অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

কেৰল গ্ৰেচিয়াছ

কেৰল গ্ৰেচিয়াছ (ইংৰাজী: Carol Gracias) এগৰাকী ভাৰতীয় ছুপাৰ মডেল। তেওঁ ভাৰতৰ অতি মৰ্যাদাপূৰ্ণ 'লৰিয়েল/এলিট লুক অফ দ্য য়েৰ' খিতাপ বিজয়ী। ২০০৬ চনত তেওঁ ৰিয়েলিটী শ্ব' বিগ বছ ১ত অংশগ্ৰহণ কৰিছিল আৰু ৰানাৰ্ছ-আপ হৈছিল।

হালনাগাদ: ৩০ মাৰ্চ ২০২৬ ২৪১ শব্দ · ১ মিনিট সংগৃহীত ৮২
সংশোধনৰ পৰামৰ্শ

কেৰল গ্ৰেচিয়াছ (ইংৰাজী ভাষা: Carol Gracias) এগৰাকী ভাৰতীয় ছুপাৰ মডেল। তেওঁ ভাৰতৰ অতি মৰ্যাদাপূৰ্ণ 'লৰিয়েল/এলিট লুক অফ দ্য য়েৰ' খিতাপ বিজয়ী। ২০০৬ চনত তেওঁ ৰিয়েলিটী শ্ব' বিগ বছ ১ত অংশগ্ৰহণ কৰিছিল আৰু ৰানাৰ্ছ-আপ হৈছিল।

প্ৰাৰম্ভিক জীৱন

কেৰল গ্ৰেচিয়াছ মুম্বাইৰ এটা গোৱান কেথলিক পৰিয়ালত ডাঙৰ-দীঘল হৈছিল।১

কৰ্মজীৱন

চলচ্চিত্ৰ কেৰিয়াৰ

কেৰলে 'বিয়িং চাইৰাছ' বোলছবিখনত এটা অতিথি চৰিত্ৰত অভিনয় কৰিছিল। অভিষেক বচ্চন অভিনীত 'ব্লাফমাষ্টাৰ! ' ছবিখনৰ "ৰাইট হিয়েৰ ৰাইট নাও" গীতটোৰ মিউজিক ভিডিঅ'তো তেওঁক দেখা গৈছিল। তেওঁ 'বিগ বছ ১'ৰ এগৰাকী প্ৰতিযোগী আছিল আৰু প্ৰথম ৰানাৰ্ছ-আপ হৈছিল। ইয়াৰ উপৰি তেওঁ 'ফিয়াৰ ফেক্টৰ: খত্ৰন কে খিলাড়ী ২'ত অংশগ্ৰহণ কৰি দ্বিতীয় ৰানাৰ্ছ-আপৰ খিতাপ দখল কৰিছিল। ১৯৯৯ চনৰ ৫ আগষ্টত অতুল শৰ্মাৰদ্বাৰা মুক্তিপ্ৰাপ্ত পঞ্জাবী গায়ক সুৰজিৎ বিন্দ্ৰাখিয়াৰ জনপ্ৰিয় মিউজিক ভিডিঅ' "মুখড়া দেখ কে"ত তেওঁ এগৰাকী হোটেলৰ পৰিচাৰিকা হিচাপে অভিনয় কৰিছিল।২

ৱাৰ্ডৰোব মালফাংচন (পোছাক বিভ্ৰাট)

২০০৬ চনত মুম্বাইত অনুষ্ঠিত লেকমে ফেশ্বন উইকৰ সময়ত কেৰল গ্ৰেচিয়াছ এক "পোছাক বিভ্ৰাট"ৰ সন্মুখীন হৈছিল। ৰেম্পত খোজ কাঢ়ি থকা অৱস্থাত তেওঁৰ ডিঙিত বান্ধি থোৱা টপটো খহি পৰিছিল। তেওঁ অতি ক্ষিপ্ৰতাৰে পৰিস্থিতি চম্ভালি লৈছিল আৰু খহি পৰা কাপোৰখন হাতেৰে ধৰি ৰেম্প ৱাক সম্পৰ্ক কৰিছিল। এই সৰু ঘটনাটোৱে এক ডাঙৰ হুলস্থূলৰ সৃষ্টি কৰিছিল আৰু একাংশ লোকে আয়োজকসকলক অশ্লীলতা প্ৰসাৰ কৰাৰ অভিযোগ উত্থাপন কৰিছিল। এই বিষয়টো মহাৰাষ্ট্ৰ বিধানসভাতো উত্থাপন কৰা হৈছিল আৰু সদস্যসকলে অনুষ্ঠানৰ আয়োজকসকলক গৰিহণা দিছিল।৩

পিছলৈ এজন সমাজকৰ্মী প্ৰকাশ ৰাজদেৱে লেকমে ইণ্ডিয়া ফেশ্বন উইকৰ আয়োজক আৰু জড়িত মডেলসকলৰ বিৰুদ্ধে এজাহাৰ (FIR) দাখিল কৰাৰ পাছত এখন স্থানীয় আদালতে আৰক্ষীক এই ঘটনাৰ তদন্ত কৰিবলৈ নিৰ্দেশ দিয়ে। অভিযোগ কৰা হৈছিল যে এই কাণ্ড ইচ্ছাকৃত আছিল আৰু মডেলসকলে "নগ্নতা আৰু অশ্লীলতা" প্ৰদৰ্শন কৰি ভাৰতীয় দণ্ডবিধিৰ অধীনত অপৰাধ কৰিছে।

তথ্যসূত্ৰ

  1. ↑ (2012-05-15). Carol Gracias Indian Super Model Profile/Biography by IndiaXroads.com. Indiacrossroads.com
  2. ↑ Mukhda Dekh Ke
  3. ↑ (5 April 2006). Probe into Mumbai fashion gaffes

সম্পৰ্কিত শ্ৰেণী

ভাৰতীয় মডেল

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কেৰল গ্ৰেচিয়াছ” প্ৰবন্ধৰ সংশোধন ৫৯৭৯৫৮ (৩০ মাৰ্চ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।