তাহীৰা কোচ্ছৰ (ইংৰাজী ভাষা: Tahira Kochhar; জন্ম: ৩১ জানুৱাৰী ১৯৯০) এগৰাকী ভাৰতীয় অভিনেত্ৰী আৰু প্ৰাক্তন মডেল। তেওঁ ৰব্বা ম্যে ক্যা কৰুঁ ছবিৰ জৰিয়তে বলীউডত আত্মপ্ৰকাশ কৰিছিল।১
প্ৰাৰম্ভিক জীৱন
তাহীৰা কোচ্ছৰৰ জন্ম ১৯৯০ চনৰ ৩১ জানুৱাৰীত নতুন দিল্লীত হৈছিল। তেওঁৰ মাতৃ কোমল কোচ্ছৰ ১৮ বছৰ ধৰি এগৰাকী শিক্ষয়িত্ৰী আছিল আৰু পিতৃ গোপাল কোচ্ছৰ এটা বিজ্ঞাপন, বিপণন তথা ৰিয়েল এষ্টেট এজেন্সীৰ গৰাকী। তেওঁৰ পিতৃ-মাতৃ দিল্লীৰ বাসিন্দা। তাহীৰা দিল্লীতে ডাঙৰ-দীঘল হৈছিল আৰু বসন্ত ভেলী স্কুলত অধ্যয়ন কৰিছিল। তেওঁ ব্ৰিটিছ স্কুলৰপৰা আই.বি. ডিপ্লমাৰে স্নাতক ডিগ্ৰী লাভ কৰিছিল।২
কৰ্মজীৱন
মডেলিং: তাহীৰাই কলেজীয়া দিনত মডেল হিচাপে নিজৰ কেৰিয়াৰ আৰম্ভ কৰিছিল। তেওঁ দিল্লীত বহুতো সম্পাদকীয়, বিজ্ঞাপন চলচ্চিত্ৰ আৰু আলোচনীৰ সামগ্ৰীৰ ফটোশ্বুটেৰে কাম আৰম্ভ কৰিছিল। তেওঁ জে.জে. ভাল্লায়াৰ গ্ৰেণ্ড ফিনালে পোষ্টাৰ আৰু প্ৰেছ বিজ্ঞাপনৰ মুখ হোৱাৰ লগতে ডব্লিউআইএফডব্লিউ (WIFW)-ত ৰেম্প ৱাকো কৰিছিল। দিল্লীৰ এগৰাকী ৰেম্প মডেল হিচাপে পৰিচিতি লাভ কৰাৰ পাছতে তেওঁ ২০১০ চনৰ ফেমিনা মিছ ইণ্ডিয়াৰ এগৰাকী ফাইনেলিষ্ট হিচাপে নিৰ্বাচিত হৈছিল।২
বলীউডত আত্মপ্ৰকাশ
তাহীৰাই শৈশৱৰপৰাই সদায় এগৰাকী অভিনেতা হোৱাৰ সপোন দেখিছিল। অৱশ্যে স্কুলীয়া দিনৰ শেষৰফালে তেওঁ অনুভৱ কৰিছিল যে দিল্লীৰ ছোৱালী হিচাপে উদ্যোগটোত থকা বিশাল প্ৰতিভাৰ মাজত তেওঁৰ সপোনটো কিছুদূৰূহ হ’ব পাৰে। কিন্তু ২০১১ চনৰ ছেপ্টেম্বৰ মাহত তেওঁৰ ছবিৰ পৰিচালক অমৃত সাগৰ চোপ্ৰাই তেওঁক ৰব্বা ম্যে ক্যা কৰুঁ ছবিৰ মুখ্য চৰিত্ৰৰ বাবে অডিচন দিবলৈ মাতিছিল। ছবিখনৰ সেই চৰিত্ৰটোৰ বাবে প্ৰায় ৪০০ গৰাকী ছোৱালীৰ অডিচন লৈ বিৰক্ত হোৱাৰ পিছত অমৃত সাগৰ চোপ্ৰাই হঠাতে তাহীৰাৰ আলোকচিত্ৰসমূহ দেখা পাইছিল। তাহীৰাই দিল্লীতে ইয়াৰ বাবে অডিচন দিছিল। অৱশেষত আৰ্ছাদ ৱাৰ্চী অভিনীত আৰু পৰেশ ৰাৱাল, ৰাজ বাব্বৰ আদি থকা ৰব্বা ম্যে ক্যা কৰুঁ ছবিত তেওঁ মুখ্য নায়িকাৰ চৰিত্ৰ লাভ কৰিবলৈ সক্ষম হয়। এই ছবিখনৰ জৰিয়তে আকাশ চোপ্ৰাকো চিনাকি কৰি দিয়া হৈছিল।৩৪৫
তথ্যসূত্ৰ
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “তাহীৰা কোচ্ছৰ” প্ৰবন্ধৰ সংশোধন ৫৯৮৭০৯ (৩১ মাৰ্চ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।