কমলপ্ৰীত কৌৰ (Kamalpreet Kaur, জন্ম: ৪ মাৰ্চ ১৯৯৬) এগৰাকী ভাৰতীয় এথলীট আৰু ডিচকাছ থ্ৰ' খেলুৱৈ। ডিচকাছ থ্ৰ' প্ৰতিযোগিতাত ৬৫ মিটাৰ বাধা ভংগ কৰা তেওঁ প্ৰথম ভাৰতীয় মহিলা। ৰাহুল দ্ৰাবিড় এথলীট মেণ্টৰশ্বিপ কাৰ্যসূচীৰ জৰিয়তে তেওঁক গোস্পৰ্টছ ফাউণ্ডেশ্যনে আৰ্থিকভাৱে সহায় কৰে।১২ কৌৰে ৬৫.০৬ মিটাৰ প্ৰচেষ্টাৰে ডিচকাছ থ্ৰ'ত ৰাষ্ট্ৰীয় অভিলেখ গঢ়িছিল আৰু ২০২১ চনত জাপানৰ ৰাজধানী টকিঅ'ত অনুষ্ঠিত গ্ৰীষ্মকালীন অলিম্পিকৰ বাবে যোগ্যতা অৰ্জন কৰিছিল।৩৪৫৬৭ ২০২১ চনৰ ২১ জুনত পাটিয়ালাৰ এনআইএছত অনুষ্ঠিত ইণ্ডিয়ান গ্ৰেণ্ড প্ৰিস্ক-৪ ত তেওঁ নিজৰ অভিলেখ ৬৬.৫৯ মিটাৰলৈ বৃদ্ধি কৰে।৮
প্ৰাৰম্ভিক জীৱন
১৯৯৬ চনৰ ৪ মাৰ্চ তাৰিখে পঞ্জাবৰ শ্ৰী মুক্তচৰ চাহিব জিলাৰ বাদল নামৰ এখন গাঁৱত কমলপ্ৰীত কৌৰৰ জন্ম হৈছিল। তেওঁৰ শাৰীৰিক শিক্ষা প্ৰশিক্ষকৰ জোৰত ২০১২ চনত এথলেটিকছ গ্ৰহণ কৰিছিল আৰু তেওঁৰ প্ৰথম ৰাজ্যিক মিটত চতুৰ্থ স্থান লাভ কৰিছিল। কৌৰে ২০১৪ চনত খেলক গুৰুত্বসহকাৰে লোৱা আৰম্ভ কৰিছিল আৰু তেওঁৰ গাঁৱৰ ভাৰতীয় ক্ৰীড়া প্ৰাধিকৰণ (এছএআই) কেন্দ্ৰত প্ৰাৰম্ভিক প্ৰশিক্ষণ আৰম্ভ কৰিছিল। তেওঁৰ কঠোৰ অনুশীলন আৰু প্ৰাকৃতিক সামৰ্থ্যই সোনকালেই ফলাফল লাভ কৰিবলৈ আৰম্ভ কৰিছিল যিহেতু তেওঁ ২০১৬ চনত ১৮ বছৰৰ অনুৰ্ধ আৰু ২০ বছৰৰ অনুৰ্ধ প্ৰতিযোগিতাত ৰাষ্ট্ৰীয় চেম্পিয়ন হৈছিল। তাৰপিছত ২০১৭ চনত তেওঁ ২৯তম বিশ্ব বিশ্ববিদ্যালয় গেমছত ষষ্ঠ স্থান লাভ কৰে।
টুৰ্ণামেণ্ট আৰু পদক
২০১৯ চনত দোহাত অনুষ্ঠিত এছিয়ান এথলেটিকছ চেম্পিয়নশ্বিপত তেওঁ পঞ্চম স্থান লাভ কৰে আৰু ২০১৯ ফেডাৰেচন কাপ ছিনিয়ৰ এথলেটিকছ চেম্পিয়নশ্বিপত ৬০.২৫ মিটাৰ থ্ৰ'ৰে স্বৰ্ণ জয় কৰে।৯ তেওঁ ২৪তম ফেডাৰেচন কাপ ছিনিয়ৰ এথলেটিকছ চেম্পিয়নশ্বিপত ইতিহাস সৃষ্টি কৰিছিল। ইয়াত তেওঁ ডিচকাছ থ্ৰ'ত ৬৫ মিটাৰ সীমা অতিক্ৰম কৰি আগৰ সকলো অভিলেখ ভংগ কৰা প্ৰথম ভাৰতীয় মহিলা হিচাপে পৰিগণিত হয় আৰু একেৰাহে দ্বিতীয়বাৰৰ বাবে পোডিয়ামৰ শীৰ্ষত থাকে।
পাটিয়ালাত অনুষ্ঠিত ২৪তম ফেডাৰেচন কাপ ছিনিয়ৰ এথলেটিকছ চেম্পিয়নশ্বিপত ৬৫.০৬ মিটাৰ ৰাষ্ট্ৰীয় ৰেকৰ্ড ব্ৰেকিং থ্ৰ'ৰ সৈতে তেওঁ টকিঅ' অলিম্পিকৰ বাবে যোগ্যতা অৰ্জন কৰে।১০
ব্যক্তিগত জীৱন
কমলপ্ৰীত বৰ্তমান ভাৰতীয় ৰে'ল বিভাগত কৰ্মৰত। তেওঁ সীমা পুনিয়াক তেওঁৰ অন্যতম আদৰ্শ হিচাপে গণ্য কৰে আৰু বৰ্তমান ৰাখী ত্যাগীৰ অধীনত প্ৰশিক্ষণ লাভ কৰিছে।১১
তথ্যসূত্ৰ
- ↑ (2021-05-06). Kamalpreet sets sights on Tokyo. Hindustan Times
- ↑ Gupta, Amit. Interview: Discus thrower Kamalpreet Kaur on her journey to Olympics, dream to play cricket and more. Scroll.in
- ↑ (March 19, 2021). Kamalpreet Kaur breaks national record in women’s discus throw to seal Tokyo Olympics berth. India Today
- ↑ (19 May 2021). Kamalpreet Kaur qualifies for Tokyo Olympics, breaks national record in women's discus throw. The Times of India
- ↑ (20 March 2021). Who Is Kamalpreet Kaur? - India's Latest Discus Throw Sensation. Samrat Chakraborty. Olympics.com
- ↑ Amsan, Andrew. (20 March 2021). Kamalpreet Kaur lights up final day with record-breaking discus throw. The Indian Express
- ↑ Kamalpreet Kaur. World Athletics
- ↑ (June 21, 2021). Discus Thrower Kamalpreet Kaur Breaks Her Own National Record at Indian Grand Prix IV
- ↑ Mar 15, Pratyush Raj / TNN /; 2019; Ist, 23:06. Federation Cup: Kamalpreet overcomes back pain to win gold · More sports News - Times of India. The Times of India
- ↑ (March 19, 2021). Kamalpreet Kaur breaks national record in women’s discus throw to seal Tokyo Olympics berth. India Today
- ↑ Jaspreet Sahni. (1 August 2021). Tokyo Olympics: When Kamalpreet was throwing the discus to enter the final, Rakhi Tyagi was coaching her from Patiala. The Times of India
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কমলপ্ৰীত কৌৰ” প্ৰবন্ধৰ সংশোধন ২৯০৯০২ (১৩ আগষ্ট ২০২১)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।