ভাৰতীয় মডেল
১০৯ প্ৰবন্ধ
-
ইপ্সিতা পতি
ইপ্সিতা পতি (ওড়িয়া: ଇପ୍ସିତା ପତି; ইংৰাজী: Ipsita Pati) এগৰাকী ভাৰতীয় অভিনেত্ৰী আৰু সৌন্দৰ্য্য প্ৰতিযোগিতাৰ খিতাপধাৰী, যিয়ে ২০১১ চনৰ মিছ ইণ্টাৰকণ্টিনেণ্টেলত নিজৰ দেশক প্ৰতিনিধিত্ব কৰিছিল, য'ত তেওঁ শীৰ্ষ ১৫ স্থান দখল কৰিছিল। পতিয়ে হিন্দী চলচ্চিত্ৰ চোৰ বজাৰী (২০১৪)তো অভিনয় কৰিছে।
-
ইভাংকা দাস
ইভাংকা দাস (জন্ম নাম: অৰণদীপ দাস) এগৰাকী ভাৰতীয় অভিনেত্ৰী, নৃত্যশিল্পী, নৃত্য পৰিচালক, আৰু মডেল। ভাৰতীয় ৰিয়েলিটি টেলিভিছন শ্ব ' ডান্স দীৱানে, হদ্দী আৰু ঘূমেৰ ছবিৰ লগতে নেটফ্লিক্সৰ ধাৰাবাহিক বম্বে বেগমছত অংশগ্ৰহণৰ বাবে তেওঁ পৰিচিত৷
-
ঈশা কোপ্পিকাৰ
ঈশা কোপ্পিকাৰ (Isha Koppikar; জন্ম:- ১৯ ছেপ্টেম্বৰ ১৯৭৬) এগৰাকী ভাৰতীয় অভিনেত্ৰী, ৰাজনীতিবিদ আৰু মডেল যি মূলতঃ হিন্দী ছবিত অভিনয় কৰিছে৷ ইয়াৰ লগতে তেওঁ তামিল, কানাড়া, তেলেগু, আৰু মাৰাঠী ছবিতো অভিনয় কৰিছে।
-
উজ্জ্বলা ৰাউত
উজ্জ্বলা ৰাউত (ইংৰাজী: Ujjwala Raut; জন্ম: ১১ জুন ১৯৭৮) — এগৰাকী ভাৰতীয় ছুপাৰমডেল। তেওঁক ভাৰতৰ অন্যতম প্ৰথম ছুপাৰমডেল হিচাপে গণ্য কৰা হয়।
-
এশা গুপ্তা
এশা গুপ্তা (ইংৰাজী: Esha Gupta; জন্ম: ২৮ নৱেম্বৰ ১৯৮৫) এগৰাকী ভাৰতীয় অভিনেত্ৰী, মডেল আৰু সৌন্দৰ্য প্ৰতিযোগিতাৰ খিতাপ ধাৰী। তেওঁ হিন্দী চলচ্চিত্ৰত কাম কৰে। তেওঁক 'ফেমিনা মিছ ইণ্ডিয়া ইণ্টাৰনেশ্যনেল ২০০৭'ৰ মুকুট পিন্ধোৱা হৈছিল আৰু তেওঁ মিছ ইণ্টাৰনেশ্যনেল ২০০৭ প্ৰতিযোগিতাত ভাৰতক প্ৰতিনিধিত্ব কৰিছিল।
-
ঐশ্বৰ্য সখুজা
ঐশ্বৰ্য সখুজা-নাগ এগৰাকী ভাৰতীয় মডেল আৰু অভিনেত্ৰী। তেওঁ ২০০৬ চনত মিছ ইণ্ডিয়াৰ চূড়ান্ত প্ৰতিযোগী আছিল। ২০১০ চনৰ পৰা ২০১২ চনলৈকে চনী টিভিৰ শ্ব' ছাছ বীনা সসুৰালত ট'ষ্টীৰ চৰিত্ৰত অভিনয় কৰিছিল।
-
কায়ৰা দত্ত
কায়ৰা দত্ত (ইংৰাজী: Kyra Dutt) এগৰাকী ভাৰতীয় অভিনেত্ৰী আৰু মডেল যিয়ে মূলতঃ হিন্দী চলচ্চিত্ৰত অভিনয় কৰে। তেওঁ ২০১৩ চনৰ বিখ্যাত কিংফিচাৰ কেলেণ্ডাৰৰ এগৰাকী মডেল আছিল। তেওঁ দেৱী দত্ত নামেৰেও পৰিচিত।
-
কাশ্মীৰা পৰদেশী
কাশ্মীৰা পৰদেশী এগৰাকী ভাৰতীয় অভিনেত্ৰী যিয়ে মূলতঃ তামিল আৰু তেলুগু ভাষাৰ চলচ্চিত্ৰত কাম কৰে। তেওঁ নৰ্তনশালা (২০১৮) ছবিৰ জৰিয়তে তেলুগু চলচ্চিত্ৰত, শিৱপ্পু মঞ্জেল পাচৈ (২০১৯) যোগে তামিলত আৰু মিছন মংগল (২০১৯) ছবিৰ জৰিয়তে হিন্দী চলচ্চিত্ৰত আত্মপ্ৰকাশ কৰে।
-
কেৰল গ্ৰেচিয়াছ
কেৰল গ্ৰেচিয়াছ (ইংৰাজী: Carol Gracias) এগৰাকী ভাৰতীয় ছুপাৰ মডেল। তেওঁ ভাৰতৰ অতি মৰ্যাদাপূৰ্ণ 'লৰিয়েল/এলিট লুক অফ দ্য য়েৰ' খিতাপ বিজয়ী। ২০০৬ চনত তেওঁ ৰিয়েলিটী শ্ব' বিগ বছ ১ত অংশগ্ৰহণ কৰিছিল আৰু ৰানাৰ্ছ-আপ হৈছিল।
-
গায়ত্ৰী ভাৰদ্বাজ
গায়ত্ৰী ভাৰদ্বাজ (ইংৰাজী: Gayatri Bhardwaj; জন্ম: ১৭ জুন ১৯৯৫) এগৰাকী ভাৰতীয় অভিনেত্ৰী, মডেল আৰু সৌন্দৰ্য প্ৰতিযোগিতাৰ খিতাপ ধাৰী, যিয়ে মুখ্যত হিন্দী আৰু তেলুগু ছবিত কাম কৰে।
-
গুৰদীপ কোহলী
গুৰদীপ কোহলী (জন্ম ৩০ জানুৱাৰী ১৯৮০), তেওঁৰ বিবাহিত নাম গুৰদীপ পুঞ্জ নামেৰেও পৰিচিত, এগৰাকী ভাৰতীয় অভিনেত্ৰী যিয়ে হিন্দী টেলিভিছনত কাম কৰে। তেওঁ ‘বেষ্ট অৱ লাক নিক্কি’ত হিমানী সিং, ‘সঞ্জীৱনী’ত ডা° জুহী আৰু ‘কচম ছে’ত বাণী চৰিত্ৰৰ বাবে পৰিচিত।
-
গেইলিন মেণ্ডনকা
গেইলিন মেণ্ডনকা (ইংৰাজী: Gaelyn Mendonca) এগৰাকী ভাৰতীয় অভিনেত্ৰী, মডেল আৰু এমটিভি ইণ্ডিয়াৰ ভিজে। তেওঁ মূলতঃ ডব্লিউডব্লিউই নাও ইণ্ডিয়া আৰু এমটিভি হাছল আঁত ধৰাৰ বাবে পৰিচিত।
-
গৌহৰ খান
গৌহৰ খান (জন্ম: ২৩ আগষ্ট ১৯৮৩) এগৰাকী ভাৰতীয় অভিনেত্ৰী, মডেল আৰু সৌন্দৰ্য প্ৰতিযোগিতাৰ খিতাপধাৰী। তেওঁ মডেল হিচাপে নিজৰ কেৰিয়াৰ আৰম্ভ কৰিছিল আৰু ২০০২ চনত ফেমিনা মিছ ইণ্ডিয়া প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিল। তেওঁ ২০১৩ চনৰ বিগ বছ ছিজন ৭-ৰ বিজয়ী আছিল। গৌহৰে হিন্দী চলচ্চিত্ৰ আৰু টেলিভিছনতো অভিনয় কৰিছে।
-
চুম দাৰাং
চুম দাৰাং (জন্ম ১৬ অক্টোবৰ ১৯৯১) এগৰাকী ভাৰতীয় মডেল, অভিনেত্ৰী, সামাজিক কৰ্মী, উদ্যোগী আৰু সৌন্দৰ্য্য প্ৰতিযোগিতাৰ শীৰ্ষ অধিকাৰী। ২০১০ চনত তেওঁ মিছ এএপিএছইউ মুকুট লাভ কৰিছিল, আৰু পিছত মিছ আৰ্থ ইণ্ডিয়া ২০১৬ আৰু মিছ এছিয়া ৱৰ্ল্ড ২০১৭ ত ভাৰতক প্ৰতিনিধিত্ব কৰিছিল।
-
চেলিনা জেটলী
চেলিনা জেটলী (জন্ম: ২৪ নৱেম্বৰ ১৯৮১) এগৰাকী ভাৰতীয় সৌন্দৰ্য প্ৰতিযোগিতাৰ খিতাপ ধাৰী আৰু প্ৰাক্তন অভিনেত্ৰী। তেওঁ মূলতঃ হিন্দী চলচ্চিত্ৰত কাম কৰিছিল। তেওঁ ২০০১ চনত ফেমিনা মিছ ইণ্ডিয়া খিতাপ জয় কৰিছিল আৰু ২০০১ চনৰ মিছ ইউনিভাৰ্চ প্ৰতিযোগিতাত চতুৰ্থ ৰানাৰ্ছ আপ হৈছিল।
-
ছনিকা সিং চৌহান
ছনিকা চিমোন সিং চৌহান (ইংৰাজী: Sonika Simone Singh Chauhan; ১২ জুলাই ১৯৮৯ – ২৯ এপ্ৰিল ২০১৭) এগৰাকী ভাৰতীয় অভিনেত্ৰী, টেলিভিছন সূত্ৰধাৰ, মডেল আৰু সৌন্দৰ্য প্ৰতিযোগিতাৰ খিতাপ বিজয়ী আছিল। তেওঁ ফেমিনা মিছ ইণ্ডিয়া আৰু মিছ দিভা - ২০১৩ৰ এগৰাকী প্ৰতিযোগী আছিল।
-
ছিয়া মালাচী
ছিয়া মালাচী এগৰাকী ভাৰতীয় অভিনেত্ৰী আৰু মডেল। ২০২১ চনত এমটিভিৰ বছৰৰ ছুপাৰমডেলৰ দ্বিতীয় ছিজনৰ প্ৰতিযোগী হিচাপে ২০২৩ চনত হিন্দী ভাষাৰ একচন ক্ৰাইম নাটক ৰাণা নাইডুত চণ্ডী চৰিত্ৰৰ চৰিত্ৰত অভিনয় কৰে।
-
জাবিনা খান
জাবিনা খান (ইংৰাজী: Zabina Khan; জন্ম: ১২ ডিচেম্বৰ ১৯৮৪), যাক জাবিন খান নামেৰেও জনা যায়, এগৰাকী ভাৰতীয় মডেল, সৌন্দৰ্য ৰাণী, অভিনেত্ৰী আৰু সহকাৰী পৰিচালিকা। তেওঁ ২০০৪ বৰ্ষত প্ৰথমগৰাকী মিছ টুৰিজিম কুইন ইণ্টাৰনেচনেল হিচাপে মুকুট পিন্ধিবলৈ সক্ষম হৈছিল।
-
জেচমিন ভাছিন
জেচমিন ভাছিন (ইংৰাজী: Jasmin Bhasin; জন্ম: ২৮ জুন ১৯৯০) এগৰাকী ভাৰতীয় অভিনেত্ৰী যিয়ে হিন্দী টেলিভিছনৰ লগতে পঞ্জাবী চলচ্চিত্ৰতো কাম কৰে। তেওঁ ২০১১ চনত তামিল ছবি ৱানামৰ জৰিয়তে অভিনয়ত আত্মপ্ৰকাশ কৰিছিল।
-
জেচি ৰান্ধৱা
জেচি ৰান্ধৱা (ইংৰাজী: Jesse Randhawa; জন্ম: ১১ আগষ্ট ১৯৭৫) এগৰাকী ভাৰতীয় মডেল আৰু অভিনেত্ৰী। তেওঁ ফিয়েৰ ফেক্টৰ: খতৰন কে খিলাড়ী ২ত এগৰাকী প্ৰতিযোগী আছিল আৰু তাত তেওঁ প্ৰথম ৰানাৰ্ছ-আপ হিচাপে বিবেচিত হৈছিল।
-
জোৱা মৰাণী
জোৱা মৰাণী (ইংৰাজী: Zoa Morani; জন্ম: ২৯ মাৰ্চ ১৯৮৮) এগৰাকী ভাৰতীয় মডেল আৰু অভিনেত্ৰী যিয়ে বলীউডৰ ছবিত অভিনয় কৰে। তেওঁ চলচ্চিত্ৰ আৰু ৱেব চিৰিজত অভিনয় কৰিছে। তেওঁৰ উল্লেখযোগ্য কামসমূহৰ ভিতৰত অলৱেজ কভি কভি (২০১১), ভাগ জনী (২০১৫), তৈশ (২০২০) আৰু টিউজডেজ এণ্ড ফ্ৰাইডেজ (২০২১) অন্যতম।
-
ডায়েন্দ্ৰা চোৱাৰেছ
ডায়েন্দ্ৰা চোৱাৰেছ (ইংৰাজী: Diandra Soares) এগৰাকী ভাৰতীয় মডেল, ফেশ্বন ডিজাইনাৰ আৰু দূৰদৰ্শনৰ আঁতধৰোঁতা। তেওঁ মূলতঃ ৰেম্পত নিজৰ সাহসী ৰূপৰ বাবে বিখ্যাত। তেওঁ ২০১৪ চনত ৰিয়েলিটী শ্ব’ বিগ বছ ৮ত এগৰাকী প্ৰতিযোগী আছিল।
-
ডিম্পী গাংগুলী
ডিম্পী গাংগুলী (ইংৰাজী: Dimpy Ganguli; জন্ম নাম: সৌমশ্ৰী গাংগুলী; ২৫ জুলাই ১৯৮৮) এগৰাকী ভাৰতীয় মডেল আৰু টেলিভিছন ব্যক্তিত্ব, যিয়ে নাচ বলিয়ে ৫ আৰু বিগ বছ ৮-ত অংশগ্ৰহণ কৰাৰ বাবে পৰিচিত।
-
তাহীৰা কোচ্ছৰ
তাহীৰা কোচ্ছৰ (ইংৰাজী: Tahira Kochhar; জন্ম: ৩১ জানুৱাৰী ১৯৯০) এগৰাকী ভাৰতীয় অভিনেত্ৰী আৰু প্ৰাক্তন মডেল। তেওঁ ৰব্বা ম্যে ক্যা কৰুঁ ছবিৰ জৰিয়তে বলীউডত আত্মপ্ৰকাশ কৰিছিল।
-
দক্ষ নগৰকাৰ
দক্ষ নগৰকাৰ (ইংৰাজী: Daksha Nagarkar) এগৰাকী ভাৰতীয় অভিনেত্ৰী আৰু মডেল যিয়ে মূলতঃ তেলুগু চলচ্চিত্ৰত অভিনয় কৰে। তেওঁ ২০১৪ চনত এ কে ৰাও পি কে ৰাও ছবিৰ জৰিয়তে আত্মপ্ৰকাশ কৰিছিল আৰু তাৰ পিছত হোৰা হোৰী, হুশাৰু আৰু জম্বি ৰেডীত কাম কৰিছিল।
-
দীপিকা কামাইয়া
দীপিকা কামাইয়া (ইংৰাজী: Deepika Kamaiah) এগৰাকী ভাৰতীয় মডেলৰপৰা চলচ্চিত্ৰ অভিনেত্ৰী হোৱা ব্যক্তি। তেওঁ মূলতঃ কন্নড় চলচ্চিত্ৰৰ লগতে বলিউডৰ ছবিতো কাম কৰে। কামাইয়া ফেমিনা মিছ ইণ্ডিয়াৰ এগৰাকী চূড়ান্ত প্ৰতিযোগী আছিল।
-
দীপ্তি সতী
দীপ্তি সতী ( Deepti Sati) এগৰাকী ভাৰতীয় অভিনেত্ৰী আৰু মডেল যিয়ে প্ৰধানকৈ মালয়ালম ছবিত অভিনয় কৰে। মাৰাঠী, কানাড়া, তামিল আৰু তেলেগু ছবিতো অভিনয় কৰিছে। ২০১৫ চনত নী-না ছবিৰে অভিনয়ত অভিষেক ঘটায়। দীপ্তিয়ে জাগুয়াৰ, ছ’লো, লাকি আৰু ড্ৰাইভিং লাইচেন্সকে ধৰি ছবিত অভিনয় কৰিছিল।
-
নতাশা সূৰী
নতাশা সূৰী এগৰাকী ভাৰতীয় অভিনেত্ৰী, ছুপাৰমডেল, টিভি আয়োজক আৰু প্ৰাক্তন মিছ ৱৰ্ল্ড ইণ্ডিয়া। ২০০৬ চনত ফেমিনা মিছ ৱৰ্ল্ড ইণ্ডিয়া খিতাপ লাভ কৰাৰ লগতে পোলেণ্ডত অনুষ্ঠিত হোৱা সন্মানীয় মিছ ৱৰ্ল্ড পেজেণ্টত ভাৰতক আৰু অধিক প্ৰতিনিধিত্ব কৰি ফাইনেলত শীৰ্ষ ১০ ৰ ভিতৰত স্থান লাভ কৰে।
-
নাথালিয়া কৌৰ
নাথালিয়া পিনহেইৰো ফেলিপ মাৰ্টিন্স (জন্ম: ১৫ আগষ্ট ১৯৯৩), যি নাথালিয়া কৌৰ নামেৰে অধিক পৰিচিত, এগৰাকী ব্ৰাজিলিয়ান মডেল আৰু অভিনেত্ৰী যিয়ে ভাৰতীয় চলচ্চিত্ৰ উদ্যোগত কাম কৰে। তেওঁ বিশেষকৈ বলিউড আৰু দক্ষিণ ভাৰতীয় চলচ্চিত্ৰত আইটেম চং আৰু অভিনয়ৰ বাবে পৰিচিত।
-
নিধি আগৰৱাল
নিধি আগৰৱাল এগৰাকী ভাৰতীয় অভিনেত্ৰী, যিয়ে মূলতঃ তেলুগু আৰু তামিল চলচ্চিত্ৰত অভিনয় কৰে। ২০১৪ চনৰ মিছ ডিভা ইউনিভাৰ্ছ ২০১৪ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰাৰ পাছত আগৰৱালে হিন্দী ছবি মুন্না মাইকেল (২০১৭)ৰ জৰিয়তে অভিনয়ত অভিষেক ঘটে। এই ছবিখনত অভিনয়ৰ বাবে তেওঁ জি চিনে বঁটা শ্ৰেষ্ঠ মহিলা অভিষেক লাভ কৰে।