ভাৰতীয় মডেল
১০৯ প্ৰবন্ধ
-
সাক্ষী মালিক (অভিনেত্ৰী)
সাক্ষী মালিক ( Sakshi Malik; জন্ম: ২১ জানুৱাৰী ১৯৯৩) এগৰাকী ভাৰতীয় অভিনেত্ৰী, ফিটনেছ প্ৰভাৱশালী আৰু মডেল। তেওঁ সোনু কে টিটু কি ছুইটি ছবি আৰু ইয়াৰ লগত জড়িত গীত বম ডিগি ডিগিত অভিনয় কৰাৰ বাবে পৰিচিত।
-
সীমৃতি বাথীজা
সীমৃতি হৰেশ বাথীজা (ইংৰাজী: Simrithi Haresh Bathija; জন্ম: ৯ এপ্ৰিল ১৯৯৯) — এগৰাকী ভাৰতীয় মডেল আৰু সৌন্দৰ্য প্ৰতিযোগিতাৰ খিতাপধাৰী। মিছ ইণ্ডিয়া ইণ্টাৰনেচনেল ২০১৯ হিচাপে তেওঁ জাপানৰ টকিঅ’ত অনুষ্ঠিত মিছ ইণ্টাৰনেচনেল প্ৰতিযোগিতাৰ ৫৯তম সংস্কৰণত ভাৰতক প্ৰতিনিধিত্ব কৰিছিল।
-
সুনিতা দেৱী
সুনিতা দেৱী (১৮৯৭ – ৩ নৱেম্বৰ ১৯৩২)ৰ প্ৰকৃত নাম আৰ্মিনা পীৰভয়, তেওঁক সাধাৰণতে সুনিতা বুলি জনা যায়। তেওঁ লণ্ডনৰ ভাস্কৰ্যশিল্পী জেকব এপষ্টাইনৰ ভাস্কৰ্যৰ এগৰাকী মডেল আছিল। ১৯৩২ চনৰ ৩ নৱেম্বৰত ভাৰতত হোৱা তেওঁৰ মৃত্যুক এক ৰাজনৈতিক হত্যা বুলি বিশ্বাস কৰা হয়।
-
সুমা ভট্টাচাৰ্য
সুমা ভট্টাচাৰ্য (ইংৰাজী: Suma Bhattacharya) এগৰাকী প্ৰতিষ্ঠিত ফিনটেক উদ্যমী, মডেল, নৃত্যশিল্পী আৰু প্ৰাক্তন চলচ্চিত্ৰ অভিনেত্ৰী। বৰ্তমান তেওঁ এগৰাকী সফল ব্যৱসায়ী হিচাপে পৰিচিত।
-
সোণাল চৌহান
সোণাল চৌহান (ইংৰাজী: Sonal Chauhan; জন্ম: ১৬ মে' ১৯৮৫/১৯৮৭) এগৰাকী ভাৰতীয় অভিনেত্ৰী, গায়িকা, মডেল আৰু সৌন্দৰ্য প্ৰতিযোগিতাৰ খিতাপধাৰী। তেওঁ মূলতঃ তেলুগু আৰু হিন্দী চলচ্চিত্ৰত কাম কৰে। ২০০৫ চনত তেওঁ ফেমিনা মিছ ইণ্ডিয়া আৰু মিছ ৱৰ্ল্ড টুৰিজিম খিতাপ অৰ্জন কৰিছিল।
-
সোণালী ৰাউত
সোণালী ৰাউত (Sonali Raut; জন্ম: ২৩ ডিচেম্বৰ ১৯৯০) এগৰাকী ভাৰতীয় অভিনেত্ৰী আৰু মডেল যিয়ে হিন্দী চলচ্চিত্ৰত অভিনয় কৰে। ২০১০ চনৰপৰা তেওঁ এগৰাকী কিংফিচাৰ কেলেণ্ডাৰ গাৰ্ল হিচাপে পৰিচিত আৰু বাৰ্ষিক কেলেণ্ডাৰখনত স্থান লাভ কৰাৰ সময়ত তেওঁৰ বয়স আছিল ১৯ বছৰ।
-
সৰগম কৌশল
সৰগম কৌশল (ইংৰাজী: Sargam Koushal; জন্ম: ২০ ছেপ্টেম্বৰ ১৯৯০) এগৰাকী ভাৰতীয় শিক্ষয়িত্ৰী যিয়ে ২০২২ চনত মিচেছ ৱৰ্ল্ড খিতাপ অৰ্জন কৰিছিল।
-
হেলী শ্বাহ
হেলী শ্বাহ (ইংৰাজী: Helly Shah; জন্ম: ৭ জানুৱাৰী ১৯৯৬) এগৰাকী ভাৰতীয় অভিনেত্ৰী আৰু মডেল যিয়ে মূলতঃ হিন্দী টেলিভিছনত কাম কৰে। ২০১০ চনত জিন্দগী কা হৰ ৰং...গুলালত টলীৰ চৰিত্ৰত অভিনয় কৰি তেওঁ অভিনয় জীৱনৰ পাতনি মেলে।
-
ৰাগিনী খান্না
ৰাগিনী খান্না (জন্ম: ৯ ডিচেম্বৰ ১৯৮৪) এগৰাকী ভাৰতীয় চলচ্চিত্ৰ আৰু টেলিভিছন অভিনেত্ৰী, মডেল, কৌতুক অভিনেত্ৰী, গায়িকা আৰু টেলিভিছন হষ্ট। তেওঁ ‘ইণ্ডিয়াছ বেষ্ট ড্ৰামেবাজ’ (২০১৩) আৰু ‘গেংছ অৱ হাচীপুৰ’ (২০১৪)ৰ দৰে বিভিন্ন ৰিয়েলিটি শ্ব’ৰ আঁত ধৰিছে।
-
ৰিয়া পিল্লাই
ৰিয়া লাইলা পিল্লাই (ইংৰাজী: Rhea Laila Pillai) এগৰাকী ব্ৰিটিছ মডেল, যি টেলিভিছন আৰু বিজ্ঞাপনৰ কামৰ বাবে পৰিচিত। ২০০৩ চনত সমাজসেৱাৰ বাবে আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱসত ৰবীনা টেণ্ডন, অনুষ্কা শংকৰ আৰু ৰিতু বেৰীৰ সৈতে তেওঁক "বছৰটোৰ মহিলা" হিচাপে সন্মানিত কৰা হৈছিল।
-
ৰুহি সিং
ৰুহি দিলীপ সিং (ইংৰাজী: Ruhi Dilip Singh; জন্ম: ১২ অক্টোবৰ ১৯৯৫) এগৰাকী ভাৰতীয় অভিনেত্ৰী, মডেল আৰু সৌন্দৰ্য প্ৰতিযোগিতাৰ খিতাপ ধাৰী। তেওঁ মূলতঃ হিন্দী চলচ্চিত্ৰ আৰু টেলিভিশ্যনত অভিনয় কৰে।
-
ৰেখা ৰাণা
ৰেখা ৰাণা (ইংৰাজী: Rekha Rana) এগৰাকী বলীউডৰ অভিনেত্ৰী, নাট্য শিল্পী আৰু ২০০৭ চনৰ মিছ দিল্লী, ফটোজেনিক ফেচ তথা বিউটিফুল স্মাইল খিতাপ বিজয়ী। তেওঁ দক্ষিণ আফ্ৰিকাৰ 'ষ্টাৰ এনজিঅ নামৰ এটা বেচৰকাৰী সংস্থা আৰু 'ছেভ আৱাৰ ৱমেন' অভিযানৰ ব্ৰেণ্ড এম্বেছেডৰ।
-
ৰেচেল গুপ্তা
ৰেচেল গুপ্তা (Rachel Gupta) এগৰাকী ভাৰতীয় মডেল আৰু সৌন্দৰ্য প্ৰতিযোগিতাৰ খিতাপধাৰী, যিয়ে মিছ গ্ৰেণ্ড ইণ্টাৰনেশ্যনেল ২০২৪ ৰ মুকুট পিন্ধিছিল। ইয়াৰ পূৰ্বে তেওঁক মিছ গ্ৰেণ্ড ইণ্ডিয়া ২০২৪ আৰু মিছ ছুপাৰ টেলেণ্ট অৱ দ্য ৱৰ্ল্ড ২০২২ হিচাপে অভিষিক্ত কৰা হৈছিল।
-
ৰেণু সুখেজা
ৰেণু সুখেজা (ইংৰাজী: Renu Sukheja; জন্ম: ২৫ ডিচেম্বৰ ১৯৫৯) এগৰাকী ভাৰতীয় ব্যৱসায়ী মহিলা, ছচিয়েল মিডিয়া ব্যক্তিত্ব আৰু প্ৰাক্তন মডেল। তেওঁ ফেশ্বন আৰু মিডিয়া কনচালটিং প্ৰতিষ্ঠান 'এন্থিম কনচালটিং প্ৰাইভেট লিমিটেড'ৰ মুখ্য পৰিচালন বিষয়া।
-
ৰেনী কুজুৰ
ৰেনী কুজুৰ (ইংৰাজী: Renee Kujur; জন্ম: ১৯৮৫) এগৰাকী ভাৰতীয় ফেশ্বন মডেল। তেওঁক আন্তঃৰাষ্ট্ৰীয় ৰিদম এণ্ড ব্লুজ (R&B) গায়িকা ৰিহানাৰ সদৃশ মুখাৱয়বৰ (doppelganger) বাবে জনা যায়। তেওঁক ৰিহানা ২.০ বা ভাৰতৰ নিজা ৰিহানা বুলিও কোৱা হয়।
-
ৰেশমা কুৰেশ্বী
ৰেশমা কুৰেশ্বী ( Reshma Qureshi ) এগৰাকী ভাৰতীয় মডেল, ব্লগাৰ আৰু এচিড বিৰোধী কৰ্মী। তেওঁ মেক লাভ নট স্কাৰছৰ (অৰ্থ:ভাল পোৱা, দাগ নহয়) মুখপাত্ৰ। ২০১৬ চনৰ নিউয়ৰ্ক ফেশ্বন উইকত ফেচন ডিজাইনাৰ অৰ্চনা কোছাৰৰ বাবে কেটৱকত অংশগ্ৰহণ কৰাৰ পিছৰে পৰা আমেৰিকাত মডেলিঙৰ ক্ষেত্ৰখনত ৰেশমাৰ আগ্ৰাসন ঘটিছিল।
-
ৰোজলিন খান
ৰোজলিন খান এগৰাকী মুম্বাইৰ অভিনেত্ৰী আৰু পেটা মডেল। তেওঁ স্তন কেন্সাৰ সজাগতামূলক কাৰ্য্যকলাপৰ বাবে পৰিচিত।
-
ৰোশ্নি চোপ্ৰা
ৰোশ্নি চোপ্ৰা (ইংৰাজী: Roshni Chopra) এগৰাকী ভাৰতীয় অভিনেত্ৰী, টেলিভিছন ঘোষিকা আৰু এনডিটিভি ইমাজিনৰ ৰিয়েলিটী শ্ব’ দিল জীতেগী দেশী গাৰ্লৰ বিজয়ী। তেওঁ জী টিভিৰ ধাৰাবাহিক কচম চেৰ তিনিগৰাকী মুখ্য মহিলা চৰিত্ৰৰ অন্যতম 'পিয়া'ৰ চৰিত্ৰত অভিনয় কৰাৰ বাবেও পৰিচিত।
-
ৱালুছা ডি চুজা
ৱালুছা ডি চুজা (ইংৰাজী: Waluscha De Sousa; জন্ম: ২৮ নৱেম্বৰ ১৯৮১) এগৰাকী ভাৰতীয় অভিনেত্ৰী আৰু মডেল। তেওঁ ২০১৬ চনৰ হিন্দী ছবি ফেনৰ জৰিয়তে অভিনয় জগতত আত্মপ্ৰকাশ কৰিছিল, য’ত তেওঁ শ্বাহৰুখ খানৰ বিপৰীতে অভিনয় কৰিছিল।