ভাৰতৰ এথলীট
৩৬ প্ৰবন্ধ
-
হিমা দাস
হিমা দাস অসমৰ ধিং গাঁৱৰ ভাৰতীয় ট্ৰেক-এণ্ড-ফিল্ড দৌৰবিদ, যি মূলতঃ ৪০০ মিটাৰ স্প্ৰিণ্টত খ্যাত। ২০১৮ চনত তেওঁ এছিয়ান গেমছত ৰূপৰ পদক লাভ কৰাৰ লগতে বিশ্ব পৰ্যায়তো পদক অৰ্জন কৰি ভাৰতীয় এথলেটিক্সত বিশেষ স্থান অধিকাৰ কৰে।
-
দীপা মালিক
দীপা মালিক (Deepa Malik; জন্ম ৩০ ছেপ্টেম্বৰ ১৯৭০) এগৰাকী ভাৰতীয় এথলীট। ২০১৬ চনৰ গ্ৰীষ্মকালীন পেৰালিম্পিকত ৰূপৰ পদক লাভ কৰি তেওঁ পেৰালিম্পিক ক্ৰীড়াত পদক লাভ কৰা প্ৰথম গৰাকী ভাৰতীয় মহিলা হৈ পৰিল। তেওঁ বিভিন্ন দুঃসাহসিক ক্ৰীড়াত অংশ গ্ৰহণ কৰাৰ বাবে বিখ্যাত।
-
দেৱেন্দ্ৰ ঝাঝাৰীয়া
দেৱেন্দ্ৰ ঝাঝাৰীয়া (Devendra Jhajharia; জন্ম: ১০ জুন ১৯৮১) এজন ভাৰতীয় পেৰালিম্পিক জেভলীন থ্ৰ' খেলুৱৈ। পেৰালিম্পিকত দুটাকৈ ব্যক্তিগত সোণৰ পদক লাভ কৰা তেওঁ প্ৰথম গৰাকী ভাৰতীয় খেলুৱৈ।
-
নীৰজ চোপ্ৰা
চুবেদাৰ নীৰজ চোপ্ৰা (Neeraj Chopra; জন্ম: ২৪ ডিচেম্বৰ ১৯৯৭) ২০১৮ চনৰ কমনৱেলথ গেমছত তেওঁ দেশৰ পতাকা ধাৰণ কৰিছিল। তেওঁৰ কেৰিয়াৰৰ আৰম্ভণিত, তেওঁ ২০১৬ চনত বিশ্ব জুনিয়ৰ চেম্পিয়নশ্বিপ খিতাপ জয় কৰিছিল আৰু বিশ্বৰ ২০ বছৰৰ তলৰ ৮৬.৪৮ মিটাৰ অভিলেখ গঢ়িছিল।
-
নৰ্মান প্ৰিচাৰ্ড
নৰ্মান গিলবাৰ্ট প্ৰিচাৰ্ড (Norman Gilbert Pritchard; ২৩ জুন ১৮৭৫ – ৩০ অক্টোবৰ ১৯২৯), যাক তেওঁৰ মঞ্চ নাম নৰ্মান ট্ৰেভাৰ বুলিও জনা যায়, এজন ব্ৰিটিছ-ভাৰতীয় খেলুৱৈ আৰু অভিনেতা আছিল যি ভাৰতক প্ৰতিনিধিত্ব কৰি ১৯০০ চনৰ পেৰিছ অলিম্পিকত এথলেটিকছত দুটা ৰূপৰ পদক অৰ্জন কৰিছিল।
-
মাৰীয়াপ্পান থানগাভেলু
মাৰীয়াপ্পান থানগাভেলু (Mariyappan Thangavelu; জন্ম: ২৮ জুন ১৯৯৫) এজন ভাৰতীয় পেৰালিম্পিক হাই জাম্প খেলুৱৈ। তেওঁ ভাৰতক প্ৰতিনিধিত্ব কৰি ২০১৬ চনত ব্ৰাজিলৰ ৰিঅ' দি জেনেৰিঅ'ত অনুষ্ঠিত গ্ৰীষ্মকালীন পেৰালিম্পিকত হাই জাম্প টি৪২ ইভেণ্টত স্বৰ্ণ পদক আৰু ২০২০ চনত জাপানৰ টকিঅ'ত অনুষ্ঠিত গ্ৰীষ্মকালীন…
-
অঞ্জু ববী জৰ্জ
অঞ্জু ববী জৰ্জ (Anju Bobby George; জন্ম: ১৯ এপ্ৰিল ১৯৭৭) এজন অৱসৰপ্ৰাপ্ত ভাৰতীয় এথলীট। ২০০৩ চনত পেৰিছত অনুষ্ঠিত এথলেটিকছৰ বিশ্ব চেম্পিয়নশ্বিপত লং জাম্পত ৬.৭০ মিটাৰ জঁপিয়াই ব্ৰঞ্জৰ পদক অৰ্জন কৰি তেওঁ ইতিহাস সৃষ্টি কৰিছিল।
-
পি. টি. উষা
পিলাৱুল্লাকাণ্ডি থেক্কেপৰম্বিল উষা (চমুকৈ পি. টি. উষা, জন্ম ২৭ জুন ১৯৬৪) এগৰাকী অৱসৰপ্ৰাপ্ত ভাৰতীয় ট্ৰেক্ এণ্ড্ ফিল্ড্ এথলিট। ১৯৭৯ চনৰ পৰাই তেওঁ ভাৰতীয় এথলেটিকছৰ সৈতে জড়িত হৈ আছে। তেওঁক ভাৰতীয় ট্ৰে'ক্ এণ্ড্ ফিল্ডৰ ৰাণী বুলিও জনা যায়।
-
প্ৰবীণ কুমাৰ
প্ৰবীণ কুমাৰ (Praveen Kumar; ১৫ মে' ২০০৩, নয়ডা, উত্তৰ প্ৰদেশ) এজন ভাৰতীয় পেৰা হাই জাম্প এথলীট। তেওঁ ২০২১ চনত অনুষ্ঠিত টকিঅ' ২০২০ গ্ৰীষ্মকালীন পেৰালিম্পিকত ভাৰতক প্ৰতিনিধিত্ব কৰি ২.০৭ মিটাৰ অতিক্ৰম কৰি পুৰুষৰ হাই জাম্প টি৬৪ শ্ৰেণীত ৰূপৰ পদক অৰ্জন কৰিছিল।
-
মিলখা সিং
মিলখা সিং (Milkha Singh; ২০ নম্বেৱৰ,১৯২৯ – ১৮ জুন, ২০২১) এজন ভূতপূৰ্ব ভাৰতীয় ট্ৰেক এণ্ড ফিল্ড দৌৰবিদ। উৰন্ত শিখ (The Flying Sikh) নামেৰেও জনাজাত সিঙে ভাৰতীয় সেনাত কৰ্মৰত হৈ থাকোঁতে খেলজগতত প্ৰৱেশ কৰে।
-
শাৰদ কুমাৰ
শাৰদ কুমাৰ (Sharad Kumar; জন্ম: ১ মাৰ্চ ১৯৯২) এজন ভাৰতীয় পেৰা হাই জাম্পাৰ আৰু প্ৰাক্তন বিশ্বৰ শীৰ্ষ স্থানৰ খেলুৱৈ। বিহাৰৰ পাটনাত জন্মগ্ৰহণ কৰা শাৰদ কুমাৰে ২০১০ চনৰ এছিয়ান পেৰা গেমছত আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰথমবাৰ প্ৰতিদ্বন্দ্বিতা কৰে।
-
সুমিত আন্তিল
সুমিত আন্তিল (Sumit Antil, জন্ম ৬ জুলাই ১৯৯৮) এগৰাকী ভাৰতীয় পেৰা-এথলীট আৰু জেভলীন থ্ৰ' খেলুৱৈ। তেওঁ ২০২১ চনত জাপানৰ টকিঅ'ত অনুষ্ঠিত ২০২০ গ্ৰীষ্মকালীন পেৰালিম্পিকত পুৰুষৰ জেভলীন থ্ৰ' এফ৬৪ শ্ৰেণীত সোণৰ পদক লাভ কৰে। ফাইনেলত ৬৮.৫৫ মিটাৰ জেভলীন নিক্ষেপ কৰি তেওঁ বিশ্ব অভিলেখ গঢ়ে।
-
দূতী চান্দ
দূতী চান্দ (Dutee Chand; জন্ম: ৩ ফেব্ৰুৱাৰী ১৯৯৬) এগৰাকী ভাৰতীয় দৌৰবিদ বা স্প্ৰিণ্টাৰ আৰু বৰ্তমান মহিলাৰ ১০০ মিটাৰ ইভেণ্টত জাতীয় ৰেকৰ্ডধাৰী। দূতী গ্ৰীষ্মকালীন অলিম্পিকৰ মহিলাৰ ১০০ মিটাৰ প্ৰতিযোগিতাত নিৰ্বাচিত তৃতীয় গৰাকী ভাৰতীয় মহিলা।
-
বৰুণ সিং ভাটী
বৰুণ সিং ভাটী (Varun Singh Bhati) এজন ভাৰতীয় পেৰালিম্পিক হাই জাম্প খেলুৱৈ। তেওঁ পলিঅ' ৰোগত আক্ৰান্ত। তেওঁ বেংগালুৰুৰ ভাৰতীয় ক্ৰীড়া নিগমত প্ৰশিক্ষণ গ্ৰহণ কৰিছে তথা গ'স্পৰ্ট ফাউণ্ডেশ্যনে তেওঁক আৰ্থিক দিশত সহায় কৰে।
-
ভোগেশ্বৰ বৰুৱা
ভোগেশ্বৰ বৰুৱা (Bhogeswar Baruah, জন্ম: ৩ ছেপ্টেম্বৰ ১৯৪০) ভাৰতৰ এগৰাকী আগশাৰীৰ খেলুৱৈ তথা প্ৰশিক্ষক। তেওঁ হৈছে অৰ্জুন বঁটা বিজয়ী প্ৰথম অসমীয়া। তেওঁৰ জন্ম হৈছিল ৩ ছেপ্তেম্বৰ ১৯৪০ চনত শিৱসাগৰত।
-
গিৰীশা নাগাৰাজেগৌড়া
গিৰীশা হোচানাগাৰা নাগাৰাজেগৌড়া (Girisha Hosanagara Nagarajegowda; জন্ম: ২৬ জানুৱাৰী ১৯৮৮) এগৰাকী ভাৰতীয়ৰ পেৰা-এথলীট তথা হাই জাম্প খেলুৱৈ। গিৰীশ এন গৌড়া নামেৰেও পৰিচিত তেওঁৰ জন্ম বাওঁ ভৰিৰ প্ৰতিবন্ধকতাৰ সৈতে হৈছিল।
-
নিশাদ কুমাৰ
নিশাদ কুমাৰ (Nishad Kumar) এগৰাকী ভাৰতীয় পেৰা হাই জাম্প এথলীট। তেওঁ ২০২১ চনত অনুষ্ঠিত টকিঅ' ২০২০ গ্ৰীষ্মকালীন পেৰালিম্পিকত ভাৰতক প্ৰতিনিধিত্ব কৰি প্ৰথমবাৰলৈ পেৰালিম্পিক প্ৰতিদ্বন্দ্বিতা কৰি ২.০৬ মিটাৰ জঁপিয়াই নতুন এছিয়ান অভিলেখৰ সৈতে পুৰুষৰ হাই জাম্প টি৪৭ শ্ৰেণীত ৰূপৰ পদক অৰ্জন কৰিছিল।
-
বিনোদ কুমাৰ
বিনোদ কুমাৰ (Vinod Kumar, জন্ম ২০ জুলাই ১৯৮০) এগৰাকী ভাৰতীয় পেৰা-এথলীট তথা ডিচকাছ থ্ৰ' খেলুৱৈ। তেওঁ ২০২১ চনত জাপানৰ টকিঅ'ত অনুষ্ঠিত ২০২০ গ্ৰীষ্মকালীন পেৰালিম্পিকৰ পুৰুষৰ ডিচকাছ থ্ৰ'ৰ এফ৫২ শাখাত ব্ৰঞ্জৰ পদকৰ বাবে স্থান লাভ কৰিছিল, পিছে টকিঅ' পেৰালিম্পিকৰ প্ৰতিযোগিতা সমিতিয়ে তেওঁক প্ৰতিবন্ধকতা…
-
মুৰলীকান্ত পেটকাৰ
মুৰলীকান্ত পেটকাৰ (Murlikant Petkar) ভাৰতৰ প্ৰথম পেৰালিম্পিক স্বৰ্ণ পদক বিজয়ী। তেওঁ জাৰ্মানীৰ হাইডেলবাৰ্গত অনুষ্ঠিত ১৯৭২ চনৰ গ্ৰীষ্মকালীন পেৰালিম্পিকত স্বৰ্ণ পদক লাভ কৰিছিল। তেওঁ ৫০ মিটাৰ ফ্ৰীষ্টাইল সাঁতোৰ প্ৰতিযোগিতাত ৩৭.৩৩ ছেকেণ্ডৰ বিশ্ব অভিলেখ গঢ়ি স্বৰ্ণ পদক অৰ্জন কৰিছিল।
-
যোগিন্দৰ সিং বেদী
যোগিন্দৰ সিং বেদী (Joginder Singh Bedi) এজন ভাৰতীয় ট্ৰেক এণ্ড ফিল্ড পেৰালিম্পিক খেলুৱৈ। তেওঁ ১৯৮৪ চনৰ ষ্টোক মেণ্ডেভিল গ্ৰীষ্মকালীন পেৰালিম্পিকত ভাৰতৰ হৈ প্ৰতিদ্বন্দ্বিতা কৰি তেওঁ তিনিটা পদক জিকিছিল।
-
সুন্দৰ সিং গুৰ্জাৰ
সুন্দৰ সিং গুৰ্জাৰ (Sundar Singh Gurjar) এজন ভাৰতীয় পেৰালিম্পিক জেভলীন থ্ৰ', শ্বট পুট আৰু ডিচকাছ থ্ৰ' এথলীট যি এফ৪৬ শাখাত প্ৰতিদ্বন্দ্বিতা কৰে। ৰাজস্থান ৰাজ্যত কাৰাউলিৰ নিবাসী তেওঁ পুৰুষৰ জেভলীন এফ৪৬ প্ৰতিযোগিতাত টকিঅ' ২০২০ পেৰালিম্পিকত ব্ৰঞ্জৰ পদক লাভ কৰে।
-
কমলপ্ৰীত কৌৰ
কমলপ্ৰীত কৌৰ (Kamalpreet Kaur, জন্ম: ৪ মাৰ্চ ১৯৯৬) এগৰাকী ভাৰতীয় এথলীট আৰু ডিচকাছ থ্ৰ' খেলুৱৈ। ডিচকাছ থ্ৰ' প্ৰতিযোগিতাত ৬৫ মিটাৰ বাধা ভংগ কৰা তেওঁ প্ৰথম ভাৰতীয় মহিলা। ৰাহুল দ্ৰাবিড় এথলীট মেণ্টৰশ্বিপ কাৰ্যসূচীৰ জৰিয়তে তেওঁক গোস্পৰ্টছ ফাউণ্ডেশ্যনে আৰ্থিকভাৱে সহায় কৰে।
-
থোনাকল গোপী
থোনাকল গোপী (জন্ম: ২৪ মে' ১৯৮৮) এজন ভাৰতীয় এথলীট। তেওঁ ২০১৬ চনৰ ব্ৰাজিলৰ ৰিঅ ডি জেনেৰিঅত অনুষ্ঠিত গ্ৰীষ্মকালীন অলিম্পিকৰ মাৰাথথন দৌৰ প্ৰতিযোগিতা অংশ গ্ৰহণ কৰিছিল। তেওঁ বৰ্তমান ভাৰতীয় সেনা বাহিনীত কৰ্মৰত।
-
ভীমৰাও কেচৰকাৰ
ভীমৰাও কেচৰকাৰ (Bhimrao Kesarkar) এজন ভাৰতীয় পেৰালিম্পিক খেলুৱৈ। তেওঁ ১৯৮৪ চনৰ গ্ৰীষ্মকালীন পেৰালিম্পিকত পুৰুষৰ জেভলীন এল৬ শ্ৰেণীত ৰূপৰ পদক অৰ্জন কৰিছিল।
-
মনপ্ৰীত কৌৰ
মনপ্ৰীত কৌৰ (জন্ম ৫ ৰ্মাচ,১৯৯০) ভাৰতৰ আম্বালাৰ এগৰাকী অলিম্পিক শ্বট-পুটাৰ। ২০১৭ চনত চীন দেশৰ জিনহোৱাত অনুষ্ঠিত হোৱা এছিয়ান গ্ৰেণ্ড প্ৰিস্কত ১৮.৮৬ মিটাৰৰ সোণৰ পদক বিজয়ী প্ৰৰ্দশনেৰে তেওঁ নিজকে বিশ্ব তালিকাৰ শীৰ্ষস্থানত লৈ যাবলৈ সক্ষম হৈছিল।
-
মাচেত্তিৰা ৰাজু পুভাম্মা
মাচেত্তিৰা ৰাজু পুভাম্মা (জন্মঃ ৫ জুন ১৯৯০) এগৰাকী ভাৰতীয় মহিলা দৌৰবিদ। তেওঁ ৪০০ মিটাৰ দৌৰ প্ৰতিযোগিতাত ভাৰতক প্ৰতিনিধিত্ব কৰে। তেওঁ ২০০৮ চনৰ বেইজিং অলিম্পিকত অংশগ্ৰহন কৰিছিল। বৰ্তমান এছিয়াত পুভাম্মাৰ স্থান হল দ্বিতীয়।
-
ললিতা বাবৰ
ললিতা বাবৰ (Lalita Babar জন্ম: ২ জুন, ১৯৮৯) এগৰাকী ভাৰতীয় দীৰ্ঘ দূৰত্ব দৌৰবিদ। তেওঁ মহাৰাষ্ট্ৰৰ চতাৰা জিলাৰ এখন সৰু গাঁৱত জন্মগ্ৰহণ কৰিছিল। তেওঁ সাধাৰণতে ৩০০০ মিটাৰ ষ্টিপলচেজ বিভাগত প্ৰতিদ্বন্দ্বিতা কৰে আৰু বৰ্তমান ভাৰতৰ জাতীয় ৰেকৰ্ড ধাৰী তথা একে ইভেণ্টত এছিয়ান চেম্পিয়নশ্বিপ বিজয়ী।
-
শৈলী সিং
শৈলী সিং (Shaili Singh; জন্ম: ৭ জানুৱাৰী ২০০৪) এগৰাকী ভাৰতীয় এথলীট যি লং জাম্প ইভেণ্টত প্ৰতিদ্বন্দ্বিতা কৰে। তেওঁ তেওঁৰ বয়স গোটৰ শ্ৰেণীত কনিষ্ঠতম ভাৰতীয় ৰাষ্ট্ৰীয় লং জাম্প চেম্পিয়ন আৰু ১৮-অনুৰ্ধ শ্ৰেণীত বিশ্বৰ শীৰ্ষ ২০জন লং জাম্পাৰৰ ভিতৰত স্থান লাভ কৰিছে।
-
শ্বাইনী আব্ৰাহাম
শ্বাইনী উইলছন (বিবাহৰ পূৰ্বে আব্ৰাহাম, Shiny Abraham Wilson, জন্ম ৮ মে' ১৯৬৫) এগৰাকী অৱসৰপ্ৰাপ্ত ভাৰতীয় খেলুৱৈ। তেওঁ ১৪ বছৰ ধৰি ৮০০ মিটাৰ ট্ৰেক এণ্ড ফিল্ডত ৰাষ্ট্ৰীয় চেম্পিয়ন হৈ আছে। শ্বাইনী আব্ৰাহাম উইলছনে আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাত ৭৫ বাৰতকৈও অধিক বাৰ ভাৰতক প্ৰতিনিধিত্ব কৰিছিল।
-
অশ্বিনী আক্কুঞ্জী
অশ্বিনী চিদানন্দ শেট্টী আক্কুঞ্জী (ইংৰাজী: Ashwini Chidananda Shetty Akkunji; জন্ম: ৭ অক্টোবৰ ১৯৮৭) এগৰাকী ভাৰতীয় স্প্ৰিণ্ট এথলিট। কৰ্ণাটকৰ উডুপি জিলাৰ সিদ্ধাপুৰৰ নিবাসী অশ্বিনীয়ে ৪০০ মিটাৰ দৌৰত বিশেষ পাৰদৰ্শিতা দেখুৱাইছে।