অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

নিশা আগৰৱাল

নিশা আগৰৱাল (Nisha Aggarwal) এগৰাকী ভাৰতীয় অভিনেত্ৰী যিয়ে তেলেগু, তামিল আৰু মালয়ালম চলচ্চিত্ৰত কাম কৰে। তেওঁ দক্ষিণ ভাৰতীয় অভিনেত্ৰী কাজল আগৰৱালৰ সৰু ভনী।

হালনাগাদ: ২২ নৱেম্বৰ ২০২৫ ২০৭ শব্দ · ১ মিনিট সংগৃহীত ৮২
সংশোধনৰ পৰামৰ্শ

নিশা আগৰৱাল (Nisha Aggarwal) এগৰাকী ভাৰতীয় অভিনেত্ৰী যিয়ে তেলেগু, তামিল আৰু মালয়ালম চলচ্চিত্ৰত কাম কৰে। তেওঁ দক্ষিণ ভাৰতীয় অভিনেত্ৰী কাজল আগৰৱালৰ সৰু ভনী।১২

কৰ্মজীৱন

২০১০ চনৰ শেষৰ পিনে, কাজল আগৰৱালে ঘোষণা কৰিছিল যে, নিশা তেলেগু চলচ্চিত্ৰত অভিনয়ৰ বাবে পদাৰ্পণ কৰিব।৩ তেওঁৰ প্ৰথম ৰোমাণ্টিক নাটকৰ চলচ্চিত্ৰ আছিল য়েমৈন্দী ই ভেলা, যিখন বক্স অফিচত সফল হৈছিল৪ তেওঁ অভিনয়ৰ বাবে সমালোচকসকলোৰ দ্বাৰা প্ৰশংসিত হৈছিল।৫ ইয়াৰ পিছত তেওঁৰ ছবি আছিল চলো, যি ২০১১ চনৰ শেষৰপিনে মুক্তিলাভ কৰিছিল আৰু তাত তেওঁক এগৰাকী মেডিকেল কলেজৰ ছাত্ৰী হিচাপে দেখুৱাইছিল, ৰেডিফৰ এগৰাকী পৰ্যালোচকে লিখিছিল যে, "proves her acting talents in the second half, especially the climax".৬

তেওঁ তামিল চলচ্চিত্ৰত আত্মপ্ৰকাশ কৰিছিল 'য়েমৈন্দী ই ভেলা'ৰ ২০১২ চনৰ ৰিমেক ছবি 'ষ্টাম'ত।৭ যিখন বক্স অফিচত সফল নহ’ল।৮ ২০১৩ চনত তেওঁ 'সুকুমাৰুদু'ত আদি আৰু ভাবনা ৰূপাৰেলৰ বিপৰীতে “চাটপাটা গাঁৱৰ ছোৱালী” হিচাবে উপস্থিত হৈছিল।৯ সেই বছৰ পিছত তেওঁ 'সাৰদাগা আম্মায়িতো' নামৰ এখন চলচ্চিত্ৰত অভিনয় কৰিছিল য’ত তেওঁক 'য়েমৈন্দী ই ভেলা'ৰ সহ-অভিনেতা বৰুণ সন্দেশৰ সৈতে পুনৰ দেখা গৈছিল। ২০১৪ চনত, তেওঁ 'ভাইয়া ভাইয়া' জৰিয়তে মালয়ালম চলচ্চিত্ৰ জগতত প্ৰৱেশ কৰিছিল, য’ত তেওঁ এগৰাকী প্ৰাক্তন মন্ত্ৰীৰ ছোৱালী এঞ্জেলৰ চৰিত্ৰত অভিনয় কৰিছিল।১০ তেওঁ আৰু এখন মালয়ালম চলচ্চিত্ৰ 'কাজিনচ্‌'ৰ বাবে সাক্ষৰ কৰিছিল।১১

ব্যক্তিগত জীৱন

নিশা আগৰৱাল ২০১৩ চনৰ ২৮ ডিচেম্বৰত মুম্বাইৰ ব্যৱসায়ী কৰণ ভেলেছাৰ সৈতে বিবাহপাশত আবদ্ধ হয়।১২ ২০১৮ চনৰ ২৭ অক্টোবৰত তেওঁৰ পুত্ৰ ঈশান ভেলেছাৰ জন্ম হয়।১৩১৪

চলচ্চিত্ৰপুঞ্জী

চনচলচ্চিত্ৰচৰিত্ৰভাষাটোকা
২০১০য়েমৈন্দী ই ভেলাঅৱন্তিকাতেলেগুআত্মপ্ৰকাশ
২০১১চলোবৈষ্ণৱীতেলেগু
২০১২ষ্টামসন্ধ্যাতামিলয়েমৈন্দী ই ভেলাৰ ৰিমেক চলচ্চিত্ৰ; তামিলত আত্মপ্ৰকাশ
২০১৩সুকুমাৰুদুসনকাৰীতেলেগু
২০১৩সাৰদাগা আম্মায়িতোগীতাতেলেগু
২০১৪ভাইয়া ভাইয়াএঞ্জেলমালয়ালমমালয়ালমত আত্মপ্ৰকাশ
২০১৪কাজিনচ্‌মল্লিকামালয়ালম

তথ্যসূত্ৰ

  1. ↑ (12 December 2009). Kajal Agarwal's sis to make entry. IndiaGlitz
  2. ↑ Deepa Soman. (16 May 2014). Being Kajal's sister helped me: Nisha Aggarwal. The Times of India. TNN
  3. ↑ Kajal Agarwal Introduces her younger sister Nisha Agarwal. Telugu.way2movies.com
  4. ↑ Sunita Chowdhary. (15 July 2012). High calibre - Hyderabad. The Hindu
  5. ↑ (12 November 2010). Yemaindi Ee Vela film review – Varun Sandesh & Nisha Agarwal. Idlebrain.com
  6. ↑ (25 November 2011). Review: Solo is a one time watch. Rediff.com
  7. ↑ P Sangeetha. (16 January 2017). I’m Kajal’s biggest critic: Nisha Aggarwal. The Times of India. TNN
  8. ↑ Sangeetha Seshagiri. (20 October 2013). Actress Kajal Aggarwal's Sister Nisha to Wed Mumbai-Based Businessman. International Business Times
  9. ↑ (8 May 2013). 'I play a chatpata village girl in Sukumarudu'. Rediff.com
  10. ↑ Brother to brother - The Hindu
  11. ↑ Nisha Aggarwal replaces Bhavana in Vysakh’s Cousins - The Times of India
  12. ↑ IANS. (2013-10-20). Nisha Agarwal to wed Mumbai-based businessman. Business Standard India
  13. ↑ kajal aggarwal nephew ishaan valecha nisha aggarwal baby
  14. ↑ nisha aggarwal expecting her first child

সম্পৰ্কিত শ্ৰেণী

ভাৰতীয় অভিনেত্ৰী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “নিশা আগৰৱাল” প্ৰবন্ধৰ সংশোধন ৫৫৪৯৪৬ (২২ নৱেম্বৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।