কালাইয়াথুমকুঝী মেথিউছ বীণামোল, যাক জনপ্ৰিয়ভাৱে কে. এম. বীণামোল (জন্ম ১৫ আগষ্ট ১৯৭৫) বুলি জনা যায়, এগৰাকী ভাৰতীয় আন্তঃৰাষ্ট্ৰীয় এথলীট। তেওঁ কেৰালাৰ ইডুক্কি জিলাৰ কম্বিডিঞ্জালৰ নিবাসী। তেওঁ অলিম্পিকৰ ছেমি ফাইনেলত প্ৰৱেশ কৰা তৃতীয়গৰাকী ভাৰতীয় মহিলা। তেওঁ ২০০২ চনত বুছানত অনুষ্ঠিত এছিয়ান গেমছত মহিলাৰ ৮০০ মিটাৰ আৰু ৪ × ৪০০ মিটাৰ মহিলা ৰিলে দৌৰত স্বৰ্ণ পদক লাভ কৰিছিল। তেওঁ অৰ্জুন বঁটা, মেজৰ ধ্যান চান্দ খেলৰত্ন বঁটা আৰু পদ্মশ্ৰী বঁটা লাভ কৰিছে।
পেছাদাৰী এথলেটিক্স কেৰিয়াৰ
বীণামোল আৰু তেওঁৰ ভাতৃ কে. এম. বিনু কোনো এক ডাঙৰ আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাত পদক লাভ কৰা প্ৰথম ভাৰতীয় সহোদৰ। বিনুৱে পুৰুষৰ ৮০০ মিটাৰ দৌৰত ৰূপৰ পদক লাভ কৰিছিল।
অলিম্পিক
২০০০ চনৰ জহৰকালীন অলিম্পিকৰ আগলৈকে বীণামোল বহুলাংশে অপৰিচিত আছিল। সেইবাৰ তেওঁ পি. টি. উষা আৰু চাইনী উইলছনৰ পিছত অলিম্পিকৰ ছেমি ফাইনেলত প্ৰৱেশ কৰা তৃতীয়গৰাকী ভাৰতীয় মহিলা হিচাপে পৰিগণিত হয়। উল্লেখ্য যে উষা আৰু উইলছনে ১৯৮৪ চনৰ লছ এঞ্জেলছ অলিম্পিকত ক্ৰমে ৪০০ মিটাৰ হাৰ্ডলছ আৰু ৮০০ মিটাৰ দৌৰত এই কৃতিত্ব অৰ্জন কৰিছিল।
এছিয়ান গেমছ
তেওঁ ২০০২ চনত বুছানত অনুষ্ঠিত এছিয়ান গেমছত মহিলাৰ ৮০০ মিটাৰ আৰু ৪ × ৪০০ মিটাৰ মহিলা ৰিলে দৌৰত স্বৰ্ণ পদক লাভ কৰিছিল।১২৩
সফলতা
| ২০০০ | এছিয়ান এথলেটিক্স চেম্পিয়নশ্বিপ | জাকাৰ্টা, ইণ্ডোনেছিয়া | ৪ × ৪০০ মিটাৰ ৰিলে | ৩:৩১.৫৪ | |
| ৪০০ মিটাৰ | ৫১.৪১ | ||||
| ২০০২ | এছিয়ান গেমছ | বুছান, দক্ষিণ কোৰিয়া | ৮০০ মিটাৰ | ২:০৪.১৭ | |
| ৪ × ৪০০ মিটাৰ ৰিলে | ৩:৩০.৮৪ | ||||
| ২০০৪ | অলিম্পিক গেমছ | এথেন্স, গ্ৰীচ | ষষ্ঠ | ৪ × ৪০০ মিটাৰ ৰিলে | ৩:২৬.৮৯ (ৰাষ্ট্ৰীয় অভিলেখ) |
বঁটা আৰু সন্মান
এথলেটিক্স কেৰিয়াৰত লাভ কৰা অনুকৰণীয় সফলতাৰ বাবে বীণামোলক ২০০০ চনত অৰ্জুন বঁটা প্ৰদান কৰা হয়।৪ তেওঁ ২০০২-২০০৩ বৰ্ষত ভাৰতৰ সৰ্বোচ্চ ক্ৰীড়া সন্মান মেজৰ ধ্যান চান্দ খেলৰত্ন বঁটা (বৰ্তমানৰ মেজৰ ধ্যান চান্দ খেলৰত্ন বঁটা) লাভ কৰে। ২০০৪ চনত তেওঁক ভাৰতৰ চতুৰ্থ সৰ্বোচ্চ অসামৰিক সন্মান পদ্মশ্ৰী প্ৰদান কৰা হয়।
তথ্যসূত্ৰ
- ↑ (16 October 2002). Kombodinjal basks in Beenamol, Binu's glory. Rediff
- ↑ Sen Gupta, Abhijit. (16 May 2002). She's been at it. দ্য হিন্দু
- ↑ (19 November 2004). 'Star of the Year' award for Beenamol. দ্য হিন্দু
- ↑ Arjun Award - Sports. ভাৰতীয় অলিম্পিক সংঘ
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কে. এম. বীণামোল” প্ৰবন্ধৰ সংশোধন ৬৩৬৯৩২ (২৩ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।