থোনাকল গোপী (জন্ম: ২৪ মে' ১৯৮৮)১ এজন ভাৰতীয় এথলীট। তেওঁ ২০১৬ চনৰ ব্ৰাজিলৰ ৰিঅ ডি জেনেৰিঅত অনুষ্ঠিত গ্ৰীষ্মকালীন অলিম্পিকৰ মাৰাথথন দৌৰ প্ৰতিযোগিতা অংশ গ্ৰহণ কৰিছিল।২ তেওঁ বৰ্তমান ভাৰতীয় সেনা বাহিনীত কৰ্মৰত।৩৪৫
কৰ্মজীৱন
২১ বছৰ বয়সত তেওঁ হায়দৰাবাদৰ আৰ্মি আৰ্টিলাৰি চেণ্টাৰত হাবিলদাৰ পদত যোগ দিয়ে আৰু নমহীয়া সেনা প্ৰশিক্ষণ গ্ৰহণ কৰে।৬ ২০১৪ চনত জাতীয় উন্মুক্ত এথলেটিকচত তেওঁ স্বৰ্ণ পদক জয় কৰে আৰু ২০১৬ চনৰ দক্ষিণ এছিয়ান ক্ৰীড়াত ৰেকৰ্ডসহ স্বৰ্ণ পদক জয় কৰে।
ৰেকৰ্ড
| বছৰ | প্ৰতিযোগিতা | খেলৰ স্থান | স্থান | অনুষ্ঠান | সময় | তথ্যসূত্ৰ |
|---|---|---|---|---|---|---|
| ২০১৪ | জাতীয় উন্মুক্ত এথলেটিকছ চেম্পিয়নশ্বিপ | নতুন দিল্লী, ভাৰত | ১০,০০০মি. | ২৯:৩২:২৬ | ৭ | |
| ২০১৫ | এয়াৰটেল দিল্লী হাফ মাৰাথন | নতুন দিল্লী, ভাৰত | 2nd Indian / 19th Overall | হাফ মাৰাথন | ১:০২:৪৫ | ৮ |
| ২০১৬ | মুম্বাই মাৰাথন | মুম্বাই ভাৰত | 2nd Indian / 11th Overall | মাৰাথন | ২:১৬:১৫ | ৫৯১০১১১২১৩ |
| ২০১৬ | দক্ষিণ এছিয় ক্ৰীড়া প্ৰতিযোগিতা | গুৱাহাটী, ভাৰত | ১০,০০০ মি. | ২৯:১০:৫৩ | ১৪ |
ব্যক্তিগত জীৱন
গোপীৰ জন্ম সাধাৰণ কৃষক পৰিয়ালত হৈছিল। শৈশৱৰ পৰায়ে তেওঁ পিতৃ-মাতৃক ধান আৰু আদা খেতিত সহায় কৰিছিল। কাক্কাভায়াল৩ চৰকাৰী উচ্চ মাধ্যমিক বিদ্যালয়ত গোপী পঢ়া-শুনা কৰিছিল। কেৰালাৰ কথামাংগালামত অৱস্থিত মাৰ আথানাচিয়াচ কলেজত তেওঁ অৰ্থনীতি বিষয়ত নামভৰ্তি কৰিছিল। কিন্তু তৃতীয় বৰ্ষত পঢ়া-শুনা এৰি ভাৰতীয় সেনাত যোগ দিয়ে।৬ তেওঁৰ ৰাজ্য কেৰালাৰ পৰা সবাতোকৈ বেছি সংখ্যক ভাৰতীয় এথলীট বিভিন্ন আন্তঃৰাষ্ট্ৰীয় ক্ৰীড়াত ভাৰতক প্ৰতিনিধিত্ব কৰি আহিছে।৩৬
গোপী তেওঁৰ পৰিয়ালৰ একমাত্ৰ উপাৰ্জনক্ষম ব্যক্তি। প্ৰতিমাহে জোতা কিনাৰ টকাৰ বাদে বেতনৰ গোটেই টকা তেওঁ পৰিয়ালক দিয়ে।৬ ২০১৬ চনৰ মধ্য পৰ্যন্ত তেওঁৰ কোনো কৰ্পোৰেট স্পন্সাৰ নাছিল।
তথ্যসূত্ৰ
- ↑ Thanackal Gopi
- ↑ Indian Marathoners – Bharat at Rio ’16 – Track and Field Sports News
- ↑ Marar, Nandakumar. (17 January 2016). Gopi hits marathon jackpot in first attempt. sportstarlive.com
- ↑ Indian Marathoners – Bharat at Rio ’16 – Track and Field Sports News. trackfield.in
- ↑ Gopi, Thanackal. IAAF Profile
- ↑ Cool Runnings: India's marathon men
- ↑ আৰ্কাইভ কপি
- ↑ Race Results - Airtel Delhi Half Marathon
- ↑ Gopi, Kheta Ram qualify for Olympics; Rawat sets course record - Times of India
- ↑ (2016-01-17). Gopi, Kheta Ram qualify for Olympics; Rawat sets course record. The Hindu
- ↑ (2016-01-17). More than 40,000 people participate in the Mumbai Marathon 2016 - Firstpost
- ↑ Rawat sets course record; Gopi, Kheta Ram qualify for Rio
- ↑ Gopi T, Kheta Ram seal Rio berths · The Asian Age
- ↑ 2016 South Asian Games Results
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “থোনাকল গোপী” প্ৰবন্ধৰ সংশোধন ৫০৮৮৫৮ (১৫ মে’ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।