অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

পি. টি. উষা

পিলাৱুল্লাকাণ্ডি থেক্কেপৰম্বিল উষা (চমুকৈ পি. টি. উষা, জন্ম ২৭ জুন ১৯৬৪) এগৰাকী অৱসৰপ্ৰাপ্ত ভাৰতীয় ট্ৰেক্ এণ্ড্ ফিল্ড্ এথলিট। ১৯৭৯ চনৰ পৰাই তেওঁ ভাৰতীয় এথলেটিকছৰ সৈতে জড়িত হৈ আছে। তেওঁক ভাৰতীয় ট্ৰে'ক্ এণ্ড্ ফিল্ডৰ ৰাণী বুলিও জনা যায়।

হালনাগাদ: ১৩ আগষ্ট ২০২১ ৫১৭ শব্দ · ৩ মিনিট সংগৃহীত ৭৭
সংশোধনৰ পৰামৰ্শ

পিলাৱুল্লাকাণ্ডি থেক্কেপৰম্বিল উষা (চমুকৈ পি. টি. উষা, জন্ম ২৭ জুন ১৯৬৪) এগৰাকী অৱসৰপ্ৰাপ্ত ভাৰতীয় ট্ৰেক্ এণ্ড্ ফিল্ড্ এথলিট। ১৯৭৯ চনৰ পৰাই তেওঁ ভাৰতীয় এথলেটিকছৰ সৈতে জড়িত হৈ আছে। তেওঁক ভাৰতীয় ট্ৰে'ক্ এণ্ড্ ফিল্ডৰ ৰাণী বুলিও জনা যায়।

প্ৰাৰম্ভিক জীৱনকাল

পি. টি. উষাৰ জন্ম হৈছিল কেৰালাৰ কজিক'ড জিলাৰ পাইয়'লি গাঁৱত। ১৯৭৬ চনত কেৰালাৰ ৰাজ্যিক চৰকাৰে ছোৱালীৰ বাবে এখন ক্ৰীড়া স্কুল স্থাপন কৰিছিল। এই স্কুলখনত অংশগ্ৰহণৰ বাবে পি. টি. উষা নিজ জিলাখনৰ প্ৰতিনিধি আছিল।

কেৰিয়াৰ

১৯৭৬ চনত এটা খেলৰ বঁটা বিতৰণী অনুষ্ঠানত ও. এম. নাম্বিয়াৰ নামৰ এথলেটিকছ্ প্ৰশিক্ষকজনে প্ৰথমবাৰৰ বাবে উষাৰ খেলৰ ধৰণ প্ৰত্যক্ষ কৰিছিল। ২০০০ চনত Rediff.comৰ সৈতে হোৱা এটা সাক্ষাৎকাৰত তেওঁ কৈছিল, "মোক প্ৰথম দৃষ্টিতে আকৰ্ষিত কৰা উষাৰ গুণকেইটা আছিল- তেওঁৰ শৰীৰৰ হেলনীয়া গঢ় আৰু তীব্ৰবেগে খোজকঢ়া স্বভাৱ। মই জানিছিলোঁ যে তেওঁ এগৰাকী খুব ভাল স্প্ৰিণ্টাৰ হ'ব পাৰিব। " সেইবছৰতে তেওঁ উষাক প্ৰশিক্ষণ দিবলৈ আৰম্ভ কৰি দিলে। কম সময়ৰ ভিতৰতে তেওঁ ভাল প্ৰদৰ্শন দেখুৱাবলৈ আৰম্ভ কৰিলে। ১৯৭৮ চনত কলামত আয়োজিত জুনিয়ৰ পৰ্য্যায়ৰ আন্তঃৰাজ্যিক খেলত পাঁচটাকৈ পদক লাভ কৰিলে। একেটা বছৰতে কেৰালাত ৰাজ্যিক ভিত্তিত আয়োজিত মহাবিদ্যালয় পৰ্য্যায়ৰ প্ৰতিযোগিতাত ১৪ টাকৈ পদক লাভ কৰে। ১৯৭৯ চনৰ ৰাষ্ট্ৰীয় ক্ৰীড়া আৰু ১৯৮০ চনৰ আন্তঃৰাজ্যিক প্ৰতিযোগিতাত উষাও কেবাটাও পদক লাভ কৰে আৰু নতুন নতুন অভিলেখ গঢ়ে। ১৯৮০ চনৰ মস্কোত অনুষ্ঠিত অলিম্পিক ক্ৰীড়া সমাৰোহত উষাই ১৬ বছৰ বয়সতে অংশ লৈছিল। অৱশ্যে সেইবাৰ তেওঁ বিশেষ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম নহয়।

১৯৮৪ চনৰ লছ্ এঞ্জেলছ অলিম্পিকত উষাৰ ক্ৰীড়া জীৱনৰ সৰ্বোৎকৃষ্ট মুহূৰ্তকেইটা আহিছিল। নতুন দিল্লী আন্তঃৰাজ্যিক খেল আৰু মুম্বাই ৰাষ্ট্ৰীয় মুকলি চেম্পিয়নশ্বিপত পদক লাভৰ জৰিয়তে তেওঁ বছৰটোত কেইবাটাও সাফল্যৰ মুখ দেখিছিল। কিন্তু মস্কো বিশ্ব চেম্পিয়নশ্বিপত ১০০ আৰু ২০০ মিটাৰ দৌৰত দুৰ্বল প্ৰদৰ্শনৰ বাবে তেওঁ ৪০০ মিটাৰ হাৰ্ডলছত অধিক মনোনিৱেশ কৰিবলৈ লৈছিল। দিল্লীত অনুষ্ঠিত অলিম্পিকৰ প্ৰস্তুতি খেলত উষাই এছিয়ান চেম্পিয়ন এম. ডি. বালাচাম্মাক পৰাস্ত কৰে আৰু অলিম্পিকৰ বাবে যোগ্যতা অৰ্জন কৰে। আন এখন প্ৰাক-অলিম্পিক প্ৰস্তুতি খেলত তেওঁ ৫৫.৭ ছেকেণ্ডত দৌৰ সম্পূৰ্ণ কৰি শীৰ্ষ আমেৰিকান স্প্ৰিণ্টাৰ জুডি ব্ৰাউনক অতিক্ৰম কৰে। অলিম্পিকৰ প্ৰথম পৰ্যায়ত তেওঁ ৫৬.৮১ ছেকেণ্ড আৰু ছেমিফাইনেলত ৫৫.৫৪ ছেকেণ্ডত দৌৰ সম্পূৰ্ণ কৰে আৰু এইদৰে ফাইনেলত প্ৰৱেশ কৰি তেওঁ কমনৱেলথ্ ৰাষ্ট্ৰসমূহৰ মাজত নতুন অভিলেখ গঢ়ে। অলিম্পিকৰ ফাইনেলৰ দিনাখন উষাই ৫৫.৪২ ছেকেণ্ডত দৌৰ সমাপ্ত কৰি চতুৰ্থ স্থান লাভ কৰে আৰু মাত্ৰ ১/১০০ ছেকেণ্ডৰ ব্যৱধানত ব্ৰঞ্জৰ পদক লাভৰ পৰা বঞ্চিত হয়। সেইদিনা তেওঁৰ এগৰাকী প্ৰতিদ্বন্দ্বীয়ে ভুল আৰম্ভণি কৰিছিল, যাৰ বাবে তেওঁৰ স্বাভাৱিক ছন্দ হেৰুওৱা বুলি ভবা হৈছে। কাৰণ পুনৰ্বাৰ দৌৰ আৰম্ভ কৰাত তেওঁ তুলনামূলকভাৱে কিছু লেহেম গতিৰে দৌৰ আৰম্ভ কৰিছিল।

১৯৮৫ চনত জাকাৰ্টা এছিয়ান চেম্পিয়নশ্বিপত তেওঁ ছয়টা পদক জিকিবলৈ সক্ষম হৈছিল। ইয়াৰে পাঁচটা সোণৰ পদক আৰু এটা ব্ৰঞ্জৰ।

উষাই নিজৰ ক্ৰীড়া জীৱনত সৰ্বমুঠ ১০১টা আন্তঃৰাষ্ট্ৰীয় পদক লাভ কৰিছিল। সম্প্ৰতি তেওঁ এগৰাকী দক্ষিণ ৰে'লৱেত কৰ্মৰত বিষয়া। ১৯৮৪ চনত তেওঁক পদ্মশ্ৰী আৰু অৰ্জুন বঁটাৰে সন্মানিত কৰা হয়।

এতিয়া তেওঁ কেৰালাস্থিত নিজা একাডেমীত যুৱ এথলিটসকলক প্ৰশিক্ষণ দিয়ে। এইসকলৰ মাজৰে টিণ্টু লুক্কাই ২০১২ বৰ্ষৰ লণ্ডন অলিম্পিকছত মহিলাৰ ৮০০ মিটাৰ দৌৰত ছেমিফাইনেললৈ উন্নীত হৈছিল।

সাফল্য

  • ১৯৯৮ চনৰ এছিয়ান এথলেটিকছ্ চেম্পিয়নশ্বিপত অনুষ্ঠিত ৪ × ১০০ মিটাৰ ৰিলে' দৌৰত ৰাছিতা মিস্ত্ৰী, ই. বি. শ্বাইলা আৰু সৰস্বতী শ্বাহাৰ সৈতে ভাৰতক প্ৰতিনিধিত্ব কৰি স্বৰ্ণ পদক লাভ কৰিছিল। ৪৪.৪৩ ছেকেণ্ডত দৌৰ সম্পূৰ্ণ কৰি তেওঁলোকৰ দলটোৱে এতিয়াৰ জাতীয় অভিলেখ গঢ়িছিল।১২

ব্যক্তিগত জীৱন

১৯৯১ চনত কেন্দ্ৰীয় ঔদ্যোগিক নিৰাপত্তা বলৰ পৰিদৰ্শক ভি. শ্ৰীনিৱাসৰ সৈতে উষাৰ বিয়া হৈছিল। পিছলৈ তেওঁলোকৰ এটা পুত্ৰ সন্তান জন্ম হৈছিল।

বঁটা-বাহন আৰু সন্মান

তথ্যসূত্ৰ

  1. ↑ Vijaykumar, C.N.R. (15 December 1998). After the feast, the famine. www.rediff.com
  2. ↑ (31 December 2011). National records. ATHLETICS FEDERATION of INDIA
  3. ↑ (29 January 2018). Calicut University confers D.Litt on Mohanlal, PT Usha. The Times of India

সম্পৰ্কিত শ্ৰেণী

ভাৰতৰ এথলীটভাৰতীয় অলিম্পিক প্ৰতিযোগীপদ্মশ্ৰী বঁটা বিজয়ীঅৰ্জুন বঁটা বিজয়ী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “পি. টি. উষা” প্ৰবন্ধৰ সংশোধন ২৯০৯০৯ (১৩ আগষ্ট ২০২১)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।