অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

এশা গুপ্তা

এশা গুপ্তা (ইংৰাজী: Esha Gupta; জন্ম: ২৮ নৱেম্বৰ ১৯৮৫) এগৰাকী ভাৰতীয় অভিনেত্ৰী, মডেল আৰু সৌন্দৰ্য প্ৰতিযোগিতাৰ খিতাপ ধাৰী। তেওঁ হিন্দী চলচ্চিত্ৰত কাম কৰে। তেওঁক 'ফেমিনা মিছ ইণ্ডিয়া ইণ্টাৰনেশ্যনেল ২০০৭'ৰ মুকুট পিন্ধোৱা হৈছিল আৰু তেওঁ মিছ ইণ্টাৰনেশ্যনেল ২০০৭ প্ৰতিযোগিতাত ভাৰতক প্ৰতিনিধিত্ব কৰিছিল।

হালনাগাদ: ২২ এপ্ৰিল ২০২৬ ২৯৫ শব্দ · ২ মিনিট সংগৃহীত ৮১
সংশোধনৰ পৰামৰ্শ

এশা গুপ্তা (ইংৰাজী ভাষা: Esha Gupta; জন্ম: ২৮ নৱেম্বৰ ১৯৮৫) এগৰাকী ভাৰতীয় অভিনেত্ৰী, মডেল আৰু সৌন্দৰ্য প্ৰতিযোগিতাৰ খিতাপ ধাৰী। তেওঁ হিন্দী ভাষা চলচ্চিত্ৰত কাম কৰে। তেওঁক 'ফেমিনা মিছ ইণ্ডিয়া ইণ্টাৰনেশ্যনেল ২০০৭'ৰ মুকুট পিন্ধোৱা হৈছিল আৰু তেওঁ মিছ ইণ্টাৰনেশ্যনেল ২০০৭ প্ৰতিযোগিতাত ভাৰতক প্ৰতিনিধিত্ব কৰিছিল। তেওঁ ক্ৰাইম থ্ৰিলাৰ জান্নাত ২ (২০১২)ৰ জৰিয়তে অভিনয়ত আত্মপ্ৰকাশ কৰে আৰু ফিল্মফেয়াৰ শ্ৰেষ্ঠ নবাগত অভিনেত্ৰীৰ বঁটাৰ বাবে মনোনয়ন লাভ কৰে।১

গুপ্তাই ২০০৭ চনত ফেমিনা মিছ ইণ্ডিয়া প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি তৃতীয় স্থান লাভ কৰিছিল আৰু মিছ ইণ্ডিয়া ইণ্টাৰনেশ্যনেল খিতাপ জয় কৰিছিল। পিছলৈ তেওঁ মিছ ইণ্টাৰনেশ্যনেল প্ৰতিযোগিতাত ভাৰতক প্ৰতিনিধিত্ব কৰিছিল।২ অভিনয় জীৱনৰ আৰম্ভণিৰ পিছত গুপ্তাই ৰাজনৈতিক ড্ৰামা চক্ৰবেহুত (২০১২) কৰা অভিনয়ৰ বাবে প্ৰশংসা লাভ কৰিছিল, কিন্তু কমেডী ছবি হমচকলছত (২০১৪) তেওঁৰ অভিনয়ে নেতিবাচক সমালোচনা লাভ কৰে। তেওঁৰ সৰ্বাধিক উপাৰ্জনকাৰী ছবিসমূহৰ ভিতৰত আছিল হৰৰ থ্ৰিলাৰ ৰাজ থ্ৰী-ডি (২০১৩), ক্ৰাইম ড্ৰামা ৰুস্তম (২০১৬), আৰু একচন-এডভেন্সাৰ ছবি বাদশ্বাহো (২০১৭)।

প্ৰাৰম্ভিক জীৱন আৰু কাম

এশা গুপ্তাৰ জন্ম ১৯৮৫ চনৰ ২৮ নৱেম্বৰত নতুন দিল্লীত হৈছিল।৩ তেওঁৰ পিতৃ এগৰাকী অৱসৰপ্ৰাপ্ত ভাৰতীয় বায়ু সেনাৰ বিষয়া আৰু মাতৃ এগৰাকী গৃহিনী।৪ নেহা নামৰ তেওঁৰ এগৰাকী ভগ্নী আছে। তেওঁ শৈশৱৰ সৰহভাগ সময় ডেৰাডুন, হায়দৰাবাদ আৰু দিল্লীত অতিবাহিত কৰিছিল।৫ গুপ্তাই মণিপাল একাডেমী অৱ হায়াৰ এডুকেচনৰ অন্তৰ্গত স্কুল অৱ কমিউনিকেচনৰপৰা গণসংযোগ বিষয়ত স্নাতক ডিগ্ৰী লাভ কৰিছিল।৬

গুপ্তাই ২০০৭ চনত ফেমিনা মিছ ইণ্ডিয়া প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিল, য'ত তেওঁ 'মিছ ফটোজেনিক' খিতাপ অৰ্জন কৰে৭ আৰু তৃতীয় স্থান লাভ কৰি মিছ ইণ্ডিয়া ইণ্টাৰনেশ্যনেলত প্ৰতিযোগিতা কৰিবলৈ সুযোগ পায়।৮ তেওঁ ২০১০ চনত 'কিংফিচাৰ কেলেণ্ডাৰ'ত স্থান লাভ কৰিছিল।৯ পিছলৈ তেওঁ বলীউডত নিজৰ কেৰিয়াৰ গঢ়িবলৈ আগবাঢ়ে।১০

সক্ৰিয়তা

এশাক পৰিৱেশ সংৰক্ষণৰ বিভিন্ন পদক্ষেপত অংশগ্ৰহণ কৰা দেখা যায়,১১ যাৰ ভিতৰত "বিচ ক্লীনআপ ড্ৰাইভ" (সৈকত পৰিষ্কাৰ অভিযান),১২ "ৱাক ফৰ চেভিং দা মেংগ্ৰোভছ" (মেংগ্ৰোভ বনাঞ্চল বাচাও পদযাত্ৰা),১৩ আৰু বনাঞ্চল সুৰক্ষাৰ কাম-কাজ অন্যতম।১৪ তেওঁ কন্যাসন্তানৰ উত্তৰণ আৰু শিক্ষাৰ বাবে কাম কৰা "সুৰমান প্ৰতিষ্ঠান"ৰ সৈতেও জড়িত।১৫ ইয়াৰ উপৰি তেওঁ বিলুপ্তিৰ পথত থকা চাৰ্ক মাছৰ প্ৰজাতিসমূহ ৰক্ষাৰ বাবে সজাগতা সৃষ্টি কৰিবলৈ "চীলেগেছি" নামৰ সংস্থাটোকো সমৰ্থন কৰে।১৬

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ (13 August 2012). Planet glamour Act II. The Financial Express
  2. ↑ Esha Gupta's complete beauty evolution. Vogue
  3. ↑ Birthday special: Things you may not know about Esha Gupta. Mid Day
  4. ↑ (22 May 2012). Celeb Fitness Mantras: Esha Gupta. iDiva
  5. ↑ Esha and Neha Gupta at the launch of Omega's 'Ladymatic' watch at Taj Palace, Delhi on November 23, 2011. The Times of India
  6. ↑ (29 August 2018). Acting over education - Lesser known facts about Esha Gupta. The Times of India
  7. ↑ (16 July 2012). Miss India Winners 2007 – Miss India – Title Holders – Femina Miss India – Indiatimes. The Times of India
  8. ↑ Esha Gupta - Femina Miss India 2007 Contestants. The Times of India
  9. ↑ ninjas. Sexy Kingfisher Calendar Girls. guylife.com
  10. ↑ (15 January 2013). Bollywood wasn't Esha Gupta's first choice. Hindustan Times
  11. ↑ (3 September 2019). Protecting nature isn't about a nation: Esha Gupta. thequint.com
  12. ↑ 100 weeks of Dadar beach cleanup: Esha Gupta participates in cleanliness drive. aninews.in
  13. ↑ (16 July 2019). Walk For Mangroves: A Bhamla Foundation Initiative Was Graced By Aditya Thackeray, Esha Gupta, Zorawar Kalra And Malhar Kalambe. mumbailive.com
  14. ↑ (September 2019). Mumbai Celebs Join Citizens To Protest Order To Cut Trees In Aarey For Metro. BloombergQuint. bloombergquint.com
  15. ↑ (3 October 2021). Esha Gupta visits surman institute and spends time with kids. bollywoodtadka.in
  16. ↑ twitter.com. X (formerly Twitter)

সম্পৰ্কিত শ্ৰেণী

ভাৰতীয় অভিনেত্ৰীভাৰতীয় মডেলসৌন্দৰ্য প্ৰতিযোগী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “এশা গুপ্তা” প্ৰবন্ধৰ সংশোধন ৬০২০১৯ (২২ এপ্ৰিল ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।