ডায়েন্দ্ৰা চোৱাৰেছ (ইংৰাজী ভাষা: Diandra Soares) এগৰাকী ভাৰতীয় মডেল, ফেশ্বন ডিজাইনাৰ আৰু দূৰদৰ্শনৰ আঁতধৰোঁতা।১ তেওঁ মূলতঃ ৰেম্পত নিজৰ সাহসী ৰূপৰ বাবে বিখ্যাত। তেওঁ ২০১৪ চনত ৰিয়েলিটী শ্ব’ বিগ বছ ৮ত এগৰাকী প্ৰতিযোগী আছিল।
প্ৰাৰম্ভিক জীৱন
মহাৰাষ্ট্ৰৰ বান্দ্ৰাৰ এটা মধ্যবিত্ত পৰিয়ালত চোৱাৰেছৰ জন্ম হৈছিল। তেওঁৰ পৰিয়ালৰ মডেলিঙৰ জগতখনৰ সৈতে কোনো সম্পৰ্ক নাছিল। বোম্বেত স্কুলীয়া শিক্ষা সমাপ্ত কৰাৰ পাছত তেওঁ ছেইণ্ট জেভিয়াৰ্ছৰপৰা শিক্ষা গ্ৰহণ কৰে। প্ৰাক্তন ভাৰতীয় মডেল মধু ছাপ্ৰেই চোৱাৰেছক মডেলিঙৰ বাবে অনুপ্ৰাণিত কৰিছিল।২
ব্যক্তিগত জীৱন
বিগ বছৰ ঘৰৰ ভিতৰত থকাৰ সময়ছোৱাত ডায়েন্দ্ৰা গৌতম গুলাটীৰ সৈতে সম্পৰ্কত আছিল।৩
মডেলিং কেৰিয়াৰ
চোৱাৰেছ ১৪ বছৰ বয়সৰপৰাই মডেলিঙৰ ক্ষেত্ৰখনত সক্ৰিয় হৈ আছে। তেওঁৰ প্ৰথমটো কাম আছিল 'টিপছ এণ্ড টোছ'ৰ বাবে আৰু তেওঁৰ প্ৰথমটো শ্ব’ আছিল 'মেকডুৱেলছ'ৰ বাবে। ১৯৯৫ চনত তেওঁ 'মিছ বম্বে'ৰ খিতাপ লাভ কৰে আৰু ই তেওঁক দিনেশ চুইটিংছ, ভি আই পি লিঞ্জাৰী, টিলছবেৰী হুইস্কি আদি বিভিন্ন আগশাৰীৰ ব্ৰেণ্ডৰপৰা ঠিকা লাভ কৰাত সহায় কৰে। তেওঁ নিজৰ কেৰিয়াৰত গুচি, লিঅ’নাৰ্ড পেৰিছ, এমানুৱেল উংগাৰো, ছোনিয়া ৰাইকিয়েল আৰু মায়ামি ফেশ্বন শ্ব’ৰ দৰে বহুতো আন্তঃৰাষ্ট্ৰীয় ফেশ্বন শ্ব’ত ৰেম্প ৱাক কৰিছে।৪৫
চোৱাৰেছ ৰেম্পত তেওঁৰ টপা মূৰৰ বাবে পৰিচিত। ডিজাইনাৰসকলে লেকমে ফেশ্বন উইকৰ অনুষ্ঠানসমূহ চোৱাৰেছৰ জৰিয়তে আৰম্ভ আৰু সামৰণি মাৰিছিল। ২০১৩ চনৰ ছেপ্টেম্বৰ মাহত তেওঁ পুনৰ নিজৰ মূৰ খুৰাইছিল। চোৱাৰেছে মন্তব্য কৰিছিল যে ধৰ্মীয় কাৰণত এইটো কৰা হৈছিল আৰু টপা হোৱাৰ বাবে তেওঁ আধ্যাত্মিকভাৱে শক্তিশালী অনুভৱ কৰিছিল।৬ তেওঁ লগতে কৈছিল যে তেওঁৰ এই টপা ৰূপে হয়তো বহুতো ফেশ্বন উইকত তেওঁৰ প্ৰৱেশত বাধা দিব পাৰে। 'বিগ বছ ৮'ত থকাৰ সময়তো তেওঁ পুনৰবাৰ নিজৰ মূৰ খুৰাইছিল।৭
সংবাদ মাধ্যমৰ কেৰিয়াৰ
চোৱাৰেছে ২০১১ চনত জনপ্ৰিয় চেলিব্ৰিটি ষ্টাণ্ট শ্ব’ ফিয়াৰ ফেক্টৰ: খত্ৰন কে খিলাড়ীৰ চতুৰ্থ ছিজনত এগৰাকী প্ৰতিযোগী হিচাপে অংশগ্ৰহণ কৰিছিল। তেওঁ অনুষ্ঠানটোৰ অন্যতম জনপ্ৰিয় প্ৰতিযোগী হৈ পৰিছিল আৰু শেষলৈকে টিকি থাকি দ্বিতীয় ৰানাৰ্ছ-আপৰ খিতাপ দখল কৰিছিল।৮ ২০১৪ চনৰ ছেপ্টেম্বৰ মাহৰপৰা কালাৰ্ছ টিভিত সম্প্ৰচাৰিত হোৱা ভাৰতীয় ৰিয়েলিটী শ্ব’ বিগ বছৰ অষ্টম ছিজনত তেওঁ এগৰাকী প্ৰতিযোগী হিচাপে অংশ লৈছিল।৯ ১২ সপ্তাহৰ অন্তত ২০১৪ চনৰ ১৪ ডিচেম্বৰত (৮৪ তম দিন) তেওঁ এই প্ৰতিযোগিতাৰপৰা বাহিৰ হয়।১০১১ ২০১৬ চনত ডায়েন্দ্ৰাই 'ডু ইট লাইক ডায়েন্দ্ৰা' নামৰ এখন ৱেব ধাৰাবাহিক নিৰ্মাণ কৰিছিল। এই ৱেব ধাৰাবাহিকখনত তেওঁৰ মেকআপৰপৰা আৰম্ভ কৰি অলংকাৰ পৰিধানলৈকে বিভিন্ন শৈলীৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছিল।১২
তথ্যসূত্ৰ
- ↑ (16 August 2017). Ex-Bigg Boss contestant Diandra Soares is a beach baby - Times of India. The Times of India
- ↑ Hindi Tv Actress Diandra Soares Biography, News, Photos, Videos. nettv4u
- ↑ (27 June 2016). Bigg Boss 8 contestants Diandra Soares and Gautam Gulati no longer in touch!. Daily News and Analysis
- ↑ Glamorous pictures of Diandra Soares are winning the internet- The Etimes Photogallery. photogallery.indiatimes.com
- ↑ Gomes, Venita. (2017-08-23). The bold and beautiful Diandra Soares · The Navhind Times · Goa News
- ↑ (10 September 2013). Bald is Beautiful for Supermodel Diandra Soares
- ↑ (29 November 2014). Snapshot: Diandra Soares goes bald; Gautam Gulati thinks it's a good look
- ↑ (24 May 2011). Akshay Makes Diandra Inscribe KKK4 On Her Scalp. NDTV
- ↑ Neha Maheshwri. (21 September 2014). Deepshikha Nagpal, Diandra Soares to enter Bigg Boss house. The Times of India
- ↑ Bigg Boss 8: Diandra Soares evicted!. The Times of India
- ↑ Bigg Boss 8: "I Am Not Pregnant" says Diandra Soares after being eliminated!. pinkvilla.com
- ↑ (2 August 2016). Do it Like Diandra
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ডায়েন্দ্ৰা চোৱাৰেছ” প্ৰবন্ধৰ সংশোধন ৫৯৮৯৮২ (৩১ মাৰ্চ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।