অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

অবিনাশ ছাব্‌লে

অবিনাশ মুকুন্দ ছাব্‌লে (Avinash Mukund Sable; জন্ম: ১৩ ছেপ্টেম্বৰ ১৯৯৪) এগৰাকী ভাৰতীয় ট্ৰেক এণ্ড ফিল্ড এথলীট। ক্ৰীড়াৰ এই বিভাগত তেওঁ ৩০০০ মিটাৰ ষ্টীপলচেজত অংশগ্ৰহণ কৰে। ২০২২ চনৰ কমনৱেলথ গেমছত ৰূপৰ পদক লাভ কৰা অবিনাশে ৮:১১.২০ ছেকেণ্ডৰ ৰাষ্ট্ৰীয় অভিলেখ গঢ়িছিল।

হালনাগাদ: ৮ ছেপ্তেম্বৰ ২০২৪ ৪০৪ শব্দ · ২ মিনিট সংগৃহীত ৭৫
সংশোধনৰ পৰামৰ্শ

অবিনাশ মুকুন্দ ছাব্‌লে (Avinash Mukund Sable; জন্ম: ১৩ ছেপ্টেম্বৰ ১৯৯৪) এগৰাকী ভাৰতীয় ট্ৰেক এণ্ড ফিল্ড এথলীট। ক্ৰীড়াৰ এই বিভাগত তেওঁ ৩০০০ মিটাৰ ষ্টীপলচেজত অংশগ্ৰহণ কৰে। ২০২২ চনৰ কমনৱেলথ গেমছত ৰূপৰ পদক লাভ কৰা অবিনাশে ৮:১১.২০ ছেকেণ্ডৰ ৰাষ্ট্ৰীয় অভিলেখ গঢ়িছিল।১ ৰাষ্ট্ৰীয় অভিলেখ গঢ়াৰ ক্ষেত্ৰত এই ক্ৰমৰ সংখ্যা আছিল নৱম।২

প্ৰাথমিক জীৱন

১৯৯৪ চনৰ ১৩ ছেপ্টেম্বৰত মহাৰাষ্ট্ৰৰ বীদ জিলাৰ মাণ্ডৱাত এটি কৃষক পৰিয়ালত তেওঁ জন্মগ্ৰহণ কৰিছিল। নিজ এলেকাত পৰিবহণৰ ব্যৱস্থা নথকা বাবে ছয় বছৰ বয়সৰ পৰাই তেওঁ ঘৰ আৰু স্কুলৰ মাজৰ ৬ কিলোমিটাৰ (৩.৭ মাইল) দূৰত্ব দৌৰি বা খোজ কাঢ়ি অহা-যোৱা কৰিছিল।৩৪ দ্বাদশ শ্ৰেণী সম্পূৰ্ণ কৰাৰ পিছত তেওঁ ভাৰতীয় সেনাৰ ৫মহাৰ ৰেজিমেণ্টত যোগদান কৰে, এই পৰিপ্ৰেক্ষিতত ২০১৩–২০১৪ চনত তেওঁৰ চিয়াচেন হিমবাহত পোষ্টিং হয়। ২০১৫ চনত প্ৰথমে উত্তৰ-পশ্চিম ৰাজস্থানৰ মৰুভূমিত আৰু তাৰ পিছতে একেটা চনতে ছিকিমত তেওঁৰ পোষ্টিং হয়।৫ প্ৰথমাৱস্থাত অৰ্থাৎ ২০১৫ চনত সহকৰ্মীসকলৰ আগ্ৰহত তেওঁ আন্তঃসেনা ক্ৰছ ক্ৰাণ্টি দৌৰত অংশগ্ৰহণ কৰিছিল, পিছত প্ৰশিক্ষক অমৃশ কুমাৰৰ অধীনত তেওঁ ষ্টীপলচেজলৰ প্ৰশিক্ষণ গ্ৰহণ কৰে।৪৬ অতিৰিক্ত ওজন থকা ছাবলেয়ে তিনি মাহত ২০ কিলোগ্ৰাম (৪৪ পাউণ্ড) ওজন কমাবলৈ সক্ষম হয়, তাৰ পাছত ৰাষ্ট্ৰীয় শিবিৰত যোগদান কৰে য’ত তেওঁক নিকোলাই স্নেছাৰেভে প্ৰশিক্ষণ দিছিল। ২০১৮ চনত তেওঁ পুনৰাই আগৰ প্ৰশিক্ষকজনৰ ওচৰলৈ উভতি যায়।৩

কেৰিয়াৰ

ভৰিৰ গোৰোহাৰ আঘাতৰ বাবে ২০১৮ চনৰ এছিয়ান গেমছৰ বাবে যোগ্যতা অৰ্জন কৰিব নোৱাৰাৰ পিছত ছাব্‌লেয়ে ভুৱনেশ্বৰত অনুষ্ঠিত ২০১৮ চনৰ ৰাষ্ট্ৰীয় অপেন চেম্পিয়নশ্বিপত ৮:২৯.৮০ ছেকেণ্ডৰ সময়েৰে গোপাল ছাইনীৰ ৩৭ বছৰীয়া ৰাষ্ট্ৰীয় অভিলেখ ভংগ কৰে। ২০১৯ চনৰ মাৰ্চ মাহত পাটিয়ালাত অনুষ্ঠিত হোৱা ফেডাৰেচন কাপত তেওঁ ৮:২৮.৯৪ ছেকেণ্ডৰ নতুন ৰাষ্ট্ৰীয় অভিলেখ গঢ়ি৭ ২০১৯ চনৰ এছিয়ান এথলেটিকছ চেম্পিয়নশ্বিপ আৰু ২০১৯ চনৰ বিশ্ব এথলেটিকছ চেম্পিয়নশ্বিপৰ বাবে যোগ্যতা অৰ্জন কৰিছিল।৮ দীনা ৰাম (১৯৯১)ৰ পিছৰে পৰা তেওঁ ভাৰতৰ পৰা বিশ্ব চেম্পিয়নশ্বিপৰ বাবে যোগ্যতা অৰ্জন কৰা প্ৰথমজন পুৰুষ ষ্টীপলচেজাৰ হিচাপে পৰিগণিত হয়।৯

২০১৯ চনত ডোহাত অনুষ্ঠিত এছিয়ান এথলেটিকছ চেম্পিয়নশ্বিপত ছাব্‌লেয়ে ৮:৩০.১৯ সময়েৰে ৰূপৰ পদক লাভ কৰিবলৈ সক্ষম হয়।৭ ২০১৯ চনৰ ১ অক্টোবৰত তেওঁ পুনৰ বিশ্ব চেম্পিয়নশ্বিপত নিজৰ ৰাষ্ট্ৰীয় অভিলেখ ভংগ কৰি হিটছত ৮:২৫.২৩ চেকেণ্ড সময় লয়। অৱশ্যে আকস্মিকভাৱে তেওঁ সপ্তম স্থান দখল কৰি ফাইনেলৰ বাবে প্ৰতিদ্বন্দ্বিতা কৰাৰ বাবে অযোগ্য বিবেচিত হয়।১০ কিন্তু ভাৰতীয় এথলেটিকছ ফেডাৰেচনৰ সফল আবেদনৰ পিছত ছাব্‌লেক ফাইনেলত অন্তৰ্ভুক্ত কৰা হয় আৰু বিশ্ব চেম্পিয়নশ্বিপত ৩০০০ মিটাৰ ষ্টীপলচেজৰ ফাইনেলত যোগ্যতা অৰ্জন কৰা প্ৰথমজন ভাৰতীয় হিচাপে পৰিগণিত হয়।১১ তেওঁ ফাইনেলত ৰাষ্ট্ৰীয় অভিলেখ আৰু অধিক উন্নত কৰি ৮:২১.৩৭ চেকেণ্ডলৈ ১৬জন দৌৰবিদৰ ভিতৰত ১৩ নম্বৰ স্থান দখল কৰে,১২ আৰু ২০২০ চনৰ গ্ৰীষ্মকালীন অলিম্পিকৰ বাবে যোগ্যতা অৰ্জন কৰে।১৩১৪

২০২০ চনৰ দিল্লী হাফ মাৰাথনত ছাব্‌লেয়ে ৬১ মিনিটতকৈও কম সময়ত দৌৰ সম্পূৰ্ণ কৰি এক নতুন ৰাষ্ট্ৰীয় অভিলেখ গঢ়িছিল।১৫১৬

২০২০ চনৰ গ্ৰীষ্মকালীন অলিম্পিকত ছাব্‌লেয়ে হিটছত সপ্তম স্থান দখল কৰি ৮:১৮.১২ ছেকেণ্ডত নতুন ৰাষ্ট্ৰীয় অভিলেখ গঢ়িছিল। ২০২২ চনত ছেবলে আৰু ২টা ৰাষ্ট্ৰীয় অভিলেখ গঢ়িছিল, প্ৰথমে ইণ্ডিয়ান গ্ৰেণ্ড প্ৰিস্কত (৮:১৬.২১), আৰু তাৰ পিছত ৰাবাটত অনুষ্ঠিত হোৱা মিটিং ইণ্টাৰনেশ্যনেল মহম্মদ-VIত (৮:১২.৪৮), ৫ম স্থান লাভ কৰে।১৭১৮

২০২২ চনৰ কমনৱেলথ গেমছত ছেবলেয়ে ৮:১১.২০ ছেকেণ্ডৰ নতুন ৰাষ্ট্ৰীয় অভিলেখৰে ৰূপৰ পদক লাভ কৰে।২ ইয়াৰোপৰি ১৯৯৪ চনৰ পিছত কমনৱেলথ গেমছত কেনিয়াৰ বাহিৰৰ কোনো খেলুৱৈয়ে পুৰুষৰ ৩০০০ মিটাৰ ষ্টীপলচেজত পদক লাভ কৰা এয়াই আছিল প্ৰথম।১৯

২০২৩ চনৰ বিশ্ব এথলেটিকছ ক্ৰছ ক্ৰাণ্টি চেম্পিয়নশ্বিপত অবিনাশ ছাব্‌লেয়ে ৩৫ নম্বৰ স্থান দখল কৰিছিল। ১০০ জনতকৈ অধিক খেলুৱৈৰ খেলপথাৰত তেওঁ ১০ কিলোমিটাৰ দূৰত্বত ৩১:৪৩ সময় দখল কৰে। ২০২২ চনৰ এছিয়ান গেমছত ৩০০০ মিটাৰ ষ্টীপলচেজত তেওঁ ভাৰতৰ হৈ প্ৰথমটো সোণৰ পদক অৰ্জন কৰে।

তথ্যসূত্ৰ

  1. ↑ Avinash Mukund SABLE · Profile · World Athletics. worldathletics.org
  2. ↑ (6 August 2022). Sable ends Kenyan steeplechase hegemony at CWG, wins silver medal. The Indian Express
  3. ↑ Koshie, Nihal. (19 March 2019). Federation Cup: Avinash Sable, a man for all seasons. The Indian Express
  4. ↑ Siwach, Vinay. (18 March 2019). From Siachen to Worlds, soldier Avinash Sable completes incredible journey with national record. Scroll.in
  5. ↑ Swaminathan, Swaroop. (19 March 2019). Avinash Sable's long and winding road to worlds. The New Indian Express
  6. ↑ Selvaraj, Jonathan. (29 September 2018). Soldier turned steeplechaser, Avinash Sable targets Olympics after breaking 37-year-old national record. ESPN.in
  7. ↑ Rajaraman, G. (22 April 2019). Asian Athletics Championships: Avinash Sable shows maturity despite trepidation to bag silver on international debut. Firstpost
  8. ↑ Halder, Aditya K. (19 March 2019). Meteoric rise of Avinash Sable in Fed Cup. India Today
  9. ↑ Aga, Oumar. (13 September 2019). Conquered Beed, survived Kargil, Army steeplechaser's Pune gold is 'world championship' practice run. Hindustan Times
  10. ↑ 3000 Metres Steeplechase Summary. IAAF
  11. ↑ (1 October 2019). IAAF World Championships: Avinash Sable included in Steeplechase final after India's successful appeal. India Today
  12. ↑ 3000 Metres Steeplechase Result. IAAF
  13. ↑ (October 5, 2019). Really happy after qualifying for Tokyo 2020 Olympics: Avinash Sable after World Championship heroics. India Today
  14. ↑ (5 October 2019). India's Avinash Sable qualifies for Tokyo Olympics after smashing 3000m steeplechase national record for second time. The Hindu
  15. ↑ (November 29, 2020). Olympic-bound Avinash Sable sets new national record in Delhi half-marathon. India Today
  16. ↑ (2020-11-29). Airtel Delhi Half Marathon · Ethiopians Walelegn, Yehualaw win elite races with record times. The Hindu
  17. ↑ Avinash Mukund SABLE · Profile · World Athletics. worldathletics.org
  18. ↑ Indian Grand Prix - 2 « Athletics Federation of India
  19. ↑ Commonwealth Games 2022 athletics: India's Avinash Sable denies Kenya a steeplechase podium clean sweep for first time since 1994. Olympics.com

সম্পৰ্কিত শ্ৰেণী

ভাৰতৰ ক্ৰীড়াবিদ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “অবিনাশ ছাব্‌লে” প্ৰবন্ধৰ সংশোধন ৪৩১১৯৩ (৮ ছেপ্তেম্বৰ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।