অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

ছনিকা সিং চৌহান

ছনিকা চিমোন সিং চৌহান (ইংৰাজী: Sonika Simone Singh Chauhan; ১২ জুলাই ১৯৮৯ – ২৯ এপ্ৰিল ২০১৭) এগৰাকী ভাৰতীয় অভিনেত্ৰী, টেলিভিছন সূত্ৰধাৰ, মডেল আৰু সৌন্দৰ্য প্ৰতিযোগিতাৰ খিতাপ বিজয়ী আছিল। তেওঁ ফেমিনা মিছ ইণ্ডিয়া আৰু মিছ দিভা - ২০১৩ৰ এগৰাকী প্ৰতিযোগী আছিল।

হালনাগাদ: ৩০ মাৰ্চ ২০২৬ ২৮৮ শব্দ · ২ মিনিট সংগৃহীত ৭৯
সংশোধনৰ পৰামৰ্শ

ছনিকা চিমোন সিং চৌহান (ইংৰাজী ভাষা: Sonika Simone Singh Chauhan; ১২ জুলাই ১৯৮৯ – ২৯ এপ্ৰিল ২০১৭) এগৰাকী ভাৰতীয় অভিনেত্ৰী, টেলিভিছন সূত্ৰধাৰ, মডেল আৰু সৌন্দৰ্য প্ৰতিযোগিতাৰ খিতাপ বিজয়ী আছিল। তেওঁ ফেমিনা মিছ ইণ্ডিয়া আৰু মিছ দিভা - ২০১৩ৰ এগৰাকী প্ৰতিযোগী আছিল।১

২০১৭ চনত বিক্ৰম চেটাৰ্জীয়ে চলাই থকা এখন গাড়ী দুৰ্ঘটনাত পতিত হোৱাৰ ফলত তেওঁ গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈ মৃত্যুবৰণ কৰিছিল। এই ঘটনাই বিক্ৰম চেটাৰ্জীৰ গ্ৰেপ্তাৰলৈকে পৰিস্থিতিৰ সৃষ্টি কৰিছিল।২

জীৱনী

১৯৮৯ চনৰ ১২ জুলাইত তেওঁৰ জন্ম হৈছিল। তেওঁ খ্ৰীষ্টান মাতৃ শ্বাৰন সিং চৌহান আৰু হিন্দু ৰাজপুত পিতৃ বিজয় সিং চৌহানৰ একমাত্ৰ সন্তান আছিল। তেওঁ কলকাতাৰ লা মাৰ্টিনিয়াৰত স্কুলীয়া শিক্ষা গ্ৰহণ কৰিছিল।৩ তেওঁ বাংগালুৰুৰ মাউণ্ট কাৰমেল কলেজৰপৰা উচ্চ শিক্ষা সমাপ্ত কৰিছিল।৪

মৃত্যু

লোৱাৰ চাৰ্কুলাৰ ৰোড কবৰস্থানত ছনিকা চৌহানৰ সমাধিস্থল
লোৱাৰ চাৰ্কুলাৰ ৰোড কবৰস্থানত ছনিকা চৌহানৰ সমাধিস্থলছবি: Mayamac · CC BY-SA 4.0

২০১৭ চনৰ ২৯ এপ্ৰিলৰ পুৱতি নিশা এখন মটৰ দুৰ্ঘটনাত ছনিকাই মূৰত মাৰাত্মক আঘাত পাইছিল। দুৰ্ঘটনাটোৰ সময়ত গাড়ীখন বিক্ৰম চেটাৰ্জীয়ে চলাই আছিল। বিক্ৰমে ছনিকাক ৰুবী হাস্পতাললৈ লৈ যায়, য’ত আঘাতৰ বাবে তেওঁৰ মৃত্যু হয়। বিক্ৰমে প্ৰথমতে এক সংবাদ-মেলত তেওঁ তীব্ৰ বেগত গাড়ী চলোৱা বা মদ্যপান কৰাৰ কথা অস্বীকাৰ কৰিছিল,৫ কিন্তু ফৰেনছিক প্ৰতিৱেদনত নিশ্চিত কৰা হৈছে যে কলকাতাৰ ৰাসবিহাৰী এভিনিউত এখন গহনাৰ দোকান আৰু এটা ফ্লেগ প’ষ্টত খুন্দা মৰাৰ কেইছেকেণ্ডমান আগতে তেওঁ ১০০–১১০ কিমি/ঘণ্টা বেগত গাড়ী চলাই আছিল।

প্ৰথমতে বিক্ৰমৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধিৰ ৩০৪-এ ধাৰাৰ (অৱহেলাৰ বাবে মৃত্যু) অধীনতহে গোচৰ ৰুজু কৰা হৈছিল। কিন্তু ব্যাপক জনৰোষৰ পিছত আৰক্ষীয়ে ভাৰতীয় দণ্ডবিধিৰ জামিন অযোগ্য ৩০৪ ধাৰা (অপৰাধমূলক নৰহত্যা) আৰু মটৰ বাহন আইনৰ অধীনত মদ্যপান কৰি গাড়ী চলোৱাৰ অভিযোগো যোগ কৰে।৬৭ কিছুদিন ধৰি পলাতক হৈ থকাৰ পিছত ২০১৭ চনৰ ৭ জুলাইত তেওঁক গ্ৰেপ্তাৰ কৰা হয়৮ আৰু ২০১৭ চনৰ ২৬ জুলাইত জামিনত মুক্তি দিয়া হয়।৯

উত্তৰাধিকাৰ

২০১৭ চনৰ ১২ জুলাইত ছনিকা চৌহানৰ জন্মদিনৰ উপহাৰ আৰু অৱদান হিচাপে তেওঁৰ পিতৃ-মাতৃয়ে টলিগঞ্জ ক্লাবত 'ছনিকা চৌহান ২৭ ফাউণ্ডেশ্যন' মুকলি কৰে।১০ এই ফাউণ্ডেশ্যনে জাতি, বৰ্ণ বা ধৰ্মৰ কোনো বৈষম্য নোহোৱাকৈ যুৱ প্ৰজন্মৰ জীৱন স্পৰ্শ কৰি ছনিকা চিমোন সিং চৌহানৰ উত্তৰাধিকাৰ আগুৱাই লৈ যাব।১১১২

তথ্যসূত্ৰ

  1. ↑ Who is Sonika Singh Chauhan? All you need to know about the Bengali actress-model who passed away! - Latest News & Updates at Daily News & Analysi. Dnaindia.com
  2. ↑ (2025-09-29). Grave charges framed against Vikram Chatterjee in Sonika Chauhan deat…
  3. ↑ (29 April 2017). Who is Sonika Chauhan? All you need to know about model-actress who passed away in a tragic accident. Financial Express
  4. ↑ (29 April 2017). Who is Sonika Singh Chauhan? All you need to know about the Bengali actress-model who passed away!. Daily News and Analysis
  5. ↑ (2017-05-05). she is very dear to me, actor Vikram Chattopadhyay says on press conference about Model So. YouTube
  6. ↑ (2025-09-29). Grave charges framed against Vikram Chatterjee in Sonika Chauhan deat…
  7. ↑ (2017-07-26). Kolkata court grants actor Vikram Chatterjee bail in model Sonika Chauhan death case. Indiatoday.in
  8. ↑ (2017-07-07). Vikram Chatterjee: Sonika Chauhan death case: Actor Vikram Chatterjee arrested. Timesofindia.indiatimes.com
  9. ↑ (2017-07-27). Sonika Chouhan death: 19 days after arrest, Vikram Chatterjee gets bail. Timesofindia.indiatimes.com
  10. ↑ (13 July 2017). Sonika Chauhan's parents roll out 'sober driver' campaign. TOI. The Times Group
  11. ↑ Indrajit Kundu. (29 April 2017). Kolkata-based actor Sonika Chauhan dies in car accident, Vikram Chatterjee injured. India Today. Living Media
  12. ↑ Sujit Nath. (9 May 2017). Kolkata Demands Justice for Sonika Chauhan, One Candle at a Time. News18. Network 18

সম্পৰ্কিত শ্ৰেণী

ভাৰতীয় অভিনেত্ৰীভাৰতীয় মডেলসৌন্দৰ্য প্ৰতিযোগী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ছনিকা সিং চৌহান” প্ৰবন্ধৰ সংশোধন ৫৯৭৯৭৭ (৩০ মাৰ্চ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।