অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

উজ্জ্বলা ৰাউত

উজ্জ্বলা ৰাউত (ইংৰাজী: Ujjwala Raut; জন্ম: ১১ জুন ১৯৭৮) — এগৰাকী ভাৰতীয় ছুপাৰমডেল। তেওঁক ভাৰতৰ অন্যতম প্ৰথম ছুপাৰমডেল হিচাপে গণ্য কৰা হয়।

হালনাগাদ: ১ মে’ ২০২৬ ১৭৯ শব্দ · ১ মিনিট সংগৃহীত ৭৯
সংশোধনৰ পৰামৰ্শ

উজ্জ্বলা ৰাউত (ইংৰাজী ভাষা: Ujjwala Raut; জন্ম: ১১ জুন ১৯৭৮) — এগৰাকী ভাৰতীয় ছুপাৰমডেল।১২ তেওঁক ভাৰতৰ অন্যতম প্ৰথম ছুপাৰমডেল হিচাপে গণ্য কৰা হয়।৩৪

কেৰিয়াৰ

২০১৯ বৰ্ষত উজ্জ্বলা ৰাউত
২০১৯ বৰ্ষত উজ্জ্বলা ৰাউতছবি: CNX : India · CC BY 3.0

১৯৯৬ চনৰ ফেমিনা মিছ ইণ্ডিয়া প্ৰতিযোগিতাত "ফেমিনা লুক অফ দ্য য়েৰ" খিতাপ জিকাৰ সময়ত ৰাউত আছিল ১৭বছৰীয়া বাণিজ্য শাখাৰ এগৰাকী ছাত্ৰী।১ ইয়াৰ উপৰি তেওঁ নিচত অনুষ্ঠিত ১৯৯৬ চনৰ এলিট মডেল লুক প্ৰতিযোগিতাত শীৰ্ষ পোন্ধৰজনৰ ভিতৰত স্থান লাভ কৰিছিল।৫৬ তেওঁ ইভ চেণ্ট-লৰেণ্ট, ৰবেৰ্টো কাভালি, হুগো বছ, চিহ্নিয়া ৰাউলি, ডায়েন ভন ফাৰষ্টেনবাৰ্গ, ডলচে এণ্ড গাব্বানা, বেটসী জনছন, গুচি, গিভেঞ্চি, ভেলেণ্টিনো, অস্কাৰ ডি লা ৰেণ্টা, আৰু এমিলিঅ’ পুচি আদিকে ধৰি ভিক্টোৰিয়াছ ছিক্ৰেট ফেশ্বন শ্ব’ৰ ৰেম্পত খোজ দিছিল।৭

তেওঁ ইভ চেণ্ট-লৰেণ্টৰ ব্ৰেণ্ড এম্বেছেডৰ হিচাপে আত্মপ্ৰকাশ কৰা প্ৰথমগৰাকী ভাৰতীয় আছিল।৮

তেওঁ ভিক্টোৰিয়াছ ছিক্ৰেট ফেশ্বন শ্ব’ত খোজ দিয়া প্ৰথমসকল ভাৰতীয়ৰ ভিতৰত অন্যতম আছিল। তেওঁ ২০০২ আৰু ২০০৩ চনত দুবাৰকৈ এই অনুষ্ঠানত অংশগ্ৰহণ কৰিছিল।৯ ২০১২ চনত তেওঁ মডেল মিলিন্দ সোমানৰ সৈতে কিংফিচাৰ কেলেণ্ডাৰ হাণ্টৰ সহ-সঞ্চালনা আৰু বিচাৰকৰ দায়িত্ব পালন কৰিছিল।১০

তেওঁ চনম তেৰী কচম (২০১৬) নামৰ এখন হিন্দী বলিউড চলচ্চিত্ৰত অভিনয় কৰিছে।১১১২

হাৰ্পাৰছ বজাৰ ইণ্ডিয়াই ইয়াৰ বাৰ্ষিক বঁটাৰ দ্বিতীয় সংস্কৰণত তেওঁক ২০২৫ চনৰ 'ৱমেন অফ দ্য য়েৰ' হিচাপে সন্মানিত কৰে।১৩১৪

ব্যক্তিগত জীৱন

উজ্জ্বলাৰ পিতৃ মুম্বাই আৰক্ষীৰ এজন উপ-আযুক্ত আছিল।৯ ২০০৪ চনৰ ১৯ জুনত তেওঁ মেক্সৱেল ষ্টেৰীৰ সৈতে বিবাহপাশত আবদ্ধ হয়১৫ আৰু ২০১১ চনত এই দম্পতীৰ বিচ্ছেদ ঘটে। তেওঁলোকৰ ক্ষা নামৰ এগৰাকী কন্যা সন্তান আছে।১৬১৭১৮

তথ্যসূত্ৰ

  1. ↑ (2006-06-01). OC Interview: OPEN CHEST Interview with supermodel Ujjwala Raut. Celebrity Hollywood Bollywood Blog
  2. ↑ Tewari, Bandana. (2024-07-08). Ujjwala Raut on the abandonment of hustle culture and surrendering to the codes of soft living. Vogue India
  3. ↑ (2024-06-10). Ujjwala Raut: 'The definition of supermodel is not interpreted correctly in India'. The Indian Express
  4. ↑ Ghosal, Sharmistha. (2024-07-18). Supermodel Ujjwala Raut poses in 3 exclusive looks for Indulge as she explains what's ailing the modelling industry here. Indulgexpress
  5. ↑ Biography Of Ujjwala Raut India's First Super Model · Ujjwala Raut The Show Stopper
  6. ↑ Ujjwala Raut – Fashion Models – Bellazon
  7. ↑ Ujjwala Raut: Here's what the 40-year-old supermodel of the 90s is doing now. mid-day
  8. ↑ Bhattacharya, Roshmila. (2011-08-25). I had to protect my daughter: Ujjwala Raut. www.hindustantimes.com/
  9. ↑ Team, DNA Web. Who is Ujjwala Raut, India's first supermodel now reportedly dating IPL founder and Sushmita Sen's 'ex beau' Lalit Modi?. DNA India
  10. ↑ Indian supermodel Ujjwala Raut's hot bikini photos will ring a bell of romance in your heart! Here's proof · Entertainment News. www.timesnownews.com
  11. ↑ Ujjwala Raut · Actress. IMDb
  12. ↑ Sanam Teri Kasam (2016) - Full Cast & Crew. movieslist.best
  13. ↑ Harper’s Bazaar Women of the Year Awards 2025: The game-changing winners you need to know. Harper Bazar
  14. ↑ Desk, India Today Lifestyle. (2025-10-26). Harper's Bazaar Women of the Year Awards 2025: Power, creativity and purpose. India Today
  15. ↑ Bhattacharya, Roshmila. I had to protect my daughter: Ujjwala Raut. Hindustan Times
  16. ↑ (2021-06-11). Ujjwala Raut, The Super Model Of The Past And Her Biography - Odiha News
  17. ↑ (2009-08-23). Ugly break-up for India's first supermodel. The Independent
  18. ↑ My life revolves around my daughter Ksha, says Ujjwala Raut. DNA

সম্পৰ্কিত শ্ৰেণী

ভাৰতীয় মডেল

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “উজ্জ্বলা ৰাউত” প্ৰবন্ধৰ সংশোধন ৬০৩৭৪৫ (১ মে’ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।