তাৰা শৰ্মা (ইংৰাজী ভাষা: Tara Sharma; জন্ম: ১১ জানুৱাৰী ১৯৭৭) এগৰাকী ভাৰতীয়-ব্ৰিটিছ অভিনেত্ৰী, উদ্যোগী, সৃষ্টিকৰ্তা, সহ-প্ৰযোজক আৰু দ্য তাৰা শৰ্মা শ্বোৰ আঁতধৰোঁতা।১ তেওঁ লেখক প্ৰতাপ শৰ্মা আৰু চুজান শৰ্মাৰ কন্যা। ২০০২ চনত অনুপম খেৰৰ পৰিচালনাৰে নিৰ্মিত ওম জয় জগদীশ ছবিৰ জৰিয়তে তেওঁ বলিউডত আত্মপ্ৰকাশ কৰে। ইয়াৰ পিছত তেওঁ মস্তি (২০০৪), পেজ ৩ (২০০৫), খোচলা কা ঘোচলা (২০০৬), মহাৰথী (২০০৮), মুম্বাই কাটিং (২০০৯), দুলহা মিল গয়া (২০১০) আৰু কডাক (২০১৯) আদি বিভিন্ন ব্যাৱসায়িক আৰু সমালোচনাত্মকভাৱে সফল ছবিত অভিনয় কৰে। হিন্দী চলচ্চিত্ৰৰ উপৰি তেওঁ ইংৰাজী টেলিভিছন শ্ব’ আৰু ৰেভেন: দ্য চিক্ৰেট টেম্পল (২০০৭) তথা দ্য আডাৰ এণ্ড অৱ দ্য লাইন (২০০৮) আদিৰ দৰে ইংৰাজী ভাষা ছবিতো অভিনয় কৰিছে।
প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা
ভাৰতীয় লেখক তথা নাট্যকাৰ প্ৰতাপ শৰ্মা আৰু ব্ৰিটিছ শিল্পী তথা লেখিকা চুজান শৰ্মাৰ ঘৰত তাৰাৰ জন্ম হৈছিল।২ তেওঁ বোম্বে ইণ্টাৰনেশ্যনেল স্কুল আৰু ইটালীৰ ইউনাইটেড ৱৰ্ল্ড কলেজ অৱ দ্য এড্ৰিয়াটিকত অধ্যয়ন কৰিছিল। ইয়াৰ পিছত তেওঁ লণ্ডন স্কুল অৱ ইকনমিক্সৰপৰা মেনেজমেণ্ট বিষয়ত বি এছ চি ডিগ্ৰী সম্পূৰ্ণ কৰে।
কেৰিয়াৰ
লণ্ডন স্কুল অৱ ইকনমিক্সৰপৰা স্নাতক ডিগ্ৰী লাভ কৰাৰ পাছত শৰ্মাই চিটি বেংক আৰু একচেঞ্চাৰত বিত্তীয় উপদেষ্টা হিচাপে কাম কৰিছিল। তেওঁ লেকমে, গাৰ্ণিয়াৰ, লিৰিল আৰু পেপচিৰ বিজ্ঞাপনত অভিনয় কৰিছিল; ইয়াৰে তৃতীয়টোত শ্বাহৰুখ খানৰ সৈতে কৰা এটা বিজ্ঞাপনে তেওঁৰ বাবে চলচ্চিত্ৰ জগতত প্ৰৱেশৰ পথ প্ৰশস্ত কৰিছিল।৩
তেওঁ অনুপম খেৰৰ ওম জয় জগদীশৰ জৰিয়তে আত্মপ্ৰকাশ কৰে আৰু ইয়াৰ পিছত খোচলা কা ঘোচলা, পেজ ৩, চায়া আৰু মস্তি ছবিত অভিনয় কৰে।৪
ইতিবাচক পৰিৱৰ্তন অনাৰ উদ্দেশ্যেৰে পৰিয়াল, অভিভাৱকত্ব, মহিলা আৰু শিশুৰ সমসাময়িক বিষয়সমূহ আলোচনা কৰিবলৈ শৰ্মাই এটা বহুমুখী মঞ্চৰ অনুষ্ঠান দ্য তাৰা শৰ্মা শ্বো সৃষ্টি, সহ-প্ৰযোজনা আৰু পৰিচালনা কৰে।৫ পোগো, এনডিটিভি ইমাজিন, কালাৰ্ছ, নিকেলোডিয়ান আৰু ষ্টাৰ ৱৰ্ল্ডত সম্প্ৰচাৰিত হোৱা এই অনুষ্ঠানটোৱে বৰ্তমানলৈকে পাঁচটা ছিজন সম্পূৰ্ণ কৰিছে।৬
ব্যক্তিগত জীৱন
তেওঁ প্ৰায় দুবছৰ ধৰি অভিনেতা অক্ষয় খান্নাৰ সৈতে প্ৰেমৰ সম্পৰ্কত আছিল। কৰণ জোহৰৰ অনুষ্ঠানত খান্নাই তেওঁলোকৰ বন্ধনক কেৱল ৰোমাণ্টিক নহয়, বৰঞ্চ এক প্ৰকৃত বন্ধুত্ব হিচাপে বৰ্ণনা কৰিছিল। বিচ্ছেদৰ পিছতো তেওঁলোকৰ মাজত বন্ধুত্ব অটুট আছিল। ২০০৭ চনৰ নৱেম্বৰ মাহত তেওঁ সংবাদ মাধ্যমৰ উদ্যোগী ৰূপক সালুজাৰ সৈতে বিবাহপাশত আবদ্ধ হয়।২৭ তেওঁলোকৰ জেন আৰু কাই নামৰ দুটা সন্তান আছে।
বাহ্যিক সংযোগ
তথ্যসূত্ৰ
- ↑ The Tara Sharma Show
- ↑ (8 March 2016). Gene Junction: Tara Sharma Saluja. Verve Magazine
- ↑ Methil Renuka. (23 April 2001). Pepsi ad girl Tara Sharma bags more modelling spots and a film: EYECATCHERS - India Today 23042001. India Today
- ↑ (28 October 2018). Tara Sharma wants to do more movies. Gulf News
- ↑ (16 January 2020). Tara Sharma: My chat show imparts life lessons without being preachy. The Indian Express
- ↑ The Tara Sharma Show - Platform to discuss topical family & parenting issues. tarasharmashow.com
- ↑ Glitzy wedding of Tara Sharma - Times of India. The Times of India
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “তাৰা শৰ্মা” প্ৰবন্ধৰ সংশোধন ৫৯৪৭৩৬ (২৬ মাৰ্চ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।