ভাৰোত্তোলক। ২০২২ চনৰ আন্তঃৰাষ্ট্ৰীয় ভাৰোত্তোলন ফেডাৰেচনৰ বিশ্ব জুনিয়ৰ ভাৰোত্তোলন চেম্পিয়নশ্বিপত সোণৰ পদক লাভ কৰা প্ৰথমগৰাকী ভাৰতীয় হিচাপে পৰিগণিত হয়।
-
ৰাহী স্বৰন’বত
ৰাহী স্বৰন’বত (Rahi Sarnobat) এগৰাকী ভাৰতীয় মহিলা খেলুৱৈ। ২৫ মিটাৰ পিষ্টল শ্বুটিং ইভেণ্টত অংশগ্ৰহণ কৰা মহিলা খেলুৱৈগৰাকীৰ প্ৰকৃত নাম ৰাহী জীৱন স্বৰন’বত। ২০০৮ চনত ভাৰতৰ পুনেত অনুষ্ঠিত হোৱা কমনৱেলথ যুৱ গেমছত তেওঁ প্ৰথম স্বৰ্ণ পদক লাভ কৰে।
-
ৰূপালী ৰেপালে
ৰূপালী ৰামদাস ৰেপালে (ইংৰাজী: Rupali Ramdas Repale; জন্ম: ৩ ফেব্ৰুৱাৰী ১৯৮২) এগৰাকী ভাৰতীয় মুকলি পানীৰ দীৰ্ঘ দূৰত্বৰ সাঁতোৰবিদ আৰু ট্ৰাই এথলীট। ১৯৯৪ চনৰ ১৫ আগষ্টত একক সাঁতোৰ শাখাত ১৬ ঘণ্টা ৭ মিনিটৰ ভিতৰত তেওঁ ইংলিছ চেনেল সাঁতুৰিছিল আৰু ১৯৯৪ চনত ইংলিছ চেনেল পাৰ হোৱা আটাইতকৈ কম বয়সীয়া সফল…