ভাৰতীয় মডেল
১০৯ প্ৰবন্ধ
-
নিয়া শৰ্মা
নিয়া শৰ্মা ( Nia Sharma; জন্ম নেহা শৰ্মা ১৭ ছেপ্টেম্বৰ ১৯৯০) এগৰাকী ভাৰতীয় অভিনেত্ৰী আৰু মডেল যিয়ে হিন্দী টেলিভিছনত অভিনয় কৰে। এক হাজাৰোণ মেৰী বেহনা হায়, জি টিভিৰ জমাই ৰাজা, ৰোশনী পেটেলৰ চৰিত্ৰত কালাৰছ টিভিৰ ইছক মেইন মাৰ্জাৱান আৰোহী কাশ্যপৰ চৰিত্ৰত আৰু নাগিন ৪ ত বৃন্দা পাৰিখৰ চৰিত্ৰত অভিনয়…
-
নীনা মেনুৱেল
নীনা মেনুৱেল (Nina Manuel; জন্ম: ২৪ এপ্ৰিল ১৯৬২) এগৰাকী ভাৰতীয় মডেল, টেলিভিছন ঘোষিকা আৰু ভিজে।
-
নেইনা সিং
নেইনা সিং (ইংৰাজী: Naina Singh; জন্ম: ৪ মাৰ্চ ১৯৯৪) এগৰাকী ভাৰতীয় মডেল আৰু টেলিভিছন অভিনেত্ৰী। তেওঁ বিশেষকৈ স্প্লিটচভিলা ১০ জয় কৰাৰ বাবে আৰু কুমকুম ভাগ্য ধাৰাবাহিকত ৰিয়া মেহৰাৰ চৰিত্ৰত অভিনয় কৰাৰ বাবে পৰিচিত। ২০২০ চনত তেওঁ ৰিয়েলিটী শ্ব’ বিগ বছ ১৪ত অংশগ্ৰহণ কৰিছিল।
-
পুণম পাণ্ডে
পুণম পাণ্ডে (জন্ম: ১১ মাৰ্চ ১৯৯১) এগৰাকী ভাৰতীয় মিডিয়া ব্যক্তিত্ব আৰু অভিনেত্ৰী। তেওঁ ২০১৩ চনত মুক্তি পোৱা ইৰোটিক চলচ্চিত্ৰ নাশাৰ জৰিয়তে হিন্দী চলচ্চিত্ৰ জগতত আত্মপ্ৰকাশ কৰে। তেওঁ বাস্তৱধৰ্মী অনুষ্ঠান খত্ৰোঁ কে খিলাড়ী ৪ (২০১১) আৰু লক আপ (প্ৰথম ছিজন, ২০২২)ত প্ৰতিযোগী হিচাপে অংশগ্ৰহণ কৰিছিল।
-
প্ৰণতি ৰায় প্ৰকাশ
প্ৰণতি ৰায় প্ৰকাশ (ইংৰাজী: Pranati Rai Prakash) এগৰাকী ভাৰতীয় অভিনেত্ৰী আৰু মডেল যিয়ে ইণ্ডিয়াজ নেক্সট টপ মডেলৰ বিজয়ী হিচাপে পৰিচিতি লাভ কৰিছে। ইয়াৰ উপৰি তেওঁ ২০১৫ চনৰ ফেমিনা মিছ ইণ্ডিয়াৰ এগৰাকী চূড়ান্ত প্ৰতিযোগী (ফাইনেলিষ্ট) আছিল।
-
প্ৰিয়ংকা বচ্চী
প্ৰিয়ংকা বচ্চী (ইংৰাজী: Priyanka Bassi) এগৰাকী ভাৰতীয় টেলিভিছন অভিনেত্ৰী। তেওঁ জনপ্ৰিয় ধাৰাবাহিক লেফ্ট ৰাইট লেফ্টত কেডেট নয়না সিং আহলুৱালিয়াৰ চৰিত্ৰত কৰা অভিনয়ৰ বাবে জনাজাত। তেওঁ মূলতঃ দিল্লীৰ বাসিন্দা আৰু তেওঁ বেৰীজনৰ থিয়েটাৰ গ্ৰুপতো যোগদান কৰিছিল।
-
বাগ্মীতা শইকীয়া
বাগ্মীতা শইকীয়া (Bagmita Saikia) এগৰাকী ভাৰতীয় মডেল তথা সৌন্দৰ্য প্ৰতিযোগিতাৰ খিতাপ বিজয়ী। তেওঁ অসমৰ যোৰহাট জিলাৰ তিতাবৰৰ বাসিন্দা। ২০২৬ বৰ্ষৰ ১৮ এপ্ৰিলত ওড়িশাৰ ভুৱনেশ্বৰত অনুষ্ঠিত হ’বলগীয়া ৬১সংখ্যক ফেমিনা মিছ ইণ্ডিয়া ২০২৬ প্ৰতিযোগিতাত তেওঁ অসমক প্ৰতিনিধিত্ব কৰিবলৈ নিৰ্বাচিত হৈছে।
-
বৰ্খা সিং
বৰ্খা সিং (Barkha Singh; জন্ম: ৩ আগষ্ট ১৯৯২) এগৰাকী ভাৰতীয় অভিনেত্ৰী যি মূলতঃ হিন্দী ছবি আৰু ৱেব শ্ব'ত কাম কৰে। শিশু শিল্পী হিচাপে তেওঁ মুঝছে দস্তী কৰোগেৰ দৰে ছবিত কাম কৰিছিল৷ পৰৱৰ্তী সময়ত তেওঁ সময়: ৱেন টাইম ষ্ট্ৰাইকছ (২০০৩) তো শিশুশিল্পী হিচাপে কাম কৰে।
-
ভূমিকা আৰোৰা
ভূমিকা আৰোৰা (ইংৰাজী: Bhumika Arora) এগৰাকী ভাৰতীয় ফেশ্বন মডেল। ভূমিকা ২০১৬ চনৰ ফেব্ৰুৱাৰী মাহৰ ভগ ইণ্ডিয়াৰ বেটুপাতৰ মডেল আছিল আৰু আলোচনীখনে তেওঁক পৰৱৰ্তী ভাৰতীয় ছুপাৰমডেল হিচাপে অভিহিত কৰিছিল।
-
মঞ্জু ভাৰতী
মঞ্জু ভাৰতী (ইংৰাজী: Manju Bharti) এগৰাকী ভাৰতীয় অভিনেত্ৰী, প্ৰযোজিকা, পৰিচালিকা আৰু মডেল, যি কাশ তুম হতে ছবিত চিমৰনৰ চৰিত্ৰত অভিনয় কৰাৰ বাবে পৰিচিত। তেওঁ কাশ তুম হতে, মৌচম ইকৰাৰ কে দো পল প্যাৰ কে তেওঁ তেওঁৰ আগন্তুক ছবি এক আধুৰা সংগীতৰ কাম কৰি আছে।
-
মণিকংকনা দত্ত
মণিকংকণা দত্ত মুম্বাইত বাস কৰা এগৰাকী ভাৰতীয় মডেল আৰু অভিনেত্ৰী। তেওঁৰ ঘৰ অসমৰ গুৱাহাটীত। গুৱাহাটীৰ নাৰেংগীৰ আৰ্মি পাব্লিক স্কুলত অধ্যয়ন কৰি পিছলৈ দিল্লী বিশ্ববিদ্যালয়ৰ মৈত্ৰেয়ী কলেজৰপৰা স্নাতক ডিগ্ৰী লাভ কৰে।
-
মনপ্ৰীত ব্ৰাৰ
মনপ্ৰীত কৌৰ ব্ৰাৰ (ইংৰাজী: Manpreet Kaur Brar) এগৰাকী ভাৰতীয় অভিনেত্ৰী, মডেল আৰু সৌন্দৰ্য প্ৰতিযোগিতাৰ খিতাপধাৰী। তেওঁ ১৯৯৫ চনৰ ফেমিনা মিছ ইণ্ডিয়া খিতাপ অৰ্জন কৰিছিল, আৰু ১৯৯৫ চনৰ মিছ ইউনিভাৰ্ছ প্ৰতিযোগিতাত প্ৰথম ৰানাৰ-আপ হৈছিল।
-
মাধুৰী ভট্টাচাৰ্য
মাধুৰী ভট্টাচাৰ্য এগৰাকী ভাৰতীয় অভিনেত্ৰী আৰু প্ৰাক্তন মডেল, যিয়ে কন্নড় আৰু বলিউডৰ হিন্দী চলচ্চিত্ৰত অভিনয় কৰিছে।
-
মানস্বী মমগাই
মানস্বী মমগাই এগৰাকী ভাৰতীয় অভিনেত্ৰী, মডেল, সমাজকৰ্মী আৰু সৌন্দৰ্য প্ৰতিযোগিতাৰ বিজয়ী। তেওঁ মিছ ইণ্ডিয়া টুৰিজিম ইণ্টাৰনেচনেল, মিছ টুৰিজিম ইণ্টাৰনেচনেল ২০০৮ আৰু ফেমিনা মিছ ইণ্ডিয়া ২০১০ খিতাপ অৰ্জন কৰিছিল। তেওঁ মিছ ৱৰ্ল্ড ২০১০-ত ভাৰতক প্ৰতিনিধিত্ব কৰিছিল।
-
মালাইকা অৰোৰা
মালাইকা অৰোৰা (ইংৰাজী: Malaika Arora; জন্ম: ২৩ অক্টোবৰ ১৯৭৩) এগৰাকী ভাৰতীয় অভিনেত্ৰী, নৃত্যশিল্পী, মডেল, ভিডিঅ' জকী আৰু দূৰদৰ্শন ব্যক্তিত্ব যিয়ে হিন্দী ভাষাৰ ছবিত অভিনয় কৰে। তেওঁ ২০০৮ চনত তেওঁৰ প্ৰাক্তন স্বামী আৰবাজ খানৰ সৈতে চলচ্চিত্ৰ প্ৰযোজক হিচাপে আত্মপ্ৰকাশ কৰিছিল।
-
মাহেক চহাল
মাহেক চহাল (ইংৰাজী: Mahek Chahal; জন্ম: ১ ফেব্ৰুৱাৰী ১৯৭৯) এগৰাকী নৰৱেজিয়ান অভিনেত্ৰী আৰু মডেল যিয়ে হিন্দী চিনেমা আৰু টেলিভিছনত কাম কৰে। তেওঁ কালাৰ্ছ টিভিৰ ৰিয়েলিটি শ্ব’ বিগ বছ ৫ত অংশগ্ৰহণৰ বাবে পৰিচিত, য’ত তেওঁ ৰানাৰ্ছ-আপ হিচাপে বিবেচিত হৈছিল।
-
মীৰা বাসুদেৱন
মীৰা বাসুদেৱন (Meera Vasudevan) এগৰাকী ভাৰতীয় অভিনেত্ৰী, যিয়ে মূলতঃ মালয়ালম, তামিল, হিন্দী আৰু তেলুগু ভাষাৰ চলচ্চিত্ৰ আৰু টেলিভিছন ধাৰাবাহিকত অভিনয় কৰিছে। তেওঁ ২০০৫ চনত 'তামিলনাডু ৰাজ্যিক চলচ্চিত্ৰ বঁটা বিশেষ বঁটা' আৰু ২০০৭ চনত 'কেৰালা ৰাজ্যিক টেলিভিছন বঁটা শ্ৰেষ্ঠ অভিনেত্ৰী'ৰ সন্মান লাভ কৰিছিল।
-
মেঘনা পেটেল
মেঘনা পেটেল (ইংৰাজী: Meghna Patel; জন্ম: ২৬ জুন) এগৰাকী ভাৰতীয় অভিনেত্ৰী, মডেল, গায়িকা, লেখিকা আৰু চলচ্চিত্ৰ প্ৰযোজক যিয়ে মূলতঃ হিন্দী চলচ্চিত্ৰ আৰু দূৰদৰ্শন ধাৰাবাহিকত কাম কৰে।
-
মেহৰ জাচিয়া
মেহৰ জাচিয়া (ইংৰাজী: Mehr Jesia; জন্ম: ৩০ নৱেম্বৰ ১৯৭০) এগৰাকী ভাৰতীয় প্ৰযোজক, মডেল আৰু সৌন্দৰ্য প্ৰতিযোগিতাৰ খিতাপধাৰী। তেওঁ ১৯৮৬ চনত 'ফেমিনা মিছ ইণ্ডিয়া ইউনিভাৰ্ছ' খিতাপ জয় কৰিছিল আৰু 'মিছ ইউনিভাৰ্ছ ১৯৮৬'ত ভাৰতক প্ৰতিনিধিত্ব কৰিছিল।
-
যশিকা আনন্দ
যশিকা আনন্দ (ইংৰাজী: Yashika Aannand; জন্ম: ৪ আগষ্ট ১৯৯৯) এগৰাকী ভাৰতীয় অভিনেত্ৰী, মডেল আৰু টেলিভিছন ব্যক্তিত্ব, যিয়ে মূলতঃ তামিল চলচ্চিত্ৰ আৰু টেলিভিছন অনুষ্ঠানত কাম কৰে।
-
যুক্তি থৰেজা
যুক্তি থৰেজা (ইংৰাজী: Yukti Thareja; জন্ম: ৫ জানুৱাৰী ২০০২) এগৰাকী ভাৰতীয় মডেল আৰু অভিনেত্ৰী। ২০১৯ চনত তেওঁ এমটিভি ছুপাৰমডেল অফ দ্য য়েৰ নামৰ ৰিয়েলিটি শ্ব’ত অংশগ্ৰহণ কৰিছিল। ইয়াৰ উপৰি তেওঁ ৰংগাবলী (২০২৩) আৰু মাৰ্কো (২০২৪) বোলছবিত অভিনয় কৰিছে।
-
শাজান পদ্মসী
শাজান পদ্মসী কানাকিয়া (ইংৰাজী: Shazahn Padamsee Kanakia; জন্ম: ১৮ অক্টোবৰ ১৯৮৭) — এগৰাকী ভাৰতীয় অভিনেত্ৰী আৰু মডেল যিয়ে মূলতঃ হিন্দী আৰু তেলুগু চলচ্চিত্ৰত কাম কৰে।
-
শেহনাজ গিল
শেহনাজ কৌৰ গিল (ইংৰাজী: Shehnaaz Kaur Gill; জন্ম: ২৭ জানুৱাৰী ১৯৯৪) এগৰাকী ভাৰতীয় অভিনেত্ৰী, মডেল আৰু গায়িকা। তেওঁ টেলিভিছন আৰু চলচ্চিত্ৰত কাম কৰে। তেওঁ ২০১৫ চনৰ সংগীত ভিডিঅ' ‘শিৱ দি কিতাপ’ৰ জৰিয়তে নিজৰ মডেলিং কেৰিয়াৰ আৰম্ভ কৰিছিল।
-
শ্বানুৰ ছানা
শ্বানুৰ ছানা বেগম (ইংৰাজী: Shanoor Sana Begum), যাক এককভাৱে ছানা বুলি জনা যায়, এগৰাকী ভাৰতীয় অভিনেত্ৰী, টেলিভিছন ব্যক্তিত্ব আৰু প্ৰাক্তন মডেল যিয়ে মূলতঃ তেলুগু চলচ্চিত্ৰত কাম কৰে। তেওঁ কেইখনমান কন্নড় আৰু তামিল ছবিতো অভিনয় কৰিছে।
-
শ্বেতা ছালভে
শ্বেতা ছালভে (Shveta Salve) এগৰাকী ভাৰতীয় টেলিভিছন অভিনেত্ৰী আৰু মডেল, যিয়ে নৃত্য ভিত্তিক ৰিয়েলিটি শ্ব’ ঝলক দিখলা যা ১-ৰ প্ৰথম ৰানাৰ-আপ হিচাপে পৰিচিতি লাভ কৰিছিল।
-
শ্বেতা মেনন
শ্বেতা মেনন (ইংৰাজী: Shwetha Menon; জন্ম: ২৩ এপ্ৰিল ১৯৭৪) এগৰাকী ভাৰতীয় অভিনেত্ৰী, মডেল, টেলিভিছন এংকৰ আৰু সৌন্দৰ্য প্ৰতিযোগিতাৰ খিতাপধাৰী। তেওঁ ‘ফেমিনা মিছ ইণ্ডিয়া এছিয়া পেচিফিক ১৯৯৪’ জয় কৰিছিল। তেওঁ মূলতঃ মালয়ালম, তামিল, তেলুগু আৰু হিন্দী ছবিত অভিনয় কৰিছে।
-
শ্যমলী বাৰ্মা
শ্যমলী বাৰ্মা (Shyamoli Varma; জন্ম: ১১ ডিচেম্বৰ ১৯৫৭) এগৰাকী প্ৰাক্তন ভাৰতীয় অভিনেত্ৰী আৰু মডেল। তেওঁক ভাৰতৰ প্ৰথম 'চুপাৰমডেল' আৰু প্ৰথম 'লেকমী গাৰ্ল' (Lakmé girl) হিচাপে জনা যায়। বাৰ্মা ভাৰতীয় থ্ৰিলাৰ ছবি ৰোগত কৰা অভিনয় আৰু লেকমী কচমেটিক্সৰ সৈতে কৰা কামৰ বাবেও পৰিচিত।
-
শ্ৰেয়া ধনন্তৰি
শ্ৰেয়া ধনন্তৰি ( Shreya Dhanwanthary; জন্ম: ২৯ আগষ্ট ১৯৮৮) এগৰাকী ভাৰতীয় অভিনেত্ৰী যি প্ৰধানকৈ হিন্দী চলচ্চিত্ৰ আৰু টেলিভিছন শ্ব'ত অভিনয় কৰে। ২০০৯ চনত তেলেগু ছবি জোছৰ সৈতে তেওঁ অভিষেক ঘটায়।
-
সংগীতা ঘোষ
সংগীতা ঘোষ (ইংৰাজী: Sangita Ghosh; জন্ম: ১৮ আগষ্ট ১৯৭৬) এগৰাকী ভাৰতীয় চলচ্চিত্ৰ তথা দূৰদৰ্শন অভিনেত্ৰী আৰু মডেল। তেওঁ বিশেষকৈ দেচ মে নিকলা হ'গা চান্দ ধাৰাবাহিকত পাম্মী নামৰ চৰিত্ৰটোত কৰা অভিনয়ৰ বাবে জনাজাত। তেওঁ কেইবাটাও বঁটা বিতৰণী অনুষ্ঠান আৰু দূৰদৰ্শন শৃংখলাৰ আঁত ধৰিছে।
-
সন্দলী সিংহ
সন্দলী সিংহ (ইংৰাজী: Sandali Sinha; জন্ম: ১১ জানুৱাৰী ১৯৭৩) এগৰাকী প্ৰাক্তন ভাৰতীয় বলীউড অভিনেত্ৰী আৰু মডেল। ২০০১ চনৰ ৰোমাণ্টিক ছবি তুম বিনত পিয়া চৰিত্ৰত কৰা অভিনয়ৰ বাবে তেওঁ বিশেষভাৱে পৰিচিত। হিন্দীৰ উপৰিও তেওঁ তেলুগু চলচ্চিত্ৰ ওৰে পাণ্ডুত অভিনয় কৰিছে।