দীপ্তি সতী ( Deepti Sati) এগৰাকী ভাৰতীয় অভিনেত্ৰী আৰু মডেল যিয়ে প্ৰধানকৈ মালয়ালম ছবিত অভিনয় কৰে। মাৰাঠী, কানাড়া, তামিল ভাষা আৰু তেলুগু ভাষা ছবিতো অভিনয় কৰিছে।১ ২০১৫ চনত নী-না ছবিৰে অভিনয়ত অভিষেক ঘটায়।
দীপ্তিয়ে জাগুয়াৰ, ছ’লো, লাকি আৰু ড্ৰাইভিং লাইচেন্সকে ধৰি ছবিত অভিনয় কৰিছিল। ২০১৯ চনত পাৰ্লিছৰ সৈতে ৱেবত অভিষেক ঘটা দীপ্তিয়ে টেলিভিছন শ্ব’তো বিচাৰক হিচাপে কাম কৰি আহিছে।
আৰম্ভণি জীৱন
দীপ্তী সতী মুম্বাইত জন্মগ্ৰহণ কৰিছিল। তেওঁৰ পিতৃ দিব্যেশ সতী উত্তৰাখণ্ডৰ নৈনিতালৰ বাসিন্দা হোৱাৰ বিপৰীতে মাতৃ মাধুৰী সতী কেৰেলাৰ কোচিৰ বাসিন্দা।
দীপ্তি সতীয়ে মুম্বাইৰ আন্ধেৰী (ই)ৰ কেনোছা কনভেণ্ট হাইস্কুলৰ পৰা স্কুলীয়া শিক্ষা গ্ৰহণ কৰে আৰু মুম্বাইৰ ছেইণ্ট জেভিয়াৰ কলেজৰ পৰা ব্যৱসায় প্ৰশাসনত স্নাতক ডিগ্ৰী লাভ কৰে। ২
সৌন্দৰ্য্য প্ৰতিযোগিতা
- ২০১২ চনত ইম্প্ৰেছাৰিঅ’ মিছ কেৰালা
- ২০১৩ চনত নেভি কুইন
- ২০১৪ চনত ভাৰতীয় ৰাজকুমাৰী – প্ৰথম ৰানাৰ্ছ আপ
- ফেমিনা মিছ ইণ্ডিয়া ২০১৪ – মিছ টেলেণ্টেড ২০১৪ আৰু মিছ আইৰন মেডেন ২০১৪।
কৰ্মজীৱন
দীপ্তি সতিয়ে পেণ্টালুন ফ্ৰেছ ফেচ হাণ্ট নামৰ প্ৰতিযোগিতা এখনৰ জৰিয়তে মডেলিং কেৰিয়াৰ আৰম্ভ কৰিছিল। দীপ্তি সতীয়ে ইম্প্ৰেচাৰিয়া মিছ কেৰালা ২০১২ খিতাপ লাভ কৰে। তেওঁ ফেমিনা মিছ ইণ্ডিয়া ২০১৪ৰ শীৰ্ষ দহখন চূড়ান্ত প্ৰতিযোগীৰ ভিতৰত অন্যতম আছিল আৰু মিছ টেলেণ্টেড ২০১৪ আৰু মিছ আইৰন মেডেন ২০১৪ খিতাপও লাভ কৰিছিল।৩ ২০১৩ চনৰ নেভি কুইন খিতাপও লাভ কৰে আৰু ২০১৩ চনৰ ভাৰতীয় ৰাজকুমাৰী প্ৰতিযোগিতাত প্ৰথম ৰানাৰ্ছ আপ হয়। দীপ্তি সতী কথক নামৰ ভাৰতীয় শাস্ত্ৰীয় নৃত্যৰ প্ৰশিক্ষিত নৃত্যশিল্পীৰ লগতে ভাৰতনাট্যম আৰু তিনি বছৰ বয়সৰ পৰাই প্ৰশিক্ষণ লৈ আহিছে।৪
২০১৫ চনত লাল জোচেৰ পৰিচালনাত নিৰ্মিত মালয়ালম চিনেমা নী-নাত বিজয় বাবু আৰু এন অগাষ্টিনৰ সৈতে অভিনয়ত আত্মপ্ৰকাশ কৰিছিল দীপ্তি সতীয়ে। তেওঁৰ শক্তিশালী টমবয়ছ চৰিত্ৰৰে দৰ্শকক আপ্লুত কৰিছিল।৫
বঁটা আৰু মনোনয়ন
| বছৰ | বঁটাৰ শ্ৰেণী | বঁটা প্ৰদান কৰা কাম | ফলাফল |
|---|---|---|---|
| ২০১৫ | Asianet Film Awards বছৰৰ শ্ৰেষ্ঠ নতুন মুখ মহিলা | নী-না | |
| ৫ম দক্ষিণ ভাৰতীয় আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা শ্ৰেষ্ঠ আত্মপ্ৰকাশ অভিনেত্ৰী | ৬ | ||
| Vanitha Film Awards শ্ৰেষ্ঠ আত্মপ্ৰকাশ অভিনেত্ৰী | |||
| Asiavision Awards শ্ৰেষ্ঠ আত্মপ্ৰকাশ অভিনেত্ৰী | |||
| IIFA Utsavam অগ্ৰণী ভূমিকাত অভিনয় মহিলা | |||
| একাদশ ৰামু কৰিত বঁটা বিশেষ জুৰী বঁটা | ৭ |
তথ্যসূত্ৰ
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “দীপ্তি সতী” প্ৰবন্ধৰ সংশোধন ৬২৩৭৩১ (৬ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।