ভাৰতীয় মডেল
১০৯ প্ৰবন্ধ
-
দিয়া মিৰ্জা
দিয়া মিৰ্জা ৰেখি (জন্ম দিয়া হেন্ড্ৰিছ; ৯ ডিচেম্বৰ ১৯৮১) এগৰাকী ভাৰতীয় অভিনেত্ৰী যিয়ে মুখ্যতঃ হিন্দী চলচ্চিত্ৰত কাম কৰে। তেওঁ ২০০০ চনত মিছ এছিয়া পেচিফিক ইণ্টাৰনেচনেল উপাধি লাভ কৰে, তাৰ আগতে তেওঁ ফেমিনা মিছ ইণ্ডিয়া এছিয়া পেছিফিক ২০০০ হিচাপে মুকুট লাভ কৰিছিল।
-
নেহা ধুপীয়া
নেহা ধুপীয়া ( Neha Dhupia; জন্ম ২৭ আগষ্ট ১৯৮০) এগৰাকী ভাৰতীয় অভিনেত্ৰী, নাৰীবাদী, মডেল আৰু সৌন্দৰ্য্য প্ৰতিযোগিতাৰ খিতাপধাৰী। ২০০২ চনত ফেমিনা মিছ ইণ্ডিয়াৰ খিতাপ লাভ কৰাৰ লগতে ২০০২ চনত মিছ ইউনিভাৰ্ছত ভাৰতক প্ৰতিনিধিত্ব কৰিছিল।
-
য়ামী গৌতম
য়ামী গৌতম ধৰ (Yami Gautam Dhar, ২৮ নৱেম্বৰ, ১৯৮৮) হৈছে প্ৰধানকৈ হিন্দী ছবিত অভিনয় কৰা এগৰাকী ভাৰতীয় অভিনয়-শিল্পী। তেওঁ মডেল হিচাপে নিজৰ কেৰিয়াৰ আৰম্ভ কৰে, আৰু টেলিভিছনৰ ছ'প অপেৰা যেনে: চান্দ কে পাৰ চালো (২০০৮–২০০৯) আৰু য়েহ প্যাৰ না হোগা কাম (২০০৯–২০১০)ত অভিনয় কৰে।
-
আয়েশা শৰ্মা
আয়েশা শৰ্মা (Aisha Sharma; জন্ম: ২৫ জানুৱাৰী ১৯৯২) এগৰাকী ভাৰতীয় অভিনেত্ৰী আৰু মডেল। অভিনেতা আয়ুষ্মান খুৰানাৰ ইক ৱাৰী নামৰ এটি সংগীত ভিডিঅʼত তেওঁক প্ৰথমবাৰ দেখা গৈছিল।
-
গুল পানাগ
গুলকিৰাট কৌৰ পানাগ (Gul Panag; জন্ম: ৩ জানুৱাৰী ১৯৭৯) এগৰাকী ভাৰতীয় অভিনেত্ৰী, ভয়ছ আৰ্টিষ্ট আৰু মডেল। তেওঁ ১৯৯৯ চনত ফেমিনা মিছ ইণ্ডিয়া ইউনিভাৰ্ছৰ মুকুট পিন্ধে আৰু ১৯৯৯ চনত মিছ ইউনিভাৰ্ছত ভাৰতক প্ৰতিনিধিত্ব কৰে।
-
সুৰভিন চাওলা
সুৰভিন চাওলা (Surveen Chawla, জন্ম ১ আগষ্ট ১৯৮৪) হৈছে এগৰাকী ভাৰতীয় অভিনেত্ৰী, নৃত্যশিল্পী আৰু মডেল সুৰভিনে নিজৰ কেৰিয়াৰ আৰম্ভ কৰিছিল কহি ট' হোগা আৰু কাজ্জল নামৰ জনপ্ৰিয় আৰু সফল টেলিভিছন অনুষ্ঠানৰ জৰিয়তে৷ হেইট ষ্টৰি (২০১৪), আগলি (২০১৩), পাৰ্চড (২০১৫), ২৪ (ভাৰতীয় টিভি চিৰিজ,২০১৬) আদিত আগবঢ়োৱা…
-
অৰ্চিতা সাহু
অৰ্চিতা সাহু এগৰাকী ভাৰতীয় অভিনেত্ৰী আৰু মডেল যিয়ে ওড়িয়া ভাষাৰ ছবিত কাম কৰে। বাবু আই লাভ ইউ, মুঁ একাতুমৰ, চকলেট আৰু আকাশে কি ৰং লগিলা আদি কেইবাখনো জনপ্ৰিয় ওড়িয়া ছবিত মুখ্য নাৰী চৰিত্ৰত অভিনয় কৰিছে। ছবিৰ বাহিৰেও মডেল হিচাপে সফলতা লাভ কৰিছে।
-
তৰিণা পেটেল
তৰিণা পেটেল হৈছে দক্ষিণ আফ্ৰিকাৰ অভিনেত্ৰী, চলচিত্ৰ প্ৰযোজক, মডেল আৰু টেলিভিছন পৰিচালিকা। তেওঁ কেইপ টাউনত জন্ম গ্ৰহণ কৰি ডাৰ্বানত ডাঙৰ-দীঘল হৈছিল। তেওঁ অক্ষয় কুমাৰৰ ভূল ভুলৈয়া নামৰ ভৌতিক-কমেডি চলচ্চিত্ৰত অভিনয় কৰিছিল।
-
নিকিতা দত্ত
নিকিতা দত্ত(Nikita Dutta; জন্ম:-১৩ নৱেম্বৰ ১৯৯০) এগৰাকী ভাৰতীয় অভিনেত্ৰী যিয়ে মূলতঃ হিন্দী চলচ্চিত্ৰ আৰু টেলিভিছনত কাম কৰে। ২০১২ চনৰ ফেমিনা মিছ ইণ্ডিয়াত অংশগ্ৰহণ কৰাৰ পিছত ৰোমাণ্টিক-ড্ৰামা লেকৰ হম দীৱানা দিল (২০১৪)ৰ জৰিয়তে অভিনয়ত আত্মপ্ৰকাশ কৰে।
-
নৱনীত কৌৰ ৰাণা
নৱনীত কৌৰ ৰাণা (Navneet Kaur Rana, নৱনীত ৰবি ৰানা নামেৰেও পৰিচিত) এগৰাকী ভাৰতীয় ৰাজনীতিবিদ আৰু প্ৰাক্তন অভিনেত্ৰী। তেওঁ মূলতঃ তেলেগু চিনেমাত কৰা কামৰ বাবে পৰিচিত। ২০১৯ চনৰ লোকসভা নিৰ্বাচনত নিৰ্দলীয় প্ৰাৰ্থী হিচাপে তেওঁ অমৰাৱতীৰ পৰা সংসদ সদস্য হিচাপে নিৰ্বাচিত হৈছিল।
-
প্ৰীতিকা ৰাও
প্ৰীতিকা ৰাও (Preetika Rao ) এগৰাকী ভাৰতীয় অভিনেত্ৰী, মডেল আৰু চলচ্চিত্ৰ-স্তম্ভলেখক যিয়ে মূলতঃ হিন্দী টেলিভিছন আৰু বিজ্ঞাপন চলচ্চিত্ৰত কাম কৰে। তেখেতে (২০১০) তামিল ছবি চিক্কু বুক্কুৰ জৰিয়তে অভিনয়ত আত্মপ্ৰকাশ কৰে।
-
বিদুষী দাস বাৰ্দে
বিদুষী দাস বাৰ্দে (ওড়িয়া: ବିଦୂଷୀ ଦାସ ବାର୍ଦେ; ইংৰাজী: Bidushi Dash Barde; অনুমাণিক ১৯৮৯ – অক্টোবৰ ২০১২) এগৰাকী ভাৰতীয় অভিনেত্ৰী আৰু মুম্বাইস্থিত মডেল আছিল। তেওঁ ২০০৬ চনৰ "মিছ চেন্নাই" সৌন্দৰ্য প্ৰতিযোগিতাত দ্বিতীয় ৰানাৰ্ছ-আপ আছিল।
-
বৎসল শেঠ
বৎসল শেঠ (জন্ম ৫ আগষ্ট ১৯৮০) হৈছে এগৰাকী ভাৰতীয় অভিনেতা, মডেল আৰু উদ্যোগী। ভাৰতীয় বহু টেলিভিছন শ্ব’ আৰু অসংখ্য হিন্দী চলচ্চিত্ৰত অভিনয় কৰা তেখেতে ২০০৪ চনৰ টাৰ্জান: দ্য ৱাণ্ডাৰ কাৰ ছবিত ৰাজ চৌধাৰী, ২০১৪ চনৰ থ্ৰিলাৰ ছিৰিজ এক হাছিনা থি-ত শৌৰ্য্য গোৱেংকা, ২০১৭ চনৰ লাভ-চাগা হাচিলত কবীৰ ৰাইচান্দৰ…
-
মেধা ৰঘুনাথ
মেধা ৰঘুনাথ (ইংৰাজী: Medha Raghunath) চেন্নাইৰ এগৰাকী প্ৰাক্তন ভাৰতীয় মডেল, ভিডিঅ’ জকী আৰু চচিয়েল গৰাকী। তেওঁ সুন্দৰী প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা আৰু মডেল হিচাপে কাম কৰাৰ আগতে তামিল টেলিভিছন অনুষ্ঠানৰ আঁত ধৰি নিজৰ কেৰিয়াৰ আৰম্ভ কৰিছিল।
-
সাহিত্য জগন্নাথন
সাহিত্য জগন্নাথন (ইংৰাজী: Sahithya Jagannathan) এগৰাকী ভাৰতীয় ক্ৰীড়া ঘোষিকা, ভিজে, স্তম্ভলেখক, মডেল, অভিনেত্ৰী আৰু ২০০৯ চনৰ মিছ চেন্নাই প্ৰতিযোগিতাৰ বিজয়ী।
-
ৰাজশ্ৰী পন্নপ্পা
ৰাজশ্ৰী পন্নপ্পা (ইংৰাজী: Rajshri Ponnappa) এগৰাকী ভাৰতীয় অভিনেত্ৰী আৰু মডেল। তেওঁ মূলতঃ কন্নড় ভাষাৰ চলচ্চিত্ৰত অভিনয় কৰিছে। ২০১৩ চনত তেওঁ মালয়ালম চলচ্চিত্ৰ একুৱেৰিয়ামৰ জৰিয়তে চলচ্চিত্ৰ জগতত আত্মপ্ৰকাশ কৰে।
-
ৰিচা শৰ্মা
ৰিচা শৰ্মা ( Richa Sharma); ১৯৮৭ চনত সঞ্জয় দত্তৰ সৈতে বিবাহপাশত আবদ্ধ হয় আৰু ১৯৯৬ চনত ব্ৰেইন টিউমাৰত আক্ৰান্ত হৈ মৃত্যু হয়।
-
ৰিশ্মা নানাইয়া
ৰিশ্মা নানাইয়া (ইংৰাজী: Reeshma Nanaiah) এগৰাকী ভাৰতীয় মডেল আৰু চলচ্চিত্ৰ অভিনেত্ৰী। তেওঁ মূলতঃ কন্নড় চলচ্চিত্ৰ উদ্যোগত কাম কৰে। প্ৰেমৰ পৰিচালনাত নিৰ্মিত কন্নড় চলচ্চিত্ৰ এক লাভ ইয়াৰ জৰিয়তে তেওঁ কন্নড় চলচ্চিত্ৰত আত্মপ্ৰকাশ কৰে।
-
অঞ্জনা সুখানী
অঞ্জনা সুখানী (ইংৰাজী: Anjana Sukhani; জন্ম: ১০ ডিচেম্বৰ ১৯৭৮) এগৰাকী ভাৰতীয় অভিনেত্ৰী আৰু মডেল, মূলতঃ হিন্দী আৰু কেইখনমান তেলুগু চলচ্চিত্ৰৰ লগতে এখন কন্নড় চলচ্চিত্ৰত অভিনয় কৰিছে।
-
অঞ্জলি মেণ্ডেছ
অঞ্জলি মেণ্ডেছ (জন্ম: ফিলিছ মেণ্ডেছ; ২৯ জানুৱাৰী, ১৯৪৬ – ১৭ জুন, ২০১০) আছিল এক ভাৰতীয় মডেল, যি মুম্বাইৰ পৰা আছিল আৰু ফ্ৰান্সত থকাৰ পূৰ্বে ১৯৭০ আৰু ১৯৮০ চনৰ সময়ছোৱাত পিয়েৰ কাৰ্ডিনৰ সেল'নৰ সৈতে যুক্ত আছিল।
-
অঞ্জলি লাৱনিয়া
অঞ্জলি লাৱনিয়া (ইংৰাজী: Anjali Lavania) এগৰাকী ভাৰতীয় মডেল, এগৰাকী হলিষ্টিক লাইফ-কোচ আৰু চলচ্চিত্ৰ অভিনেত্ৰী। তেওঁ পৱন কল্যাণ অভিনীত ২০১১ চনৰ তেলুগু চলচ্চিত্ৰ পাঞ্জাৰ জৰিয়তে অভিনয়ত আত্মপ্ৰকাশ কৰিছিল।
-
অঞ্জৰী অলঘ
অঞ্জৰী অলঘ (ইংৰাজী: Anjori Alagh) এগৰাকী প্ৰাক্তন ভাৰতীয় অভিনেত্ৰী আৰু মডেল। তেওঁ অভিনেত্ৰী মায়া অলঘ আৰু সুনীল অলঘৰ কন্যা। তেওঁ মাত্ৰ ৪ বছৰ বয়সতে এটা বিজ্ঞাপনৰ জৰিয়তে প্ৰথম আত্মপ্ৰকাশ কৰিছিল। তেওঁৰ অভিষেকী চলচ্চিত্ৰ আছিল বিক্ৰম ভাটৰ লাইফ মেইন কভী কভী (২০০৭)।
-
অদিতি আৰ্য
অদিতি আৰ্য কোটাক (জন্ম: ১৮ ছেপ্টেম্বৰ ১৯৯৩) এগৰাকী ভাৰতীয় অভিনেত্ৰী, মডেল, গৱেষণা বিশ্লেষক আৰু সৌন্দৰ্য প্ৰতিযোগিতাৰ খিতাপধাৰী। তেওঁ ২০১৫ চনত ফেমিনা মিছ ইণ্ডিয়া ৱৰ্ল্ডৰ খিতাপ অৰ্জন কৰিছিল। তেওঁ মিছ ৱৰ্ল্ড ২০১৫ প্ৰতিযোগিতাত ভাৰতক প্ৰতিনিধিত্ব কৰিছিল।
-
অনাৰা গুপ্তা
অনাৰা গুপ্তা (ইংৰাজী: Anara Gupta; জন্ম: ২৯ আগষ্ট ১৯৮৯) এগৰাকী ভাৰতীয় মডেল যিয়ে ২০০১ চনত 'মিছ জম্মু' সৌন্দৰ্য প্ৰতিযোগিতাত জয়লাভ কৰিছিল। এগৰাকী ভাৰতীয় অভিনেত্ৰী, মডেল আৰু সংবাদ মাধ্যমৰ ব্যক্তিত্ব হিচাপে তেওঁ মূলতঃ ভোজপুৰী চলচ্চিত্ৰত কৰা কামৰ বাবে পৰিচিত।
-
অনু আগৰৱাল
অনু আগৰৱাল (ইংৰাজী: Anu Aggarwal; জন্ম: ১১ জানুৱাৰী, ১৯৬৯) এগৰাকী প্ৰাক্তন ভাৰতীয় মডেল আৰু অভিনেত্ৰী। তেওঁ মূলত আচিকী, খল-নায়িকা, দা ক্লাউড ড'ৰ আৰু থিৰুদা থিৰুদা বোলছবিত কৰা কামৰ বাবে সৰ্বাধিক পৰিচিত।
-
অনুষ্কা সেন
অনুষ্কা সেন ( Anushka Sen; জন্ম ৪ আগষ্ট ২০০২) এগৰাকী ভাৰতীয় টেলিভিছন অভিনেত্ৰী আৰু মডেল। বলবীৰ, ঝান্সি কি ৰাণী, ফিয়াৰ ফেক্টৰ: খাট্ৰন কে খিলাদি ১১, আৰু দিল দোস্তি ডাইলেমা আদি ছবিৰ বাবে তেওঁ সুপৰিচিত।
-
অপূৰ্বা আৰোৰা
অপূৰ্বা আৰোৰা (ইংৰাজী: Apoorva Arora) এগৰাকী ভাৰতীয় অভিনেত্ৰী আৰু মডেল, যি মূলতঃ হিন্দী, গুজৰাটী, পঞ্জাবী আৰু কন্নড় চলচ্চিত্ৰত অভিনয় কৰে। ইয়াৰ উপৰি তেওঁ বিভিন্ন ৱেব ছিৰিজ আৰু সংগীত ভিডিঅ'ত অভিনয় কৰিছে।
-
অৰ্জুমন মুঘল
অৰ্জুমন মুঘল এগৰাকী ভাৰতীয় অভিনেত্ৰী আৰু মডেল। তেওঁ ২০০৩ চনত মনোৰঞ্জন ক্ষেত্ৰত মডেল হিচাপে নিজৰ কেৰিয়াৰ আৰম্ভ কৰে। তেওঁ “বেষ্ট ফেচ অৱ দ্য ইয়েৰ” আৰু “মডেল অৱ দ্য ইয়েৰ” আদি বঁটা লাভ কৰে। গহনাৰ বিজ্ঞাপনৰ বাবে তেওঁ বিশেষভাৱে জনপ্ৰিয় মুখ হিচাপে পৰিচিত আছিল। তেওঁ ২,১৬০টা বিজ্ঞাপনত অভিনয় কৰিছে।
-
আদা খান
আদা খান (জন্ম: ১২ মে' ১৯৮৯) — এগৰাকী ভাৰতীয় টেলিভিছন অভিনেত্ৰী আৰু মডেল। তেওঁ বেহেনেইনত আকাশী, অমৃত মন্থনত অমৃত আৰু নাগিনত শেষা চৰিত্ৰত অভিনয় কৰাৰ বাবে পৰিচিত। ২০২০ চনত তেওঁ ফিয়েৰ ফেক্টৰ: খতৰো কে খিলাড়ী ১০ত অংশগ্ৰহণ কৰিছিল।
-
আশা ভাট
আশা ভাট (জন্ম ৫ ছেপ্তেম্বৰ ১৯৯২) এগৰাকী ভাৰতীয় অভিনেত্ৰী আৰু মডেল আৰু মিচ চুপ্ৰানেচনেল ২০১৪ প্ৰতিযোগিতাৰ বিজয়ী। তেওঁ এই খিতাপ লাভ কৰা প্ৰথম ভাৰতীয়। ভাটে ২০১৯ চনৰ হিন্দী চলচ্চিত্ৰ জংঘলিৰ জৰিয়তে অভিনেতা ৰূপে অভিষেক কৰে।