সীমা পুনিয়া (বিবাহপূৰ্ব উপাধি: আণ্টিল) (জন্ম: ২৭ জুলাই ১৯৮৩) এগৰাকী ভাৰতীয় ডিস্কাছ থ্ৰ’ খেলুৱৈ।১
প্ৰাৰম্ভিক আৰু ব্যক্তিগত জীৱন
সীমাৰ জন্ম হাৰিয়ানাৰ সোণিপতৰ খেওৰাত হৈছিল। ১১ বছৰ বয়সত তেওঁ বাধা দৌৰ (hurdler) আৰু দীঘল জপন (long-jumper) হিচাপে নিজৰ ক্ৰীড়া জীৱন আৰম্ভ কৰিছিল, কিন্তু পিছলৈ তেওঁ ডিস্কাছ থ্ৰ’ৰ প্ৰতি আকৰ্ষিত হয়। তেওঁ সোণিপতৰ চৰকাৰী মহাবিদ্যালয়ত অধ্যয়ন কৰিছিল।
সীমা তেওঁৰ প্ৰশিক্ষক অংকুশ পুনিয়াৰ সৈতে বিবাহপাশত আৱদ্ধ হয়। অংকুশ পুনিয়া এগৰাকী প্ৰাক্তন ডিস্কাছ থ্ৰ’ খেলুৱৈ যিয়ে ২০০৪ চনৰ এথেন্স অলিম্পিকত ভাৰতক প্ৰতিনিধিত্ব কৰিছিল।২
খেলুৱৈ জীৱন
সীমাই প্ৰথম অৱস্থাত ২০০০ চনৰ বিশ্ব জুনিয়ৰ এথলেটিকছ চেম্পিয়নশ্বিপত সোণৰ পদক জয় কৰিছিল, য’ত তেওঁ ‘মিলিনিয়াম চাইল্ড’ উপনাম অৰ্জন কৰিছিল। কিন্তু চিউডোএফেড্ৰিনৰ বাবে কৰা ডোপ টেষ্টত পজিটিভ পোৱাৰ বাবে তেওঁৰ পদক কাঢ়ি লোৱা হয়।৩ সেই সময়ত এনে অপৰাধৰ বাবে বলবৎ থকা নিয়ম অনুসৰি, তেওঁৰ ৰাষ্ট্ৰীয় ফেডাৰেচনে পদক কাঢ়ি লোৱাৰ পিছত তেওঁক ৰাজহুৱা সতৰ্কবাণী জাৰি কৰিছিল।৪ পৰৱৰ্তী ২০০২ চনৰ বিশ্ব জুনিয়ৰ এথলেটিকছ চেম্পিয়নশ্বিপত তেওঁ ব্ৰঞ্জৰ পদক জয় কৰে।
২০০৬ চনৰ কমনৱেলথ গেমছত তেওঁ ৰূপৰ পদক লাভ কৰে আৰু ২০০৬ চনৰ ২৬ জুনত হাৰিয়ানা চৰকাৰে তেওঁক ‘ভীম বঁটা’ৰে সন্মানিত কৰে। ২০০৬ চনৰ এছিয়ান গেমছৰ পৰা তেওঁৰ অনুপস্থিতিয়ে সংবাদ মাধ্যমৰ যথেষ্ট দৃষ্টি আকৰ্ষণ কৰিছিল।৫ খেলৰ পূৰ্বে এটা ষ্টেৰইডৰ বাবে তেওঁৰ পৰীক্ষা পজিটিভ ওলাইছিল যদিও তেওঁৰ ৰাষ্ট্ৰীয় ফেডাৰেচনে তেওঁক অংশগ্ৰহণৰ অনুমতি দিছিল। অৱশ্যে তেওঁ নিজেই খেলসমূহৰ বাবে দলৰ পৰা আঁতৰি আহিছিল।৬
২০১০ চনৰ কমনৱেলথ গেমছত তেওঁ ব্ৰঞ্জৰ পদক লাভ কৰে। ২০১২ চনৰ লণ্ডন অলিম্পিকত তেওঁ দ্বাদশ স্থান দখল কৰে। ২০১৪ চনত তেওঁ কমনৱেলথ গেমছত ৰূপৰ পদক আৰু এছিয়ান গেমছত সোণৰ পদক লাভ কৰে।৭
তথ্যসূত্ৰ
- ↑ Seema Antil profile. The Times of India
- ↑ (8 February 2011). CWG medallist ties the knot. tribuneindia.com
- ↑ (29 September 2014). Asian Games 2014: Two no-shows and two doping charges later, Seema Punia spins gold. The Indian Express
- ↑ (2001-10-02). The Hindu: Seema Antil loses gold medal on ephedrine violation. Hinduonnet.com
- ↑ (2004-12-31). Seema Antil not to take part in Doha. Ia.rediff.com
- ↑ (2006-12-09). Seema cleared, opts out. The Hindu
- ↑ (29 September 2014). India's discus thrower Seema Punia clinches gold at Asian Games. India Today
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “সীমা পুনিয়া” প্ৰবন্ধৰ সংশোধন ৫৯৭০০৯ (২৯ মাৰ্চ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।