অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

মিলখা সিং

মিলখা সিং (Milkha Singh; ২০ নম্বেৱৰ,১৯২৯ – ১৮ জুন, ২০২১) এজন ভূতপূৰ্ব ভাৰতীয় ট্ৰেক এণ্ড ফিল্ড দৌৰবিদ। উৰন্ত শিখ (The Flying Sikh) নামেৰেও জনাজাত সিঙে ভাৰতীয় সেনাত কৰ্মৰত হৈ থাকোঁতে খেলজগতত প্ৰৱেশ কৰে।

হালনাগাদ: ১৮ জুন ২০২৪ ৩২৬ শব্দ · ২ মিনিট সংগৃহীত ৭৯
সংশোধনৰ পৰামৰ্শ

মিলখা সিং (Milkha Singh; ২০ নম্বেৱৰ,১৯২৯ – ১৮ জুন, ২০২১)১ এজন ভূতপূৰ্ব ভাৰতীয় ট্ৰেক এণ্ড ফিল্ড দৌৰবিদ। উৰন্ত শিখ (The Flying Sikh) নামেৰেও জনাজাত সিঙে ভাৰতীয় সেনাত কৰ্মৰত হৈ থাকোঁতে খেলজগতত প্ৰৱেশ কৰে। ২০১৩ চনলৈকে কমন্‌ৱেল্‌থ গে'ম্‌ছত ব্যক্তিগত শাখাত এথ্‌লেটিক্‌ছৰ স্বৰ্ণ পদক দখল কৰা তেখেত একমাত্ৰ ভাৰতীয় পুৰুষ। তেখেতে মেলবৰ্ণৰ ১৯৫৬ গ্ৰীষ্মকালীন অলিম্পিক, ৰোমৰ ১৯৬০ গ্ৰীষ্মকালীন অলিম্পিক আৰু টকিঅ'ৰ ১৯৬৪ গ্ৰীষ্মকালীন অলিম্পিকত অংশগ্ৰহণ কৰিছিল। ক্ৰীড়াজগতলৈ তেখেতৰ অৱদানৰ বাবে তেখেতক ভাৰতৰ চতুৰ্থ সৰ্বোচ্চ অসামৰিক সন্মান পদ্মশ্ৰী উপাধি প্ৰদান কৰা হয়।

সিঙে ভাগ লোৱা সবাতোকৈ বিখ্যাত প্ৰতিযোগিতাখন আছিল ১৯৬০ চনৰ অলিম্পিকৰ ৪০০ মিটাৰ দৌৰৰ ফাইনেল য'ত তেওঁ চতুৰ্থ স্থান দখল কৰিছিল। প্ৰতিযোগিতাৰ অন্যতম 'ফেভৰিট' হিচাপে অংশগ্ৰহণ কৰা মিলখা সিং প্ৰথম ২৫০ মিটাৰলৈকে আগবাঢ়ি আছিল যদিও তাৰপিছত বাকী প্ৰতিযোগীয়ে তেওঁক চেৰ পেলাই যায়। এই দৌৰত কেইবাটাও অভিলেখ স্থাপন হৈছিল আৰু ফটো ফিনিছৰ যোগেদি আমেৰিকাৰ অ'টিছ ডেভিছক দ্বিতীয় স্থানত থকা কাৰ্ল কৌফ্‌মেনতকৈ ১/১০০ ছেকেণ্ডৰ ব্যৱধানত বিজয়ী ঘোষণা কৰা হৈছিল। মিলখা সিঙে ইয়াত ৪৫.৭৩ ছেকেণ্ড সময়েৰে ভাৰতীয় অভিলেখ স্থাপন কৰিছিল যিটো প্ৰায় ৪০ বছৰ অক্ষত হৈ থাকে।

ভাৰতৰ বিভাজনৰ সময়ত মাউৰা হৈ পৰা মিলখা সিং নিজৰ কষ্টৰ বলেৰে পিছলৈ ভাৰতৰ ক্ৰীড়া জগতৰ তাৰকা হৈ পৰিছিল। ২০০৮ চনত সাংবাদিক ৰোহিত ব্ৰিজনাথে তেওঁক "ভাৰতৰ সৰ্বকালৰ শ্ৰেষ্ঠ এথ্‌লিট" আখ্যা দিয়ে।২ ২০১২ চনত দ্য ইণ্ডিপেণ্ডেণ্ট কাকতে কয় যে “ভাৰতৰ সকলোতকৈ সন্মানীয় অলিম্পিয়ানজন এজন সাহসী পৰাজয়ী।”৩

মিলখা সিং আৰু জীয়েক চ'নিয়া চানৱাল্‌কাই মিলি তেওঁৰ আত্মজীৱনী "The Race of My Life" লিখি উলিয়ায়।৪ এই গ্ৰন্থখনৰ ভিত্তিতে নিৰ্মাণ কৰা চলচ্চিত্ৰ "ভাগ্‌ মিলখা ভাগ্‌"-এ ২০১৩ চনত মুক্তি লাভ কৰে।৫৬৭

মিলখা সিঙক ২৪ মে' ২০২১ তাৰিখে মোহালিৰ ফৰ্টিছ চিকিৎসালয়ৰ ক'ভিড-১৯ৰ ফলত হোৱা নিউম'নিয়া বাবে ভৰ্তি কৰোৱা হয়। তেওঁৰ অৱস্থা কিছু সময়ৰ বাবে স্থিৰ হৈছিল, কিন্তু ১৮ জুন ২০২১-ত ভাৰতীয় সময় অনুসৰি নিশা ১১:৩০ বজাত তেওঁৰ মৃত্যু হয়।৮ উল্লেখযোগ্য যে তেওঁৰ পত্নী নিৰ্মল চাইনীৰ কেইদিনমান আগতে ২০২১ চনৰ ১৩ জুনত ক'ভিড-১৯ৰ বাবে মৃত্যু হৈছিল। ৯নিৰ্মল চাইনী ভাৰতীয় ৰাষ্ট্ৰীয় মহিলা ভলীবল দলৰ অধিনায়ক আছিল।

বহিঃ সংযোগ

তথ্যসূত্ৰ

  1. ↑ (19 June 2021). Milkha Singh passes away after long battle with Covid. Tridib Baparnash. দ্য টাইম্‌ছ অৱ ইণ্ডিয়া
  2. ↑ Brijnath, Rohit. (30 July 2008). The 'Flying Sikh' remembers. BBC News
  3. ↑ (29 July 2012). Opening week's action at the Games.. and what to expect. The Independent
  4. ↑ (10 July 2013). Milkha Singh: ‘My God, my religion, my beloved’. Livemint/Hindustan Times
  5. ↑ (12 July 2013). I don’t know how much people know about Milkha Singh: Farhan Akhtar. Hindustan Times
  6. ↑ (12 July 2013). Bhaag Milkha Bhaag Picks Up Well On Day One. Box Office India
  7. ↑ Ramnath, Nandini. (1 July 2013). When Milkha Singh ran for his life. Livemint/Hindustan Times
  8. ↑ Nitin Sharma. (18 June 2021). Milkha Singh no more; passes away aged 91 due to COVID-19 complications. The Indian Express
  9. ↑ Nitin Sharma. (14 June 2021). Nirmal Milkha Singh dies of Covid: 'She has been the biggest trophy for me'. The Indian Express

সম্পৰ্কিত শ্ৰেণী

ক'ভিড-১৯ বৈশ্বিক মহামাৰীত মৃত্যু হোৱা ব্যক্তিভাৰতৰ এথলীটভাৰতীয় অলিম্পিক প্ৰতিযোগীপদ্মশ্ৰী বঁটা বিজয়ী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মিলখা সিং” প্ৰবন্ধৰ সংশোধন ৪২৩৪৯৪ (১৮ জুন ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।