অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

দীপিকা কামাইয়া

দীপিকা কামাইয়া (ইংৰাজী: Deepika Kamaiah) এগৰাকী ভাৰতীয় মডেলৰপৰা চলচ্চিত্ৰ অভিনেত্ৰী হোৱা ব্যক্তি। তেওঁ মূলতঃ কন্নড় চলচ্চিত্ৰৰ লগতে বলিউডৰ ছবিতো কাম কৰে। কামাইয়া ফেমিনা মিছ ইণ্ডিয়াৰ এগৰাকী চূড়ান্ত প্ৰতিযোগী আছিল।

হালনাগাদ: ৩১ মাৰ্চ ২০২৬ ৩২৬ শব্দ · ২ মিনিট সংগৃহীত ৮২
সংশোধনৰ পৰামৰ্শ

দীপিকা কামাইয়া (ইংৰাজী ভাষা: Deepika Kamaiah) এগৰাকী ভাৰতীয় মডেলৰপৰা চলচ্চিত্ৰ অভিনেত্ৰী হোৱা ব্যক্তি। তেওঁ মূলতঃ কন্নড় ভাষা চলচ্চিত্ৰৰ লগতে বলিউডৰ ছবিতো কাম কৰে। কামাইয়া ফেমিনা মিছ ইণ্ডিয়াৰ এগৰাকী চূড়ান্ত প্ৰতিযোগী আছিল। ২০১৪ চনত তেওঁ বিগ বছ কন্নড় ২-ত অংশগ্ৰহণ কৰিছিল আৰু অনুষ্ঠানটোৰ দ্বিতীয় ৰানাৰ-আপ হিচাপে বিবেচিত হৈছিল।

ব্যক্তিগত জীৱন

নন্দিনেৰৱন্দ দীপিকা কামাইয়াৰ জন্ম বাংগালোৰত হৈছিল আৰু তেওঁ এগৰাকী কোডাৱা জনগোষ্ঠীৰ মহিলা। তেওঁৰ মাতৃ এগৰাকী স্কুলীয়া শিক্ষয়িত্ৰী আৰু তেওঁ কন্নড় ভাষা পঢ়ুৱায়। দীপিকা কামাইয়া বাংগালোৰৰ কেন্দ্ৰীয় বিদ্যালয় হেব্বালৰ প্ৰাক্তন ছাত্ৰী আছিল আৰু ২০০৯ চনত বিশ্বপ কটন উইমেনছ খ্ৰীষ্টান কলেজৰপৰা বি.কম ডিগ্ৰী সম্পূৰ্ণ কৰিছিল।

কেৰিয়াৰ

মডেলিং আৰু চলচ্চিত্ৰ

একাদশ শ্ৰেণীত পঢ়ি থকা সময়ৰপৰাই তেওঁ মডেলিং কেৰিয়াৰ আৰম্ভ কৰিছিল। ২০০৯ চনত তেওঁ ‘ফেমিনা মিছ ইণ্ডিয়া চাউথ’ সৌন্দৰ্য প্ৰতিযোগিতাৰ অন্যতম চূড়ান্ত প্ৰতিযোগী হৈছিল। ইয়াৰ উপৰি তেওঁ ২০১০ চনত ‘লাইক্ৰা এমটিভি ষ্টাইল এৱাৰ্ডছ’ লাভ কৰিছিল। তেওঁ মডেলিং আৰু পঢ়া-শুনাৰ মাজত ব্যস্ত থকাৰ সময়তে তামিল পৰিচালক কুলাইনদাই বীৰাপ্পানৰপৰা তেওঁৰ পৰিচালিত ছবি আন্মাই থাভাৰেলৰ বাবে এটা অফাৰ আহে।১ অৱশ্যে তেওঁৰ এই চৰিত্ৰটোৱে সমালোচকৰপৰা বিশেষ স্বীকৃতি লাভ কৰা নাছিল।

সফলতা

পৰিচালক হৰ্ষৰ পৰিচালিত তথা ‘টেকেন’ ছবিৰ অভিযোজন কন্নড় ছবি চিংগাৰীৰ (২০১২) জৰিয়তে কামাইয়াই তেওঁৰ প্ৰথমটো ডাঙৰ চৰিত্ৰ লাভ কৰে। ইয়াত তেওঁ দৰ্শন আৰু ভাবনাৰ সৈতে মুখ্য চৰিত্ৰত অভিনয় কৰিছিল। মানৱ সৰবৰাহৰ ওপৰত আধাৰিত এই ছবিখন সেই বছৰৰ সৰ্বাধিক উপাৰ্জন কৰা ছবিসমূহৰ ভিতৰত অন্যতম হিচাপে পৰিগণিত হয়। মানৱ সৰবৰাহৰ চক্ৰত আবদ্ধ হোৱা তেওঁৰ ‘গীতা’ চৰিত্ৰটোৱে ইতিবাচক সমালোচনা লাভ কৰে। ৰেডিফ ডট কমৰ মতে "দীপিকাই এক নতুনত্ব লৈ আহিছে আৰু এগৰাকী নৱাগতা হিচাপে তেওঁ পৰ্যাপ্ত কাম কৰিছে।" ২ এনডিটিভি মুভিজৰ সমালোচকেও তেওঁৰ উপস্থিতি অনুভৱ কৰাবলৈ কৰা "কঠোৰ পৰিশ্ৰম"ৰ বাবে তেওঁক প্ৰশংসা কৰে।৩ এই সফলতাৰ পিছত তেওঁ তামিল, তেলুগু আৰু কন্নড় ভাষাত বহুতো ছবিৰ অফাৰ লাভ কৰে। তেওঁ দীপক থিম্মাইয়াৰদ্বাৰা পৰিচালিত ছবি নিনে বাৰি নিনেত মুখ্য চৰিত্ৰত অভিনয়ৰ প্ৰস্তাৱ গ্ৰহণ কৰে।৪

ইয়াৰ পিছত তেওঁ অটো ৰাজা নামৰ ছবিখনত চুক্তিবদ্ধ হয়, য’ত গণেশ আৰু ভামা কুৰুপে মুখ্য চৰিত্ৰত অভিনয় কৰিছে।৫ তেওঁ ৰাজকুমাৰ সন্তোষীৰদ্বাৰা পৰিচালিত ফটা পোষ্টাৰ নিকলা হিৰোৰ জৰিয়তে বলিউডত অভিষেক ঘটায়, য’ত শ্বাহিদ কাপুৰ আৰু ইলিয়েনা ডি ক্ৰুজে অভিনয় কৰিছিল। কামাইয়াই এই ছবিত এগৰাকী গাঁৱলীয়া ছোৱালীৰ চুটি চৰিত্ৰত অভিনয় কৰিছিল যিটো ছবিখনৰ আৰম্ভণিৰ অংশত দেখা পোৱা যায়।৬

তথ্যসূত্ৰ

  1. ↑ (2 February 2012). 'I consider myself lucky to get such a fantastic break' - Rediff.com Movies. Rediff.com
  2. ↑ (3 February 2012). Review: Chingari is quite racy - Rediff.com Movies. Rediff.com
  3. ↑ (6 February 2012). Review: Chingari. Movies.ndtv.com
  4. ↑ Sharanya CR, TNN. (16 July 2012). Deepika to play female protagonist in her next film. দ্য টাইম্‌ছ অৱ ইণ্ডিয়া
  5. ↑ (22 May 2013). Deepika replaces Chaitra in 'Auto Raja' - Kannada Actor, Actress, Movie News & Gossips. ApnaIndia.com
  6. ↑ (26 December 2012). Deepika Kamaiah in a Shahid Kapoor film. দ্য টাইম্‌ছ অৱ ইণ্ডিয়া

সম্পৰ্কিত শ্ৰেণী

কন্নড় চলচ্চিত্ৰৰ অভিনেত্ৰীভাৰতীয় মডেল

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “দীপিকা কামাইয়া” প্ৰবন্ধৰ সংশোধন ৫৯৯১৬৭ (৩১ মাৰ্চ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।