ভাৰতৰ এথলীট
৩৬ প্ৰবন্ধ
-
কিশোৰ জেনা
কিশোৰ জেনা (Kishore Jena; জন্ম: ৬ ছেপ্টেম্বৰ ১৯৯৫) এজন ভাৰতীয় ট্ৰেক এণ্ড ফিল্ড এথলীট। তেওঁ জেভেলিন থ্ৰ' প্ৰতিযোগিতাত অংশগ্ৰহণ কৰে।
-
জ্যোতি য়াৰাজী
জ্যোতি য়াৰাজী (Jyothi Yarraji; জন্ম: ২৮ আগষ্ট ১৯৯৯) এগৰাকী ভাৰতীয় ট্ৰেক এণ্ড ফিল্ড এথলীট। তেওঁ এইক্ষেত্ৰত ১০০ মিটাৰ হাৰ্ডলছক প্ৰতিনিধিত্ব কৰে। তেওঁ ২০২২ চনৰ ১০ মে'ত অনুৰাধা বিশ্বলে ১৩.২৩ ছেকেণ্ড দৌৰি ৰচনা কৰা দীৰ্ঘদিনীয়া অভিলেখ ভংগ কৰি ১০০ মিটাৰ হাৰ্ডলছৰ ভাৰতীয় খেলুৱৈৰ ৰাষ্ট্ৰীয় অভিলেখ গঢ়িছে।
-
তয়াবুন নিছা
তয়াবুন নিছা (Tayabun Nisha) এগৰাকী প্ৰাক্তন এথলীট। তেওঁ ১৯৭১ চনত ভাৰতৰ নৱম ৰাষ্ট্ৰীয় এথলীট প্ৰতিযোগিতাত ব্ৰঞ্জৰ পদক লাভ কৰি ৰাষ্ট্ৰীয় প্ৰতিযোগিতাত পদক পোৱা প্ৰথম অসমীয়া মহিলা খেলুৱৈৰূপে পৰিগণিত হয়। ১৯৭৪ চনত ডিছকাছ থ্ৰ’ত তেওঁ দুৰত্বৰ এক বাৰ বছৰীয়া ৰেকৰ্ড ভাঙিবলৈ সক্ষম হয়।
-
পান সিং তোমৰ
চুবেদাৰ পান সিং তোমৰ ( Subedar Paan Singh Tomar; ১ জানুৱাৰী ১৯৩২ – ১ অক্টোবৰ ১৯৮১) এজন ভাৰতীয় সৈনিক, খেলুৱৈ আৰু বিদ্ৰোহী (বাগী) আছিল। তেওঁ ভাৰতীয় সেনাবাহিনীত সেৱা আগবঢ়াইছিল। সেনাবাহিনীত থাকোঁতেই তেওঁৰ তীব্ৰ গতিত দৌৰিব পৰা প্ৰতিভাৰ আৱিষ্কাৰ হৈছিল।
-
ববী এলয়চিয়াছ
ববী এলয়চিয়াছ (জন্ম: ২২ জুন ১৯৭৪) কেৰালাৰ এগৰাকী ভাৰতীয় এথলীট, যিয়ে ওখ জাঁপ (high jump) প্ৰতিযোগিতাত অংশগ্ৰহণ কৰে। বৰ্তমান তেওঁ কেৰালাৰ তিৰুৱনন্তপুৰমত বাস কৰে। ১৯৯৫ চনৰ পৰা ২০১২ চনলৈকে তেওঁ ১.৯১ মিটাৰ উচ্চ জম্পৰ সৈতে ভাৰতীয় আৰু দক্ষিণ এছিয়াৰ অভিলেখ গঢ়িছিল।
-
মাধুৰ্য বৰা
মাধুৰ্য বৰা ভাৰতৰ এজন অসমীয়া ট্ৰায়েথলন খেলুৱৈ। ২০১৩ চনত তেওঁ দক্ষিণ এছীয় ট্ৰায়েথলন চেম্পিয়নশ্বিপত ৰূপৰ পদক অৰ্জন কৰে।