দক্ষ নগৰকাৰ (ইংৰাজী ভাষা: Daksha Nagarkar) এগৰাকী ভাৰতীয় অভিনেত্ৰী আৰু মডেল যিয়ে মূলতঃ তেলুগু ভাষা চলচ্চিত্ৰত অভিনয় কৰে। তেওঁ ২০১৪ চনত এ কে ৰাও পি কে ৰাও ছবিৰ জৰিয়তে আত্মপ্ৰকাশ কৰিছিল আৰু তাৰ পিছত হোৰা হোৰী, হুশাৰু আৰু জম্বি ৰেডীত কাম কৰিছিল।
প্ৰাৰম্ভিক জীৱন
দক্ষ নগৰকাৰৰ জন্ম মহাৰাষ্ট্ৰৰ মুম্বাইত এজন মাৰাঠা পিতৃ আৰু এগৰাকী ৰাজপুত মাতৃৰ গৰ্ভত হৈছিল। তেওঁৰ মাতৃ এটা প্ৰসাধন সামগ্ৰী কোম্পানীত কৰ্মৰত আছিল, যাৰ বাবে তেওঁ মাতৃৰ সৈতে পাঞ্চগনী, হাইদৰাবাদ, বেংগালুৰু আৰু দিল্লী আদিকে ধৰি বিভিন্ন ঠাইত ডাঙৰ-দীঘল হৈছিল।১ নগৰকাৰৰ পৰিয়ালত বহুতো চিকিৎসক থকাৰ হেতুকে তেওঁ প্ৰথমতে এগৰাকী হৃদৰোগ বিশেষজ্ঞ হোৱাৰ লক্ষ্য ৰাখিছিল। অৱশ্যে পৰৱৰ্তী সময়ত তেওঁ মডেলিঙ আৰু অভিনয়ত নিজৰ কেৰিয়াৰ গঢ়াৰ সিদ্ধান্ত লয়।২
কেৰিয়াৰ
দক্ষ নগৰকাৰৰ অভিনয় জীৱনৰ আৰম্ভণি ঘটিছিল এ কে ৰাও পি কে ৰাও (২০১৪) নামৰ ছবিখনৰ জৰিয়তে। পৰৱৰ্তী সময়ত তেওঁ ২০১৫ চনত তেজাৰ নিৰ্দেশনাত হোৰা হোৰী ছবিত অভিনয় কৰে। এই ছবিখনত তেওঁৰ অভিনয় পৰ্যবেক্ষণ কৰি 'দ্য হিন্দু'ৰ সংগীত দেৱী দন্দুৱে লিখিছিল: "পৰ্দাত দক্ষৰ উপস্থিতি যথেষ্ট ভাল আৰু তেওঁৰ অভিনয়ত সম্ভাৱনা দেখা গৈছে।" ৩ ছবিখনৰ দৃশ্যগ্ৰহণৰ বাবে নগৰকাৰে তেওঁৰ প্ৰথম বৰ্ষৰ চূড়ান্ত পৰীক্ষাত বহিব পৰা নাছিল আৰু অনুত্তীৰ্ণ হৈছিল। ইয়াৰ পিছত তেওঁ চলচ্চিত্ৰৰপৰা বিৰতি লোৱাৰ সিদ্ধান্ত লয় আৰু ব্যৱসায় প্ৰশাসনৰ স্নাতক (BBA) ডিগ্ৰী সম্পূৰ্ণ কৰে।১৪
তিনি বছৰৰ বিৰতিৰ অন্তত নগৰকাৰে হুশাৰু (২০১৮) ছবিখনৰ জৰিয়তে পুনৰ চিনেমা জগতলৈ উভতি আহে।
২০২১ চনত তেওঁ জম্বি ৰেডী ছবিত গেমিঙত আসক্ত এগৰাকী কিশোৰীৰ চৰিত্ৰত অভিনয় কৰিছিল।৫ 'দ্য হিন্দু'ৰ এজন সমালোচকে তেওঁৰ অভিনয়ক "প্ৰভাৱশালী" বুলি অভিহিত কৰাৰ বিপৰীতে 'ফাৰ্ষ্টপোষ্ট'ৰ হেমন্ত কুমাৰে লিখিছিল যে একচন দৃশ্যবোৰত নগৰকাৰে নিজৰ পৰিচয় দাঙি ধৰিবলৈ সক্ষম হৈছিল।৬৭ ২০২২ চনত নগৰকাৰে নাগা চৈতন্যৰ সৈতে বংগাৰাজু ছবিৰ "এন্থা চাকাগুণ্ডীৰো" শীৰ্ষক নৃত্যত অংশ লৈছিল।২ সেই বছৰৰে শেষৰফালে তেওঁ ৰবি তেজা অভিনীত ছবি ৰাৱণাসুৰৰ বাবে চুক্তিবদ্ধ হৈছিল।
তথ্যসূত্ৰ
- ↑ (4 December 2018). కమర్షియల్సే ఇష్టం. Andhra Bhoomi
- ↑ Adivi, Sashidhar. (7 January 2022). Naga Chaitanya is my first dance co-star: Daksha Nagarkar. Deccan Chronicle
- ↑ Dundoo, Sangeetha Devi. (11 September 2015). Hora Hori: Old wine in an old bottle. The Hindu
- ↑ (31 January 2021). గ్లామర్ పాత్రలు చేసేందుకు సిద్ధం: దక్ష. Eenadu
- ↑ Adivi, Sashidhar. (5 February 2021). Watch it like a zombie. Deccan Chronicle
- ↑ Dundoo, Sangeetha Devi. 'Zombie Reddy' movie review: When the zombies attack Seema. The Hindu
- ↑ (5 February 2021). Zombie Reddy movie review: Prashant Varma's zombie comedy adds a fun twist to an action. Firstpost
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “দক্ষ নগৰকাৰ” প্ৰবন্ধৰ সংশোধন ৬৩৯৮৬৫ (২৯ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।