অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

নিধি আগৰৱাল

নিধি আগৰৱাল এগৰাকী ভাৰতীয় অভিনেত্ৰী, যিয়ে মূলতঃ তেলুগু আৰু তামিল চলচ্চিত্ৰত অভিনয় কৰে। ২০১৪ চনৰ মিছ ডিভা ইউনিভাৰ্ছ ২০১৪ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰাৰ পাছত আগৰৱালে হিন্দী ছবি মুন্না মাইকেল (২০১৭)ৰ জৰিয়তে অভিনয়ত অভিষেক ঘটে। এই ছবিখনত অভিনয়ৰ বাবে তেওঁ জি চিনে বঁটা শ্ৰেষ্ঠ মহিলা অভিষেক লাভ কৰে।

হালনাগাদ: ৪ ডিচেম্বৰ ২০২৫ ৩৯৫ শব্দ · ২ মিনিট সংগৃহীত ৮৫
সংশোধনৰ পৰামৰ্শ

নিধি আগৰৱাল এগৰাকী ভাৰতীয় অভিনেত্ৰী, যিয়ে মূলতঃ তেলুগু ভাষা আৰু তামিল ভাষা চলচ্চিত্ৰত অভিনয় কৰে। ২০১৪ চনৰ মিছ ডিভা ইউনিভাৰ্ছ ২০১৪ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰাৰ পাছত আগৰৱালে হিন্দী ছবি মুন্না মাইকেল (২০১৭)ৰ জৰিয়তে অভিনয়ত অভিষেক ঘটে। এই ছবিখনত অভিনয়ৰ বাবে তেওঁ জি চিনে বঁটা শ্ৰেষ্ঠ মহিলা অভিষেক লাভ কৰে।১২

তেওঁ তেলেগু চলচ্চিত্ৰত সব্যসাচী (২০১৮)ৰ জৰিয়তে আৰু তামিল চলচ্চিত্ৰত ঈশ্বৰণ (২০২১)ৰ জৰিয়তে অভিষেক ঘটায়। সব্যসাচীৰ বাবে তেওঁ এছআইআইএমএ শ্ৰেষ্ঠ মহিলা আত্মপ্ৰকাশ বঁটাৰ মনোনয়ন লাভ কৰে।৩ ইয়াৰ উপৰিও তেওঁ আইস্মাৰ্ট শংকৰ (২০১৯), কলাগা থালাইভান (২০২২) আদি সফল ছবিতো অভিনয় কৰিছে।

কেৰিয়াৰ

২০১৬ চনত পৰিচালক ছাব্বিৰ খানে নিশ্চিত কৰিছিল যে আগৰৱাল টাইগাৰ শ্ৰফৰ সৈতে তেওঁৰ চলচ্চিত্ৰ মুন্না মাইকেল-ৰ মুখ্য চৰিত্ৰত অভিনয় কৰিবলৈ চুক্তিবদ্ধ হৈছে। প্ৰায় ৩০০ প্ৰাৰ্থীৰ মাজৰপৰা আগৰৱালক নিৰ্বাচন কৰা হৈছিল। চলচ্চিত্ৰখন সম্পূৰ্ণ নোহোৱালৈকে তেওঁক এটা "ন’–ডেটিং ক্ল’জ"ত স্বাক্ষৰ কৰিবলৈও কোৱা হৈছিল।৪ এই চলচ্চিত্ৰখনই আগৰৱালৰ অভিনয়জীৱনৰ সূচনা চিহ্নিত কৰে; যদিও সমালোচকসকলৰপৰা মিশ্ৰিতৰপৰা নেতিবাচক প্ৰতিক্ৰিয়া পোৱা গৈছিল।৫

২০১৮ চনৰ এবিধ অনুষ্ঠানত আগৰৱাল
২০১৮ চনৰ এবিধ অনুষ্ঠানত আগৰৱালছবি: Bollywood Hungama · CC BY 3.0

২০১৮ চনত আগৰৱালে নাগা চৈতন্যৰ বিপৰীতে তেলুগু ভাষাৰ সব্যসাচী ছবিৰ জৰিয়তে তেলুগু ছবিত আত্মপ্ৰকাশ কৰে। ছবিখনে বক্স অফিচত সন্তোষজনক প্ৰদৰ্শন দেখুৱাব নোৱাৰিলে।৬

২০১৯ চনত তেওঁৰ দুখন ছবি মুক্তি পায়। অখিল আকিনেনীয়ৰ সৈতে মিষ্টাৰ মাজনু বক্স অফিচত অসফল কৰিছিল,৭ আনহাতে ৰাম পথিনেনীৰ সৈতে আইছ্টমাৰ্ট শংকৰ ব্যাৱসায়িক ৰূপে সফল হয় আৰু বক্স অফিচত ১০০ দিনতকৈ অধিক সময় চলি আছিল।৮ সেই বছৰে তেওঁ Jyotica Tangri গোৱা Unglich Ring Daal De আৰু বাদশ্বাহৰ সৈতে AAHO! Mittran Di Yes Hai সংগীত ভিডিঅ’ত উপস্থিত হৈছিল।

২০২১ চনত তেওঁ চিলাম্বৰাছানৰ বিপৰীতে তামিল ভাষাৰ ঈশ্বৰান চলচ্চিত্ৰত অভিনয় কৰে।৯ ছবিখনে মিশ্ৰিত সমালোচনা লাভ কৰিছিল আৰু গড় সফলতা পায়। তাৰ পাছতেই জয়ম ৰৱিৰ সৈতে তেওঁৰ পৰৱৰ্তী ছবি ভূমি মুক্তি পায়, যদিও ছবিখনে নেতিবাচক সমালোচনা লাভ কৰিছিল।১০ সেই বৰ্ষতে তেওঁ আলতাফ ৰাজাৰ পুনৰ্নিমাণ কৰা সাথ কিয়া নিভাওগে গীতৰ ভিডিঅ’ত চনু সুদৰ বিপৰীতে উপস্থিত হৈছিল।

২০২২ চনত তেওঁ অভিষেক অশোক গালাৰ সৈতে হিৰো চলচ্চিত্ৰত অভিনয় কৰে। ছবিখনে সমালোচক আৰু দৰ্শকৰপৰা মিশ্ৰিত সমালোচনা লাভ কৰিছিল।১১ লগতে তেওঁ অধয়ানিধি ষ্টেলিনৰ সৈতে মাজিজ থিৰুমেনীৰ একচন-থ্ৰিলাৰ কালাগা থালাইভান ছবিতো অভিনয় কৰে, যিয়ে সমালোচকৰপৰা ইতিবাচক সমালোচনা লাভ কৰিছিল।১২

ইয়াৰ পিছত ২০২৫ চনৰ জুলাই মাহত মুক্তি পোৱা হৰি হৰা বীৰা মল্লু ছবিখনত আগৰৱালক পঞ্চমীৰ চৰিত্ৰত দেখা গৈছিল।১৩১৪১৫।

সংবাদ মাধ্যমত

২০১৭ চনত আগৰৱাল
২০১৭ চনত আগৰৱালছবি: Bollywood Hungama · CC BY 3.0

আগৰৱালে বিভিন্ন সময়ত হায়দৰাবাদ টাইমছ Most Desirable Woman তালিকাত স্থান লাভ কৰিছে। ২০১৯ চনত তেওঁ ১১তম স্থানত আছিল,১৬ আৰু ২০২০ চনত ৮তম স্থানত।১৭

তেওঁ কেইবাটাও ব্ৰেণ্ড আৰু সামগ্ৰীৰ সক্ৰিয় চেলিব্ৰিটি এণ্ডাৰছাৰ। ২০১৯ চনত, তেওঁ এটা ফেয়াৰনেছ ক্ৰীমৰ এণ্ডাৰছমেণ্ট নাকচ কৰিছিল।১৮

আগৰৱাল কল্যাণ জুৱেলাৰ্ছৰ বহুভাষিক বিজ্ঞাপনতো অংশ লৈছে।১৯

ফিল্মগ্ৰাফী

চলচ্চিত্ৰ

+ নিধি আগৰৱালৰ ছবিৰ ক্ৰেডিটৰ তালিকা
বছৰশীৰ্ষকভূমিকাভাষাটোকাউৎস
২০১৭মুন্না মাইকেলদীপিকা শৰ্মা "ডলী"হিন্দী ভাষা২০
২০১৮সব্যাসচীচিত্ৰাতেলুগু ভাষা২১
২০১৯মিষ্টাৰ মজনুনিকিতা "নিকি"২২
আইস্মাৰ্ট শংকৰডা° চাৰা২৩
২০২১ঈশ্বৰণপুংগোডীতামিল ভাষা২৪
ভূমিশক্তি২৫
২০২২নায়কসুভদ্ৰা "সববু"তেলুগু২৬
কলাগা থালাইভানমিথিলি প্ৰসাদতামিল২৭
২০২৫হৰি হাৰা বীৰা মল্লুপঞ্চমীতেলুগু২৮
২০২৬পোষ্ট-প্ৰডাকচন২৯

† চিহ্নই এতিয়ালৈকে মুক্তি নোপোৱা চলচ্চিত্ৰ বা টিভি প্ৰডাকচনক বুজাইছে।

মিউজিক ভিডিঅ'

+ নিধি আগৰৱালৰ মিউজিক ভিডিঅ'ৰ ক্ৰেডিটৰ তালিকা
বছৰশীৰ্ষককণ্ঠশিল্পীউৎস
২০১৯উংলিচ ৰিং ডাল দেজ্যোতিকা টাংৰি৩০
AAHO! মিত্ৰন দি হয় হায়বাদশ্বাহ৩১
২০২১সাথ ক্যা নিভাওগেআলতাফ ৰাজা৩২

বঁটা আৰু মনোনয়ন

বছৰপুৰস্কাৰশ্ৰেণীচলচ্চিত্ৰফলাফলউৎস
২০১৭জি চিনে বঁটাশ্ৰেষ্ঠ মহিলা আত্মপ্ৰকাশমুন্না মাইকেলজিকিছিল৩৩
২০১৯SIIMA বঁটাশ্ৰেষ্ঠ মহিলা আত্মপ্ৰকাশ - তেলুগু ভাষাসব্যাসচীমনোনীত৩৪

অন্যান্য সন্মান

  • ইয়ামাহা ফাচিনো মিছ ডিভা ২০১৪ — ফাইনেলিষ্ট ৩

তথ্যসূত্ৰ

  1. ↑ (15 August 2016). Confirmed! Tiger Shroff to romance Nidhhi Agerwal in Munna Michael. Deccan Chronicle
  2. ↑ (21 April 2017). Munna Michael starring Tiger Shroff, Nawazuddin Siddiqui to release on 21 July. Firstpost
  3. ↑ (8 November 2017). Nidhhi Agerwal: Steamy pictures of the budding star. The Times of India
  4. ↑ (6 October 2016). Tiger Shroff's Munna Michael Co-Star Niddhi Agerwal Made To Sign No Dating Clause!. NDTV
  5. ↑ (29 January 2017). Actress Nidhhi Agerwal okay with no dating clause. The Times of India
  6. ↑ Nyaypati, Neeshita. (3 November 2018). 'Savyasachi' box office collections: Naga Chaitanya and Madhavan's film has a decent opening. The Times of India
  7. ↑ Nadadhur, Srivathsan. (25 January 2019). Mr Majnu Review {3/5}: Akhil comes into his own as an actor and steals the show as the casanova who goes through a heartbreak. The Times of India
  8. ↑ (25 October 2019). iSmart Shankar completes 100 days; Ram, Puri and Charmme reminisce the success. The Times of India
  9. ↑ Ramanujam, Srinivasa. (14 January 2021). 'Eeswaran' movie review: A predictable rural subject that goes nowhere. The Hindu
  10. ↑ (27 December 2020). Bhoomi trailer: Jayam Ravi starrer social thriller looks compelling. The Indian Express
  11. ↑ (15 January 2022). Hero Movie Review: A reasonably enjoyable madcap comedy that comes with a twist. Pinkvilla
  12. ↑ Lakshmi, V. (6 November 2020). Nidhhi Agerwal start shooting for Udhayanidhi Stalin's film with Magizh Thirumeni. The Times of India
  13. ↑ (17 August 2021). Hari Hara Veeramallu: Nidhhi Agerwal becomes Panchami for Pawan Kalyan-starrer. The Indian Express
  14. ↑ (9 January 2025). Nidhhi Agerwal reports online harassment: Telugu actress files cybercrime complaint against over death threats. The Economic Times
  15. ↑ (20 August 2025). 'Hari Hara Veera Mallu' OTT release: Pawan Kalyan-Bobby Deol starrer period action drama now streaming online - Find out where to watch. The Times of India
  16. ↑ (17 March 2020). Gosh! these divas are oh so oomph. The Times of India
  17. ↑ (3 June 2021). Hyderabad Times Most Desirable Women 2020: Behold, the divas who ooze desirability. The Times of India
  18. ↑ Jeyya, Siby. (8 February 2019). Nidhi Agarwal will never endorse fairness cream; rejects an offer. India Herald
  19. ↑ (18 April 2021). Katrina Kaif shares behind-the-scenes pictures from jewellery ad shoot with Regina Cassandra, Nidhhi Agerwal, Manju Warrier and Reba Monica John. Bollywood Hungama
  20. ↑ (15 July 2017). Nidhhi Agerwal passed four rounds of audition to bag 'Munna Michael'.. The Times of India
  21. ↑ (24 November 2017). Nidhhi Agerwal's role in 'Savyasachi' is far from glamorous.. The Times of India
  22. ↑ R, Manoj Kumar. (26 January 2019). Mr Majnu movie review: This Akhil Akkineni film is watchable. The Indian Express
  23. ↑ (5 March 2018). Nidhhi Agerwal to play a scientist in Puri Jagannadh's next.. The Times of India
  24. ↑ (26 October 2020). STR's next with Susienthiran titled Eeswaran; first look out. The Times of India
  25. ↑ (13 November 2020). Jayam Ravi's 'Bhoomi' to premiere for Pongal 2021. The News Minute
  26. ↑ (17 August 2020). Nidhhi Agerwal's birthday poster from her next film with Ashok Galla released. The Times of India
  27. ↑ (7 December 2020). Udhayanidhi Stalin begins shooting for his film with Magizh Thirumeni. The Times of India
  28. ↑ (11 March 2021). 'Hari Hara Veera Mallu': Pawan Kalyan looks flamboyant as a heroic outlaw. The Times of India
  29. ↑ Chatterjee, Sanghamitra. (15 January 2024). Prabhas to headline horror film The Raja Saab, unveils first-look poster on Pongal. The Telegraph
  30. ↑ (29 January 2019). Unglich Ring Daal De starring Nidhhi Agerwal, sung by Jyotica Tangri is out now
  31. ↑ (20 October 2019). Aaho channel's theme song 'AAHO! Mittran Di Yes Hai', featuring Badshah and Nidhhi Agerwal released. Chandigarh City News
  32. ↑ Yadav, Prerna. (9 August 2021). Saath Kya Nibhaoge song: Sonu Sood, Niddhi Agerwal's chemistry stuns audience. India TV News
  33. ↑ (20 December 2017). Zee Cine Awards 2018: Sridevi, Varun Dhawan win top acting honours; Golmaal Again gets best film. Firstpost
  34. ↑ (30 July 2019). SIIMA 2019 nominations list out: Who among Kiara Advani, Srinidhi Shetty and Nidhhi Agerwal will claim best debut award?. DNA India

সম্পৰ্কিত শ্ৰেণী

ভাৰতীয় অভিনেত্ৰীতেলুগু চলচ্চিত্ৰৰ অভিনেত্ৰীতামিল চলচ্চিত্ৰৰ অভিনেত্ৰীহিন্দী চলচ্চিত্ৰৰ অভিনেত্ৰীভাৰতীয় মডেল

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “নিধি আগৰৱাল” প্ৰবন্ধৰ সংশোধন ৫৬০৮৫৮ (৪ ডিচেম্বৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।