ভাৰতীয় অভিনেত্ৰী
৫৭৭ প্ৰবন্ধ
-
কুমকুম
কুমকুম (জয়বুন্নিসা খান; ২২ এপ্ৰিল ১৯৩৪ – ২৮ জুলাই ২০২০) এগৰাকী ভাৰতীয় অভিনেত্ৰী। তেওঁৰ জনপ্ৰিয় চলচ্চিত্ৰসমূহ হৈছে: অঙ্কহন (১৯৬৮), ললকাৰ (১৯৭২), মাদাৰ ইণ্ডিয়া (১৯৫৭), মিষ্টাৰ এক্স ইন বোম্বাই (১৯৬৪), দিল ভী তেৰাহুম ভী তেৰেহ (১৯৬০), ছনচ অৱ ইণ্ডিয়া (১৯৬২), কোহিনূৰ (১৯৬০), উজালা, নয়া দৌৰ, শ্ৰীমান…
-
কৃতি চেট্টী
কৃতি চেট্টী (Krithi Shetty; জন্ম ২১ ছেপ্টেম্বৰ ২০০৩) হৈছে এগৰাকী ভাৰতীয় চলচ্চিত্ৰ অভিনেত্ৰী৷ তেওঁ সাধাৰণতে তেলেগু ভাষাৰ চলচ্চিত্ৰত অভিনয় কৰে। ব্যৱসায়িকভাৱে সফল ছবি উপেনা (২০২১) -ৰ জৰিয়তে তেওঁ চলচ্চিত্ৰ জগতত আত্মপ্ৰকাশ কৰিছিল৷
-
কৃতিকা কামৰা
কৃতিকা কামৰাৰ জন্ম হয় ১৯৮৮ চনৰ ২৫ অক্টোবৰত। কৃতিকাই মধ্যপ্ৰদেশৰ এক হিন্দু ধৰ্মাৱলম্বী পৰিয়ালত জন্ম গ্ৰহন কৰিছিল যদিও কৃতিকাই স্কুলীয়া শিক্ষা দিল্লী পাব্লিক স্কুলৰ পৰাই লৈছিল। অতি কম সময়ৰ ভিতৰতেই ভাৰতীয় টেলিভিছনৰ ধাৰবাহিক জগতত নিজৰ প্ৰতিভাৰ প্ৰসাৰ ঘতাবলৈ সক্ষম হৈছিল কৃতিকাই।
-
কৰুণা বেনাৰ্জী
কৰুণা বেনাৰ্জী (কৰুণা ব্যানাৰ্জী) (২৫ ডিচেম্বৰ, ১৯১৯ – ১৩ নৱেম্বৰ, ২০০১) এগৰাকী বাংলা অভিনেত্ৰী। তেওঁ সত্যজিৎ ৰায়ৰ অপু ত্ৰিলজী (১৯৫৫-১৯৫৯)ত দীৰ্ঘদিনীয়া ৰোগগ্ৰস্তা মাতৃ সৰবাজায়াৰ চৰিত্ৰত কৰা অভিনয়ৰ বাবে সৰ্বাধিক পৰিচিত।
-
গীতা (অভিনেত্ৰী)
গীতা এগৰাকী ভাৰতীয় অভিনেত্ৰী, যিয়ে মালয়ালম, তামিল, কানাড়া, তেলেগু আৰু হিন্দী ছবিত অভিনয় কৰিছে। তামিল ছবি বৈৰৱীত তেওঁ অভিনেতা ৰজনীকান্তৰ ভগ্নী হিচাপে অভিনয় জীৱনত আত্মপ্ৰকাশ কৰে। তাৰ পিছৰ পৰা তেওঁ দক্ষিণ ভাৰতৰ সকলো প্ৰধান ভাষাৰ ২০০ৰো অধিক ছবিত অভিনয় কৰিছে আৰু কেইখনমান হিন্দী ছবিত অভিনয় কৰিছে।
-
চান্দিনী তামিলাৰসন
চান্দিনী তামিলাৰসন (ইংৰাজী: Chandini Tamilarasan) এগৰাকী ভাৰতীয় অভিনেত্ৰী যিয়ে তামিল আৰু তেলুগু ভাষাৰ চলচ্চিত্ৰত অভিনয় কৰে। ২০১০ চনত কে. ভাগ্যৰাজৰ ছবি সিদ্ধু +২ত মুখ্য চৰিত্ৰৰ জৰিয়তে তেওঁ অভিনয় জীৱনৰ পাতনি মেলে। ইয়াৰ পিছত তেওঁ নান ৰাজাভাগা পোগিৰেন (২০১৩) ছবিত অভিনয়ৰ বাবে চুক্তিবদ্ধ হৈছিল।
-
চাবা সৌদাগৰ
চাবা সৌদাগৰ (Saba Saudagar) এগৰাকী ভাৰতীয় চলচ্চিত্ৰ আৰু টেলিভিছন অভিনেত্ৰী। হিন্দী ভাষাৰ ৱেব-ছিৰিজত বুও সবকি ফাটেগী (২০১৯), ক্ৰেকডাউন (২০২০), আৰু গন্দী বাত (ছিজন ৪) (২০২০) আদিত আগবঢ়োৱা অভিনয়ৰ বাবে তেওঁ পৰিচিত।
-
জেছমিন বাজৱা
জেচমিন বাজৱা (Jasmin Bajwa) এগৰাকী ভাৰতীয় অভিনেত্ৰী আৰু মডেল। তেওঁ প্ৰধানকৈ পঞ্জাবী চলচ্চিত্ৰত অভিনয় কৰে। বাজৱাই পঞ্জাবী ৱেব ধাৰাবাহিক য়াৰ জিগ্ৰী কাছুতী ডিগ্ৰীত অভিনয়েৰে অভিনয় জগতত আত্মপ্ৰকাশ কৰে আৰু ছুৰমাত অভিনয়েৰে হিন্দী চলচ্চিত্ৰত আত্মপ্ৰকাশ কৰে।
-
জেনেলিয়া ডিছুজা
জেনেলিয়া দেশমুখ (ওৰফে দিছুজা; জন্ম ৫ আগষ্ট ১৯৮৭) হৈছে এগৰাকী ভাৰতীয় অভিনেত্ৰী আৰু মডেল৷ জেনেলিয়াই তেলেগু, হিন্দী, তামিল, কানাড়া আৰু মালায়ালম ভাষাৰ একাধিক ছবিত অভিনয় কৰিছে৷ অমিতাভ বচ্চনৰ সৈতে পাৰ্কাৰ কলমৰ বিজ্ঞাপনত অভিনয় কৰি ব্যাপক জনপ্ৰিয়তা অৰ্জন কৰা জেনেলিয়াই ২০০৩ চনত তুঝে মেৰি কছম নামৰ…
-
ডায়েনা পেণ্টী
ডায়েনা পেন্টি (জন্ম ২ নৱেম্বৰ ১৯৮৫) এগৰাকী ভাৰতীয় অভিনেত্ৰী যিয়ে প্ৰধানকৈ হিন্দী ছবিত কাম কৰে। ২০০৫ চনত তেওঁৰ মডেলিং কেৰিয়াৰ আৰম্ভ হয় যেতিয়া তেওঁক এলিট মডেলছ ইণ্ডিয়াৰ দ্বাৰা চুক্তিবদ্ধ কৰা হয়।
-
তানিয়া (অভিনেত্ৰী)
তানিয়া (Tania; জন্ম: ৬ মে' ১৯৯৩) এগৰাকী ভাৰতীয় অভিনেত্ৰী। তেওঁ পঞ্জাবী চলচ্চিত্ৰত কৰা কামৰ বাবে বেছিকৈ পৰিচিত। তেওঁ দুটা ব্ৰিটিছ এছিয়া টিভি বঁটাৰ বাবে মনোনীত হৈছিল আৰু কিছমত (২০১৮) ছবিত অভিনয় কৰাৰ বাবে "শ্ৰেষ্ঠ পাৰ্শ্ব অভিনেত্ৰী"ৰ বঁটা লাভ কৰিছিল।
-
তামান্না ভাটিয়া
তামান্না সন্তোষ ভাটিয়া (জন্ম: ২১ ডিচেম্বৰ ১৯৮৯), যিজনী তামান্না ভাটিয়া (ইংৰাজী: Tamannaah Bhatia) নামেৰে অধিক পৰিচিত, এগৰাকী ভাৰতীয় অভিনেত্ৰী যিয়ে প্ৰধানকৈ তেলুগু, তামিল আৰু হিন্দী চলচ্চিত্ৰত কাম কৰে।
-
তাৰা শৰ্মা
তাৰা শৰ্মা (ইংৰাজী: Tara Sharma; জন্ম: ১১ জানুৱাৰী ১৯৭৭) এগৰাকী ভাৰতীয়-ব্ৰিটিছ অভিনেত্ৰী, উদ্যোগী, সৃষ্টিকৰ্তা, সহ-প্ৰযোজক আৰু দ্য তাৰা শৰ্মা শ্বোৰ আঁতধৰোঁতা। তেওঁ লেখক প্ৰতাপ শৰ্মা আৰু চুজান শৰ্মাৰ কন্যা। ২০০২ চনত অনুপম খেৰৰ পৰিচালনাৰে নিৰ্মিত ওম জয় জগদীশ ছবিৰ জৰিয়তে তেওঁ বলিউডত আত্মপ্ৰকাশ কৰে।
-
ত্ৰিধা চৌধুৰী
ত্ৰিধা চৌধুৰী (Tridha Choudhury; জন্ম: ২২ নৱেম্বৰ ১৯৯৩) এগৰাকী ভাৰতীয় অভিনেত্ৰী। তেওঁ প্ৰধানকৈ হিন্দী, বাংলা আৰু তেলেগু চলচ্চিত্ৰ আৰু ধাৰাবাহিকত অভিনয় কৰে। তেওঁ টাইমছ অৱ ইণ্ডিয়াৰ ক্লিন এণ্ড ক্লিয়াৰ ফ্ৰেছফেচ, ২০১১ খিতাপ অৰ্জন কৰিছিল।
-
দীপা শ্বাহী
দীপা শ্বাহী (: Deepa Sahi; জন্ম: ৩০ নৱেম্বৰ ১৯৬২) সেনা পটভূমিৰ এগৰাকী ভাৰতীয় অভিনেত্ৰী আৰু প্ৰযোজক, যিয়ে ১৯৯৩ চনত অভিনেতা ফাৰুক শ্বেখৰ বিপৰীতে মায়া মেমছাব ছবিত মায়াৰ চৰিত্ৰত অভিনয় কৰি বহুলভাবে পৰিচিত হয়। ২০১১ চনত তেৰে মেৰে ফেৰে চিনেমাখনৰ জৰিয়তে তেওঁ পৰিচালক হিচাপে আত্মপ্ৰকাশ কৰে।
-
দীপিকা চিখলিয়া
দীপিকা চিখলিয়া টোপীৱালা (Dipika Chikhlia Topiwala, জন্ম: ২৯ এপ্ৰিল ১৯৬৫) এগৰাকী ভাৰতীয় অভিনেত্ৰী, যাক ৰামানন্দ সাগৰৰ জনপ্ৰিয় টেলিভিচন ধাৰাবাহিক ৰামায়ণ (১৯৮৭) -ত সীতা দেৱীৰ চৰিত্ৰত আৰু ভাৰতীয় টেলিভিচন ধাৰাবাহিকত অভিনয় কৰাৰ বাবে অধিক জনা যায়।
-
ধন্যা অনন্যা
ধন্যা অনন্যা হৈছে এক ভাৰতীয় অভিনেত্ৰী, যি মলয়ালম চলচ্চিত্ৰ উদ্যোগত কাম কৰে। তেওঁ ২০১৯ চনত মলয়ালম চলচ্চিত্ৰৰ জগতত অভিষেক কৰে আৰু নলপঠিয়ন্নুত তেওঁৰ পাৰফৰ্মেঞ্চৰ বাবে জনপ্ৰিয়তা লাভ কৰে।
-
নাদিৰা (অভিনেত্ৰী)
নাদিৰা, যাৰ জন্ম নাম ফ্লোৰেন্স ইজাকিয়েল, (জন্ম: ডিচেম্বৰ ১৯৩২ আৰু মৃত্যু: ৯ ফেব্ৰুৱাৰী ২০০৬) এগৰাকী ভাৰতীয় অভিনেত্ৰী যিয়ে হিন্দী কথাছবি জগতত বহুদিন ধৰি সক্ৰিয় হৈ আছিল।
-
নিকি তাম্বোলি
নিকি তাম্বোলি এগৰাকী ভাৰতীয় অভিনেত্ৰী যি মুখ্যতঃ তেলেগু চিনেমা, তামিল চিনেমা আৰু হিন্দী দূৰদৰ্শনত কাম কৰে। তেওঁ বিগ বছ ১৪ৰ দৰে ৰিয়েলিটি শ্ব'ত অংশগ্ৰহণ কৰিছিল য'ত তেওঁ দ্বিতীয় ৰানাৰ আপ আৰু ফিয়াৰ ফেক্টৰ: খতৰো কে খিলাড়ী ১১ হিচাপে আত্মপ্ৰকাশ কৰিছিল।
-
নিকিতা দত্ত
নিকিতা দত্ত(Nikita Dutta; জন্ম:-১৩ নৱেম্বৰ ১৯৯০) এগৰাকী ভাৰতীয় অভিনেত্ৰী যিয়ে মূলতঃ হিন্দী চলচ্চিত্ৰ আৰু টেলিভিছনত কাম কৰে। ২০১২ চনৰ ফেমিনা মিছ ইণ্ডিয়াত অংশগ্ৰহণ কৰাৰ পিছত ৰোমাণ্টিক-ড্ৰামা লেকৰ হম দীৱানা দিল (২০১৪)ৰ জৰিয়তে অভিনয়ত আত্মপ্ৰকাশ কৰে।
-
নিশা আগৰৱাল
নিশা আগৰৱাল (Nisha Aggarwal) এগৰাকী ভাৰতীয় অভিনেত্ৰী যিয়ে তেলেগু, তামিল আৰু মালয়ালম চলচ্চিত্ৰত কাম কৰে। তেওঁ দক্ষিণ ভাৰতীয় অভিনেত্ৰী কাজল আগৰৱালৰ সৰু ভনী।
-
নিৰুতা সিং
নিৰুতা সিং হৈছে এগৰাকী অভিনেত্ৰী, যাক নেপালী চলচ্চিত্ৰৰ বাবে জনা যায়। তেওঁ ৯০ৰ দশক আৰু ২০০০ৰ দশকত শীৰ্ষ অভিনেত্ৰী হৈ পৰিছিল। ২০০১ চনৰ দৰ্পণ ছায়া ছবিখনত তেওঁৰ অভিনয়ে বিশেষ প্ৰশংসা লাভ কৰিছিল, যিখন তেতিয়ালৈকে নেপালী চলচ্চিত্ৰ উদ্যোগৰ আটাইতকৈ উচ্চ উপাৰ্জন কৰা ছবি হৈছিল।
-
নীতি টেইলৰ
নীতি টেইলৰ (Niti Taylor; জন্ম: ৮ নৱেম্বৰ ১৯৯৪) এগৰাকী ভাৰতীয় অভিনেত্ৰী। তেওঁ প্ৰধানকৈ হিন্দী দূৰদৰ্শন অনুষ্ঠানসমূহত অভিনয় কৰে। এমটিভি ইণ্ডিয়াৰ ধাৰাবাহিক কেইছি য়েহ ইয়াৰিয়াঁত নন্দিনী মূৰ্তি, গুলামত শিৱানী মাথুৰ আৰু ইশ্বকবাজত মন্নত কৌৰ খুৰানাৰ চৰিত্ৰত অভিনয় কৰাৰ বাবে তেওঁ পৰিচিত।
-
নীৰু বাজৱা
নীৰু বাজৱা (ইংৰাজী: Neeru Bajwa; জন্ম: ২৬ আগষ্ট ১৯৮০) এগৰাকী কানাডিয়ান অভিনেত্ৰী, পৰিচালিকা আৰু প্ৰযোজিকা, যিয়ে মূলতঃ পঞ্জাবী আৰু হিন্দী চলচ্চিত্ৰকে ধৰি ভাৰতীয় চিনেমাৰ সৈতে জড়িত।
-
নুশ্ৰট ভাৰুচ্চা
নুশ্ৰট ভাৰুচ্চা (Nushratt Bharuccha; জন্ম: ১৭ মে' ১৯৮৫) এগৰাকী ভাৰতীয় অভিনেত্ৰী যি হিন্দী চলচ্চিত্ৰত কাম কৰে। শিল্পীগৰাকীয়ে লভ চেক্স ঔৰ ধোখা, প্যাৰ কা পঞ্চনামা, প্যাৰ কা পঞ্চনামা ২, সোণু কে টিটু কি ছুইটি, ড্ৰিম গাৰ্ল, চোৰী, অজীব দাস্তানছ, জানহিত মেইন জাৰি আদি ছবিত অভিনয় কৰিছে।
-
নেহা শৰ্মা
নেহা শৰ্মা (Neha Sharma; জন্ম: ২১ নৱেম্বৰ ১৯৮৭) এগৰাকী ভাৰতীয় অভিনেত্ৰী, মডেল আৰু ব্যৱসায়ী মহিলা। শৰ্মাই য়ামলা পাগলা দীৱানা ২ (২০১৩), চʼলʼ (২০১৭) আৰু তান্থাজী (২০২০)কে ধৰি কেইবাখনো চলচ্চিত্ৰত অভিনয় কৰিছে। ২০২০ চনত ইল্লিগেল নামৰ ধাৰাবাহিকত অভিনয়েৰে ৱেবত আত্মপ্ৰকাশ কৰিছিল।
-
পাৰ্ৱতী থিৰুভথু
পাৰ্ৱতী থিৰুভথু কট্টুৱাত্থা (Parvathy Thiruvothu Kottuvatta; জন্ম: ৭ এপ্ৰিল ১৯৮৮) হৈছে এগৰাকী ভাৰতীয় অভিনেত্ৰী। তেখেত মালায়ালম ছবি জগতৰ পৰিচিত মুখ। ইয়াৰ উপৰি তেখেতে তামিল আৰু কন্নড় ভাষাৰ ছবিতো অভিনয় কৰিছে।
-
পুনম বাজৱা
পুনম বাজৱা (Poonam Bajwa; জন্ম: ৫ এপ্ৰিল ১৯৮৫) এগৰাকী ভাৰতীয় অভিনেত্ৰী। তেওঁ তামিল, মালয়ালম, তেলেগু আৰু কন্নড় ভাষাৰ চলচ্চিত্ৰত অভিনয় কৰে। তেওঁ ২০০৫ চনত মোদাতী চিনেমা নামৰ তেলেগু চলচ্চিত্ৰ এখনত অভিনয়েৰে ছবিজগতত পদাৰ্পণ কৰে আৰু ২০০৬ চনত বছ নামৰ আন এখন তেলেগু ছবিত অভিনয় কৰে।
-
পুপুল ভূঞা
পুপুল ভূঞা এগৰাকী ভাৰতীয় অভিনেত্ৰী, টেলিভিছন উপস্থাপক আৰু মডেল, যিয়ে ওড়িয়া চলচ্চিত্ৰ, টেলিফিল্ম, বিজ্ঞাপন, আৰু ৰিয়েলিটি শ্ব'ত অভিনয় কৰিছে। ২০১৩ চনত কাব্য কীৰণৰ সৈতে প্ৰথম ওড়িয়া থ্ৰীডি ছবি কাউঁৰী কন্যাৰ জৰিয়তে ওলিউডত চলচ্চিত্ৰ জীৱন আৰম্ভ কৰিছিল৷ ২০১৮ চনত অপেৰা মিচেছ ইণ্ডিয়া গ্ল'বেল…
-
পূজা উমাশংকৰ
পূজা গৌতমী উমাশংকৰ এগৰাকী ভাৰতীয় আৰু শ্ৰীলংকান অভিনেত্ৰী যিয়ে মূলত তামিল আৰু সিংহল ভাষাৰ চলচ্চিত্ৰত অভিনয় কৰিছে।