অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

এম. দি. বালছাম্মা

মানাতুৰ দেৱাশিয়া বালছাম্মা (ইংৰাজী: Manathoor Devasia Valsamma; জন্ম: ২১ অক্টোবৰ ১৯৬০) এগৰাকী অৱসৰপ্ৰাপ্ত ভাৰতীয় খেলুৱৈ। তেওঁ এছিয়ান গেমছত ব্যক্তিগত স্বৰ্ণ পদক লাভ কৰা দ্বিতীয়গৰাকী ভাৰতীয় মহিলা আৰু ভাৰতীয় ভূমিত এই পদক লাভ কৰা প্ৰথমগৰাকী ভাৰতীয় মহিলা।

হালনাগাদ: ২৭ মাৰ্চ ২০২৬ ১৯১ শব্দ · ১ মিনিট সংগৃহীত ৭০
সংশোধনৰ পৰামৰ্শ

মানাতুৰ দেৱাশিয়া বালছাম্মা (ইংৰাজী: Manathoor Devasia Valsamma; জন্ম: ২১ অক্টোবৰ ১৯৬০) এগৰাকী অৱসৰপ্ৰাপ্ত ভাৰতীয় খেলুৱৈ। তেওঁ এছিয়ান গেমছত ব্যক্তিগত স্বৰ্ণ পদক লাভ কৰা দ্বিতীয়গৰাকী ভাৰতীয় মহিলা আৰু ভাৰতীয় ভূমিত এই পদক লাভ কৰা প্ৰথমগৰাকী ভাৰতীয় মহিলা।

জীৱন আৰু কেৰিয়াৰ

১৯৬০ চনৰ ২১ অক্টোবৰত কেৰালাৰ কন্নুৰ জিলাৰ অট্টাথাইত বালছাম্মাৰ জন্ম হৈছিল। স্কুলীয়া দিনতে তেওঁ এথলেটিকছ কেৰিয়াৰ আৰম্ভ কৰিছিল যদিও অধিক অধ্যয়নৰ বাবে মাৰ্চি কলেজ১ পলাক্কাডলৈ যোৱাৰ পিছতহে খেলক অধিক গুৰুত্বসহকাৰে লয়। ১৯৭৯ চনত পুনেত অনুষ্ঠিত আন্তঃবিশ্ববিদ্যালয় চেম্পিয়নশ্বিপত ১০০ মিটাৰ হাৰ্ডলছ আৰু পেণ্টাথলনত কেৰালাৰ হৈ তেওঁৰ প্ৰথম পদক লাভ কৰে।

তেওঁ ভাৰতীয় ৰেলৰ দক্ষিণ সংমণ্ডলত যোগদান কৰে আৰু এ. কে. কুট্টিৰ ওচৰত প্ৰশিক্ষণ লয়৷২ ১৯৮১ চনত বাংগালুৰুত অনুষ্ঠিত আন্তঃৰাজ্যিক সভাত ৪০০ মিটাৰ ফ্লেট আৰু ৪০০ মিটাৰ আৰু ১০০ মিটাৰ ৰিলেৰ উপৰিও ৫টা সোণৰ পদক, ১০০ আৰু ৪০০ মিটাৰৰ ওপৰৰ হাৰ্ডলছত জয়লাভ কৰি এক বৃহৎ সাফল্য লাভ কৰিছিল। সেই প্ৰদৰ্শনে তেওঁক ৰেলৱে আৰু ৰাষ্ট্ৰীয় দলত কেৰিয়াৰত অনুঘটকৰ দৰে কাম কৰে আৰু ১৯৮২ চনত তেওঁ নতুন অভিলেখৰে ৪০০ মিটাৰ হাৰ্ডলছৰ ওপৰত ৰাষ্ট্ৰীয় চেম্পিয়ন হয়, তেওঁৰ সেই প্ৰদৰ্শন এছিয়াৰ অভিলেখতকৈও ভাল আছিল।

১৯৮২ চনৰ জৱাহৰলাল নেহৰু ষ্টেডিয়ামত অনুষ্ঠিত এছিয়ান গেমছত তেওঁ ঘৰুৱা দৰ্শকৰ সন্মুখত ৫৮.৪৭ ছেকেণ্ডত ৪০০ মিটাৰ হাৰ্ডলছত স্বৰ্ণ পদক লাভ কৰি ভাৰতীয় আৰু এছিয়াৰ অভিলেখ সৃষ্টি কৰে।৩

তথ্যসূত্ৰ

  1. ↑ Mercy College, Palakkad
  2. ↑ When bitterness, sadness came together: Valsamma
  3. ↑ The Queen Of Jumping Hurdles: MD Valsamma

সম্পৰ্কিত শ্ৰেণী

ভাৰতৰ ক্ৰীড়াবিদমহিলা খেলুৱৈ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “এম. দি. বালছাম্মা” প্ৰবন্ধৰ সংশোধন ৫৯৫২৬৬ (২৭ মাৰ্চ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।