চুবেদাৰ নীৰজ চোপ্ৰা (Neeraj Chopra; জন্ম: ২৪ ডিচেম্বৰ ১৯৯৭) হৈছে ভাৰতীয় ট্ৰেক এণ্ড ফিল্ড খেলুৱৈ আৰু ভাৰতীয় সেনাৰ এগৰাকী জুনিয়ৰ কমিছণ্ড বিষয়া (JCO)। তেওঁ ট্ৰেক এণ্ড ফিল্ডৰ জেভলীন থ্ৰ' খেল খেলে। নীৰজ চোপ্ৰাৰ জেভলীন থ্ৰ'ৰ শ্ৰেষ্ট প্ৰদৰ্শন হৈছে ৮৮.০৭ মিটাৰ। তেওঁ ২০২০ টকিঅ' অলিম্পিকত ৮৭.৫৮ মিটাৰ দূৰত্বলৈ জেভলীন দলিয়াই সোণৰ পদক লাভ কৰে।১ ২০১৮ চনৰ কমনৱেলথ গেমছত তেওঁ দেশৰ পতাকা ধাৰণ কৰিছিল।২৩ তেওঁৰ কেৰিয়াৰৰ আৰম্ভণিত, তেওঁ ২০১৬ চনত বিশ্ব জুনিয়ৰ চেম্পিয়নশ্বিপ খিতাপ জয় কৰিছিল আৰু বিশ্বৰ ২০ বছৰৰ তলৰ ৮৬.৪৮ মিটাৰ অভিলেখ গঢ়িছিল। তেওঁ হৈছে জুনিয়ৰ শাখাৰ ট্ৰেক এণ্ড ফিল্ডত বিশ্ব খিতাপ জয় কৰা প্ৰথম ভাৰতীয় খেলুৱৈ।
টকিঅ'ত ২০২০ চনৰ গ্ৰীষ্মকালীন অলিম্পিকলৈ নিৰ্বাচিত হোৱাৰ সময়ত তেওঁ কিলাকুটিত আঘাত পাইছিল, তথাপি তেওঁ ৮৭.৮৬ মিটাৰ থ্ৰ' কৰি টকিঅ' অলিম্পিকলৈ নিৰ্বাচিত হৈছিল। তাৰ পিছত তেওঁ ৮৬.৬৫ মিটাৰ প্ৰদৰ্শন কৰি অৰ্হতা ৰাউণ্ডত যোগ্যতা অৰ্জন কৰিছিল আৰু ফাইনেলত প্ৰৱেশ কৰিছিল। ফাইনেলত তেওঁ ৮৭.৫৮ মিটাৰ দলিয়াই ভাৰতৰ হৈ প্ৰথমটো সোণৰ পদক অৰ্জন কৰে। অভিনৱ বিন্দ্ৰাৰ পিছত অলিম্পিকৰ যিকোনো ব্যক্তিগত খেলত সোণৰ পদক জয় কৰা তেওঁ হৈছে দ্বিতীয়জন ভাৰতীয় খেলুৱৈ।৪৫
প্ৰাৰম্ভিক জীৱন
১৯৯৭ চনৰ ২৪ ডিচেম্বৰ তাৰিখে হাৰিয়ানাৰ পানিপথ জিলাৰ খান্দৰা গাঁৱত নীৰজ চোপ্ৰাৰ জন্ম হৈছিল।৬৭ তেওঁ চণ্ডিগড়ৰ ডি এ ভি কলেজত শিক্ষা লাভ কৰিছিল। ২০১৬ চনত তেওঁ নায়েব চুবেদাৰ পদবীৰ সৈতে ভাৰতীয় সেনাত এজন কনিষ্ঠ কমিছণ্ড বিষয়া হিচাপে নিযুক্ত কৰিছিল।৮৯ শৈশৱকালত তেওঁ মৌচাকত শিল নিক্ষেপ কৰি ভাল পাইছিল আৰু তেওঁৰ পিতৃ সতীশ কুমাৰ চোপ্ৰায়ে তেওঁক শৃংখলাবদ্ধ হিচাপে গঠন কৰিবলৈ জেভলীন থ্ৰ' অনুশীলন কৰিবলৈ প্ৰেৰিত কৰিছিল।১০ শিৱাজী ষ্টেডিয়ামত কিশোৰ অৱস্থাত তেওঁ ২০১১ চনত জেভলিন থ্ৰো'ৰ প্ৰশিক্ষণ আৰম্ভ কৰিছিল।১১
খেলুৱৈ জীৱন
ত পদক লাভ কৰা মুহূৰ্তত নীৰজ চোপ্ৰা (মাজৰজন)]]
নীৰজ চোপ্ৰায়ে ২০১৬ চনত গুৱাহাটীত অনুষ্ঠিত দক্ষিণ এছিয় ক্ৰীড়া ৮৪.২৩ মিটাৰ থ্ৰ'ৰে সোণৰ পদক অৰ্জন কৰিছিল। ইয়াত তেওঁ ভাৰতীয় ৰাষ্ট্ৰীয় অভিলেখৰ সমতুল্য আছিল। তেওঁ পোলেণ্ডৰ বাইডগছজজত অনুষ্ঠিত ২০১৬ চনৰ আইএএএফ বিশ্ব অনুৰ্ধ-২০ চেম্পিয়নশ্বিপত সোণৰ পদক লাভ কৰিছিল। ইয়াত তেওঁ এক বিশ্ব জুনিয়ৰ ৰেকৰ্ডও স্থাপন কৰিছিল। এই প্ৰদৰ্শনৰ স্বত্বেও তেওঁ ২০১৬ চনৰ গ্ৰীষ্মকালীন অলিম্পিকৰ বাবে যোগ্যতা অৰ্জন কৰিবলৈ ব্যৰ্থ হৈছিল কিয়নো অলিম্পিকৰ যোগ্যতা নিৰ্ণয়ৰ শেষ তাৰিখ ১১ জুলাই আছিল।১২
নীৰজে এছিয়ান এথলেটিক চেম্পিয়নশ্বিপ ২০১৭ ত ৮৫.২৩ মিটাৰ থ্ৰ'ৰ সৈতে আন এটা সোণৰ পদক অৰ্জন কৰিছিল।১৩ তেওঁ ২০১৮ চনত অনুষ্ঠিত কমনৱেলথ গেমছ (চিডব্লিউজি)ত পুৰুষৰ জেভলীন থ্ৰ' প্ৰতিযোগিতাত ৮৬.৪৭ মিটাৰ থ্ৰ'ৰ সৈতে সোণৰ পদক অৰ্জন কৰে লগতে চিডব্লিউজিত জেভেলিন থ্ৰ'ত পদক বিজয়ী প্ৰথম ভাৰতীয় হিচাপে পৰিগণিত হয়।১৪ ২০১৮ চনৰ মে' মাহত তেওঁ পুনৰ ৮৭.৪৩ মিটাৰ থ্ৰ'ৰে দোহা ডায়মণ্ড লীগত ৰাষ্ট্ৰীয় অভিলেখ ভংগ কৰে।১৫
২২ বছৰীয়া চোপ্ৰাক এএফআইয়ে একমাত্ৰ ট্ৰেক এণ্ড ফিল্ড এথলীট হিচাপে ২০১৮ বৰ্ষত দেশৰ সৰ্বোচ্চ ক্ৰীড়া বঁটাৰ বাবে মনোনীত কৰিছিল। গোল্ড কোষ্ট কমনৱেলথত স্বৰ্ণ জয় কৰাৰ পিছত নীৰজ চোপ্ৰায়ে ২০১৮ চনত অৰ্জুন বঁটা লাভ কৰিছিল।১৬ জাৰ্মান জৈৱ-বলবিজ্ঞান বিশেষজ্ঞ ক্লাউছ বাৰ্টনিয়েৎজ বৰ্তমান তেওঁৰ প্ৰশিক্ষক।১৭ ইয়াৰ আগতে গেৰী কালভাৰ্টৰ,১৮ ৱেৰ্ণাৰ ডেনিয়েলছ১৯ আৰু উৱে হোন তেওঁৰ প্ৰশিক্ষক আছিল।২০
২০১৮ চনৰ ২৭ আগষ্ট তাৰিখে নীৰজে এছিয়ান গেমছত পুৰুষৰ জেভলীন থ্ৰ'ত স্বৰ্ণ জয় কৰিবলৈ ৮৮.০৬ মিটাৰ দূৰত্ব দলিয়াইছিল আৰু এক নতুন ভাৰতীয় ৰাষ্ট্ৰীয় অভিলেখ গঢ়িছিল। ২০২১ চনৰ ৫ মাৰ্চ তাৰিখে নীৰজ চোপ্ৰাই পুনৰ তেওঁৰ অতীতৰ ৰাষ্ট্ৰীয় অভিলেখ ভংগ কৰি নতুন অভিলেখ ৮৮.০৭ মিটাৰত স্থাপন কৰে।২১ জেভেলিন থ্ৰ'য়াৰ নীৰজ চোপ্ৰাই তেওঁৰ ২০২১ চনৰ আন্তৰ্জাতিক ছিজন ৮৩.১৮ মিটাৰ থ্ৰোৰে আৰম্ভ কৰিছিল আৰু পৰ্তুগালৰ লিছবনত অনুষ্ঠিত এক অনুষ্ঠানত জেভেলীন থ্ৰ' প্ৰতিযোগিতাত সোণৰ পদক অৰ্জন কৰিছিল।২২২৩২৪২৫
তেওঁ ২০২০ গ্ৰীষ্মকালীন অলিম্পিকত ভাৰতক প্ৰতিনিধিত্ব কৰি অলিম্পিকত আত্মপ্ৰকাশ কৰিছিল।২৬ ২০২১ চনৰ ৪ আগষ্টত তেওঁ পুৰুষৰ জেভেলীন থ্ৰ'ত ২০২০ টকিঅ' অলিম্পিকৰ ফাইনেলৰ বাবে যোগ্যতা অৰ্জন কৰে। তেওঁ ২০২১ চনৰ ৭ আগষ্টত ৮৭.৫৮ মিটাৰ থ্ৰ'ৰে পুৰুষৰ জেভেলীন থ্ৰ' প্ৰতিযোগিতাত সোণৰ পদক অৰ্জন কৰে।২৭ ইয়াৰ লগে লগে তেওঁ স্বাধীনতাৰ পিছত এথলেটিকছত স্বৰ্ণ পদক অৰ্জন কৰা তেওঁ প্ৰথম ভাৰতীয় খেলুৱৈ হিচাপেও পৰিগণিত হয়।২৮২৯ এথলেটিকছত তেওঁৰ এই অলিম্পিক পদক তাৎপৰ্যপূৰ্ণভাৱে ভাৰতৰ এথলেটিকছত ভাৰতৰ প্ৰথম অলিম্পিক পদক আছিল।৩০৩১
বঁটা আৰু সন্মান
অৰ্জুন বঁটা প্ৰদান কৰি থকা অৱস্থাত নীৰজ চোপ্ৰা]]
- অৰ্জুন বঁটা - ২০১৮
- বিশিষ্ট সেৱা পদক (ভিএছএম) - ২০২০ গণতন্ত্ৰ দিৱস সন্মান৩২
- ভাৰতৰ সৰ্বোচ্চ ক্ৰীড়া সন্মান মেজৰ ধ্যান চান্দ খেলৰত্ন বঁটা, ২০২১৩৩
২০২০ টকিঅ' গ্ৰীষ্মকালীন অলিম্পিকত সোণৰ পদক জয় কৰাৰ বাবে
- ভাৰত চৰকাৰৰ পৰা ₹৭৫ লাখ টকা৩৪
- হাৰিয়ানা চৰকাৰৰ পৰা ₹৬ কোটি টকা৩৫
তথ্যসূত্ৰ
- ↑ PatialaMarch 5, India Today Web Desk; March 5, 2021UPDATED; Ist, 2021 19:01. Neeraj Chopra breaks his own national record with 88.07m javelin throw at Indian Grand Prix. India Today
- ↑ (10 August 2018). Neeraj Chopra to be India's flag-bearer at Asian Games opening ceremony. The Indian Express
- ↑ (10 August 2018). Asian Games 2018: Javelin star Neeraj Chopra named India's flag-bearer for opening ceremony. Hindustan Times
- ↑ July 10, Suhani Singh Mumbai; July 19, 2021 ISSUE DATE; July 15, 2021UPDATED. Spearing ahead · Neeraj Chopra. India Today
- ↑ (2021-08-07). Neeraj Chopra Men's Javelin Throw Live Updates, Tokyo Olympics: Neeraj Throws 87.58, 1st on Board in Gold Position. News18
- ↑ (27 August 2018). Celebrations at Neeraj's village. The Tribune. Tribune News Service
- ↑ (24 September 2016). 'Zuckerberg and Katrina messaged me,' says junior javelin world champ Neeraj Chopra
- ↑ World record holder Neeraj Chopra gets Army job, starts supporting farmer father. The Times of India
- ↑ Javelin hero Neeraj Chopra to join Indian Army. The Times of India
- ↑ (2021-08-07). Neeraj Chopra: From chubby kid trying to lose weight to Olympic champion. The Hindu
- ↑ TokyoAugust 7, Rohan Sen; August 7, 2021UPDATED:; Ist, 2021 19:05. Neeraj Chopra is an Olympic champion! From humble beginnings in Panipat to Tokyo 2020 gold medal. India Today
- ↑ (24 July 2016). Javelin thrower Neeraj Chopra becomes first Indian athlete to win world championships. Firstpost
- ↑ (10 July 2017). Asian Athletics Championship: Slumbering Neeraj Chopra wakes up in time
- ↑ (14 April 2018). CWG 2018: Neeraj Chopra wins javelin gold with season-best throw. The Times of India
- ↑ (4 May 2018). IAAF Diamond League: Neeraj Chopra breaks his own javelin throw national record again, finishes 4th. Scroll.in
- ↑ DelhiMay 30, Press Trust of India New; May 30, 2020UPDATED; Ist, 2020 21:57. Neeraj Chopra recommended for Rajiv Gandhi Khel Ratna by Athletics Federation of India. India Today
- ↑ (2019-11-30). Neeraj Chopra no longer training with high-profile coach Hohn. The Indian Express
- ↑ (28 July 2018). Neeraj Chopra's former coach dies, javelin star posts emotional message. India Today
- ↑ Scroll Staff. Watch: On this day two years ago, Javelin Thrower Neeraj Chopra became a world junior record holder. Scroll.in
- ↑ (2 May 2018). Neeraj Chopra to train with Uwe Hohn in Finland. The Times of India
- ↑ McKay, Duncan. (12 August 2018). India chooses javelin thrower Chopra as flagbearer for 2018 Asian Games Opening Ceremony. Insidethegames.biz. Dunsar Media
- ↑ (27 August 2018). Asian Games, Live Updates, Day 9: India's Neeraj Chopra Clinches Gold Medal in Javelin Throw Final. News18
- ↑ (27 August 2018). Asian Games, Live Updates, Day 9: India's Neeraj Chopra Closing in On Gold, Breaks National Record. News18
- ↑ (5 March 2021). National Record Again
- ↑ Neeraj Chopra wins gold in Lisbon, Portugal. The Times of India
- ↑ Athletics CHOPRA Neeraj - Tokyo 2020 Olympics. .
- ↑ (2021-08-04). Olympics: Dahiya &Punia storm into Semifinals. Neeraj Qualifies for Final. The Live Mirror
- ↑ www.news18.com/news/sports/neeraj-chopra-men-jav
- ↑ (2021-08-07). Ice-cold Neeraj Chopra turns Olympic legend with India's first athletics gold. ESPN
- ↑ Neeraj Chopra scripts Olympic history for India with first-ever gold in track-and-field at Tokyo 2020. Olympics.com
- ↑ (2021-08-07). Athletics-Chopra wins historic javelin gold for India. Reuters
- ↑ (25 January 2020). LIST OF PERSONNEL BEING CONFERRED GALLANTRY AND DISTINGUISHED AWARDS ON THE OCCASION OF REPUBLIC DAY 2020. Press Information Bureau of India
- ↑ আৰ্কাইভ কপি
- ↑ Sharma, Nitin. (12 July 2021). Rs 8 crore or Rs 25 lakh for Olympics gold? Home state key to cash prize and 'A' Grade Job in Haryana Government.. Indian Express
- ↑ Basu, Hindol. (23 July 2021). Tokyo Olympics: Indians to get highest cash award for winning medals. Times of India
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “নীৰজ চোপ্ৰা” প্ৰবন্ধৰ সংশোধন ৫৪৬৩৮৯ (৩০ অক্টোবৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।