জেনেলিয়া দেশমুখ (ওৰফে দিছুজা; জন্ম ৫ আগষ্ট ১৯৮৭)১ হৈছে এগৰাকী ভাৰতীয় অভিনেত্ৰী আৰু মডেল৷ জেনেলিয়াই তেলুগু ভাষা, হিন্দী ভাষা, তামিল ভাষা, কন্নড় ভাষা আৰু মালয়ালম ভাষা ভাষাৰ একাধিক ছবিত অভিনয় কৰিছে৷ অমিতাভ বচ্চনৰ সৈতে পাৰ্কাৰ কলমৰ বিজ্ঞাপনত অভিনয় কৰি ব্যাপক জনপ্ৰিয়তা অৰ্জন কৰা জেনেলিয়াই ২০০৩ চনত তুঝে মেৰি কছম নামৰ ছবিখনৰ জৰিয়তে অভিনয়ৰ জগতত খোজ পেলায়৷২ একেটা বৰ্ষতে মুক্তিপ্ৰাপ্ত বয়ছ নামৰ ছবিখনত এটি গুৰুত্বপূৰ্ণ চৰিত্ৰত জেনেলিয়াই অভিনয় কৰি দৰ্শকৰ মাজত পৰিচিতি লাভ কৰে৷ পৰৱৰ্তী সময়ত, অৰ্থাৎ ২০০৩ চনৰ পৰা ২০১২ চনৰ মাজত সময়ছোৱাত তেখেতে তেলেগু ভাষাৰ কেইবাখনো ছবিত অভিনয় কৰে৷
২০০৬ চনত জেনেলিয়াই বোমাৰিল্লো নামৰ তেলেগু ভাষাৰ ৰোমাণ্টিক ছবিখনত অভিনয় কৰে৷ এইখন ছবিৰ জৰিয়তে তেখেতে ফিল্মফেয়াৰ(দক্ষিণ)ৰ পৰা শ্ৰেষ্ঠ অভিনেত্ৰীৰ বঁটা লাভ কৰে৷ তেখেতৰ অভিনয়ক সমালোচকেও প্ৰশংসা কৰে৷ ২০০৮ চনত সন্তোষ সুব্ৰমনিয়ামে সেইখন ছবিৰ তামিল ৰিমেক নিৰ্মাণ কৰে৷ এইখন ছবিতো জেনেলিয়াই দক্ষতাৰে অভিনয় কৰে৷ ২০৮ চনতে জেনেলিয়াই হিন্দী ছবি জানে টু... য়া জানে নাত সবল অভিনয় কৰি দৰ্শকৰ মন জয় কৰে৷ তেলেগু আৰু তামিল ভাষাৰ উদ্যোগত বহুকেইখন সফল ছবিত অভিনয় কৰা জেনেলিয়াই ক্ৰমাৎ দাক্ষিণাত্যৰ শীৰ্ষ অভিনেত্ৰীৰ মৰ্যাদা পায়৷৩৪ মূলসুঁতিৰ ছবিত অভিনয় কৰি যোৱাৰ উপৰি, জেনেলিয়াই টেলিভিছনৰ অনুষ্ঠান বিগ ছুইটছ্ত সূত্ৰধাৰৰ ভূমিকা ৰূপায়ন কৰিছে৷ ফাণ্টা, ভাৰজিন ম'বাইল ইণ্ডিয়া, ফাষ্ট্ৰেক, এলজি মবাইল, মাৰ্গো, পাৰ্ক আদি একাধিক প্ৰতিষ্ঠানৰ তেখেত ব্ৰেণ্ড এম্বাছাদৰ৷৫
কৰ্মজীৱন
জেনেলিয়াৰ জন্ম হয় মুম্বাইত৷৬ জেনেলিয়া এগৰাকী উত্তৰ-পূৰ্বীয়৷ উত্তৰ কংকান এটা মাৰাঠীভাষী খ্ৰীষ্টিয়ান পৰিয়ালত জেনেলিয়াৰ জন্ম হয়৷৭মুম্বাইৰে বান্দ্ৰা উপনগৰত জেনেলিয়া লালিত-পালিত হয়৷ তেখেতৰ মাতৃ জিনেট ডিছুজা হৈছে ফাৰ্মা মাল্টিনেশ্যনেল কৰ্পোৰেছনৰ পৰিচালন প্ৰৱন্ধক৷ জেনেলিয়াক অভিনয়ৰ জগতত আগবঢ়াই দিয়াৰ স্বাৰ্থত তেখেতে ২০০৪ চনত চাকৰি জীৱন ত্যাগ কৰে৷ জেনেলিয়াৰ পিতৃ হৈছে নীল ডিছুজা৷ তেখেত টাটা কনছালটেন্সী ছাৰ্ভিছেছৰ এগৰাকী জ্যেষ্ঠ বিষয়ববীয়া৷৮জেনেলিয়াৰ ভ্ৰাতৃ হৈছে নিগেল ডিছুজা৷৯১০ তেখেত বোম্বাই ষ্টক এক্সছেঞ্জত কৰ্মৰত৷ ১১ জেনেলিয়াই পোনপ্ৰথমে এপোষ্টলিক কাৰ্মে হাইস্কুলত পঢ়া-শুনা কৰে আৰু পাছলৈ বান্দ্ৰাৰে ছেইণ্ট এণ্ড্ৰিউছ কলেজত নামভৰ্তি কৰে৷ তেখেতে 'ব্যৱস্থাপনা অধ্যয়ন'ত স্নাতক ডিগ্ৰী অৰ্জন কৰে৷ ১২ ২০০৩ চনত প্ৰথমখন ছবি তুঝে মেৰি কছমৰ দৃশ্যগ্ৰহণৰ সময়তেই তেখেতে স্নাতক ডিগ্ৰীও অৰ্জন কৰে৷১৩
১৫ বছৰ বয়সতে জেনেলিয়াই প্ৰথমটো মডেলিঙৰ কাম পায়৷১৪
যেতিয়া জেনেলিয়াক তুঝে মেৰি কছমৰ বাবে নিৰ্বাচিত কৰা হয়, তেতিয়া তেখেতে এই প্ৰস্তাৱটো নাকচ কৰে৷ কাৰণ, ছবিৰজগতত কাম কৰাৰ জেনেলিয়াৰ কোনো পৰিকল্পনা নাছিল৷ পিছে ছবিখনৰ কুশলীসকলে জেনেলিয়াক অনুৰোধ কৰি থাকিল৷ এই অনুৰোধ দুমাহপৰ্যন্ত চলিল৷ জেনেলিয়াই ছবিখনৰ তেলেগু সংস্কৰণ নুভে কাৱালী চালে আৰু তাৰেই ফলশ্ৰুতিত তেখেত ছবিখনত কাম কৰিবলৈ মান্তি হ'ল৷ ১৫ ২০০৩ চনত তামিল ছবিপৰিচালক এছ. শংকৰে বয়ছ নামৰ ছবিখনৰ বাবে জেনেলিয়াৰ কাষ চাপে৷ শংকৰে পাৰ্কাৰ কলমৰ বিজ্ঞাপনত জেনেলিয়াৰ কাম দেখি সন্তুষ্ট হৈছিল৷১৬ জেনেলিয়াক চিনেমাখনৰ বাবে অডিশ্যন দিয়া ৩০০ গৰাকী ছোৱালীৰ মাজৰ পৰা নিৰ্বাচন কৰা হয়৷ জেনেলিয়াই তিনিখন ছবিৰ বাবে সমান্তৰালভাৱে চুক্তিবদ্ধ হয়৷ সেইকেইখন হৈছে, হিন্দী ভাষাৰ তুঝে মেৰি কছম, তেলেগু ভাষাৰ সত্যম আৰু তামিল ভাষাৰ বয়ছ৷১৭
২০০৬ চনত জেনেলিয়াই কেৰিয়াৰৰ এখন গুৰুত্বপূৰ্ণ ছবি বোমাৰিল্লোত অভিনয় কৰে৷ এইখন আছিল তেলেগু ভাষাৰ ৰোমাণ্টিক ছবি৷ ছবিখনে বক্স-অফিচত ব্লকবাষ্টাৰ হিচাপে পৰিগণিত হয়৷১৮১৯ ছবিখনে ভাৰতত ২৫০ মিলিয়ন উপাৰ্জন কৰে৷২০ ইয়াৰ লগে ২০০৬ চনৰ বাবে নন্দী বঁটাৰ শ্ৰেষ্ঠ কথাছবিৰ বঁটা লাভ কৰে৷২১ হংসিনী নামৰ চৰিত্ৰটোত অভিনয় কৰি জেনেলিয়াই দৰ্শক আৰু সমালোচকৰ পৰা বিপুল প্ৰশংসা লাভ কৰে৷২২ জেনেলিয়াই ফিল্মফেয়াৰ(দাক্ষিণাত্য)ৰ পৰা শ্ৰেষ্ঠ অভিনেত্ৰীৰ বঁটা লাভ কৰিবলৈ সক্ষম হয়৷১২
ব্যক্তিগত জীৱন

২০১২ চনৰ ৩ ফেব্ৰুৱাৰিত জেনেলিয়া আৰু বলিউদৰ অভিনেতা ৰীতেশ দেশমুখৰ মাজত বিবাহ সম্পন্ন হয়৷২৩ তেওঁলোকৰ দুটি পুত্ৰ সন্তান আছে৷ প্ৰথমটি সন্তান ৰিয়ানৰ জন্ম হৈছিল ২০১৪ চনৰ ২৫ নৱেম্বৰত৷২৪২৫দ্বিতীয় পুত্ৰ ৰাহয়ালৰ জন্ম হৈছিল ২০১৬ চনৰ ১ জুনত৷২৬২৭
তথ্যসূত্ৰ
- ↑ Happy Birthday Genelia D'Souza. Patrika Group
- ↑ India-West, R. M. Vijayakar, Special to. Genelia Deshmukh: In a Happy Space. India West
- ↑ Mahmood, Abdulla. (15 July 2008). Big-time girl: Genelia D'Souza. Gulf News
- ↑ Shankar, Settu. (2007-04-19). Genelia D'Souza. Daijiworld Media
- ↑ (30 June 2010). Genelia's the brand ambassador of the year. দ্য টাইম্ছ অৱ ইণ্ডিয়া. Indo-Asian News Service
- ↑ Pilai, Sreedhar. (31 October 2008). Bollywood via Kollywood. দ্য টাইম্ছ অৱ ইণ্ডিয়া
- ↑ Genelia awarded for promoting East Indian culture through wedding rituals - Times of India. The Times of India
- ↑ Brahma, Mahul. (26 December 2008). An Ingenue Is Born. Businessworld
- ↑ Tahseen, Ismat. (11 April 2009). I'm God's favourite child: Genelia D'Souza. Daily News and Analysis (DNA)
- ↑ Tiwari, Nimisha. (25 December 2009). Santa, bless Mumbai: Genelia. দ্য টাইম্ছ অৱ ইণ্ডিয়া
- ↑ Das, Chuman. (5 August 2009). Genelia D'Souza brings in birthday at her new house. Business of Cinema
- ↑ (8 July 2008). Meet Bollywood's New Bee Genelia D'souza. Daijiworld Media
- ↑ Udasi, Harshikaa. (17 July 2009). Oye bubbly!. দ্য হিন্দু
- ↑ Rasquinha, Reagan Gavin. (13 September 2009). She's no Sandra from Bandra!. দ্য টাইম্ছ অৱ ইণ্ডিয়া
- ↑ (14 April 2005). I was not in awe of Mr Bachchan (Slide 5). Rediff
- ↑ (14 April 2005). I was not in awe of Mr Bachchan (Slide 1). Rediff
- ↑ Rinki, Gupta. (9 October 2010). Genelia, the 'Uthamaputhiran' girl. Express News Service. The New Indian Express
- ↑ (6 September 2006). The man behind Telugu hit Bommarillu. Rediff Movies. Rediff
- ↑ (8 November 2006). First Look: 100 days of Bommarillu. Rediff Movies. Rediff.com
- ↑ Narasimhan, M. L. (29 December 2006). A few hits and many flops. দ্য হিন্দু
- ↑ (13 February 2008). Nandi Awards 2006. Sify Movies. Sify
- ↑ Devi K., Sangeetha. (19 August 2006). 'Bommarillu' was a surprise. দ্য হিন্দু
- ↑ (3 February 2012). Riteish Deshmukh weds Genelia D'Souza. দ্য টাইম্ছ অৱ ইণ্ডিয়া
- ↑ Riteish Deshmukh-Genelia blessed with son. The Times Group
- ↑ (6 December 2014). Genelia D'Souza announces their son's name: Riaan Riteish Deshmukh. CNN-IBN
- ↑ (1 June 2016). It's a Boy! Riteish Deshmukh and Genelia D'Souza welcome their second child. Daily News and Analysis
- ↑ Riteish Deshmukh and Genelia blessed with baby boy
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “জেনেলিয়া ডিছুজা” প্ৰবন্ধৰ সংশোধন ৪০২৭৪১ (১৮ জানুৱাৰী ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।