অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

ললিতা বাবৰ

ললিতা বাবৰ (Lalita Babar জন্ম: ২ জুন, ১৯৮৯) এগৰাকী ভাৰতীয় দীৰ্ঘ দূৰত্ব দৌৰবিদ। তেওঁ মহাৰাষ্ট্ৰৰ চতাৰা জিলাৰ এখন সৰু গাঁৱত জন্মগ্ৰহণ কৰিছিল। তেওঁ সাধাৰণতে ৩০০০ মিটাৰ ষ্টিপলচেজ বিভাগত প্ৰতিদ্বন্দ্বিতা কৰে আৰু বৰ্তমান ভাৰতৰ জাতীয় ৰেকৰ্ড ধাৰী তথা একে ইভেণ্টত এছিয়ান চেম্পিয়নশ্বিপ বিজয়ী।

হালনাগাদ: ২৫ জানুৱাৰী ২০২৪ ১৯২ শব্দ · ১ মিনিট সংগৃহীত ৮১
সংশোধনৰ পৰামৰ্শ

ললিতা বাবৰ (Lalita Babar জন্ম: ২ জুন, ১৯৮৯) এগৰাকী ভাৰতীয় দীৰ্ঘ দূৰত্ব দৌৰবিদ। তেওঁ মহাৰাষ্ট্ৰৰ চতাৰা জিলাৰ এখন সৰু গাঁৱত জন্মগ্ৰহণ কৰিছিল। তেওঁ সাধাৰণতে ৩০০০ মিটাৰ ষ্টিপলচেজ বিভাগত প্ৰতিদ্বন্দ্বিতা কৰে আৰু বৰ্তমান ভাৰতৰ জাতীয় ৰেকৰ্ড ধাৰী তথা একে ইভেণ্টত এছিয়ান চেম্পিয়নশ্বিপ বিজয়ী।

ফেডাৰেশ্বন অব ইণ্ডিয়ান চেম্বাৰ অব কমাৰ্চ এণ্ড ইণ্ডাষ্ট্ৰী, এফ.আই.চি.চি.আই আৰু ভাৰতৰ ক্ৰীড়া আৰু যুৱ কল্যাণ মন্ত্ৰণালয় কৰ্তৃক ভাৰতীয় ক্ৰীড়া পুৰস্কাৰ ২০১৫ প্ৰদান কালত বাবৰক বৰ্ষশ্ৰেষ্ঠ ক্ৰীড়াব্যক্তিত্ব ঘোষণা কৰা হয়। তেওঁ অংলিয়ান মেডেল হাণ্ট কোম্পানি কৰ্তৃক সমৰ্থিত।

প্ৰাৰম্ভিক জীৱন

ললিতা শিৱাজী বাবৰ ভাৰতৰ মহাৰাষ্ট্ৰ ৰাজ্যেৰ চাতাৰা জিলাৰ এক কৃষক পৰিয়ালত জন্মগ্ৰহণ কৰে।১ তেওঁৰ গাওঁখন খৰাংপিড়ীত অঞ্চলত অন্তৰ্গত।২

বাবৰে তেওঁৰ কৰ্মজীৱন দীৰ্ঘ দূৰত্বৰ দৌৰবিদ হিচাপে আৰম্ভ কৰে। পুনে চহৰত অনুষ্ঠিত ২০১৫ জাতীয় চেম্পিয়নশ্বিপত তেওঁ প্ৰথম স্বৰ্ণ পদক জিকে।৩

তেওঁ বৰ্তমান দিল্লী ভিত্তিক ক্ৰীড়া ব্যৱস্থাপনাকাৰী কোম্পানী অংলিয়ান মেডেল হাণ্ট কোম্পানীৰ অৰ্থৰে কৰ্মজীৱন পৰিচালনা কৰে।৪

কৰ্মজীৱন

২০১৫ এছিয়ান এথলেটিকচ চেম্পিয়নশ্বিপত বাবৰ স্বৰ্ণ পদক জিকে। তাত তেওঁৰ লিপিবদ্ধ সময় আছিল জাতীয় ৰেকৰ্ড ৯:৩৪:১৩। তাৰপিছত তেওঁ গ্ৰীষ্মকালীন অলিম্পিক ২০১৬ যোগ্যতা অৰ্জন কৰে।৫

তেওঁ বেইজিংত ২০১৫ ৱৰ্ল্ড এথলেটিকচ চেম্পিয়নশ্বিপত অংশগ্ৰহণ কৰে আৰু বাছনিপৰ্বত ৯:২৭:৮৬ সময় লৈ পুনৰ জাতীয় ৰেকৰ্ড ভংগ কৰে।৬ এইটো আছিল ষ্টিপলচেজ ইভেণ্টৰ ফাইনেলত প্ৰথম ভাৰতীয় নাৰীৰ প্ৰতিদ্বন্দ্বীতা। তাত তেওঁ অষ্টম স্থান লাভ কৰে।১৭

প্ৰতিযোগিতাত ৰেকৰ্ড

ৰ প্ৰতিনিধিত্বকাৰী
এছিয়ান গেমচ ২০১৪ইনছিয়ন, দক্ষিণ কোৰিয়া২য়৩০০০ মিটাৰ ষ্টিপলচেজ৯:৩৫:৩৭
এশিয়ান চেম্পিয়নশ্বিপ ২০১৫ৱোহান, চীন১ম৩০০০ মিটাৰ ষ্টিপলচেজ৯:৩৪:১৩
ৱৰ্ল্ড চেম্পিয়নশ্বিপবেইজিং, চীন৮ম৩০০০ মিটাৰ ষ্টিপলচেজ৯:২৯:৬৪

বহিঃসংযোগ

তথ্যসূত্ৰ

  1. ↑ 5 Things About Lalita Babar – 1st Indian to Reach Steeplechase Finals, World Athletics Championships - The Better India. The Better India
  2. ↑ Family Battling Drought, but Lalita on a High with Asian Athletics Gold. The New Indian Express
  3. ↑ No Challenge is steep for Satara Girl Lalita Babar
  4. ↑ (27 August 2015). Lalita Babar on course for Rio 2016 despite IAAF loss. Sportskeeda
  5. ↑ Rayan, Stan. (6 June 2015). Vikas Gowda and Lalita Babar strike gold. The Hindu
  6. ↑ Women's 3000 metres steeplechase heats results
  7. ↑ Women's 3000 metres steeplechase results

সম্পৰ্কিত শ্ৰেণী

ভাৰতৰ এথলীটভাৰতীয় অলিম্পিক প্ৰতিযোগী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ললিতা বাবৰ” প্ৰবন্ধৰ সংশোধন ৪০৩৫৪৪ (২৫ জানুৱাৰী ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।