অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

অশ্বিনী আক্কুঞ্জী

অশ্বিনী চিদানন্দ শেট্টী আক্কুঞ্জী (ইংৰাজী: Ashwini Chidananda Shetty Akkunji; জন্ম: ৭ অক্টোবৰ ১৯৮৭) এগৰাকী ভাৰতীয় স্প্ৰিণ্ট এথলিট। কৰ্ণাটকৰ উডুপি জিলাৰ সিদ্ধাপুৰৰ নিবাসী অশ্বিনীয়ে ৪০০ মিটাৰ দৌৰত বিশেষ পাৰদৰ্শিতা দেখুৱাইছে।

হালনাগাদ: ২৯ ছেপ্তেম্বৰ ২০২৬ ২৯৯ শব্দ · ২ মিনিট সংগৃহীত ৮৩
সংশোধনৰ পৰামৰ্শ

অশ্বিনী চিদানন্দ শেট্টী আক্কুঞ্জী (ইংৰাজী ভাষা: Ashwini Chidananda Shetty Akkunji; জন্ম: ৭ অক্টোবৰ ১৯৮৭) এগৰাকী ভাৰতীয় স্প্ৰিণ্ট এথলিট। কৰ্ণাটকৰ উডুপি জিলাৰ সিদ্ধাপুৰৰ নিবাসী অশ্বিনীয়ে ৪০০ মিটাৰ দৌৰত বিশেষ পাৰদৰ্শিতা দেখুৱাইছে।১ অশ্বিনীয়ে ২০১০ চনৰ কমনৱেলথ গেমছ আৰু ২০১০ চনৰ এছিয়ান গেমছত মঞ্জীত কৌৰ, মন্দীপ কৌৰ আৰু ছিনি জোছৰ সৈতে ৪x৪০০ মিটাৰ ৰিলেত সোণৰ পদক লাভ কৰিছিল।২ ইয়াৰ উপৰি তেওঁ ২০১০ চনৰ ২৫ নৱেম্বৰত চীনৰ গুৱাংঝুত অনুষ্ঠিত এছিয়ান গেমছত ৪০০ মিটাৰ হাৰ্ডলছত ব্যক্তিগতভাৱে সোণৰ পদক অৰ্জন কৰিছিল।৩ তেওঁ ২০১০ চনৰ ৰাজ্যৰ উচ্চ অসামৰিক সন্মান ৰাজ্যউৎসৱ প্ৰশস্তিৰদ্বাৰাও সন্মানিত হৈছে।৪৫

জীৱনী

কৰ্ণাটকৰ উডুপি জিলাৰ কুণ্ডাপুৰ তালুকৰ সিদ্ধাপুৰত এটা টুলু ভাষী পৰিয়ালত অশ্বিনীৰ জন্ম হৈছিল। তেওঁৰ পিতৃ বি.আৰ. চিদানন্দ শেট্টী আৰু মাতৃ যশোদা শেট্টী আক্কুঞ্জী।৬৭ অশ্বিনী এজন কৃষক পৰিয়ালৰ সন্তান।৮ তেওঁ তামোলৰ বাগিছাৰ মাজত থকা তেওঁলোকৰ ৫ একৰ কৃষিভূমিত ককায়েক অমিত আৰু বাইদেৱেক দীপ্তিৰ সৈতে ডাঙৰ-দীঘল হৈছিল।৯ পূৰ্বে অশ্বিনীয়ে ভাৰতীয় ৰেলৱেত আৰু পঞ্জাৱৰ পাটিয়ালাত কৰ্পোৰেচন বেংকৰ পৰিচালক হিচাপে কাম কৰিছিল।১০ বৰ্তমান তেওঁ বেংগালুৰুৰ ভাৰতীয় ক্ৰীড়া প্ৰাধিকৰণত (SAI) প্ৰশিক্ষক হিচাপে কৰ্মৰত।১১

ডোপিং

২০১১ চনৰ জুলাই মাহত জাপানৰ ক'বেত অনুষ্ঠিত হ'বলগীয়া এছিয়ান এথলেটিকছ চেম্পিয়নশ্বিপৰ পূৰ্বে তেওঁৰ দেহত এনাবলিক ষ্টেৰইডৰ উপস্থিতি ধৰা পৰে।১২ ইয়াৰ পৰিপ্ৰেক্ষিতত তেওঁক প্ৰতিযোগিতাখনৰ বাবে এথলেটিকছ দলৰপৰা বাদ দিয়া হয় আৰু এথলেটিকছৰপৰা নিলম্বন কৰা হয়। তেওঁ এই অভিযোগ অস্বীকাৰ কৰিছিল যদিও ২০১১ চনৰ ২৩ ডিচেম্বৰত নাডা (NADA)ই তেওঁক এবছৰৰ বাবে নিষিদ্ধ কৰে।১৩ আন্তঃৰাষ্ট্ৰীয় এথলেটিকছ ফেডাৰেচন (IAAF)-এ লঘু শাস্তিৰ বিৰুদ্ধে কৰা এক আৱেদনৰ ভিত্তিত ক'ৰ্ট অফ আৰ্বিট্ৰেচন ফৰ স্পৰ্টছে (CAS) অশ্বিনী আৰু আন পাঁচগৰাকী এথলিটক (মন্দীপ কৌৰ, ছিনি জোছ, জৌনা মুৰ্মু, তিয়ানা মেৰী আৰু প্ৰিয়ংকা পানৱাৰ) দুবছৰৰ বাবে নিষিদ্ধ কৰাৰ ৰায় বাহাল ৰাখে।১৪

বঁটা আৰু স্বীকৃতি

২০১০ চনত তেওঁক কৰ্ণাটক ৰাজ্যউৎসৱ বঁটা প্ৰদান কৰা হয়। এই বঁটাত নগদ এক লাখ টকা, ২০ গ্ৰামৰ এটা সোণৰ পদক আৰু বেংগালুৰু উন্নয়ন কৰ্তৃপক্ষ (BDA)ৰদ্বাৰা গৃহ আবণ্টনত অগ্ৰাধিকাৰ অন্তৰ্ভুক্ত আছিল।১৫ ২০১০ চনত সোণৰ পদক জয় কৰাৰ স্বীকৃতি স্বৰূপে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ লগতে ভাৰতীয় ৰেলৱেৰফালৰপৰাও তেওঁক আৰ্থিকভাৱে পুৰস্কৃত কৰা হৈছে।১৬১৭১৮১৯

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ Kundapur (SP). (14 October 2010). Kundapur: Country's Pride, Ashwini Shetty Akkunje, Getting Accolades Plenty. Daijiworld Media Network
  2. ↑ Bose, Saibal. Indian relay girls bring the house down. Times of India
  3. ↑ Rawat, Rahul. (30 November 2010). Ashwini wants to win more medals. ইণ্ডিয়া টুডে
  4. ↑ (30 October 2010). Infosys CEO Gopalakrishnan, Ullas Karanth bag top Karnataka award. দ্য হিন্দু
  5. ↑ Running against the odds. deccanchronicle
  6. ↑ Team Mangalorean. Ashwini's village in celebration mood!. Mangalorean.com
  7. ↑ (14 October 2010). Ashwini's family ecstatic. দ্য হিন্দু
  8. ↑ Belgaumkar, Govind D. (14 October 2010). Grit pumped up Karnataka's golden girl.. দ্য হিন্দু
  9. ↑ Daily News and Analysis. Gensale Express does India proud at Asiad. D B Corp Ltd.
  10. ↑ Sukumar, Dev S. Running.. till the cows come home. Daily News and Analysis
  11. ↑ Udupi: Athlete Ashwini Akkunji gets engaged
  12. ↑ Ashwini and Priyanka add to doping shame: Controversies – London Olympics News – India Today
  13. ↑ ashwini akkunji
  14. ↑ (18 July 2012). CAS confirms 2-year bans on 6 Indian athletes. The Hindu
  15. ↑ Rajyotsava awards for 162 Bangalore, Oct 30, DH News Service: « NRI Forum Karnataka:: News
  16. ↑ (13 October 2010). India News. The Times of India
  17. ↑ Yeddy announces cash prizes to Karna medal winners in CWG
  18. ↑ (27 October 2010). Railways honours Commonwealth Games medallists. দ্য হিন্দু
  19. ↑ The Village Road that Led to Guangzhou – Indian Express

সম্পৰ্কিত শ্ৰেণী

ভাৰতৰ এথলীটভাৰতৰ ক্ৰীড়াবিদমহিলা খেলুৱৈ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “অশ্বিনী আক্কুঞ্জী” প্ৰবন্ধৰ সংশোধন ৬৩৯৪৪৩ (২৯ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।